newsnextone.com | লিডুঃ অসমীয়া জাতিয়ে মাটি, ভেটি হেৰুওৱাৰ মুহূৰ্তত উপনীত হোৱাৰ সময়তে আশাৰ ৰেঙনি আনিছিল এনআৰচিয়ে। অসমৰ ভৱিষ্যত প্ৰজন্ম অসমত সুৰক্ষিত হৈ থাকিব লাগিবলে এখন উন্নত নাগৰিক পঞ্জী খুবেই প্ৰয়োজন আছিল। যাতে অসম সোমাই অহা বিদেশীক অসমৰ পৰা খেদিব পৰা যায় আৰু দুনাই অসমলৈ বিদেশীয়ে সোমাই আহিলে সহজেই চিনাক্ত কৰিব পৰা যায় তাৰ এক ব্যৱস্থা হৈ থকাৰ বাবে এনআৰচি অসমীয়াক প্ৰয়োজন আছিল। 

অসমী আই, পূণ্যভূমিৰ সেৱা কৰিবলৈ গৈ শ্বহীদ হৈছিল শ-শ অসমীয়া ডেকা। অসমৰ অস্তিত্বৰ ৰক্ষাৰ সংগ্ৰামত নিজৰ প্ৰাণ দিবলৈ কুণ্ঠাবোধ নকৰা প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰা আৰম্ভ কৰি ৮৫৫গৰাকী শ্বহীদৰ আত্মাই আজি আকাশত তিৰবিৰাব৷ যাৰ অমৰ মৃত্যুৱে জগাই তুলিছিল জাতিক৷ 

যিয়ে বন্দুকৰ গুলী বুকু পাতি লৈছিল আই মাতৃৰ বাবে৷ অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰা আৰম্ভ কৰি ৮৫৫গৰাকী শ্বহীদক৷ অসমৰ বুকুত অসমীয়াৰ অস্তিত্ব জীয়াই ৰখাৰ বাবে কৰা ৬ বছৰীয়া আন্দোলন ফল আজি অসমৰ ৰাইজে ভোগ কৰিবলৈ সক্ষম হ'ল। 

যাৰ বাবে সমগ্ৰ অসমৰ অসমীয়া আনন্দিত হৈ পৰিছে। বহু প্ৰতীক্ষাৰ অন্তত সোমবাৰে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ জাগুনত ৰাইজে আনন্দ উলাহ প্ৰকাশ কৰে। এনআৰচিৰ সম্পূৰ্ণ খচৰাক আদৰণি জনাইছে অসমীয়াই।

 ৰাইজে সম্পূৰ্ণ খচৰা প্ৰকাশ কৰাৰ পিছতে অসম আন্দোলনৰ প্ৰথম শ্বহীদক স্মৰণ কৰাৰ লগতে আনন্দ উলাহ প্ৰকাশ কৰা দেখা যায় লিডুত। ৰাইজে আনন্দ উলাহ প্ৰকাশ কৰাৰ সময়তে জাগুনত ৰাইজে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি ৮৫৫ গৰাকী শ্বহীদক স্মৰণ কৰে। 

ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ জাগুনত টাই আহোম যুৱ পৰিষদৰ লগতে কেইবাটাও জাতীয় সংগঠনে জাগুন ৭ মাইলস্থিত বজাৰৰ শ্বহীদ বেদীত বন্তি প্ৰজ্বলন তথা উৎফুল্লিত হৈ ফটকা ফুটাই  আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হয় ৷ 

জাতিটোক সুৰক্ষা প্ৰদানৰ স্বাৰ্থত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীকৰণ কৰাৰ বাবে জীৱন দিয়া বীৰ পূৰুষক টাই আহোম যুৱ পৰিষদৰ নেতা জানা সন্দিকৈয়ে স্মৰণ কৰে। আনহাতে এনআৰচিৰ প্ৰক্ৰিয়াৰ সৈতে জৰিত সকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে সকলোকে একত্ৰিত হৈ থাকিবৰ বাবে আহ্বা জনায়।