মানুহ এজনেই। কিন্তু সময়ে সময়ে তেওঁৰ কথা সলনি হৈয়েই থাকে। বহুতে ক’ব খোজে- কাপোৰ সলোৱাৰ দৰে কথা সলাব জানে তেওঁ। তেওঁ এজনেই মানুহ, অথচ প্ৰায় ৪০ বছৰলৈ তেওঁ মানুহৰ ঘৰে ঘৰে ভীক্ষা মাগি জীৱন নিৰ্বাহ কৰা বুলি কয়, তাৰ মাজতে তেওঁ ৰাজনীতি কৰে, তাৰ মাজতেই তেওঁ ‘এণ্টায়াৰ পলিটিক্স’ত মাষ্টাৰ ডিগ্ৰীও গ্ৰহণ কৰে। তেওঁ সেইজনেই ব্যক্তি, যিয়ে ভাৰতৰ ডিজিটেল কেমেৰা অহাৰ আগতেই ৰঙীন ফটো তোলে, ই-মেইলৰ প্ৰচলনৰ পূৰ্বেই মেইল কৰিব পাৰে অথবা নলাৰ গেছেৰে চাহ বনাই ব্যৱসায় চলাব জানে। তেঁৱেই সেইজন ব্যক্তি, যিয়ে গুজৰাটৰ কোনো অজ্ঞাত ষ্টেচনত চাহ বিক্ৰী কৰিছিল, তেