ডিজিটেল ডেস্কঃ ফেচবুকত লাইক কাকনো নালাগে। এই লাইকৰ পিছত পৰি কোনোবাই যদি অনাহকত বিতৰ্ক সৃষ্টি কৰিবপৰা বিধৰ পোষ্ট দিয়ে¸ কোনোৱে আকৌ নিজৰেই বিভিন্ন কৌণিক ভংগিমাৰে ফটো তুলি দহ-বাৰটা হেটচটেগ দি আপলোড কৰে।

তাতোকৈ এখোপ চৰা কেতবোৰে আকৌ টাৱাৰ বগাই¸ অট্টালিকাৰ বিপজ্জনক স্থানত প’জ দি লাইক বুটলিবলৈ যত্ন কৰে। লাইকমেনিয়াৰ চিকাৰ এইসকলে দুঃসাহসিকতাৰে তোলা ফটোৰ পুৰস্কাৰ হিচাপে ৰঙাঘৰৰ ভাতো খোৱাৰ দেশে-বিদেশে অলেখ নজিৰ আছে। 
 
কিন্তু শুনি আচৰিত নহৈ নোৱাৰি যে লাইকৰ বাবে মানুহে নিজ ভাতৃৰো জীৱন বিপন্ন কৰিব পাৰে। এনে মানসিকতাৰ মানুহো এইখন পৃথিৱীতে আছে। দৰাচলতে ঘটনাটো হৈছে অালজেৰিয়াৰ। ১কে লাইক পাবৰ বাবেই অালজেৰিয়াৰ লোকজনে নিজৰ সম্পৰ্কীয় শিশু ভাতৃক ১৫ মহলাৰ অট্টালিকা এটাৰ খিৰিকীৰে বাহিৰলৈ উলিয়াই চোলাত খামুচি ধৰি থাকি ফেচবুকত দিবৰ বাবে ফটো তোলে। তদুপৰি ফটোখনৰ কেপচনত লোকজনে লিখে যে যদিহে ১হাজাৰ লাইক নাপায় তেওঁ ভাতৃক পেলাই দিব৷

লগে লগে ফটোখন ভাইৰেল হৈ পৰে। আৰক্ষীৰ তৎপৰতাত ততালিকে ধৰা পৰে দায়িত্বহীন ভাতৃ। শাস্তিও পালে নজিৰবিহীন। ২ বছৰৰ কাৰণে জেল হাজোতলৈ পঠিওৱা হয় অমানৱীয় কাণ্ড সংঘটিত কৰা লাইক পিয়াসী লোকজনক।