দৃশ্যপট ১: ৰঞ্জিত নাথ পূৰ্বে ৰাজমিস্ত্ৰী আছিল, আজিকালি দুই এটা ঠিকাৰ কামো কৰিবলৈ আৰম্ভ কৰিছে। যোৱা এবছৰত নলবাৰী জিলাৰ ধনতোলা নিকটৱৰ্তী অঞ্চলত তেওঁ কেইবাটাও ঘৰ নিৰ্মাণ কৰিছে। ইয়াৰ ভিতৰত আছে মন্দিৰ, ৪ মহলীয়া অট্টালিকা, আসাম টাইপৰ ঘৰ আদি। কিন্তু ৰঞ্জিত নাথৰ মতে, ঘৰ এটা নিৰ্মাণৰ ঠিকা লোৱাৰ পিছত বহু কেইটা দিশ চাবলগীয়া হয়। তেওঁ নতুনকৈ ঠিকা আৰম্ভ কৰিছেহে, সেয়ে ঠিকাৰ বাবদ বেছি ধনৰ কথা ক’বলৈ অসুবিধা। মানুহে কম খৰছত ভাল ঘৰ এটা ঠিকাদাৰৰ পৰা আশা কৰে। ইয়াৰ মাজতে নিজৰ মুনাফাৰ কথাও চিন্তা কৰিবলগীয়া হয়। কম সময়ৰ ভিতৰত ভালকৈ ঘৰ এটা সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আন এটা প্ৰত্যাহ্বান হৈছে মিস্ত্ৰী, যোগাৰীসকল।

ৰঞ্জিত নাথৰ মতে, সৰু সৰু কামৰ বাবে (যেনে মন্দিৰ, স্কুলঘৰ, সাধাৰণ ঘৰ আদি) অসমীয়া মিস্ত্ৰী-যোগাৰীসকল ভাল, কিন্তু বিল্ডিং নিৰ্মাণৰ সময়ত অধিক পৰিশ্ৰম কৰিবলগীয়া হয় বাবে বহু অসমীয়া মিস্ত্ৰী- যোগাৰীয়ে তেনে কাম কৰিবলৈ অলপ ইতস্বতঃ কৰে আৰু কৰিলেও অধিক পাৰিশ্ৰমিক দাবী কৰে। এনে কাৰণতে ৰঞ্জিত নাথে যোৱা সময়ছোৱাত নিৰ্মাণ সম্পূৰ্ণ কৰা কেইবাটাও কামত গোৱালপাৰা আৰু ধুবুৰী অঞ্চলৰ পৰা পমুৱা মুছলমান শ্ৰমিকক আনি কামত খটুৱাইছে। তেওঁলোকৰ হাজিৰাও অসমীয়া শ্ৰমিকৰ তুলনাত তুলনামূলকভাৱে কম আৰু পৰিশ্ৰমো অধিক কৰিব পাৰে। থকা-খোৱাৰ ক্ষেত্ৰতো বিশেষ আপত্তি নাই, কাম কৰি থকা কেইদিন নিৰ্মাণস্থলীৰ কাষতে তেওঁলোকে টিৰ্পাল বা টিনেৰে ৰাতি থাকিবলৈ অস্থায়ী শিবিৰ বনাই লয়।

দৃশ্যপট ২: মীনপালক ৰাঘৱ বৰ্মনে যোৱা বছৰ নতুনকৈ এটা প্ৰায় এক বিঘা মাটিৰ পুখুৰী খন্দাৰ কথা ভাৱিছিল। ইতিমধ্যে দুটা পুখুৰীত মীন পালন কৰি তেওঁ ভাল উপাৰ্জন বছৰি কৰি আহিছে। কিন্তু নতুন পুখুৰীটো খন্দাৰ সময়ত প্ৰশ্ন হ’ল- খান্দিব কেনেকৈ? জেচিবি লগাই খান্দিলে কম খৰছতে হয়, কিন্তু  তেনেকৈ খান্দিলে পুখুৰীৰ তলিখন সমান নহয় বাবে পিছত মাছ উঠোৱাৰ সময়ত অসুবিধা হয়। পূৰ্বে এটা পুখুৰী খন্দাৰ সময়ত এনে অভিজ্ঞতা তেওঁৰ ইতিমধ্যেই হৈ থৈছে।

ৰাঘৱ বৰ্মনে প্ৰথমে পমুৱা মুছলমানক লগাই পুখুৰী খন্দাৰ কথা ভবা নাছিল, কিন্তু জেচিবিৰে খান্দিবলৈ অনীহা আৰু অসমীয়া মাটি কটা মানুহৰ অভাৱৰ বাবে অৱশেষত উপায়ন্তৰ হৈ তেওঁ সেয়াই কৰিবলগীয়া হ’ল। পিছত ২২ জন পমুৱা মুছলমান শ্ৰমিকে ১০ দিন একেৰাহে কাম কৰি পুখুৰীটো খান্দি সম্পূৰ্ণ কৰে। ৰাঘৱ বৰ্মনে কয়, “পুৱা ৬ বজাতে আহি সিঁহতে কামত ধৰে আৰু ৯ মান বজাত যায়গৈ। দুপৰীয়া ১২ মান বজাত আকৌ আহি তাৰ পিছত সন্ধিয়া ৫-৫.৩০ বজাতহে কাম সামৰে। শেষৰ দুদিন সিঁহতে ৰাতিও মাটি কাটিছিল। সিঁহতৰ কথা মতে মই পোহৰৰ ব্যৱস্থা কৰি দিছিলো।’’

এই দুই দৃশ্যপট এতিয়া অসমৰ প্ৰতিখন চহৰ আৰু গাঁৱতেই সুলভ। যিবোৰ কাম থলুৱা অসমীয়াই কৰিবলৈ বেয়া পায়, কষ্ট অনুভৱ কৰে তেনেবোৰ কাম কৰি কৰি আজি অসমৰ সামাজিক, অৰ্থনৈতিক ক্ষেত্ৰখনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে বংগদেশীয় মুছলমান শ্ৰমিক। মাছ-শাক উত্পাদন আৰু বিক্ৰীৰ পৰা ঘৰুৱা কাম কৰা শ্ৰমিকলৈ সকলো ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বংগদেশীয় মুছলমানসকল অবিহনে যেন আজি স্তব্ধ হৈ পৰিব অসমীয়াৰ স্বাভাৱিক জীৱন।

