গুৱাহাটীঃ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা অনুসৰি বুধবাৰে ৰাজ্যজুৰি টাই আহোম জনগোষ্ঠীৰ লোকসকলে মে-ডাম-মে-ফি উৎসৱ পালন কৰে৷ উজনিৰ শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, লখিমপুৰ আদি জিলাৰ লগতে গুৱাহাটী মহানগৰীত বুধবাৰে পুৱাৰে পৰা ব্যস্ত হৈ পৰিছে টাই আহোম জনগোষ্ঠীৰ লোকসকল৷ চাওলুং চ্যুকাফাৰ দিনৰে পৰা অসমৰ টাই-আহোম জনগোষ্ঠীয়ে পালন কৰি আহিছে মে-ডাম-মে-ফি উৎসৱ৷

টাই-আহোম জনগোষ্ঠীৰ লোক সকলে সম্পূৰ্ণ ধৰ্মীৰ ৰীতি-নীতি, পৰম্পৰা অনুযায়ী পালন কৰা এই উৎসৱত পূৰ্বপুৰুষক স্মৰণ কৰে৷ ধৰ্মীয় সামাজিক উত্সৱৰ জৰিয়তে আহোমসকলে পিতৃ পুৰুষ তথা উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰাৰ লগতে দেশ আৰু দহৰ মংগল কামনা কৰে৷ বিশেষ উপাসনাৰ জৰিয়তে সমৃদ্ধি কামনা কৰে৷ মে-ডাম-মে-ফী এখন পূজাৰ জৰিয়তে পালন কৰা হয়৷

প্ৰতিবছৰে ৩১ জানুৱাৰীত পালন কৰা হয় মে-ডাম-মে-ফি৷ ৰাইজ একত্ৰিত হৈ এখন আঠচুকীয়া অৰ্থাৎ অস্থায়ী মন্দিৰ সাজি আঠখন মেহেঙা তথা শৰাই স্থাপন কৰি আদি পিতা লেংডন দেৱতাকে ধৰি সকলোৰ বাবে উপাসনা কৰে৷ নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ লগতে সমূহীয়াভাৱে ভোজ দিয়া প্ৰথাৰে আনন্দৰে পালন কৰে৷

তেনেদৰেই ৰাজ্যজুৰি বুধবাৰে মে-ডাম-মে-ফীৰ উদযাপন কৰিছে উজনি-নামনিত৷ উজনি অসমৰ বিভিন্ন ঠাইত মে-ডাম-মে-ফী পালন কৰাৰ লগতে সদৌ তাই আহোম ছাত্ৰ সন্থাই বিভিন্ন ঠাইত পালন কৰিছে মে-ডাম-মে-ফী৷ শিৱসাগৰ জিলাৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতিয়ে মে-ডাম-মে-ফি উদযাপন কৰিছে৷

আটাছুৰ বৰুৱা পুখুৰী আঞ্চলিকৰ সভাপতি বিশ্বজিত আৰন্ধৰাই পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ বৃক্ষৰোপণ কৰে সমাজকর্মী চন্দ্র গগৈ, নন্দেশ্বৰ শইকীয়া আৰু অন লুক টাইয়ে। আহোম জনগোষ্ঠীৰ দল-সংগঠনৰ নেতাই অংশগ্ৰহণ কৰা অনুষ্ঠানত সদৌ অসম মহন দেউধাই বাইলুং সন্মিলনৰ পণ্ডিত পৰিষদে পুৱা ১০ বজাত মে-ডাম-মেফিৰ মূল পূজা সম্পাদন কৰে।