জোনাইঃ বৃহস্পতিবাৰৰ পৰা ধেমাজি জিলাৰ জোনাইত আৰম্ভ হৈছে মিছিং জনগোষ্ঠীৰ জাতীয় সংগঠন মিছিং বাঃনে কেবাঙ জাতীয় মহাসভাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় অধিবেশন৷ ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিবেশনৰ বৃহস্পতিবাৰে পুৱা এক উখল মাখল পৰিবেশৰ সৃষ্টি হয় আবতানি লত্তাত৷

ধেমাজি জিলাৰ জোনাই মহকুমাৰ আবতানি লত্তাত অনুষ্ঠিত হোৱা অধিবেশনৰ আবতানি লত্তা উদ্ধোধন কৰে অৰুণাচল প্ৰদেশৰ আদি বাঃনে কেবাঙৰ সভাপতি টনি পেৰটিনে৷ কাৰ্যসূচীত উপস্থিত থাকে মিছিং বানে কেবাঙৰ কেন্দ্ৰীয় সভাপতি তথা মিছিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰমানন্দ চায়েঙীয়াই৷ মিছিঙসকলৰ পৰম্পৰা দঞি পল ধৰ্মীয় ৰীতি-নীতিৰে উদ্ধোধন কৰাৰ লগতে প্ৰদৰ্শন কৰে৷

খাদ্য মেলা, গ্ৰস্থমেলা প্ৰতিনিধি শিবিৰ আদি উদ্ধোধন কৰা হয়৷ দিনৰ ১ বজাত প্ৰতিনিধি পঞ্জীয়ন কৰাৰ লগতে সন্ধিয়া ৫ বজাত প্ৰতিনিধি সভাকক্ষ উদ্ধোধন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে৷ সন্ধিয়া ৬ বজাৰ পৰা অসম-অৰুণাচলৰ পৰা অহা প্ৰতিনিধিৰ উপস্থিতিত প্ৰতিনিধি প্ৰতিনিধি সভা অনুষ্ঠিত হয়৷ সভাকক্ষ উদ্ধোধন কৰে ধেমাজিৰ বিধায়ক ৰনোজ পেগুৱে৷