এই কাৰণেই এআইইডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে দেওবাৰে সদম্ভে মন্তব্য কৰে যে তিনিদিন মিঞা মুছলমান নাথাকিলে কবৰ স্থানত পৰিণত হ’ব গুৱাহাটী মহানগৰ। আজমলৰ এই মন্তব্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলেও ঈদৰ সময়ছোৱাত স্তব্ধ হৈ পৰা গুৱাহাটীখনৰ উদাহৰণ দি এই কথাষাৰত সহমত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। সমান্তৰালভাৱে এতিয়া আন বহু নেতা আৰু বিশিষ্ট ব্যক্তিয়েও অপ্ৰিয় কথাষাৰৰ বাস্তৱতাক স্বীকাৰ কৰি লৈছে।

মিঞা মুছলমানৰ ইতিহাস

পূব বংগৰ পৰা অসমলৈ মূলতঃ অৰ্থনৈতিক আৰু পৰিৱেশগত কাৰণত ১৯ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতিকাৰ আৰম্ভণিৰ সময়ত প্ৰব্ৰজন ঘটিছিল বংগমূলীয় মুছলমানৰ। ইংৰাজ ঔপনিৱেশিক চৰকাৰে মুছলমান কৃষকসকলক অসমৰ উচ্ছন্ন ভূমি আৰু চৰাঞ্চলত খেতি কৰিবলৈ এই লোকসকলক অসমলৈ আনিছিল। কিন্তু  ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছতো এই প্ৰব্ৰজন অব্যাহত থাকে। বিশেষকৈ পূব বংগ পাকিস্তানৰ অংশ আৰু পিছলৈ বাংলাদেশৰ অংশ হৈ পৰাত বহু বাংলাভাষী মুছলমান অসমলৈ আহি ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলত বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰে। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত প্ৰায় এক কোটি মুছলমান আছে, যি ৰাজ্যখনৰ জনসংখ্যাৰ প্ৰায় ৩৪%। অৱশ্যে মিঞা মুছলমানৰ সঠিক সংখ্যা সন্দৰ্ভত কোনো চৰকাৰী তথ্য নাই।  কিন্তু অনুমান অনুসৰি অসমত প্ৰায় ৪০ লাখ মিঞা মুছলমান আছে, যাৰ অধিকাংশ ধুবুৰী, গোৱালপাৰা, বৰপেটা, নগাঁও, মৰিগাঁও, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত বাস কৰে।

সেই তেতিয়াৰে পৰা অসমৰ চৰাঞ্চলত বাস কৰি ন-অসমীয়া হিচাপে পৰিচিত হৈ পৰা মিঞা মুছলমানসকলে ক্ৰমান্বয়ে দখল কৰে অসমৰ খেতিপথাৰ। চন পৰি থকা অসমৰ ভূমিত ধান, ঘেঁহু, মাকৈ, ৰঙালাও আদিকে ধৰি বিভিন্ন ধৰণৰ খেতি আৰম্ভ কৰি পৰৱৰ্তী সময়ত নিজৰ ভেটি শক্তিশালী কৰে মিঞা মুছলমানসকলে। তদুপৰি লাহে লাহে কৃষিৰ লগতে অন্য সৰু সৰু কামতো হাত দি অসমৰ সামাজিক জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে ন-অসমীয়াসকল। 

কিন্তু ইমানৰ পিছতো চৰ-চাপৰিত বাস কৰা মিঞা মুছলমানসকল তেওঁলোকৰ মৌলিক সুবিধা, শিক্ষা, স্বাস্থ্য সেৱা, ভূমিৰ অধিকাৰ আৰু সামাজিক সুৰক্ষা আদিৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। ৰাজনৈতিকভাৱে কেৱল একো একোটা ভোটবেংক হিচাপে চিহ্নিত হৈ অহা মিঞা মুছলমান সকলৰ উত্তৰণৰ বাবে কোনো চৰকাৰেই চিন্তা নকৰাৰ অভিযোগো বহু পুৰণি।

এই মিঞা মুছলমানসকল মূলতঃ বঙালীভাষী যদিও আজি তেওঁলোকে মাতৃভাষাৰূপে আঁকোৱালি লৈছে অসমীয়া ভাষাক। একে সময়তে অসমীয়া ৰীতি-নীতি, উত্সৱ-পাৰ্বন সমূহকো নিজৰ কৰি লৈ আজি খিলঞ্জীয়া অসমীয়াৰ সমানে সমানে খোজ লৈছে মিঞা মুছলমানেও। অৱশ্যে তেওঁলোকৰ লোকগীত, কবিতা আৰু গল্পৰ চহকী মৌখিক পৰম্পৰাও আছে, যাক ‘মিঞা গীত’ বা ‘চৰ-চাপৰি গীত’ বুলি জনা যায়। মিঞা সম্প্ৰদায়ৰ সাজ-পোছাক, খাদ্য আৰু শিল্পৰ এক সুকীয়া শৈলীও দৃশ্যমান।

মিঞাই দখল কৰিছে অসমৰ পথাৰ-বজাৰ

মিঞাসকলৰ শৈক্ষিক অনগ্ৰসৰতা, আৰ্থিক অসামঞ্জস্যই প্ৰায়ে আঙুলি টোঁৱাবলৈ আনক সুযোগ দি আহিছে এই জাতিটোৰ ওপৰত। ৰাজনৈতিক নেতাই অসমত সংঘটিত অপৰাধৰ ৯০ শতাংশৰ সৈতেই মিঞা জড়িত বুলি ডিঙিৰ শিৰ ফুলাই কোৱাৰ সুযোগ লাভ কৰে। চৰকাৰে বাল্য বিবাহ ৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি বন্দী কৰিব পাৰে মিঞাক, বহু বিবাহ বন্ধৰ বাবে আইন আনি কৰিব পাৰে হাৰাশাস্তি। 

কিন্তু ইমানৰ পিছতো আজিৰ সময়ত ৰাজ্যৰ পথাৰ-বজাৰত নিজৰ উপস্থিতি জাহিৰ কৰিবলৈ সক্ষম হৈছে মিঞা মুছলমানে। বহুতেই দাবী কৰে যে, বৰ্তমান সময়ত গুৱাহাটী মহানগৰীৰ বিভিন্ন বজাৰ আৰু পদপথত শাক-পাচলি আৰু মাছ আদি বিক্ৰী কৰা ক্ষুদ্ৰ বেপাৰীসকলৰ ৬০ শতাংশৰো অধিক বঙালীভাষী মিঞা মুছলমান। ইয়াৰোপৰি গৃহ নিৰ্মাণৰ পৰা আদি কৰি টয়লেট পৰিস্কাৰ কৰালৈকে, অসমীয়া যুৱক-যুৱতীয়ে কৰিবলৈ লজ্জাবোধ কৰা প্ৰতিটো কামতেই এতিয়া মিঞাৰ প্ৰভুত্ব। 

বহুতে অভিযোগ কৰে- মিঞাসকলৰ প্ৰভুত্বৰ বাবেই আজি অসমীয়া যুৱক-যুৱতীসকলে সংস্থাপনহীন হৈ হাহাকাৰ কৰিবলগীয়া হৈছে। মিঞাই সকলো কাম কৰিব পাৰে, অসমীয়াই কিয় নোৱাৰে? এয়াও বহুতৰে প্ৰশ্ন।

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞাৰ পৰা বজাৰ দখল কৰিবলৈ উজনিৰ যুৱক-যুৱতীক ওলাই আহিবলৈ মুকলিকৈ আহ্বান জনাইছিল। গুৱাহাটীত বেপাৰ কৰি থকা মিঞাক খেদি অসমীয়া যুৱক-যুৱতীক সেই বজাৰ গতাই দিয়া হ’ব বুলি সদম্ভে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে।

মিঞা ৰাজনীতিৰে ২০০৫ চনত গঠন হোৱা এআইইউডিএফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলেও মুকলিকৈ অসমীয়া যুৱক-যুৱতীক প্ৰদান কৰিছিল চেলেঞ্জ। মিঞাৰ দৰে পৰিশ্ৰম কৰি খেতি কৰিবলৈ, বেপাৰ কৰিবলৈ অসমীয়াক চেলেঞ্জ দি আজমলেও ঘোষণা কৰিছিল মিঞাসকলৰ উত্থান। 

অসমীয়া বনাম মিঞাৰ যুঁজখন বৰ্তমান সময়ত ৰাজনৈতিকভাৱে অতি চৰ্চিত এখন যুঁজ। এই যুঁজত ইতিমধ্যেই নামি পৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, বিধায়ক দিগন্ত কলিতা, মিঞা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বিধায়ক শ্বেৰমান আলী, আমিনুল ইছলাম আদিয়েও। এফালে যদি মিঞাৰ অধিকাৰ ৰক্ষাক লৈ প্ৰশ্ন, আনফালে বহু বিবাহ প্ৰতিৰোধ, বাল্য বিবাহ প্ৰতিৰোধৰ দৰে পদক্ষেপ লৈ মিঞাক হাৰাশাস্তি কৰাৰ অভিযোগে গৰম কৰি ৰাখিছে অসমৰ ৰাজনীতি।

মিঞা সম্প্ৰদায়ৰ শংকা

অসমৰ থলুৱা সংস্কৃতি আৰু পৰিচয়ৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা  বুলি  দাবী কৰি অসমীয়া সমাজৰ একাংশ লোকৰ পৰা মিঞা জনগোষ্ঠী বৈষম্য, হাৰাশাস্তি আৰু হিংসাৰ সন্মুখীন হৈ অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। মিঞা মানেই বাংলাদেশী মুছলমান বুলিও একাংশই মন্তব্য কৰি আহিছে। অন্যহাতে অসম আন্দোলন (১৯৭৯-৮৫), ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী আইন আদি বিভিন্ন বিদেশী বিৰোধী আন্দোলন আৰু নীতিয়েও মিঞা সম্প্ৰদায়ক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে অনেকে।

সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত অসমৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়নৰ দাবীৰে ১৯৭৯ চনত ৰাজ্যত আৰম্ভ হৈছিল অসম আন্দোলন। এই আন্দোলনৰ সময়ছোৱাত সংঘটিত হয় কেইবাটাও হিংসাত্মক ঘটনাও। ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে এই আন্দোলনৰ অন্ত পৰে আৰু ১৯৭১ চনৰ ২৫ মাৰ্চক অসমৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্তকৰণ আৰু বহিষ্কাৰৰ কাট অফ ডেট হিচাপে নিৰ্ধাৰণ কৰা হয়।

ৰাজ্যত অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমত প্ৰণয়ন কৰিছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। এন আৰ চি প্ৰক্ৰিয়াত আবেদনকাৰীয়ে ১৯৭১ চনৰ কাট অফ তাৰিখৰ পূৰ্বে অসমত বাস কৰা পূৰ্বপুৰুষৰ নথি দাখিল কৰি নাগৰিকত্ব প্ৰমাণ কৰিব লাগিছিল। কিন্তু ২০১৯ চনৰ ৩১ আগষ্টত প্ৰকাশিত চূড়ান্ত এন আৰ চি তালিকাত ১৯ লাখ লোক এই তালিকাৰ পৰা বাদ পৰে। বাদ পৰা বৃহৎ সংখ্যক লোক মিঞা মুছলমান বুলি অভিযোগ উত্থাপন কৰিছিল। এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা লোকসকলক বিদেশী বুলি ঘোষণা কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ বা বাংলাদেশলৈ বিতাড়িত কৰাৰ আশংকাই মিঞা সম্প্ৰদায়ৰ মাজত সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

অন্যহাতে ২০১৯ চনত ভাৰতীয় সংসদত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী আইনখনেও অসমৰ বংগদেশীয় মুছলমানৰ মাজত সৃষ্টি কৰিছিল তীব্ৰ আশংকাৰ। উল্লেখ্যে যে, এই আইন গৃহীত কৰি চৰকাৰে পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ অমুছলমান শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছিল। এনে পৰিপ্ৰেক্ষিতত এই আইনখনৰ জৰিয়তে বৰ্তমান ভাৰতত বাস কৰি থকা মুছলমান শৰণাৰ্থীসকলক বিতাড়ন কৰা হ’ব বুলিও একাংশ লোকে শংকা ব্যক্ত কৰা দেখা গৈছিল।

