এজন ব্যক্তিক কিমানখিনি মাটিৰ প্ৰয়োজন? সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ লেখক লিঅ’ টলষ্টয়ে ১৮৮৬ চনতে লিখা এটা চুটিগল্পৰ শিৰোনাম আছিল এয়া। কিন্তু বৰ্তমান সময়ত টলষ্টলয়ৰ এই গল্পৰ প্ৰসংগ উত্থাপন হৈছে অসমত। বিধানসভাৰ শৰৎকালীন অধিৱেশন চলি থকাৰ মাজতে বিধানসভাৰ বাহিৰত হাতত এখন বেনাৰ লৈ এক কৌশলী প্ৰতিবাদ সাব্যস্ত কৰিছিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। তেওঁৰ হাতৰ সেই বেনাৰখনত উল্লেখ আছিল লিঅ’ টলষ্টয়ৰ অন্যতম সেই চুটি গল্পটোৰ শিৰোনাম, 'এজন মানুহক কিমান মাটি লাগে?’ ইয়াৰ সমান্তৰালভাৱে বৃহস্পতিবাৰৰ দিনযোৰা টুইটযুদ্ধৰ অন্তত শুকুৰবাৰে সাংসদ গৌৰৱ গগৈয়ে গোলাঘাটত এক সংবাদমেল অনুষ্ঠিত কৰি মাটি প্ৰসংগক লৈ মুখ্যমন্ত্ৰীক জবাবদিহি কৰে।

৬ ফুট মাটিৰ কাহিনী

লিঅ’ টলষ্টয়ৰ গল্পৰ মুখ্য চৰিত্ৰ পেহম। মাটিৰ প্ৰতি থকা পেহমৰ লোভে সদায় অসন্তুষ্ট কৰি আহি আহিছিল তেওঁৰ ওচৰ-চুবুৰীয়াক। পেহমৰ বিৰুদ্ধে পথাৰৰ শস্য নষ্ট কৰি গাঁওবাসীৰ মাটি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছিল চুবুৰীয়াই। পেহমে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ ঘূৰি সদায় মাটিৰ সন্ধান কৰে, মাটি পালেই কম দামত ক্ৰয় কৰি তেওঁ অধিক মাটিৰ গৰাকী হোৱাৰ সপোন পূৰণ কৰে।

কিন্তু যিমান মাটিৰ অধিকাৰী হ’লেও যেন পেহমৰ মনৰ পৰা মাটিৰ লোভ আতৰা নাছিল। অধিক মাটিৰ তেওঁ সন্ধান কৰি থাকোতেই এদিন বাছৰি সম্প্ৰদায়ৰ পৰা এক অফাৰ লাভ কৰে। সেই অফাৰ আছিল- পেহমে এদিনত খোজকাঢ়ি যিমান দূৰলৈ গৈ সূৰ্যাস্তৰ পূৰ্বে পুনৰ আৰম্ভণিৰ স্থানলৈ উভতি আহে, সিমানখিনি মাটি কেৱল হাজাৰ ৰুবলৰ বিনিময়ত পেহমক বিক্ৰী কৰা হ’ব।

এই প্ৰস্তাৱ লাভ কৰি পেহমে ভাবিলে এয়া তেওঁৰ বাবে এক সুৱৰ্ণ সুযোগ। পেহমে পিছদিনা সূৰ্যোদয়ৰ লগে লগে খোজ কাঢ়িবলৈ আৰম্ভ কৰে। অধিক মাটিৰ গৰাকী হোৱাৰ লোভত তেওঁ যিমান পাৰে সিমান বেগাই খোজকাঢ়ি বৃহৎ পৰিসৰ সামৰি লৈ সূৰ্যাস্তৰ আগে আগে উভতি অহাৰ পৰিকল্পনা কৰে। আনকি অধিক মাটি সামৰি লোৱাৰ লোভত পেহমে আওকান কৰে ভোক-পিয়াহ আৰু ভাগৰকো।

খোজকাঢ়ি বহু দূৰ বাট যোৱাৰ পিছত পেহমে উপলব্ধি কৰে যে তেওঁ এতিয়া পুনৰ আৰম্ভণি বিন্দুলৈ উভতি যাব লাগিব। নহ’লে তেওঁ ধনো হেৰুৱাব আৰু মাটিও নাপাব। তেওঁ যিমান পাৰে বেগেৰে উভতি আহিবলৈ চেষ্টা কৰে। কিন্তু ইতিমধ্যে ভোক-পিয়াহ আৰু ভাগৰত লেবেজান হৈ পৰা শৰীৰটোক চোঁচৰাই অনাত ব্যৰ্থ হয় পেহম। গন্তব্যস্থান পোৱাৰ মাত্ৰ কিছু নিলগত পেহম মাটিত ঢলি পৰে আৰু মৃত্যুক সাবতি লয়। যাৰ পিছত জীৱনৰ আধা সময় মাটিৰ পিছত দৌৰি থকা পেহমক শেষত এটা ৬ ফুট দৈৰ্ঘ্যৰ সাধাৰণ কবৰত সমাধিস্থ কৰে বাছৰিসকলে। 

পেহম এতিয়াও জীয়াই আছে!

টলষ্টয়ৰ কাহিনীত গোটেই জীৱন মাটি মাটি কৰি থাকি অৱশেষত মাত্ৰ ৬ ফুট দৈৰ্ঘ্যৰ কবৰত সমাধিস্থ হোৱা পেহম যেন কেৱল এটা কাহিনীৰ চৰিত্ৰই নহয়। যুগ যুগ ধৰি এনে পেহমৰ জন্ম হৈ আহিছে পৃথিৱীৰ প্ৰতিটো চুকে কোণে। কেতিয়াবা যদি জমিদাৰৰ ৰূপত, আন কেতিয়াবা আকৌ নেতা-মন্ত্ৰী বা ভূ-মাফিয়াৰ ৰূপত জন্ম হৈছে পেহমৰ। আনৰ মাটি বেদখল কৰি অৱশেষত পেহমৰ দৰেই তেওঁলোকো বিলীন হৈ পৰিছে ৬ ফুট দৈৰ্ঘ্যৰ কবৰত। 

