ডিজিটেল ডেস্কঃ জন্মু-কাশ্মীৰৰ সমস্যৰ সমাধানৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ’ল সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী মেহবুবা মুফটি৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মেহবুবা মুফটি আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে এক আলোচনাত বহে৷

প্ৰায় আধাঘন্টা ধৰি চলা এই আলোচনাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেৱল আলোচনাৰ মাজেৰেহে কাশ্মীৰ সমস্যাৰ সমাধান সুত্ৰ ওলাব পাৰে৷ উল্লেখযোগ্য যে  বিগত দিনসমূহত ক্ৰমাত অৱনতি ঘটিছে ৰাজ্যখনৰ পৰিস্থিতিৰ৷

শেহতীয়াকৈ অনুষ্ঠিত হোৱা নিৰ্বাচনত স্থানীয় লোকেই শিলবৰ্ষণ কৰিছিল ভোটকেন্দ্ৰত৷ ৰাজ্যখনৰ এগৰাকী উচ্চপদস্থ বিষয়াই প্ৰকাশ কৰিছিল যে কেৱল এনে ঘটনা সংঘটিত কৰিবলৈ ৩০৯ হোৱাটছ এপ গ্ৰুপ খোলা হৈছিল৷

মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘটনা উল্লেখ কৰি কয় যে কেৱল কেইজনমান যুৱকৰ প্ৰৰোচনাত এই কাৰ্য সংঘটিত হৈছিল৷ আলোচনাৰ বাবে ৰাজ্যখনত এক সুস্থিৰ পৰিৱেশৰ প্ৰয়োজন বুলি  প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তদুপৰি ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সিন্ধু জল চুক্তিৰ বাবে ৰাজ্যখন ক্ষতিৰ সন্মুখীন হৈছে বুলি প্ৰধানমন্ত্ৰীক অৱগত কৰিছে মেহবুবাই৷

ৰাজ্যখন ৰাজ্যপালে শাসন কৰিব নে নকৰিব সেই বিষয়টো সম্পুৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ আনহাতে প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসজৰ্জৰিত জন্মু কাশ্মীৰৰ শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ বাবে বাকী ৰাজ্যবোৰে কাশ্মীৰত কেতবোৰ অনুস্থান অনুষ্ঠিত কৰিব লাগে বুলি প্ৰকাশ কৰে৷