ডিজিটেল ডেস্কঃ দলত থাকিলে এৰিব লাগিব ধৰ্ম, নহ’লে সন্মুখীন হ’ব লাগিব শাস্তিৰ৷ এই ঘোষণা চীনৰ কমিউনিষ্ট পাৰ্টীৰ৷

গ্লোবেল টাইমছত প্ৰকাশ হৈছে এই কথা৷ যদি কোনো সদস্যই ধৰ্মীয় নীতি-নিয়ম মানে তেন্তে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ৷ কঠোৰ মাৰ্ক্সবাদী হ’ব লাগিব শাসনাধিষ্ঠিত দলটোৰ সদস্যসকল৷ 

দলৰ পত্ৰিকাত বিষয়টো সন্দৰ্ভত ধৰ্মীয়া পৰিক্ৰমা দপ্তৰৰ সঞ্চালক ওয়াং জুৱানে কয় যে কোনো দলীয় কৰ্মীয়ে কোনো প্ৰকাৰৰ ধৰ্ম মানিব নোৱাৰিব৷ এই নিয়ম দলৰ সকলোৰ বাবে বাধ্যতামূলক৷

তদুপৰি সংস্কৃতি বা অৰ্থনীতিৰ দোহাই দিও কোনেও ধৰ্মীয় কাৰ্যত জড়িত হ’ব নোৱাৰিব৷ চীনৰ কমিউনিষ্ট পাৰ্টী নাস্তিক যদিও দেশখনৰ লোকসকলক ধৰ্মীয় বিশ্বাসৰ স্বাধীনতা দিছে সংবিধানে।