মৰিয়নীঃ  মৰিয়নীৰ কঠালগুৰি চাহ বাগিচাত শুকুৰবাৰে প্ৰেক্ষাগৃহত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এখন নিৰ্বাচনী জনসভা দিনৰ ভাগত আয়োজন কৰা হয়৷ 

সভাখনত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ ৰকিবুল হুছেইন, ভুপেন বৰা আদিক প্ৰমুখ্যে কৰি কংগ্ৰেছ দলৰ বহু কেইজন নেতা উপস্থিত থাকে৷ 

ডিব্ৰুগড়ৰ এখন জনসভাৰপৰা হেলিকপ্টাৰে মৰিয়নীলৈ আহি পুনৰ হেলিকপ্টাৰে উভতি যায় নেতাকেইগৰাকীয়ে৷ আজি মৰিয়নীত সুশান্ত বৰগোহাঁইৰ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ভুপেন বৰাই ক’য় যে অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰীয়ে ২০১৪ চনত কৈছিল গুজৰাটৰ নদীত মুছলমানৰ তেজ বয়, তেন্তে তেওঁ এতিয়া কিয় সেই দলৰ লগত আছে?

মুঠৰ ওপৰত বিৰোধী দলৰ বিপক্ষে লক্ষ্য কৰি সকলোৱে ৰাজহুৱাভাৱে নিজৰ মন্তব্য আৰু ভাৱ বিনিময় তথা প্ৰকাশ কৰে৷