ছ’চিয়েল মিডিয়া, সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি ৰাজনীতিলৈকে মিঞা প্ৰসংগক লৈ চলি অহা নেতিবাচক আলোচনাৰ মাজতে কবিতাৰ জৰিয়তে যুৱ কবি নীলাভ সৌৰভে মিঞা লোকসকলৰ বৰ্তমানৰ আশংকাকো সুন্দৰভাৱে প্ৰতিফলিত কৰা দেখা গৈছে। 'তিৰাশী’ শীৰ্ষক শেহতীয়া এটি কবিতাত কবিগৰাকীয়ে লিখিছে, 'তিৰাশীত মোৰ পেহী ঢুকাইছিল/দুটা ছেও হৈ পৰি আছিল/পেহী গৰ্ভৱতী আছিল’। 

কবিতাটোত তেওঁ মিঞাসকলক যে মানুহ বুলিও গণ্য কৰা নহয় সেয়াও ফুটাই তুলিছে। 'পেহী মিঞা নাছিল। হিন্দু নাছিল/পেহী বাংলাদেশী নাছিল/পেহী অসমীয়া নাছিল/পেহী ভাৰতীয় নাছিল/কলগছৰ পৰা ওপজা পেহীক/কলগছৰ দৰে দুছেও কৰা হৈছিল’। এনে পৰিপ্ৰেক্ষিতত প্ৰতিটো মুহূৰ্ততে লেই-লেই, ছেই-ছেইৰ মুখামুখি হৈ আহিবলগীয়া বৰ্তমানৰ মিঞা লোক এজনৰ মনত কি ভাব হ’ব পাৰে সেয়াও কবিতাটো কবিয়ে উল্লেখ কৰিছে। 'মিঞা হিচাপে বহুত মৰিলো/অসমীয়া হোৱাৰ সুখত দুখ পাহৰিলো/তাৰ পাচতো যদি কোনোবাই মানি নলয়/আহক আমাক দুছেও কৰক/আমাক পুনৰ কাটিলে যদি আপোনাৰ নিজৰ জাতি-মাটি বাচি থাকে/অন্ততঃ/পেহীৰ দৰেই/আমিও আপোনাৰ হাততেই মৰিবলৈ ভালপাম’-এইদৰে এগৰাকী মিঞা লোকৰ মনৰ ভাৱ কবিতাটোৰ জৰিয়তে ব্যক্ত কৰিছে কবি গৰাকীয়ে।

বিতৰ্কিত ‘মিঞা’

বহু ইতিহাসবিদে ক’ব খোজে- ব্ৰিটিছ ঔপনিৱেশিকতাৰ সময়ত অসমলৈ প্ৰব্ৰজন কৰি ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলত বাস কৰি থকা মিঞাসকলক লৈ প্ৰথম কেইবা দশকত কোনো সমস্যা নাছিল খিলঞ্জীয়া অসমীয়াৰ। আনকি মিঞাসকলক অসমীয়াই আকোৱালি লৈ ন-অসমীয়া হিচাপেও নাম দিছিল। কিন্তু মিঞাই যেতিয়া অসমৰ বজাৰ-পথাৰ দখল কৰাৰ পিছত ৰাজনীতিতো প্ৰৱেশ কৰিলে, তেতিয়াৰ পৰাই মিঞা এক বিতৰ্কিত বিষয় হৈ পৰিল।

বৰ্তমান সময়ত অসমৰ ৰাজনীতিত এক বহুলভাৱে চৰ্চিত আৰু বিতৰ্কিত বিষয় মিঞা মুছলমান। ২০০৫ চনত ব্যৱসায়ী বদৰুদ্দিন আজমলে গঠন কৰা এআইইউডিএফৰ জৰিয়তে প্ৰত্যক্ষ নিৰ্বাচনী ৰাজনীতিত মিঞাৰ প্ৰভাৱ বৃদ্ধি পাবলৈ আৰম্ভ কৰে। একে সময়তে নিজৰ অধিকাৰৰ দাবীৰে মিঞা নেতাই উত্থাপন কৰা দাবীয়েও সূচনা ঘটায় বিতৰ্কৰ। 

২০১৯ চনত মিঞা কবিতাক লৈয়ো সূত্ৰপাত ঘটে বিতৰ্কৰ। ২০১৬ চন চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি হাফিজ আহমেদে লিখা 'লিখি লোৱা মই মিঞা' শীৰ্ষক কবিতাটোক লৈ মিঞা কবিতা বিতৰ্কই লাভ কৰিছিল গতি। কেবাজনো শিক্ষিত মিঞা সম্প্ৰদায়ৰ যুৱকে হাফিজ আহমেদে লিখা অসমীয়া কবিতাটোৰ আলমত চৰ অঞ্চলত প্ৰচলিত কথিত ভাষাক লিখিত ৰূপ দি লিখিবলৈ লয় 'মিঞা কবিতা’। তেনে কেবাটাও কবিতাত অসমীয়া জাতিক জেন’ফবিক আখ্যাও দিয়ে মিঞা কবিতা লিখা লোকসকলে। বিষয়টো আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম আলজাজিৰা পোৱাত ছ’চিয়েল মিডিয়াত এই লৈ যথেষ্ট বিতৰ্ক চলে।

২০২০ চনৰ অক্টোবৰত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞাসকলৰ সংস্কৃতি সংৰক্ষণ বাবে এক মিঞা সংগ্ৰাহলয় স্থাপনৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে। কংগ্ৰেছ বিধায়কজনৰ এই দাবীৰ পিছতে ৰাজ্যজুৰি মিঞাক লৈ এক বিতৰ্কৰ সূচনা হয়। আনহাতে ৰাজ্য চৰকাৰে বিধায়কজনৰ এই দাবী অনৰ্থক বুলি অভিহিত কৰি কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপন কৰিবলৈ অস্বীকাৰ কৰে। 

এই ঘটনাৰ প্ৰায় দুই বছৰ পিছত পুনৰ এবাৰ বিতৰ্কৰ সূত্ৰপাত ঘটে মিঞাক লৈ। গোৱালপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা এটা চৰকাৰী ঘৰত মিঞা সংগ্ৰহালয় স্থাপনৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে ৰাজ্যজুৰি পুনৰ এবাৰ সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ। ইফালে এই মিউজিয়াম স্থাপন কৰা ৩ জনৰ বিৰুদ্ধে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগো উত্থাপন হয়। পৰিণতিত মিঞা মিউজিয়াম উদ্বোধনৰ দুদিন পিছতে প্ৰশাসনে ছীল কৰি কৰি গ্ৰেপ্তাৰ কৰে ৩ জনক।  

মিঞাৰ উত্থান!

আজিৰ পৰা এটা বা দুটা দশক পূৰ্বে মিঞাসকলে ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলত যি অৱস্থাত বাস কৰিছিল, তাৰ এক বিপৰীত দৃশ্য বৰ্তমান সময়ত দেখা পোৱাটো অসম্ভৱ নহয়। বৰ্তমান সময়ত বহু মিঞা যুৱক- যুৱতীয়ে অনাখৰী, গ্ৰাম্য জীৱনক পিছ পেলাই নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। সাহিত্য, ক্ৰীড়া, সংস্কৃতি আদি ক্ষেত্ৰৰ সৈতে জড়িত হোৱাৰ লগতে চিকিত্সক, অভিযন্তা আদিৰ দৰে পেছাগত বৃত্তি গ্ৰহণ কৰিও উত্তৰণ ঘটাবলৈ সক্ষম হৈছে বহু মিঞা যুৱক-যুৱতীয়ে। এচিএছ, এপিএছ, নীট আদি পৰীক্ষাতো মিঞা যুৱক-যুৱতীসকলে দেখুৱাবলৈ সক্ষম হৈছে পাৰদৰ্শিতা।

মিঞা যুৱক-যুৱতীসকলক শৈক্ষিক অধিকাৰ প্ৰদানৰ স্বাৰ্থত দীৰ্ঘ সময় ধৰি কাম কৰি আহিছে কেইবাটাও সংগঠনে। ইয়াৰে ভিতৰত অন্যতম আজমল ফাউণ্ডেশ্যন। মুছলমান যুৱক-যুৱতীসকলে যাতে উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হয়, তাৰ বাবে আজমল ফাউণ্ডেশ্যনে মহাবিদ্যালয়, বিদ্যালয় আদি স্থাপন কৰাৰ সমান্তৰালভাৱে বিগত কেইবা বছৰ ধৰি চলাই আহিছে ছুপাৰ-৪০ নামেৰে কোচিং ইনষ্টিটিউট। এই ইনষ্টিটিউটৰ জৰিয়তে JEE, NEET, BITSAT, CEE আদি কঠিন পৰীক্ষাৰ বাবে শিক্ষা প্ৰদান কৰি মানৱ সম্পদ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আজমল ফাউণ্ডেশ্যনে। সমান্তৰালভাৱে ৰাজনীতিৰ পথাৰতো বৰ্তমান সময়ত প্ৰৱেশ ঘটিছে মিঞাৰ। 

একেদৰে ৰাজনৈতিক ক্ষেত্ৰখনতো উত্থান ঘটা দেখা গৈছে মিঞা সম্প্ৰদায়ৰ লোকসকলৰ। এই সন্দৰ্ভত সাংবাদিক ওৱাহেদৰ ৰহমানে কয়, ''আপাততঃ দৃষ্টিত মুছলমানৰ জনসংখ্যা অনুযায়ী ৰাজনৈতিক দপদপনি বিজেপিৰ দিনত কমিছে। তথাপিও মিঞা জনগোষ্ঠীৰ ১৫-২৫জন বিধায়ক নিৰ্বাচিত হয়। কিন্তু একেই মুছলমান হোৱাৰ বাবে অসমৰ যিখিনি খিলঞ্জীয়া মুছলমান আছে সেইসকলক অসমৰ কোনো এটা ৰাজনৈতিক দলে টিকট প্ৰদান নকৰে। তাৰ কাৰণ হৈছে  অসমৰ খিলঞ্জীয়া মুছলমানসকল হিন্দু বসতি প্ৰধান এলেকাৰ মাজে মাজে বসবাস কৰে। গতিকে সিঁচৰতি হৈ থকা গৰীয়া-মৰিয়া-দেশীকে ধৰি খিলঞ্জীয়া মুছলমানসকলৰ ভোটৰ দ্বাৰা নিৰ্ণায়ক ভূমিকা ল'ব পৰা ক্ষমতা নাই। বিপৰীতে চৰ অঞ্চলৰ লগতে কেইখনমান জিলাত মিঞা জনগোষ্ঠীৰ লোকসকলৰ জনসংখ্যা অত্যাধিক। সেয়ে মিঞাসকলে ৰাজনৈতিক আধিপত্য বিস্তাৰ কৰিছে।"

সাংবাদিক ৰহমানে আৰু কয়, "ৰাজনৈতিক আধিপত্য থকাৰ ফলতেই মিঞা জনগোষ্ঠীয়ে মূল সুঁতিৰ অসমীয়া সমাজখনক প্ৰত্যাহ্বান জনোৱা কথাটো একেবাৰে সঁচা। বিভিন্ন দিশত মিঞা জনগোষ্ঠীয়ে আগ্ৰাসন চলোৱাতো আজি কোনেও নুই কৰিব নোৱাৰে। কিন্তু মিঞাসকলে ৰাজনৈতিকভাৱে চৰকাৰ গঠনত নিৰ্ণায়ক ভূমিকা লব পৰাৰ পথ এটাও আছে। যেতিয়া অসমৰ বাংলাভাষী মুছলমান আৰু বাংলাভাষী হিন্দুসকল ৰাজনৈতিকভাৱে একত্ৰিত হব তেতিয়া হয়তো এতিয়া বহুতে কৈ থকাৰ দৰে আজমল মুখ্যমন্ত্ৰী নহলেও আজমলেই কিং মেকাৰ হৈ পৰিব পাৰে। একেদৰে তেতিয়া অসমৰ অৱস্থাও ত্ৰিপুৰাৰ দৰে হৈ পৰাৰো সম্ভাৱনা আছে।"

‘এদিন মিঞাৰ ভৰি ধুই পানী খাব লাগিব অসমীয়াই’

