ডিজিটেল ডেস্কঃ ছৌদি আৰৱৰ নাজৰান চহৰত একেলগে মৃত্যু ঘটিল ১০ ভাৰতীয়ৰ৷ এটা বাসগৃহত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত মুঠ ১১ গৰাকী লোক মৃত্যুমুখত পৰে৷ ইয়াৰে ১০ গৰাকীয়ে ভাৰতীয় বুলি জানিব পৰা গৈছে। 

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি উক্ত ঘৰটোত খিৰীকি নোহোৱাৰ ফলত ধোৱা বাহিৰলৈ যাব পৰা নাছিল৷ ফলত ঘৰটোৰ ভিতৰতে উশাহ বন্ধ হৈ মৃত্যু ঘটে লোককেইজনৰ৷ 

মৃত আটাইকেইগৰাকী লোক শ্ৰমিক হিচাবে কৰ্মৰত আছিল দেশখনত৷ এই শোকাবহ ঘটনাত শোক প্ৰকাশ কৰিছে দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে৷ 

ভাৰতীয় দূতাবাসৰ বিষয়াই ঘটনাৰ বুজ ল’বলৈ নজৰানলৈ যোৱা বুলিও টুইটাৰৰ জড়িয়তে প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে৷ উল্লেখযোগ্য আৰৱত প্ৰায় ৯০ লাখ বিদেশী শ্ৰমিক আছে আৰু ইয়াৰে অধিকাংশই দক্ষিণ এছিয়াৰ৷ 

বিগত কেইবছৰমানৰ পৰা ভাৰতৰ পৰা বহু হাজাৰ লোক প্ৰত্যেক বছৰে আৰৱত শ্ৰমিক হিচাবে কাম কৰিবলৈ যোৱা পৰিলক্ষিত হৈছে৷