নগাঁওঃ কৰ’নাক লৈ সমগ্ৰ দেশতে লকডাউন অব্যাহত থকাৰ মাজতে এই সময়ছোৱাত ছ’চিয়েল মিডিয়াত অব্যাহত আছে ভিন্ন উৰাবাতৰি। কেবাখনো ৰাজ্যত আৰক্ষীয়ে উৰাবাতৰি বিয়পোৱাৰ অভিযোগত বহুসংখ্যক লোকক গ্ৰেপ্তাৰ কৰিছে। অসমতো আৰক্ষীৰ জালত পৰিছে উৰাবাতৰি বিয়পোৱা কেবাজনো লোক। অসমত উৰাবাতৰি বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে এজন জনপ্ৰতিনিধিও।

সময়ে সময়ে একাধিক বিতৰ্কিত মন্তব্যৰে ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত খলকনি তুলি থকা এইগৰাকী জনপ্ৰতিনিধি হৈছে ধিং সমষ্টিৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম। যোৱা নিশা প্ৰায় ১ বজাত বিধায়কজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জনাইছে নগাঁও আৰক্ষীয়ে। বিধায়কজনৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ 877/2020/US/120B/153(A)/124(A)/295(A) ধাৰাত এটি গোচৰো ৰুজু কৰা হৈছে।

কি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে বিধায়ক আমিনুলে?

আৰক্ষীয়ে জনোৱা মতে এটি অডিঅ’ ক্লিপৰ জৰিয়তে কৰ’না ৰোগ সন্দৰ্ভত ভুল বাৰ্তা প্ৰেৰণ কৰি ৰাজ্যবাসীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছে বিধায়ক আমিনুল ইছলামে। এই অডিঅ’ ক্লিপটোৰ কণ্ঠস্বৰ নিজৰে বুলি স্বীকাৰ কৰিছে বিধায়কজনে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা অডিঅ’ ক্লিপটোৰ বিষয়ে জানিব পৰাৰ পিছতে সোমবাৰে সন্ধিয়াৰ ভাগত নগাঁও আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হয় এটি গোচৰ। উক্ত গোচৰৰ ভিত্তিত তেওঁক থানালৈ মাতি পঠিওৱা হয়। অৱশেষত নিশা প্ৰায় ১১ বজাত নগাঁও থানাত আহি হাজিৰ হয় বিধায়কজন। সোধ-পোছত অডিঅ’ ক্লিপটো নিজৰ বুলি স্বীকাৰ কৰাৰ পিছতে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়কজনক।

কি আছে ভাইৰেল অডিঅ’ ক্লিপটোত?

ভাইৰেল হৈ পৰা অডিঅ’ ক্লিপটোত বিধায়কজনে কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত কোৱাৰেণ্টাইন কৰা প্ৰসংগক লৈ মন্তব্য আগবঢ়োৱা দেখা গৈছে। কোৱাৰেণ্টাইন চেণ্টাৰক লৈ এটা বিশেষ সম্প্ৰদায়ৰ মানুহৰ বিৰুদ্ধে চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি সন্দেহ ব্যক্ত কৰি তেওঁ কৈছে, 'মোৰ মন-চন বহুত বেয়া। এনেকুৱা এটা কনপেৰেচি ষ্ট্ৰাট হৈছে, যিটো কোৱাৰেন্টাইন চেন্টাৰ বিলাক ডিটেনশ্যন কেম্পতকৈ এটা বেয়া পৰ্যায়লৈ লৈ গৈছে সিহতে।’

তেওঁ আৰু কৈছে, 'মানে… মই কিছুমান খবৰ পাইছো। কালি ৰাতিয়ো লাহৰীঘাটত এটা কোৱাৰেন্টাইন চেন্টাৰ কৰিছে। ইয়াতে মানুহ আহিছে ১৭ৰ পৰা ১৯ জন। যিবোৰ মানুহ আনিছে সিহঁত বহুদিনৰ আগতে নিজামুদ্দিনলৈ গৈছিল, এমাহ-দুমাহৰ আগত। এবাৰ তেওঁলোকক সোমোৱাই দিয়াৰ পাছত, কোনো পৰিয়ালৰ মানুহক হাস্পতালৰ কেম্পাছৰ ওচৰতো যাব নিদিয়ে।’

চৰকাৰে এনে লোকসকলক মাৰি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছে বুলিও অডিঅ’ ক্লিপটোত দাবী কৰা শুনা গৈছে বিধায়কজনক। 'আৰু যিটো গম পালো, সিহঁতক টেষ্ট কৰা নাই। সিহতৰ জ্বৰ, কাঁহ, চৰ্দি একোৱেই নাই বুলি গম পাইছো। সিহতক ইয়াৰ পৰা সোণাপুৰলৈ কিয় নিব নাজানো। মোৰ এটা ডাউট হয়, সিহতক সোণাপুৰত নি কিবা বেজী দি মাৰি পেলাব। তাৰ পিছত ক’ব কৰ’নাত মৃত্যু হ’ল বুলি।’

বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ

সোধ-পোছত বিধায়ক আমিনুলে জনাইছে যে অডিঅ’ ক্লিপটো মোবাইলত নিজেই ৰেকৰ্ডিং কৰি তেওঁ সেয়া অইনলৈ প্ৰেৰণ কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে বিধায়কজনৰ ফোনটো জব্দ কৰিছে আৰু যিসকল লোকলৈ ক্লিপটো প্ৰেৰণ কৰিছিল সেইসকল লোককো তদন্তৰ আওতালৈ অনা হব বুলি জনাইছে। আনহাতে বিধায়কগৰাকীৰ কৰ্মকাণ্ড সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষলৈও এখন পত্ৰ প্ৰেৰণ কৰা বুলি জনাইছে নগাঁও আৰক্ষীৰ এক সূত্ৰই।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও আহোমসকল অসমৰ খিলঞ্জীয়া নহয় বুলি এক বিতৰ্কিত মন্তব্য আগবঢ়াইছিল এইজন বিধায়কে। আনহাতে পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতো আবাঞ্চিত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হৈছেলি আমিনুল। উক্ত বিতৰ্কিত মন্তব্যৰ বাবেও তেওঁৰ বিৰুদ্ধে ভিন্নজনে গোচৰ ৰুজু কৰিছিল যদিও গ্ৰেপ্তাৰ কৰা হোৱা নাছিল। অৱশেষত এইবাৰ বিধায়ক হৈ থকা অৱস্থাতে জেললৈ যাবলগীয়াত পৰে বিধায়কজন।

আমিনুলৰ গ্ৰেপ্তাৰক লৈ এআইইউডিএফে কি কয়?

বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰৰ পিছতে ইয়াক ৰাজনৈতিক প্ৰতিশোধ আখ্যা দিছে এআইইডিএফে। দলটোৰ মুখপাত্ৰ চম্পক কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে কেবাজনো ৰাজনৈতিক নেতাই উৰাবাতৰি আৰু সাম্প্ৰদায়িক বিষবাষ্প চকুৰ সমুখতে বিয়পাই আছে যদিও চৰকাৰে কেৱল আমিনুলে বিশেষ কাৰণত সন্দেহ ব্যক্ত কৰা বাবেই এনেদৰে গ্ৰেপ্তাৰ কৰিছে। চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকি দিল্লী আৰু নাগপুৰক সন্তুষ্ট কৰিবৰ বাবেই এনেদৰে কৰ’নাক লৈ ৰাজনীতি কৰিছে বুলিও অভিযোগ কৰে মুখপাত্ৰগৰাকীয়ে।