মিঞা যুৱক-যুৱতীৰ উত্থানত যিদৰে সম্প্ৰদায়টোৰ প্ৰতিনিধি সকলে গৌৰৱ কৰে, বিপৰীতে এয়া অসমীয়া যুৱক-যুৱতীৰ বাবে চিন্তাৰ কাৰণ বুলি উদ্বেগ ব্যক্ত কৰে বহু জনে। বহুতৰ মতে, অসমৰ প্ৰতিটো ক্ষেত্ৰতে মিঞাৰ অবাধ প্ৰৱেশে স্বাভাৱিকতে অসমীয়া যুৱক-যুৱতীৰ সংস্থাপনৰ পৰিসৰ হ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে। ফলস্বৰূপে ৰাজ্যত আজি হাজাৰ হাজাৰ অসমীয়া নিবনুৱা যুৱক-যুৱতীয়ে এটা চাকৰিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।

মিঞাৰ এই ক্ৰমবৰ্দ্ধমান উত্থানৰ বাবেই সাংসদ বদৰুদ্দিন আজমলে মিঞাসকলে আৰু কেই বছৰমান পিছত অসমত ৰাজত্ব কৰিব বুলি সদম্ভে দাবী কৰিবলৈ সক্ষম হৈছে। সংবাদ মাধ্যমৰ সন্মুখত বদৰুদ্দিন আজমলে মিঞা যুৱক-যুৱতীসকলক শিক্ষা-দীক্ষাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাই কয়, “আজি আপোনালোকে ৫০ নম্বৰত বহি আছে, ২০-২৫ বছৰ পিছত এক নম্বৰ স্থানত থাকিব আৰু তেতিয়া মিঞাৰ ভৰি ধুই পানী খাব লাগিব।’’ আজমলৰ কেৱল এয়াই মন্তব্য নাছিল, এখন সভাত অংশগ্ৰহণ কৰাৰ সময়ত মঞ্চৰ পৰাই তেওঁ দম্ভালি মাৰিছিল, “তিনি দিন মিঞা নাথাকিলে গুৱাহাটী কবৰস্থান হৈ পৰিব।’’

সাংসদ বদৰুদ্দিন আজমলৰ ইটোৰ পিছত সিটো মন্তব্যই ৰাজ্যজুৰি সৃষ্টি কৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সমান্তৰালভাৱে এই মন্তব্যই ৰাজনৈতিক মহলতো তোলে তীব্ৰ আলোড়ন। আজমলৰ বিৰুদ্ধে জাঙুৰ খাই উঠে বিভিন্ন দল-সংগঠন আৰু ৰাজনৈতিক দলৰ নেতা। 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “আজমলে ঠিকেই কৈছে। এয়া অসমীয়া অসমীয়া যুৱক-যুৱতীয়ে অপমান বুলি ভাবিব লাগে। ঈদৰ সময়ততো গুৱাহাটীখন খালী হৈ যায়। আপুনি বাহিৰলৈ ওলাই গ’লে যাৰে নাম শুনে, তাৰে ১০ জনৰ সাত জনেই পমুৱা মুছলমান। আজমলে যি কৈছে সেয়া ঠিকেই কৈ আছে। এইটোক অসমীয়া যুৱক-যুৱতীয়ে অপমান বুলি ভাৱি লৈ কৰ্ম সংস্কৃতিক আদৰি ল’ব লাগে।’’

মন্ত্ৰী পীযুষ হাজৰিকাই কয়, “অসমীয়া মানুহে মিঞাৰ কেতিয়াও ভৰিত নধৰে। কিন্তু বদৰুদ্দিন আজমলে যে এইদৰে স্পৰ্ধা কৰিব পৰা হ’ল, তাৰ কেন্দ্ৰটো কি? সেই কেন্দ্ৰটো আমি চিন্তা কৰিব লাগিব। কিহৰ কাৰণে আজমলে বাৰে বাৰে অসমীয়া মানুহক অসন্মান কৰিবলৈ সাহস কৰিছে। ইয়াৰ কাৰণটো হল তেওঁলোকে কাম কৰে, আমি কাম নকৰো, সেইবাবেই কয় গুৱাহাটীত যদি মিঞা মানুহ নাথাকে, গুৱাহাটীখন কবৰস্থান হ’ব আৰু ২০ বছৰ পিছত অসমীয়া যুৱকে মিঞাৰ ভৰিত পৰিব। মিঞা মানুহৰ ভৰিত অসমীয়া নপৰে, অসমীয়া যুৱক সাহসী যুৱক, যিয়ে মোগলক কাটি কাটি নাইকিয়া কৰিছিল, মোগলক খেদি খেদি অসম ৰক্ষা কৰিছিল।’’ মিঞাৰ পৰা কাম কাঢ়ি অসমীয়া যুৱক-যুৱতীক কাম কৰিবলৈও আহ্বান জনায় পীযুষ হাজৰিকাই। 

মন্ত্ৰী অশোক সিংহালে কয়, “অসমীয়াই সুযোগ দি আছিল মিঞাক। কিন্তু যিদিনাৰ পৰা অসমীয়াই হাতে-কামে লাগি যাব, সেইদিনাৰ পৰা মিঞাই নোখোৱাকৈ মৰিব লাগিব।’’ বদৰুদ্দিন আজমলক নৰাধম আখ্যা দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, “নৰাধমসকলে জাতিক কলুষিত কৰিব বিচাৰে। অসমীয়া মানুহক নৰাধম কোন বুলি সুধিলে সকলোৱে এটাই উত্তৰ দিব যে আজিৰ সময়ত এজনেই নৰাধম আছে, তেওঁ হৈছে মৌলানা বদৰুদ্দিন আজমল।’’

বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ নকৰিলে অসম আৰক্ষীৰ বিৰুদ্ধে গোচৰ তৰাৰ হুংকাৰ দি বিধায়ক অখিল গগৈয়ে কয়, “নিৰ্বাচন আহিলেই বদৰুদ্দিন আজমলে সাম্প্ৰদায়িক মন্তব্য কৰিবলৈ আৰম্ভ কৰে। বদৰুদ্দিন আজমলে যি সাম্প্ৰদায়িক মন্তব্য কৰিছে, সিয়ে আমাৰ গোটেই সামাজিক ব্যৱস্থাটোকে ভাঙি-চিঙি পেলাব পাৰে। এনে ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰা লোকৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগিব বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দি থৈছে। আৰু যদি পুলিচেই গোচৰ ৰুজু নকৰে, তেন্তে পুলিচৰ ওপৰতে গোচৰ ৰুজু হব লাগে। আজমলে এনে সাম্প্ৰদায়িক, মৌলবাদী মন্তব্য প্ৰদান কৰিছে আৰু বিজেপিয়ে সেই মন্তব্যবোৰক লৈ অসমত এক সাম্প্ৰদায়িক বাতাবৰণ প্ৰস্তুত কৰিছে।’’

