ইতিহাসৰ পাতত ক’লা আখৰেৰে লিপিবদ্ধ হোৱা মণিপুৰ হিংসাই সমগ্ৰ দেশ জোকাৰি গৈছে। বিগত প্ৰায় ৫ মাহ ধৰি হিংসাৰ দাবানলে বিধ্বস্ত কৰা উত্তৰ-পূবৰ ৰাজ্যখনত প্ৰতিদিনেই বিৰাজ কৰিছে আতংকই। শেহতীয়াকৈ সামাজিক মাধ্যমত দুগৰাকী ছাত্ৰৰ মৃতদেহৰ ছবি ভাইৰেল হৈ পৰাৰ পিছতে পুনৰ উত্তপ্ত হৈ পৰিছিল মণিপুৰৰ পৰিস্থিতি। আনকি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কিছুদিন পূৰ্বে চৰকাৰে পুনৰ বাহাল কৰা ইণ্টাৰনেট সেৱাৰ ওপৰত আকৌ আৰোপ কৰা হৈছে নিষেধাজ্ঞা।

যোৱা ৩ মে’ৰ পৰা জ্বলিছে মণিপুৰ। ৰাজ্যখনৰ নিৱাসী দুটা মূল জনজাতিৰ মাজত সূত্ৰপাত ঘটা সাম্প্ৰদায়িক হিংসাই ইতিমধ্যে ১৭৫ জনৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে মণিপুৰত। হাজাৰ হাজাৰ লোক আজিও গৃহহীন হৈ আশ্ৰয় শিৱিৰত সময় পাৰ কৰিবলগীয়া হৈছে। কেৱল চৰকাৰী তথ্য অনুসৰিয়েই বিগত ৪ মাহত ৰাজ্যখনত ১৭৫ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে ১১১৮ জন আঘাতপ্ৰাপ্ত হৈছে। চৰকাৰী তথ্য অনুসৰি সংঘৰ্ষ আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে সন্ধানহীন হৈ থকা লোকৰ সংখ্যা ৩৩ জন। অৱশ্যে নিহত, আহত আৰু সন্ধানহীনৰ সংখ্যা চৰকাৰী তথ্যতকৈ বাস্তৱত বহু বেছি বুলি দাবী কৰিছে বহু সংবাদ মাধ্যমে।

শেহতীয়া তথ্য অনুসৰি, মণিপুৰৰ হিংসাত প্ৰাণ হেৰুওৱা ৯০ৰো অধিক লোকৰ মৃতদেহ আজিও পৰি ৰৈছে ৰাজ্যখনৰ চৰকাৰী হাস্পতালত। আজিও চিনাক্ত কৰিবলৈ সক্ষম নোহোৱা এই মৃতদেহবোৰ চিনাক্ত কৰিবলৈ হাস্পতাললৈ অহা নাই কোনোজন। 

উল্লেখ্য যে, মণিপুৰত ৩ মে’ত হিংসাত্মক পৰিস্থিতি বৃদ্ধি পোৱাৰ পিছতে বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা। ২৩ ছেপ্টেম্বৰত মোবাইল ইণ্টাৰনেটৰ নিষেধাজ্ঞা উঠাই লোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল দুজন ছাত্ৰৰ মৃতদেহৰ ছবি। যাৰ পিছতে উপত্যকা অঞ্চলত পুনৰ তীব্ৰ প্ৰতিবাদ আৰম্ভ হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে পুনৰবাৰ তাত মোবাইল ইন্টাৰনেট নিষিদ্ধ কৰে।

জাতিগত সংঘাতৰ পিছত ৰাজ্যৰ তিনিখন বৃহৎ চিকিৎসালয়ৰ মৰ্গত পৰি আছে প্ৰায় ৯৬টা এনে মৃতদেহ, যাৰ চিনাক্তকৰণৰ বাবে এতিয়াও কোনেও কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰা নাই। স্থানীয় নাগৰিকে জনোৱা মতে, ভয়ত মানুহে নিজৰ আত্মীয়ৰ মৃতদেহ চিকিৎসালয়ৰ পৰা লৈ যোৱা নাই। চিকিৎসালয় প্ৰশাসনৰ মতে, এই মৃতদেহ কেইবামাহমান ধৰি হাস্পতালৰ মৰ্গত পৰি আছে।

এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এতিয়া উচ্চতম ন্যায়ালয়ে গঠন কৰা প্ৰাক্তন ন্যায়াধীশৰ এখন কমিটীয়ে ৰাজ্য চৰকাৰক পৰামৰ্শ দিছে যে মৃত্যু হোৱা লোকৰ তালিকা ৰাজহুৱাভাৱে প্ৰকাশ কৰিব লাগে, যাতে মৃতদেহ চিনাক্ত কৰি মৃতদেহ পৰিয়ালৰ হাতত গতাই দিব পাৰে। লগতে যিসসমূহ মৃতদেহৰ দাবীদাৰ এতিয়াও আগবাঢ়ি নাহে, তেওঁলোকৰ শেষ ৰীতি-নীতি সম্পূৰ্ণ সন্মানেৰে সম্পন্ন কৰাৰ বাবেও পৰামৰ্শ আগবঢ়াইছে প্ৰাক্তন ন্যায়াধীশৰ কমিটিখনে।

মণিপুৰৰ ভয়াৱহ কাহিনী

উত্তৰ পূবৰ পাহাৰীয়া ৰাজ্য মণিপুৰৰ সংখ্যাগৰিষ্ঠ মেইটেই আৰু কুকি জনজাতিৰ লোকৰ মাজত প্ৰথমে জ্বলি উঠিছিল হিংসাৰ দাবানল। সংখ্যাগৰিষ্ঠ মেইটেইসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বিৰুদ্ধে কুকিসকলে সাব্যস্ত কৰা প্ৰতিবাদৰ পিছতে ৩ মে’ত দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘাত আৰম্ভ হয়। ক্ৰমান্বয়ে সমগ্ৰ ৰাজ্যত বিয়পি পৰা এই সংঘাতে আজি চৰম ৰূপ ধাৰণ কৰিছে। পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছে যে কুকিসকলে বাস কৰা অঞ্চলত মেইটেই আৰু মেইটেইসকলে বাস কৰা অঞ্চলত কুকিসকলৰ প্ৰৱেশত অঘোষিত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অন্যথা দুয়োটা সম্প্ৰদায় সন্মুখা-সন্মুখি হ’লেই সৃষ্টি হৈছে ৰক্তাক্ত পৰিস্থিতিৰ।

মণিপুৰৰ এই সংঘাতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে তেতিয়া, যেতিয়া দুগৰাকী কুকি জনজাতীয় মহিলাক উলংগ কৰি ৰাজপথেৰে পেৰেড কৰোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে। এই ভিডিঅ’ই সমগ্ৰ দেশ জোকাৰি যোৱাৰ পিছতে মণিপুৰক লৈ সৰৱ হৈ পৰে গোটেই দেশ। আনকি ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত মণিপুৰক লৈ প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও।

মণিপুৰৰ এই হিংসাক লৈ পৰৱৰ্তী সময়ত সদনত মোদী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱো উত্থাপন কৰিছিল বিৰোধীয়ে। সমান্তৰালভাৱে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ তুলি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙৰ পদত্যাগৰো দাবী উত্থাপন কৰা হৈছিল। সেই সময়ত সদনৰ মজিয়াত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কৈছিল, “আজি মণিপুৰত ভাৰত মাতৃক ধৰ্ষণ কৰা হৈছে।”

দুই ছাত্ৰৰ মৃতদেহক লৈ পুনৰ উত্তপ্ত মণিপুৰ

মণিপুৰৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হোৱা বুলি দাবী কৰি শেহতীয়াকৈ চৰকাৰে ইণ্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাইও লৈছিল। কিন্তু ইণ্টাৰনেট সেৱা পুনৰ বাহাল কৰাৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে বিগত দুমাহ ধৰি সন্ধানহীন হৈ থকা দুই ছাত্ৰৰ মৃতেদহৰ ফটো।

যোৱা ৬ জুলাইত ইম্ফলৰ পৰা সন্ধানহীন হোৱা ছাত্ৰ দুগৰাকীৰ মৃতদেহ ম্যানমাৰ সীমান্তৰ ওচৰৰ দুৰ্গম অঞ্চলত উদ্ধাৰ হোৱাৰ পিছতে পুনৰ উত্তপ্ত হৈ পৰে মণিপুৰ। দেহত নিৰ্যাতন আৰু গুলীৰ আঘাতৰ চিন স্পষ্ট হৈ থকা ছাত্ৰ দুজনৰ মৃতদেহৰ ফটো ২৬ ছেপ্টেম্বৰত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে পুনৰ আতংকই বিৰাজ কৰে পাহাৰীয়া ৰাজ্যখনত। অভিযোগ অনুসৰি ৬ জুলাইত ছাত্ৰ দুজনক অপহৰণ কৰাৰ পিছত তেওঁলোকক বন্দী কৰি অমানুষিক অত্যাচাৰ চলাইছিল অস্ত্ৰধাৰী দুৰ্বৃত্তই। দুই ছাত্ৰৰ ক্ষত-বিক্ষত মৃতদেহৰ ফটোই মণিপুৰত যেন পুনৰ এবাৰ ক্ষোভ আৰু প্ৰতিবাদৰ উদগীৰণ ঘটায়। দোষীক শাস্তি বিহাৰ দাবীত ৰাজপথলৈ পুনৰ ওলাই আহে শ শ লোক।

২৭ ছেপ্টেম্বৰত ৰাজধানী ইম্ফলত ছাত্ৰ দুজনৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত ৰাজপথলৈ ওলাই অহা প্ৰতিবাদকাৰীৰ সৈতে সংঘৰ্ষ ঘটে নিৰাপত্তাবাহিনীৰ। আৰক্ষীয়ে কন্দুৱা গেছ, ৰবৰৰ গুলী, লাঠি চাৰ্জ আদিৰে প্ৰতিবাদকাৰীক দমন কৰিবলৈ চেষ্টা চলোৱাত কমেও ৪৫ জন প্ৰতিবাদকাৰী আহত হয়। জানিব পৰা মতে, আহত প্ৰতিবাদকাৰীৰ অধিকাংশই আছিল শিক্ষাৰ্থী। ইফালে ৰাজ্যখনত পুনৰ উকমুকাবলৈ ধৰা হিংসা আৰু উৰাবাতৰি প্ৰতিৰোধ কৰিবলৈ ১ অক্টোবৰ পৰ্যন্ত পুনৰ মোবাইল আৰু ভিপিএন ইণ্টাৰনেট সেৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে চৰকাৰে।

অন্যহাতে দেশৰ প্ৰধান তদন্তকাৰী সংস্থা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)কো এই গোচৰটোৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰে ৰাজ্য চৰকাৰে। ইয়াৰ পিছতে ২৮ ছেপ্টেম্বৰত চিবিআইৰ বিশেষ তদন্তকাৰী দলৰ সৈতে ইম্ফলত উপস্থিত হয় চিবিআইৰ সঞ্চালকগৰাকী। মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেণ সিঙে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে যোগাযোগ কৰি দোষীক বিচাৰি উলিওৱা বুলি জানিবলৈ দিয়ে৷ লগতে ৰাইজক শান্তি-শৃংখলা বৰ্তাই ৰাখি তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ আহ্বান জনায়।

আজিও হাস্পতালত পৰি ৰৈছে ৯৬টা অচিনাক্ত মৃতদেহ

চৰকাৰী তথ্য অনুসৰি বিগত প্ৰায় ৫ মহীয়া হিংসা জৰ্জৰিত মণিপুৰত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ১৭৫ জনকৈ লোকে। হাজাৰোধিক লোক এই জাতিগত হিংসাত ঘূণীয়া হৈছে। আনহাতে ৬০ হাজাৰৰো অধিক লোকে হিংসাৰ পৰা নিজৰ জীৱন ৰক্ষা কৰিবলৈ আপোন ঘৰখন এৰি আশ্ৰয় শিৱিৰ বা চুবুৰীয়া ৰাজ্যত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। এই সকলোবোৰৰ মাজত মণিপুৰৰ একাধিক হাস্পতালত এতিয়া পৰি ৰৈছে কোনেও চিনাক্ত নকৰা ৯৬টা মৃতদেহ।

আন্তঃৰাষ্ট্ৰীয় সংবাদসংস্থা বিবিচিৰ আগত মণিপুৰৰ জ্যেষ্ঠ সাংবাদিক ৱাহেংবাম টেকণ্ডৰ সিঙে  জানিবলৈ দিয়া মতে, ইম্ফলৰ দুখন আৰু চুৰচান্দপুৰৰ এখন হাস্পতালৰ মৰ্চাৰীত ৰখা হৈছে ৯৬ জনৰ মৃতদেহ। এই মৃতদেহ চিনাক্ত কৰিবলৈ এতিয়ালৈকে হাস্পতাল কৰ্তৃপক্ষৰ সৈতে কোনেও যোগাযোগ কৰা নাই বুলিও জানিব পৰা গৈছে। বিবিচিৰ আগত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে জানিবলৈ দিয়া মতে, মৃতদেহ কেইটা ইম্ফলৰ আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, জৱাহৰলাল নেহৰু ইনষ্টিটিউট অৱ মেডিকেল চায়েঞ্চ আৰু চুৰচান্দপুৰৰ আঞ্চলিক চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত ৰখা হৈছে। 

ইম্ফল উপত্যকাত মেইটেই জনগোষ্ঠীৰ আধিপত্য থকাৰ বাবে ইয়াৰ চিকিৎসালয় দুখনত মেইটেই জনগোষ্ঠীৰ মৃতদেহ ৰখা হোৱাৰ বিপৰীতে চুৰাচান্দপুৰৰ জিলা চিকিৎসা হাস্পতালত ৰখা মৃতদেহসমূহৰ ভিতৰত কুকি আৰু মেইটেই দুয়োটা গোটৰ লোক আছে যদিও কুকি লোকৰ সংখ্যা অধিক বুলি জানিব পৰা গৈছে। ইয়াৰ কাৰণ জানিবলৈ দি জ্যেষ্ঠ সাংবাদিক ৱাহেংবামে কয় যে সংঘৰ্ষৰ পিছত কুকিসকলে মেইটেই অঞ্চললৈ যাব নোৱাৰে আৰু মেইটেই সম্প্ৰদায়ৰ লোকসকলে কুকি অঞ্চললৈ যাব নোৱাৰে বাবেই এনেদৰে মৃতদেহ সমূহ ভাগে ভাগে ৰখাৰ ব্যৱস্থা কৰা হৈছে।

আইন অনুসৰি মৃতকৰ পৰিয়ালৰ সদস্যসকলে ব্যক্তিগতভাৱে চিকিৎসালয়ৰ মৰ্গলৈ গৈ মৃতদেহ চিনাক্ত কৰিব লাগিব, আৰু মানুহ তালৈ যাব নোৱাৰাৰ বাবে এই মৃতদেহ বিগত কেইবামাহো ধৰি চিনাক্তকৰণ নোহোৱাকৈয়ে হাস্পতালৰ মৰ্গত পৰি ৰৈছে। তেওঁ কয় যে পৰিস্থিতিৰ অত্যন্ত স্পৰ্শকাতৰ বাবে চিকিৎসালয়সমূহে এতিয়াও সেই মৃতদেহৰ ফটো আৰু ইয়াৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰা নাই।

বিষয়া আৰু নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি পাৰ্যমানে স্বাভাৱিক কৰাৰ চেষ্টা চলাইছে যাতে মৃতকৰ পৰিয়ালে হাস্পতাললৈ আহি মৃতদেহ চিনাক্ত কৰিব পাৰে আৰু তেওঁলোকৰ শেষ ৰীতি-নীতি সম্পন্ন কৰাৰ ব্যৱস্থা কৰে। কিন্তু এই পৰ্যন্ত সেয়া সম্ভৱ হৈ উঠা নাই। ৱাহেংবামে কয় যে যোৱা কেইদিনমানৰ পৰা ইয়াত গুলীচালনাৰ কাণ্ড হ্ৰাস পাইছে, সেয়েহে ইয়াৰ বাবে মৃত্যুৰ হাৰ কিছু হ্ৰাস পাইছে।

তেওঁ কয়, "কিন্তু সমস্যাটো হ'ল দুয়োটা জনগোষ্ঠীৰ মানুহৰ মাজত অনাস্থা আৰু ঘৃণাৰ ব্যৱধান ইমানেই গভীৰ হৈ পৰিছে যে ইয়াক অতিক্ৰম কৰিবলৈ বহু সময় লাগিব। এই সমস্যাটো অধিক জটিল হৈ পৰিছে কাৰণ মাজত সংঘাতৰ সৃষ্টি হৈছে। যাৰ বাবে মানুহৰ মাজত বিশ্বাস কমি গৈছে।"

তেওঁৰ মতে, "মেইটেই গোটৰ মানুহে সেনা আৰু অসম ৰাইফলছৰ বাটত বাধাৰ সৃষ্টি কৰে। তেওঁলোকে অভিযোগ কৰে যে তেওঁলোকে কোনো ধৰণৰ সাহায্য প্ৰদান নকৰে, আনহাতে কুকি গোটে কয় যে ৰাজ্যৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীক নিজৰ অঞ্চলত প্ৰৱেশ কৰিবলৈ নিদিয়ে। এই সময়ত পাৰস্পৰিক বিশ্বাসৰ বিভাজনেই আটাইতকৈ ডাঙৰ সমস্যা।"

বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কুকি সংগঠন ‘খিলঞ্জীয়া জনজাতি নেতা মঞ্চ’ৰ সম্পাদক মৱান তেৱাম্বেঙে কয় যে ইম্ফল উপত্যকালৈ গৈ মৃতদেহ চিনাক্তকৰণ কৰাটো অসম্ভৱ কাৰণ ই মৃত্যুৰ উপত্যকাৰ দৰে।। আনকি আমাৰ বিধানসভাৰ সদস্যকো তাত নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল।" তেওঁ কয় যে ফটো আৰু ফোন কলৰ জৰিয়তে অধিকাংশ মৃতদেহ চিনাক্ত কৰা হৈছে যদিও সম্পূৰ্ণ আইনী নথি-পত্ৰৰ অভাৱত কৰ্তৃপক্ষই মৃতকৰ মৃতদেহ পৰিয়ালক গতাই দিয়া নাই।

তেওঁ কয় যে এই মৃতদেহৰ বাহিৰেও ৪১জন কুকি লোক এতিয়াও সন্ধানহীন হৈ আছে। বহু মৃতদেহ জ্বলাই দিয়াৰ বাবে চিনাক্তকৰণ কঠিন হৈ পৰিছে। তেওঁ সংবাদ সংস্থা বিবিচিলৈ মৃতকৰ তালিকাও প্ৰেৰণ কৰে য’ত তেওঁলোকৰ নাম, বয়স আৰু অন্যান্য তথ্য দিয়া হৈছে। তেওঁ কয় যে যেতিয়া সংখ্যাগৰিষ্ঠ মেইটেই গোটে ইতিবাচক পদক্ষেপ ল’ব আৰু কেন্দ্ৰীয় চৰকাৰে আমাৰ অভিযোগসমূহৰ সমাধান কৰিব তেতিয়াহে পৰিস্থিতিৰ উন্নতি হ’ব পাৰে।

তেওঁ কয়, "এতিয়াও ৪১ হাজাৰ কুকি অস্থায়ী শিবিৰত বাস কৰি আছে। পৰিস্থিতি এনেকুৱা যে কেইদিনমানৰ ভিতৰতে শুধৰণি কৰিব নোৱাৰি। পৰিস্থিতি চৰকাৰৰ উদ্দেশ্যৰ ওপৰত নিৰ্ভৰশীল। কিন্তু এই মুহূৰ্তলৈকে পৰিস্থিতিৰ একো শুধৰণি হোৱা নাই।"

কি কৰিছে চৰকাৰে?

যোৱা মাহত উচ্চতম ন্যায়ালয়ে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গীতা মিত্তলৰ নেতৃত্বত তিনিজনীয়া অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ এখন সমিতি গঠন কৰিছিল। এই সমিতিৰ কাম হৈছে মণিপুৰৰ জাতিগত হিংসাৰ মানৱীয় দিশত সহায় কৰা।

এই কমিটীয়ে এক প্ৰতিবেদনত পৰামৰ্শ দিছে যে ৰাজ্য চৰকাৰে পাঁচ মাহ ধৰি চলি থকা হিংসাত্মক পৰিস্থিতিত নিহত হোৱা লোকৰ তালিকা প্ৰকাশ আৰু প্ৰচাৰ কৰিব লাগে। প্ৰতিবেদনত কোৱা হৈছে যে মৃতকৰ আত্মীয়ক চিনাক্ত কৰিব লাগে যাতে নিৰ্দিষ্ট ক্ষতিপূৰণ তেওঁলোকৰ পৰিয়ালক দিব পৰা যায়। যদি এই কাৰ্য সফল নহয় তেন্তে জিলা উপায়ুক্তই উপযুক্ত স্থান নিৰ্ধাৰণ কৰি সম্পূৰ্ণ সন্মানেৰে মৃতদেহ দাহ কৰাব লাগে বুলিও কমিটীয়ে পৰামৰ্শ দিয়ে।

সাংবাদিক ৱাহেংবাম টেকেণ্ডৰ সিঙে কয়, "অচিনাক্ত মৃতদেহ দাহ কৰাটো অতি স্পৰ্শকাতৰ বিষয়। এই সময়ত আমি নাজানো চৰকাৰে এনে ঘোষণা কৰিলে জনসাধাৰণৰ প্ৰতিক্ৰিয়া কি হ'ব।"

সম্প্ৰতি মণিপুৰ উত্তেজনা আৰু হিংসাৰ ভয়ত আতুৰ হৈ পৰিছে। পুনৰ ৰাজ্যখনত কিছু দিনৰ বাবে ইণ্টাৰনেট সেৱা নিষিদ্ধ কৰাত অধিক শংকিত হৈ পৰিছে ৰাজ্যখনৰ সাধাৰণ জনতা। পাহাৰীয়া ৰাজ্যখনৰ হাজাৰ হাজাৰ জনতাই আজিও পৰিস্থিতি স্বাভাৱিক হোৱালৈ কেৱল অপেক্ষা কৰিছে। আশ্ৰয় শিৱিৰত আতংকৰ জীৱন অতিবাহিত কৰি তেওঁলোকে কেৱল বাট চাইছে এটা সুখময় ভৱিষ্যতলৈ।

পুলৱামা কাণ্ডৰ তদন্তকাৰী বিষয়া IPS ৰাকেশ বলৱালক মণিপুৰত নিযুক্তি

উত্তৰ-পূবৰ পাহাৰীয়া ৰাজ্যখনত পুনৰ উকমুকাবলৈ আৰম্ভ কৰা হিংসা আৰু সংঘাতৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এইবাৰ আন এক বাজি লগাইছে কেন্দ্ৰীয় চৰকাৰে। পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণ কাণ্ডৰ তদন্ত কৰা জেষ্ঠ আইপিএছ বিষয়া ৰাকেশ বলৱালক মণিপুৰলৈ বদলি কৰি হিংসাজৰ্জৰ ৰাজ্যখনৰ পৰিস্থিতি শান্ত কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছে চৰকাৰে। যোৱা ২৮ ছেপ্টেম্বৰত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আইপিএছ ৰাকেশ বলৱালক মণিপুৰলৈ বদলি কৰে।

২০১২ চনৰ আইপিএছ বিষয়া ৰাকেশ বলৱাল ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ৰাষ্ট্ৰীয় তদন্ত সংস্থা (এন আই এ)ৰ অধীক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰি ২০১৯ চনৰ পুলৱামা আক্ৰমণৰ তদন্তৰ সৈতে জড়িত আছিল।

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত তেওঁ কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে প্ৰথমবাৰৰ বাবে তাত উদযাপন কৰা হৈছিল স্বাধীনতা দিৱস, বিনা বাধাই বাহিৰ কৰা হৈছিল ধৰ্মীয় সমদলো। সংঘাত আৰু সন্ত্ৰাসৰ বিৰুদ্ধে যথেষ্ট অভিজ্ঞতা অৰ্জন কৰা জ্যেষ্ঠ আইপিএছ বিষয়াগৰাকীক মণিপুৰলৈ বদলি কৰাৰ উদ্দেশ্য ৰাজ্যখনৰ বৰ্তমানৰ পৰিস্থিতি বুলিয়েই অনুমান কৰা হৈছে। মণিপুৰৰ বৰ্তমানৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বলৱালক বদলি কৰা হৈছে বুলি প্ৰকাশ কৰিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়েও।

অৱশ্যে মণিপুৰৰ হিংসাৰ মাজতেই অন্য ৰাজ্যৰ পৰা পূৰ্বেও ৰাজ্যখনলৈ প্ৰশাসনিক বিষয়াক বদলি কৰি আনিছে চৰকাৰে।জুন মাহত চৰকাৰে ৰাজীৱ সিংহক ত্ৰিপুৰাৰ পৰা মণিপুৰলৈ বদলি কৰাৰ নিৰ্দেশ জাৰি কৰি ৰাজ্যৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিছিল। আগষ্ট মাহত ৰাজ্য চৰকাৰে এজন প্ৰাক্তন সেনা কৰ্ণেলক ৰাজ্যৰ আৰক্ষীৰ এছ এছ পি হিচাপে নিযুক্তি দিছিল। মে’ মাহত কেন্দ্রই ৰাজ্যখনৰ অভিযান চোৱাচিতা কৰিবলৈ চি আৰ পি এফৰ প্রাক্তন মুৰব্বী কুলদীপ সিঙকো নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি দিছিল৷