শেহতীয়াকৈ অসমত আকৌ চৰ্চা লাভ কৰিছে টলষ্টয়ৰ অন্যতম চৰিত্ৰ পেহমে। এই প্ৰসংগৰ অন্যতম কাৰণ হৈছে মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ অভিযোগ। স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ লৈ পত্নী ৰিণিকি ভূঞা শৰ্মাই ছিলিং আইন উপেক্ষা কৰি একেদিনাই ৫০ বিঘাৰো অধিক কৃষিভূমি ক্ৰয় কৰা আৰু মাত্ৰ কেইটামান দিনৰ ভিতৰতে সেই ভূমি উদ্যোগ ভূমিলৈ পৰিৱৰ্তন কৰাৰ অভিযোগে তোলপাৰ লগাইছে সমগ্ৰ অসম। 

ডিজিটেল সংবাদ প্ৰতিষ্ঠান 'দ্য ক্ৰছ কাৰেণ্ট’ৰ অনুসন্ধানত পোহৰলৈ অহা এই ভয়ংকৰ তথ্যৰ পিছতে সৰৱ হৈছে বিৰোধীও। বিধায়ক অখিল গগৈয়ে ৰিণিকি ভূঞা শৰ্মাৰ ভূমি কেলেংকাৰীৰ অভিযোগক টলষ্টলয়ৰ কাহিনীৰ সৈতে তুলনা কৰি হাতত বেনাৰ লৈ বিধানসভাৰ বাহিৰত সাব্যস্ত কৰিছে প্ৰতিবাদ। সামাজিক মাধ্যমত এই অভিযোগে এতিয়া লাভ কৰিছে ব্যাপক চৰ্চা। তদন্তৰ দাবী কৰি শৰৎকালীন অধিৱেশনৰ সময়তে সদনত প্ৰতিবাদ কৰিছে বিৰোধীয়ে।

'মাটি নথকাবোৰ কুকুৰতকৈও অধম’

এফালে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে শ শ বিঘা ভূমিৰ অবৈধ গৰাকী হোৱাৰ অভিযোগ, আনফালে এটুকুৰা মাটিৰ বাবে অসমৰে বহু লোকে কৰিবলগীয়া হৈছে হাহাকাৰ। চৰকাৰী উচ্ছেদ, বান-গৰাখহনীয়া, ভূ মাফিয়াৰ দাদাগিৰিৰ ফলত নিজৰ ঘৰখন হেৰুওৱা বহু পৰিয়ালে আজি অসমত ভূমিহীন জীৱন পাৰ কৰিবলগীয়া হৈছে। ৰাজ্যখনৰ আগশাৰীৰ ছেটেলাইট নিউজ চেনেল 'প্ৰতিদিন টাইম’ৰ এক প্ৰতিবেদন অনুসৰি অসমত প্ৰায় ডেৰ লাখ লোক আছে, যাৰ নিজাকৈ এটা ঘৰ নাই, এটুকুৰা মাটি নাই। তেওঁলোকৰ আশ্ৰয় ৰাজপথৰ দাঁতিত কিম্বা অস্থায়ী তম্বুৰ তলত। মূৰৰ ওপৰত এখন নিগাজি চালি নথকাকৈ ৰ’দ-বৰষুণত জীৱন পাৰ কৰিবলগীয়া হোৱা এইসকল লোকৰ মাজত আছে অসমৰ ভূমিপুত্ৰও।

শেহতীয়াকৈ মহানগৰীৰ শিলসাঁকোত উচ্ছেদ অভিযান চলাইছিল প্ৰশাসনে। গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই ২০২৩ চনৰ ১ ছেপ্টেম্বৰত উচ্ছেদ অভিযান আৰম্ভ কৰি কেইবাটাও পৰিয়ালে দশক দশক ধৰি অবৈধভাৱে দখল কৰি থকা প্ৰায় ১২০ বিঘা মাটি মুকলি কৰি দিছিল। এই অভিযানৰ ফলত প্ৰায় ৫০টা ঘৰ ভাঙি শ শ লোক গৃহহীন হৈ পৰে। উচ্ছেদিত বাসিন্দাসকলে এই অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দাবী কৰে যে তেওঁলোকৰ যাবলৈ কোনো বিকল্প ঠাই নাই, আৰু তেওঁলোকক কৰ্তৃপক্ষই পৰ্যাপ্ত ক্ষতিপূৰণ বা পুনৰ সংস্থাপনৰো ব্যৱস্থা কৰি দিয়া নাই।

পাগলাদিয়াৰ গৰাখহনীয়াত ঘৰখন হেৰুৱাই আজিও মথাউথিৰ দাঁতিৰ চৰকাৰী মাটিত জীৱন পাৰ কৰিবলগীয়া হোৱা নলবাৰী জিলাৰ ৫নং বতাহগিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা পৰিয়ালে NNOৰ আগত কয়, ''জীৱনটো কিজানি আমাৰ এনেকৈ মথাউৰিৰ ওপৰতে শেষ হ’ব। এটকা এটকাকৈ সাচি কোনোমতে নিজৰ বুলিবলৈ মাটি এটুকুৰা কিনিছিলো, কিন্তু তাকো নদীয়ে কাঢ়ি লৈ গ’ল। এতিয়া মথাউৰিৰ ওপৰত জীৱন পাৰ কৰিছো। ইয়াত মাছে-মঙহে খাবলৈ পালেও কিহৰ শান্তি? কোনদিনা আহি আমাক চৰকাৰে ইয়াৰ পৰাও উঠাই দিয়ে কি ঠিক! নিজৰ বুলি মাটি এটুকুৰা নথকা মানুহবোৰৰ জীৱন বাটৰ কুকুৰতকৈও অধম।’’

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ

অসমৰ বহু লোকে জীয়াই থাকিবলৈ মাটি এটুকুৰা সুৰক্ষিত কৰিবলৈ সংগ্ৰাম কৰি থকাৰ সময়তে একাংশ লোকে অবৈধ বা অন্যায়ভাৱে বৃহৎ পৰিমাণৰ মাটি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে। তেনে এটা গোচৰ হ’ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে ভূমি কেলেংকাৰিত জড়িত থকাৰ অভিযোগ। 