আজমলৰ মন্তব্যৰ পিছতে পুনৰ মিঞা চৰ্চা

২০২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইমাহমানহে বাকী। এনে পৰিস্থিতিত পুনৰ অসমৰ অসমৰ ৰাজনীতিত প্ৰাসংগিক হৈ পৰিছে মিঞা শব্দ। সাংসদ বদৰুদ্দিন আজমলে মিঞাসকলক লৈ কৰা মন্তব্যৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত মন্তব্য কৰিছিল, “আমি মিঞাৰ ভোট নিবিচাৰোৱেই। তাৰ পিছতো আমি মিঞাসকলক বিভিন্ন আঁচনিৰ সুবিধা প্ৰদান কৰিছো। তেওঁলোকে আমাক ভোট নিদিয়ে বুলি আমি জানো, কিন্তু তেওঁলোকক আমি বঞ্চিত কৰা নাই।’’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ বদৰুদ্দিন আজমলৰ মাজৰ ‘মিঞা’ সকলক লৈ সূত্ৰপাত ঘটা বাকযুদ্ধই এতিয়া সমগ্ৰ ৰাজ্যজুৰিয়ে তীব্ৰ চৰ্চা লাভ কৰিছে। উল্লেখ্যে যে মিঞাক লৈ বিজেপিৰ স্থিতি পূৰ্বৰে পৰাই স্পষ্ট। মিঞা সম্প্ৰদায়ক লৈ পূৰ্বেও বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ অন্য নেতা-মন্ত্ৰীয়ে। কিছুদিন পূৰ্বে যতীন বৰাৰ ‘ৰাঘৱ’ ছবিক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সময়তো বিজেপিৰ ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰিছিল যে ৰাঘৱ ছবিখনৰ বিৰোধিতা বাংলাদেশী মিঞা মুছলমানেহে কৰিছে।

কিন্তু বৰ্তমানত পুনৰ এবাৰ আৰম্ভ হোৱা মিঞা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবলৈ NNOৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাক। পথাৰত সোণগুটি চপোৱাত ব্যস্ত হৈ থকা অৱস্থাতে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে এইবাৰ তেওঁ ৯ বিঘা মাটিত নিজেই খেতি কৰিছে। এতিয়া পথাৰৰ ধানো তেওঁ নিজেই কাটি আছে। কথাৰ মাজতে ধান কাটি কাটি কঁকালৰ বিষ হোৱাৰ কথাও ক’লে প্ৰাক্তন বিধায়কগৰাকীয়ে।

মিঞাসকলৰ উত্থান আৰু আজমলৰ মন্তব্য সন্দৰ্ভত তেওঁক সোধা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কয়, “মিঞাসকলক আগবঢ়াৰ সুযোগ আমিয়েই দিছো। কিছুমান কাম কৰিবলৈ আমি টান পাও। আমি নিজে ধান নাকাটো, মাটি নাকাটো, শাক-পাচলিৰ বেপাৰ নকৰো, খেতি নকৰো... গতিকে মিঞাসকলে এইবোৰ কাম কৰিছে, কৰিবই। আৰু তেওঁলোকে পৰিশ্ৰম অধিক কৰিব পাৰে, সেয়া আমি মানিবই লাগিব।’’

প্ৰাক্তন বিধায়কগৰাকীৰ ঘৰৰ ওচৰৰ এটা মিঞা মুছলমান পৰিয়ালৰ উদাহৰণ দি তেওঁ কয়, “আমাৰ ঘৰৰ ওচৰতে এজন মুছলমান (সম্ভৱতঃ মিঞা) যুৱক থাকে। তাৰ নাম ছফিকুল। প্ৰথমে সি বেলেগ মালিকৰ ই-ৰিক্সা এখন ভাড়াত চলাইছিল। কিন্তু দিনে-ৰাতি কষ্ট কৰি কৰি সি পিছত এখন নিজাকৈ ডি আই ল’লে। গাড়ী চলোৱাৰ লগতে সি ধানৰ তুঁহৰ বেপাৰো কৰিবলৈ আৰম্ভ কৰে। এইদৰে আজি তিনিখন গাড়ীৰ মালিক হৈছে। সি যিমান কষ্ট কৰে, সমানে তাৰ ঘৈণীয়েকেও কৰে। তেওঁৱো তুঁহ বস্তাত ভৰোৱা কাম কৰে। গতিকে সিঁহতৰ উত্তৰণ নহৈ কাৰ হ’ব? অসমীয়া যুৱক-যুৱতীসকলেও ছফিকুলৰ দৰে কষ্ট কৰিব পাৰিলে এদিন ভাল ফল পাব। কিন্তু কৰে জানো?”

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞা ভোট নালাগে বুলি কৰা মন্তব্য প্ৰসংগত তথাকথিত ন-বিজেপিৰ ওপৰত অসন্তুষ্ট দলটোৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, “মিঞাৰ ভোট নালাগে বুলি কৰা মন্তব্য ৰাজনৈতিক মন্তব্যৰ বাহিৰে আন একো নহয়। মুখ্যমন্ত্ৰীয়ে কৈছে- তেওঁ হেনো ভোট আশা নকৰাকৈয়ে মিঞাক আঁচনি প্ৰদান কৰি আহিছে। যদি সেয়াই হয়, তেন্তে সেই আঁচনি বন্ধ কৰি নিদিয়ে কিয়? বিজেপিৰ মূল মন্ত্ৰই হৈছে জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৰে বাবে সমানে কাম কৰা। কিন্তু এতিয়া একাংশই এটা জাতিৰ ভালৰি লগাবলৈ আন এটাক অপমান কৰিবলৈ আৰম্ভ কৰিছে।’’

প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!

কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ মীৰা বৰঠাকুৰে NNOৰ সৈতে হোৱা কথা-বতৰাত কয়, “বৰ্তমান সময়ত মূল্যবোধৰ ৰাজনীতিৰ একেবাৰে অবক্ষয় ঘটিছে। সভ্য সমালোচনা কৰিবলৈ বহু ভাষা আছে। কিন্তু বৰ্তমান ৰাজনীতিবিদসকলে সমালোচনাৰ নামত অসমীয়া ব্যৱস্থাৰ যিটো সংস্কাৰ সেয়া একেবাৰে পাহৰি গৈছে। মুখ্যমন্ত্ৰীয়ে বেলেগ ৰাজ্যলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ সমালোচনাৰ নামত বহু নিম্নস্তৰৰ মন্তব্য কৰে, এয়া সমাজৰ ভৱিষ্যত যুৱ প্ৰজন্মৰ পৰিপন্থী। আজমল ডাঙৰীয়াৰ মান-সন্মান, ধন-সম্পত্তি সকলো আছে, কিন্তু এটা বস্তু নাই, সেয়া হৈছে শিষ্টাচাৰ। এই শিষ্টাচাৰ বজাই ৰাখি আজমল ডাঙৰীয়াই কথা ক’ব লাগে।’’

২০ বছৰ পিছত মিঞাই অসম দখল কৰা কিমান সম্ভৱ?

২০ বছৰ পিছত সঁচাকৈয়ে অসম দখল কৰিব নেকি মিঞাই? এই প্ৰশ্নৰ উত্তৰ বিচাৰি NNOৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল বিশিষ্ট শিক্ষাবিদ, লেখক আব্দুল মান্নানৰ সৈতে। তেওঁ কয়, “যিসকলৰ অসমৰ ভৌগোলিক আৰু জনগাঁথনিৰ ওপৰতো অলপ জ্ঞান নাই, তেনে লোকেহে এনে অবান্তৰ কথা ক’ব পাৰে। এয়া কেতিয়াও সম্ভৱ নহয়। বিপৰীতে ২০৫০ চনলৈকে অসমৰ জনগোষ্ঠীসমূহৰ জনসংখ্যা হ্ৰাসহে পাব। আগৰ দিনত মানুহে কেইবাটাওকৈ সন্তান জন্ম দিছিল। কিন্তু এতিয়া সকলোৱে জনা হৈছে, সেয়ে জন্মৰ হাৰো হ্ৰাস পাইছে। এনে পৰিস্থিতিত কোনো মুৰ্খইহে এদিন মিঞাই অসম দখল কৰিব বুলি ভাৱিব পাৰে।“

প্ৰাক্তন শিক্ষাবিদগৰাকীয়ে লগতে কয়, “মানুহৰ ওপৰত আজি অৰ্থনৈতিক বোজা ইমানেই বৃদ্ধি পাইছে যে মানুহ একে ঠাইতে থূপ খাই থাকিব নোৱাৰা হৈ পৰিছে। মানুহ বেলেগ বেলেগ ঠাইলৈ বিয়পি পৰিছে আৰু ইয়াৰ লগে লগে মানুহে বহল দৃষ্টিভংগীৰে পৃথিৱীখন চাবলৈ আৰম্ভ কৰিছে। তাৰ প্ৰভাৱ এটা জনগোষ্ঠীৰ আচাৰ-পদ্ধতি, থকা-খোৱা, সাজ-পোছাক আদিৰ ওপৰতো পৰিছে। এনে পৰিপ্ৰেক্ষিতত মানুহে এতিয়া জনসংখ্যা বৃদ্ধিৰ কথা নহয়, উন্নত জীৱন ধাৰণৰ কথাহে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে।’’ 

বদৰুদ্দিন আজমলৰ মন্তব্য সম্পূৰ্ণ ৰাজনৈতিক বুলি মন্তব্য কৰি মান্নানে কয়, “নিৰ্বাচনৰ আগে আগে এনে ধৰণৰ মন্তব্য কৰা আৰম্ভ হয়েই। এয়া ভোটৰ মেৰুকৰণৰ অভিসন্ধি। আজমল এনেও বেপাৰী মানুহ। গতিকে বেপাৰৰ বাবে যিকোনো কৰিব পাৰে। মোৰ বোধেৰে বিজেপি-আজমলৰ গোপন বুজাবুজি আছে। এনে ধৰণৰ মন্তব্য কৰি অসমৰ জলন্ত সমস্যাসমূহৰ পৰা দৃষ্টি আঁতৰাই মানুহক আৱেগিক কৰা হয়।’’

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ইমতিয়াজ হুছেইনে কয়, “বদৰুদ্দিন আজমল হৈছে সম্পূৰ্ণৰূপে এজন সাম্প্ৰদায়িক নেতা আৰু তেওঁৰ আন এটা সাম্প্ৰদায়িক দল শাসকীয় বিজেপিৰ সৈতে গোপন বুজাবুজি আছে। তেওঁলোকৰ মাজত আচলতে এটা পূৰ্ব লিখিত প্ৰতিলিপি থাকে আৰু সেইধৰণেই কথাবোৰ কৈ সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি কৰে। এইআইইউডিএফ আৰু বিজেপি এটা মুদ্ৰাৰে ইপিঠি-সিপিঠি। আমি তেনে মানুহৰ কথা আওকান কৰিব লাগে।’’

অসমত মিঞা বুলি কোনো জাতি বা জনগোষ্ঠী নাই বুলি মন্তব্য কৰি ইমতিয়াজ হুছেইনে কয়, “অসমত বাস কৰা আৰু অসমৰ ভাষা, সংস্কৃতিক আকোৱালি লোৱা প্ৰতিজন ব্যক্তিয়েই অসমীয়া। ইয়াত মিঞা বুলি কোনো শব্দ নাই। আৰু অসমীয়া হৈছে শক্তিশালী এটা জাতি। অসমীয়াই কাৰো ভৰিত নধৰে। অসমীয়াই বুকু ফিন্দাই আগবাঢ়িব জানে।’’

আনাহতে, হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই NNOৰ আগত কয়, “আজি মুখ্যমন্ত্ৰীয়ে যি কথা কৈছে, মই সেই কথা পূৰ্বেই কৈছো। অসমীয়া এতিয়া লাহে লাহে নিঃশেষ হোৱাৰ পথত। ভুল আমিয়েই কৰিছো যেতিয়া পৰিণাম আমি ভুগিবই লাগিব। অসমখন এদিন ইছলামিক ৰাজ্য হ’বই, আমি ৰখাব নোৱাৰো। আৰু ইয়াৰ বাবে ভুল আমাৰেই।’’