'দ্য ৱায়াৰ’ আৰু 'দ্য ক্ৰছ কাৰেণ্ট’ৰ যৌথ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাই সহ-প্ৰতিষ্ঠা কৰা পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ শ্বেয়াৰ হোল্ডাৰ থকা এটা ৰিয়েল এষ্টেট কোম্পানীয়ে উদ্দেশ্যপ্ৰণোদিতভাৱে ভূমিহীন ব্যক্তি আৰু প্ৰতিষ্ঠানৰ বাবে সংৰক্ষিত প্ৰায় ১৮ একৰ চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ উত্থাপন হৈছিল। ২০১১ চনত ৰিনিকী ভূঞা শৰ্মা আৰু বিজেপি কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই আৰ বি এছ ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰতিবেদনত অভিযোগ কৰা হৈছে যে কোম্পানীটোৱে সন্দেহজনক উপায়েৰে, যেনে জাল নথি-পত্ৰ, ভুৱা শপতনামা, ৰাজনৈতিক প্ৰভাৱৰ জৰিয়তে এই মাটি অধিগ্ৰহণ কৰিছিল।

প্রতিবেদনত কোম্পানীটোৱে কেইবাটাও আইন আৰু নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে, যেনে- অসম ভূমি ৰাজহ নিয়ন্ত্রণ আইন ১৮৮৬, অসম ভূমি দখল (নিষেধাজ্ঞা) আইন ২০১০, অসম কৃষি ভূমি (অকৃষি উদ্দেশ্যৰ বাবে পুনৰ শ্রেণীবিভাজন আৰু হস্তান্তৰ নিয়ন্ত্রণ) আইন আদি। প্ৰতিবেদনত দাবী কৰা হৈছে যে কোম্পানীটোৱে কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় অনুমতি আৰু ক্লিয়াৰেন্স নোলোৱাকৈয়ে ব্যৱসায়িক উদ্দেশ্যত, যেনে শ্বপিং মল আৰু হোটেল নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিছিল।

প্ৰতিবেদনত আৰু অভিযোগ উত্থাপন কৰা হৈছে যে কোম্পানীটোৱে মাটিখিনিৰ মূল্য কম কৰি সঠিকভাৱে পঞ্জীয়ন নকৰাকৈ কোটি কোটি টকাৰ কৰ আৰু মাচুল ফাঁকি দিছিল। প্ৰতিবেদনত কোম্পানীটো আৰু ইয়াৰ প্ৰমোটাৰসকলৰ ধন আৰু আয়ৰ উৎসৰ বিষয়েও প্ৰশ্ন উত্থাপন কৰা হৈছে, আৰু ধন সৰবৰাহ আৰু দুৰ্নীতিৰ সৈতে সম্ভাৱ্য সম্পৰ্কৰ পৰামৰ্শ দিয়া হৈছে।

শেহতীয়াকৈ নগাঁও জিলাৰ কলিয়াবৰৰ দাৰিগাজি গাঁৱত মুখ্যমন্ত্ৰীৰ পত্নীয়ে ছিলিং আইন ভংগ কৰি ১৭৮/৭৯২, ৪২৪/৯৫৪, ২৮৫/৭৮৭ আৰু ৪২৩/৯৫৩ পট্টা আৰু দাগ নম্বৰৰ ৫০ বিঘাৰো অধিক কৃষিভূমি ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই খাদ্য সংশাধন উদ্যোগ স্থাপনৰ বাবে এই কৃষিভূমি ক্ৰয় কৰি মাত্ৰ দুমহাৰ ভিতৰত তাক উদ্যোগ ভূমিলৈ ৰূপান্তৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কিন্তু কেৱল এয়াই নহয়, কিষাণ সম্পদা আঁচনিৰ অধীনত এই উদ্যোগ স্থাপনৰ বাবে ৰিণিকি ভূঞা শৰ্মাৰ প্ৰাইড ইষ্ট এন্টাইনমেন্ট প্ৰাইভেট লিমিটেডে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰাৰো অভিযোগ উঠিছে।

'না খাওংগা, না খানে দুংগা’

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে এতিয়া সৰৱ হৈ পৰিছে অসম তথা সমগ্ৰ দেশৰ বিৰোধী শক্তি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেই বহুল প্ৰচাৰিত শ্লোগান 'না খাওংগা, না খানে দুংগা’ক ভেকোভাওনালৈ ৰূপান্তৰিত কৰি তেওঁৰেই দলৰ এজন মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ এনে বৃহৎ কেলেংকাৰীক অস্ত্ৰৰূপে লোৱাৰ চেষ্টা চলাইছে কংগ্ৰেছৰ লগতে আন বিৰোধী দলসমূহে। ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছ নেতা গৌৰৱ বল্লভ, অলকা লাম্বাৰ নেতাসকলে এই কেলেংকাৰীৰ অভিযোগক লৈ সংবাদমেল সম্বোধন কৰি বিষয়টোক ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চিত কৰি তুলিছে।

অসম বিধানসভাত চলি থকা শৰৎকালীন অধিৱেশনত মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগৰ আলোচনা কৰিব বিচাৰিছিল বিৰোধীয়ে। কিন্তু অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আলোচনা কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰি বৃহস্পতিবাৰে সদন ত্যাগ কৰে বিৰোধী বিধায়কসকলে। অন্যহাতে সদনৰ মজিয়াত এই অভিযোগ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাৰ পৰা উত্তৰ বিচাৰিও প্ৰতিবাদ জনাইছে বিৰোধী কংগ্ৰেছে। 

প্ৰমাণ দিব পাৰিলে ৰাজহুৱা জীৱন ত্যাগ কৰিমঃ হিমন্ত বিশ্ব শৰ্মা

পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপিত ভূমি দখল আৰু ৰাজসাহায্য লাভৰ অভিযোগ সন্দৰ্ভত টুইটযোগেই প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পত্নীয়ে কোনো ধৰণৰ ৰাজসাহায্যৰ বাবে আবেদন কৰা নাছিল আৰু এটকাও ৰাজসাহায্য লাভ কৰা নাই বুলি দাবী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ''প্ৰমাণ দিব পাৰিলে মই ৰাজনৈতিক জীৱন ত্যাগ কৰাৰ লগতে যিকোনো শাস্তি গ্ৰহণ কৰিম।’’

মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত ৰাজসাহায্য লাভৰ অভিযোগৰ সত্যাসত্য ইতিমধ্যে নিৰূপণ কৰিছে News Next One-য়েও। 'দ্য ক্ৰছ কাৰেণ্ট’-এ প্ৰকাশ কৰা প্ৰতিবেদনৰ পিছতে News Next Oneয়ে সম্পূৰ্ণ তথ্য সহকাৰে এক প্ৰতিবেদন প্ৰকাশ কৰিছিল, য’ত এয়া স্পষ্ট হৈ পৰিছিল যে ফুড প্ৰচেছিং ইউনিট স্থাপনৰ বাবদ ৰিণিকি ভূঞা শর্মা মালিকানাধীন উত্তৰ-পূবৰ সংবাদ গোষ্ঠী প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্ট ১০ কোটিৰ অনুদান লাভ কৰাটো সঁচা। খাদ্য সংশাধন মন্ত্ৰণালয়ৰ ৱেবছাইটতো এই কথা স্পষ্টভাৱে উল্লেখ আছে।

কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সঁচাকৈয়ে ৰাজনৈতিক জীৱন ত্যাগ কৰিব নেকি যদি পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ প্ৰমাণ লাভ কৰে? ইয়াৰ উত্তৰ দৰাচলতে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে দিছিল হিমন্ত বিশ্ব শৰ্মাই। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ সময়ত অসমত প্ৰচাৰ চলাই সৰুসজাই নিৰ্বাচনী জনসভাৰ পৰা হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে উল্লেখ কৰিছিল ২০২১ত ৰাজনীতিৰ পৰা সন্যাস লোৱাৰ কথা। তেওঁ নিৰ্বাচনী প্ৰচাৰৰ মাজতে ইংগিত দিছিল নিৰ্বাচন নেখেলাৰ। কিন্তু লক্ষণীয় বিষয়টো হ’ল ২০২১তে ৰাজনীতিৰ পৰা সন্যাস ল’ব বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। এনে পৰিপ্ৰেক্ষিতত তেওঁৰ মুখৰ কথাত কিমান পতিয়ন যাব পাৰি, তাক লৈও বহুতৰ মনত প্ৰশ্নৰ উদয় হৈছে।

দুই অসমীয়াৰ টুইট যুদ্ধ

মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে কলিয়াবৰত অবৈধভাৱে ভূমি ক্ৰয় আৰু খাদ্য সংশাধন উদ্যোগ স্থাপনৰ নামত ৰাজসাহায্য লাভৰ অভিযোগক লৈ ৰাজ্য আৰু দেশত তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে টুইট যুদ্ধত নামি পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কলিয়াবৰৰ কংগ্ৰেছ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ। 'দ্য ক্ৰছ কাৰেণ্টে’ প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতে যোৱা ১২ ছেপ্টেম্বৰত গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি টুইট কৰি ৰিণিকি ভূঞা শৰ্মাৰ দ্বাৰা পৰিচালিত ব্যক্তিগত কোম্পানী এটাক ১০ কোটি টকাৰ ৰাজসাহায্য দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনাৰ অধীনত অনুমোদিত প্ৰকল্পৰ সবিশেষ দেখুওৱা ৱেবছাইটৰ লিংকো শ্বেয়াৰ কৰে, য’ত স্পষ্টভাৱে ৰিণিকি ভূঞা শৰ্মাৰ মালিকানাধীন কোম্পানীৰ নাম উল্লেখ আছে।

এই অভিযোগৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে তেওঁৰ পত্নী বা তেওঁৰ সৈতে জড়িত কোম্পানীটোৱে ভাৰত চৰকাৰৰ পৰা কোনো ধৰণৰ ধন লাভ কৰা নাই বা দাবী কৰা নাই। ইয়াৰ বিপৰীতে যিকোনো প্ৰমাণ দিবলৈ গগৈক প্ৰত্যাহ্বান জনায়, আৰু ভুল প্ৰমাণিত হ’লে ৰাজহুৱা জীৱনৰ পৰা অৱসৰ লোৱাকে ধৰি যিকোনো শাস্তি গ্ৰহণ কৰিবলৈ ইচ্ছুক বুলিও কয়।

যোৱা ২২ মাৰ্চত বিজেপিৰ সাংসদ পল্লৱ লোচন দাসে লোকসভাত এক প্ৰশ্নৰ বিপৰীতে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে দিয়া লিখিত উত্তৰৰ উদ্ধৃতি দি গগৈয়ে ১৪ ছেপ্টেম্বৰতো ৰিণিকি ভূঞা শৰ্মাৰ সৈতে জড়িত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে লাভ কৰা ৰাজসাহায্যৰ প্ৰসংগ উত্থাপন কৰে। কংগ্ৰেছ সাংসদ তথা লোকসভাত বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলক সত্য স্পষ্ট কৰিবলৈ কয় আৰু বিজেপিৰ ৰাজনীতিবিদ আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰাৰ অভিযোগ উত্থাপন কৰে।

শৰ্মাই গগৈক প্ৰত্যুত্তৰ দি কয় যে উত্তৰটোৱেই স্পষ্ট কৰি দিয়ে যে ভাৰত চৰকাৰে উল্লেখিত কোম্পানীটোক কোনো ধৰণৰ ধন মুকলি কৰা নাই। লগতে তেওঁ কয় যে বিজেপি ৰাজনীতিবিদৰ পৰিয়ালৰ সদস্যসকলে নিজাকৈ কোম্পানী চলোৱাৰ আৰু ৰাজসাহায্য দাবী কৰাৰ অধিকাৰ আছে। গৌৰৱ গগৈয়ে তেওঁক বিধানসভাত উপস্থিত হ’বলৈ দিয়া পৰামৰ্শত উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে গৌৰৱ গগৈয়ে তেওঁক কি কৰিব লাগে সেয়া কোৱাৰ প্ৰয়োজন নাই। তেওঁ বিধানসভালৈ যাব নে সাংসদগৰাকীৰ বিৰুদ্ধে আদালতলৈ যাব সেয়া নিজেই সিদ্ধান্ত ল’ব বুলিও একপ্ৰকাৰ ভাবুকি প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

ইফালে ইয়াৰ মাজতে গৌৰৱ গগৈৰ প্ৰয়াত পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰাক-ক’ভিড অসুস্থতাৰ প্ৰসংগ টানি আনি পৰিস্থিতিক আৱেগিক কৰি তোলাৰ প্ৰয়াস কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ দাবী কৰে যে তৰুণ গগৈৰ অসুস্থতাৰ সময়ত তেওঁক অসম চৰকাৰে দিল্লীলৈ স্থানান্তৰিত কৰিব বিচাৰিছিল যদিও তেনে কৰিবলৈ বাধা প্ৰদান কৰিছিল গৌৰৱ গগৈয়ে। এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সৈতে থকা মতানৈক্যৰ মাজতো মুখ্যমন্ত্ৰী শৰ্মাই এই কথা উল্লেখ কৰি প্ৰমাণ কৰিব বিচাৰে তেওঁ সেই সময়ত স্বাস্থ্যমন্ত্ৰী হিচাপে তৰুণ গগৈক লৈ কিমান দায়ৱদ্ধ আছিল।

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰসংগ উত্থাপনৰ পিছত গৌৰৱ গগৈয়ে পিতৃৰ এটা পুৰণি ভিডিঅ’ ক্লিপৰ লিংক শ্বেয়াৰ কৰে, য’ত তেওঁ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত মন্তব্য কৰি তৰুণ গগৈয়ে কৈছিল, 'ৰাজনীতিত এনে মানুহ বহুত কম আছে যিয়ে একেসময়তে ভৰিতো ধৰিব পাৰে আৰু পিঠিত ডেগাৰো মাৰিব পাৰে।’ ইয়াৰ লগতে গৌৰৱ গগৈয়ে আন এক টুইটৰ জৰিয়তে ৰাজ্যখনৰ বাবে কৰিবলগীয়া কাম বহুত আছে বুলি কৈ মুখ্যমন্ত্ৰীক টুইট যুদ্ধখনৰ ইতি পেলাবলৈকো আহ্বান জনায়।

টুইটটোত গগৈয়ে কয়, 'মই অসমৰ চিকিৎসক, নাৰ্ছ আৰু গুৱাহাটী মেডিকেল কলেজৰ সমূহ কৰ্মচাৰীৰ প্ৰতি কৃতজ্ঞ। প্ৰাক-ক’ভিডকালীন ৰোগত আক্ৰান্ত হৈ থকা সময়ত তেওঁলোকে সাহসেৰে মোৰ পিতৃক যিমানখিনি ভাল চিকিৎসা প্ৰদান কৰিব লাগে আৰু যতন ল’ব লাগে সেই আটাইখিনি কৰিছিল। লগতে মই ৰাজ্য চৰকাৰৰ ওচৰতো কৃতজ্ঞ। যি নহওক, এতিয়া টুইটাৰৰ পৰা কিছু বিৰতি লওক। কাৰণ আপুনি ৰাজ্য এখনৰ মুখ্যমন্ত্ৰী!’  

এই টুইটৰ পিছতে মুখ্যমন্ত্ৰীয়ে আন এটা টুইট কৰি যুদ্ধখনৰ পৰা কিছু বিৰতি লয়। টুইটটোত মুখ্যমন্ত্ৰীয়ে লিখিছে, ''ৰাজ্য চৰকাৰ আৰু চিকিৎসক-কৰ্মচাৰীসকলৰ প্ৰতি জনোৱা কৃতজ্ঞতাৰ বাবে আপোনাক ধন্যবাদ। সেই সময়ত ময়েই স্বাস্থ্যমন্ত্ৰী আছিলো। সেয়ে আপোনাক আকৌ ধন্যবাদ।’’

এগৰাকী সাংসদ আৰু আন গৰাকী অসমৰ দৰে একাধিক সমস্যাৰে জৰ্জৰিত ৰাজ্য এখনৰ মুখ্যমন্ত্ৰী। সংবিধানৰ দুটা বিশেষ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠত অসমৰ এই দুই নেতাৰ টুইটাৰ যুদ্ধই ইতিমধ্যে লাভ কৰিছে যথেষ্ট চৰ্চা। দুয়োৰে এই টুইট যুদ্ধৰ পিছতে এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাবেও মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ বাতৰিৰ শিৰোনাম হৈ পৰা দেখা গৈছে।

গৌৰৱ গগৈৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ গোচৰ!

পূৰ্বৰ টুইটাৰ আৰু বৰ্তমানৰ এক্সত সাংসদ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই টুইট যুদ্ধৰ মাজতে ৰিণিকি ভূঞা শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ গোচৰ তৰাৰ হুংকাৰ প্ৰদান কৰে। তেওঁৰ কোম্পানীয়ে কোনো ধৰণৰ ৰাজসাহায্যৰ বাবে আবেদন কৰা নাই আৰু ৰাজসাহায্য লাভ কৰা নাই বুলি পুনৰ এবাৰ দাবী কৰি ৰিণিকি ভূঞা শৰ্মাই টুইটযোগে কয় যে তেওঁৰ বিৰুদ্ধে এনে ভুৱা অভিযোগ প্ৰচাৰ কৰাৰ বাবে গৌৰৱ গগৈৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ গোচৰ তৰিব।

মানহানি গোচৰ তৰিব বুলি কোৱাৰ পিছতে গৌৰৱ গগৈয়ে পুনৰ আন এক টুইট কৰে। এই টুইটৰ জৰিয়তে গগৈয়ে উক্ত গোচৰটোত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল আৰু সাংসদ পল্লৱ লোচন দাসকো এটা পক্ষ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। লগতে শুকুৰবাৰে সাংসদ গগৈয়ে পুৱাই আন এক টুইট কৰে। টুইটটোত তেওঁ কয়, 'মুখ্যমন্ত্ৰীৰ সৈতে জড়িত হৈ থকা প্ৰতিষ্ঠান এটাই ১০ কোটি টকাৰ অনুদানত অনুমোদন লাভ কৰাটোৱেই জনতাৰ আদালতত এক নৈতিক অপৰাধ। এনেক্ষেত্ৰত ধনখিনি একাউণ্টলৈ কেতিয়া আহিছে বা কেতিয়া আহিব সেইবোৰলৈ নাচাই মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰা উচিত। অনুমোদন লোৱাটোৱেই হৈছে এইক্ষেত্ৰত লক্ষ্মণ ৰেখা।’

প্ৰণিধানযোগ্য যে, পূৰ্বেও ৰিণিকি ভূঞা শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে মাটি অধিগ্ৰহণৰ অভিযোগ উত্থাপন কৰাৰ বাবে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল ৰিণিকি ভূঞা শৰ্মাই। এইবাৰ পুনৰ তেওঁ গৌৰৱ গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিবলৈ সাজু হৈছে। কিন্তু লক্ষণীয়ভাৱে চৰকাৰী তথ্যত তেওঁৰ কোম্পানীয়ে ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰা বুলি স্পষ্টভাৱে উল্লেখ থকাৰ পিছতো কিহৰ ভিত্তিত মুখ্যমন্ত্ৰী শৰ্মা আৰু তেওঁৰ পত্নীয়ে ৰাজসাহায্যৰ বাবে আবেদন কৰা নাই আৰু এটকাও লাভ কৰা নাই বুলি দাবী কৰি আহিছে তাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে বহুতৰে মনত।

মুখ্যমন্ত্ৰীৰ পত্নীৰ মানহানি গোচৰৰ সিদ্ধান্তৰ পিছতে এই লৈ ছ’চিয়েল মিডিয়াত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰটিআই কৰ্মী তথা স্বৰাজ অসমৰ নেতা ভৱেন সন্দিকৈয়ে। তেওঁ লিখিছে, 'গৌৰৱ গগৈৰ বিৰুদ্ধে দহ কোটি টকাৰ মানহানিৰ গোচৰৰ কথা শুনি হাঁহি উঠি আছে। ইয়াৰ কাৰণ হ'ল লুইছ বাৰ্জাৰ কেলেংকাৰীৰ সম্পৰ্কীয় এক বক্তব্যৰ বাবে মোৰ বিৰুদ্ধে ২০১৮ চনৰ ৪ নৱেম্বৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই Criminal Defamation কেচৰ ভাবুকি দিছিল। জনসংযোগ বিভাগৰ এক বিবৃতিৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা এই ভাবুকিক ৱেলকাম জনাই‌ আদালতত মুখামুখি হ’ম বুলি কৈছিলো। কিন্তু দুৰ্ভাগ্যৰ বিষয় আজিও সেই গোচৰৰ‌ বাবে আদালতৰ কোনো নটিছ নাহিল। ঠিক একেদৰেই গৌৰৱ গগৈৰ বিৰুদ্ধে মানহানিৰ ভাবুকিও এক মনস্তাত্বিক যুঁজ। এই ভাবুকিৰ জৰিয়তে এটা গুলীত হাজাৰ চিকাৰ কৰিব খুজিছে। এই কথা বেলেগে বুজি নেপালেও আমি অন্ততঃ বুজো। সেয়ে সৎ সাহস থকা লোকে এনে ভাবুকিলৈ কেৰেপ নকৰে। কথাষাৰ সোঁৱৰাই থলো।’

সংবাদমেলত মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী গৌৰৱ গগৈৰ

শুকুৰবাৰে সাংসদ গৌৰৱ গগৈয়ে এই সন্দৰ্ভত গৌৰৱ গগৈয়ে এক সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত গগৈয়ে কয় যে কথাৰে নহয় মুখ্যমন্ত্ৰীয় তথ্যসহকাৰে ৰাজ্যবাসীক জনাওক যে কেন্দ্ৰীয় খাদ্য সংশাধন মন্ত্ৰণালয়ৰ পৰা অনুমোদন লাভ কৰা ১০ কোটি টকাৰ এটকাও তেওঁৰ কোম্পানীটোৱে লোৱা নাই। 'আমিতো সকলো তথ্য সহকাৰে কৈছো। কিন্তু তেঁওলোকে কি কাগজ দেখুৱাইছে? কেন্দ্ৰ চৰকাৰৰ মন্ত্ৰীলৈ নিশ্চয় কৰবাৰ পৰা ফোন গৈছে, যে বহুত প্ৰপোজেল গৈছে অসমৰ পৰা, বহুতে ১০ কোটি বিচাৰিছে। কিন্তু এই কোম্পানীটোক অলপ আগতে কৰি দিয়ক। এনেকৈ কিবাতো ফোনকল নিশ্চয় গৈছে। নহ’লে এটা নিউজ চেনেল যাৰ ফুড প্ৰচেছিঙক লৈ অভিজ্ঞতা নাই তেনে প্ৰতিষ্ঠানে প্ৰথমে পাই গ’ল, বাকী অভিজ্ঞতা থকা উদ্যোগীসকল ৰৈ গ’ল। গতিকে আমি বিচাৰিছো যে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰমাণ দিয়ক যে এটকাও তেওঁলোকে লোৱা নাই।’-সংবাদমেলত গগৈয়ে কয়।

গগৈয়ে আৰু কয়, 'তাৰ পিছত তেওঁ ক’লে যে মদি মই এটকাও লৈছো তেন্তে পদত্যাগ কৰিম। আৰে, এটকা তোমালোকৰ একাউণ্ট সোমাইছে, নাই সোমোৱা সেইটো বেলেগ কথা। আমাৰ কাৰণে, ৰাজহুৱা জীৱনত থকাসকলৰ কাৰণে চৰকাৰী গ্ৰাণ্ট তোমালোকৰ নামত এপ্ৰুভ হৈ গ’ল, টকা তোমালোকৰ একাউণ্টত সোমাল নে নোসোমাল সেইটোৰ মাজত আমি পাৰ্থক্য নেদেখো। ১০ কোটি টকা প্ৰাইড ইষ্টৰ নামত এপ্ৰুভ হৈ গ’ল। এতিয়া টকা সোমাল, নোসোমাল সেইটো ইৰিলিভেণ্ট কথা। তুমি গোটেই প্ৰচেষ্টাটো কৰিলা। তুমি প্ৰপোজেল বনালা, তুমি সেয়া ছাবমিট কৰিলা। পল্লৱ লোচন দাসৰ যোগেদি প্ৰশ্ন সুধিলা  প্ৰপোজেলৰ ষ্টেটাছ কি হ’ল। মন্ত্ৰীয়ে উত্তৰো দিলে ২০২২ চনত আমি সেই প্ৰপোজেলটো এপ্ৰুভ কৰিলো। মিনিষ্ট্ৰি অব ফুড প্ৰচেছিঙে নিজৰ ৱেবছাইটত উঠায়ো দিলে যে আমি ১০ কোটি টকা এপ্ৰুভ কৰিলো। গোটেই কামটো হৈ গ’ল, এতিয়া পইছা সোমাইছে নে নাই সোমোৱা সেইটো লৈ কৈছে পইছা যদি সোমাইছে মই পদত্যাগ কৰিম।’ 

'আৰে, গোটেই তুমি লাষ্টলৈকে গুচিয়েই গ’লা আৰু এনেকুৱা কাম কিয় কৰিছা?  মইতো বুজি পোৱা নাই, যি কামত, মুখ্যমন্ত্ৰী মহোদয়ে পদত্যাগ কৰিবলগীয়া হ’ব পাৰে, সেই কামটো আৰম্ভই কৰিলে কিয় নিউজ চেনেলে? ময়ো ভালেই পাইছো যে পইছাতো সুমুৱা নাই, সোমালেতো পদত্যাগ কৰিব লাগিলেই হয় মুখ্যমন্ত্ৰী মহোদয়ে। আমিতো স্পষ্টীকৰণ বিচাৰিছো। তেওঁ নিজেই ক’লে যে হয় এইটো উচিত নহয়, যদি পইছা সুমাইছে একাউণ্টত তেতিয়াহে মই পদত্যাগ কৰিম। আৰে তোমাৰ নিউজ চেনেলে গোটেই কামটো কিয় কৰিলা এনেকৈ?’-গগৈৰ মন্তব্য।


ফটোঃ গৌৰৱ গগৈৰ সংবাদ মেলৰ এটি স্নেপশ্বট

সকলোৱে জানে যে মোৰ অসমীয়া প্ৰনাউন্সেছন ইমান ভাল নহয় বুলি স্বীকাৰ কৰি সংবাদমেলত সাংসদ গগৈয়ে আৰু কয়, 'কালি পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াই মঞ্চত মোক ক’লে যেতিয়া মই ক’লো, দাদা চৰকাৰৰ যুক্তি হ’ল গ্ৰাণ্ট এপ্ৰুভ হৈ গ’ল, কিন্তু পইছা সোমোৱা নাই। তেতিয়া ঘাটোৱাৰ ডাঙৰীয়াই ক’লে যে অসমীয়াত কথা এষাৰ আছে, গোঁসাই ঘৰত কোনোবাই সোমাই চোৰ কৰিলে। চোৰটো ধৰা নপৰিলে। চোৰটোৱে কৈছে, মই মই চোৰ নহয়। একেই কথা হ’ল। মইতো বিচাৰো যে, মুখ্যমন্ত্ৰী মহোদয়ে নিজেই কৈছে যে এনেকুৱা কাম ভুল। পইছা সোমাইছে, নাই সোমোৱা তাৰ কাৰণে ৰ’ব নালাগে। গ্ৰাণ্টটো এপ্ৰুভ হৈ গ’ল, এতিয়াই পদত্যাগ কৰক। যদি তেওঁলোকে ভাবে যে কেৱল পইছা সোমালেহে পদত্যাগ কৰিব লাগে, গ্ৰাণ্ট এপ্ৰুভ হ’লে নালাগে, এইটো তেওঁলোকৰ ভুল।’ 

'অসমৰ ৰাইজে জানে গ্ৰাণ্ট এপ্ৰুভ হ’ল, পইছা সোমাইছে নে নাই সেয়া অসমৰ ৰাইজে নাজানে। ৰাইজৰ আদালতত তেওঁ ভুল কৰিছে। যদি মুখ্যমন্ত্ৰীয়ে ভাবিছে ৰাইজৰ আদালতত ভুল কৰিছে তেন্তে এতিয়াই পদত্যাগ কৰক। পইছা সোমাইছে, নাই সোমোৱা সেইবোৰ চাবলৈ আমি কি অডিট কৰিম নেকি? অডিটৰ ক্ষমতাতো আমাৰ ওচৰত নাই। আমিতো তেওঁৰ বেংক ষ্টেটমেণ্ট ল’ব নোৱাৰে, যদিও তেওঁ কৈছে আৰটিআই মাৰক। নিজা কোম্পানীৰ ওপৰত আৰটিআই মাৰিব নোৱাৰে। চৰকাৰৰ ওপৰত পাৰে। আমি দিম আৰটিআই। পীয়ুষ গোৱেলৰ বিভাগৰ ওপৰত আৰটিআই দিম যে পইছা এপ্ৰুভ হৈ গ’ল, কোম্পানীয়ে কৈছে পইছা পোৱা নাই, পইছা ক’ত গ’ল তেন্তে? এইটোতো ৰাইজৰ পইছা। হোমত এইটো এনকুৱাৰি হ’ব লাগে। গোটেই আঁচনিৰ ওপৰত চিএজি এনকুৱেৰি হ’ব লাগে। পাব্লিক একাউন্স কমিটিৰ ইনকুৱাৰী হ’ব লাগে।’-পাব্লিক একাউন্স কমিটিৰ চেয়াৰমেনলৈ তদন্ত বিচাৰি চিঠি লিখিব বুলি উল্লেখ কৰি সংবাদমেলত সাংসদ গগৈয়ে কয়।

পদত্যাগৰ পূৰ্বে দুটা কাম কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান

আইন উলংঘা কৰা বুলি কৈ দুখীয়াৰ ঘৰ ভাঙিবলৈ বুলডজাৰ পঠিয়াই দিয়া মুখ্যমন্ত্ৰীয়ে এনেদৰে অনিয়মেৰে কৃষিভূমি উদ্যোগভূমিলৈ সলনি কৰাৰ পিছত সেই ভূমিলৈ বুলডজাৰ পঠিয়াব নেকি বুলিও আজিৰ সংবাদমেলত কটাক্ষ কৰে সাংসদ গগৈয়ে। 'বুলডজাৰ কেৱল দুখীয়া মানুহৰ বাবেহে আৰু নিজৰ নিউজ চেনেলৰ যোগেদি একেদিনাই কৃষিভূমি উদ্যোগভূমিলৈ কনভাৰ্ট কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা গ্ৰাণ্ট ল’ব। মোৰ মতে পদত্যাগ কৰাৰ আগতে ইনকুৱেৰি ঘোষণা কৰি যাওক এই সমগ্ৰ ঘটনাক লৈ। কাৰণ এজন মুখ্যমন্ত্ৰী সদায় আইনৰ আদৰ্শ হ’ব লাগে। যি আইন চৰকাৰে ৰূপায়ণ কৰে প্ৰথমে সেই আইন মুখ্যমন্ত্ৰীগৰাকীয়ে পালন কৰিব লাগে।’-গগৈয়ে কয়। 

'মুখ্যমন্ত্ৰী মহোদয়ে যদি ভাবিছে এইটো ভুল কৰিছে তেন্তে তেওঁ এতিয়াই পদত্যাগ কৰক। কিন্তু পদত্যাগ কৰাৰ আগতে দুটা কাম কৰি যাওক। পদত্যাগ কৰাৰ আগত এটা ইনকুৱেৰি ঘোষণা কৰক সেই কোম্পানীৰ ওপৰত যে কেইদিনত কৃষিভূমি উদ্যোগ ভূমিলৈ কনভাৰ্ট হৈছে। আপোনালোকে কৰবাত শুনিছে নেকি যে একেদিনাই কৃষিভূমি উদ্যোগভূমিলৈ কনভাৰ্ট হৈছে? আপোনালোকে পাৰে? ইয়াত যিমান সাংবাদিক আছে, গোলাঘাট জিলাত যিমান উদোগপতি আছে, অসমত যিমান ব্যৱসায়ী আছে কোনোবাই এনেকুৱা এটা উদাহৰণ দেখাই দিয়ক যে তেওঁলোকে একেদিনাই কৃষিভূমি উদ্যোগভূমিলৈ কনভাৰ্ট কৰিলে। ইয়াৰ ওপৰত এনকুৱাৰি হ’ব লাগে কোন চৰকাৰী বিষয়া আছিল। সেই নিউজ চেনেলৰ বিষয়াবোৰে কেনেকৈ চৰকাৰী ব্যৱস্থাৰ দুৰ্ব্যৱহাৰ কৰি কৃষিভূমি একেদিনতে উদ্যোগ ভূমি কৰিলে তাৰ তদন্ত হ’ব লাগে। আমিতো নোৱাৰো। কোনেও নোৱাৰে।’-আইন মুখ্যমন্ত্ৰীৰ ঘৰ-পৰিয়ালৰ বাবে বেলেগ নেকি বুলি প্ৰশ্ন কৰি গগৈয়ে এইদৰে কয়। 

সাংসদ গগৈয়ে আৰু কয়, 'এক টকাও আমি কেন্দ্ৰ চৰকাৰৰ লৈছো যদি আমি পদত্যাগ কৰিম বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। ঠিক আছে কেন্দ্ৰ চৰকাৰৰ পৰা পইছা সোমাই তেন্তে পদত্যাগ কৰিব। ৰাজ্য চৰকাৰৰ পৰা পইছা সোমালে পদত্যাগ নকৰিব নেকি? যদি ৰাজ্য চৰকাৰৰ পইছা মুখ্যমন্ত্ৰীৰ সৈতে সম্পৰ্ক থকা কোম্পানীবোৰত সোমাইছে তেন্তে কি কৰিব? মইতো কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ পইছাৰ মাজত একো পাৰ্থক্য দেখা নাই। দুয়োটা পইছাই ৰাইজৰ টেক্সৰ পৰা আহে। যদি ভাবে যে কেন্দ্ৰ চৰকাৰৰ টকা লোৱাতো গুনাহ, তেন্তে ৰাজ্য চৰকাৰৰ পৰা টকা লোৱাতোও গুনাহ হ’ব লাগে। সেয়ে পদত্যাগ কৰাৰ আগতেই স্পষ্টীকৰণ দিয়ক। লগতে অসমৰ ৰাজ্য চৰকাৰে কিমান কোটি কোটি টকা মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ লোকসকলৰ কোম্পানীত ইনভেষ্ট কৰা হৈ আছে তাক লৈয়ো পদত্যাগ কৰাৰ আগতে তদন্ত দি যাওক।’

আজিৰ সংবাদমেলত সাংসদ গগৈয়ে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে কৰা টুইটাৰ যুদ্ধ অসমৰ বাবে লজ্জাজনক বুলিও মন্তব্য কৰে। দামবৃদ্ধি, টোলগেট, বিদ্যুৎ মাচুল আদি সমস্যাৰ কথা উল্লেখ কৰি গগৈয়ে কয় যে সমগ্ৰ দেশেই কালি মুখ্যমন্ত্ৰীৰ ভাষা আৰু ব্যৱহাৰ দেখা পালে। মুখ্যমন্ত্ৰীৰ টুইটাৰ চলোৱা মানুহজনকো পদত্যাগ কৰিবলৈ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিবলৈকো আহ্বান জনায় সাংসদ গৌৰৱ গগৈয়ে। আগতীয়াকৈ মুখ্যমন্ত্ৰীয়ে নিজে পদত্যাগ কৰিম বুলি কোৱাৰ পিছত গ্ৰাণ্ট অনুমোদন পোৱা আৰু লোৱাৰ মাজত কোনো পাৰ্থক্য নাই, গতিকে যিমান পাৰি সিমান সোনকালে মুখ্যমন্ত্ৰীক পদত্যাগ কৰিবলৈকো পৰামৰ্শ আগবঢ়ায় সাংসদগৰাকীয়ে।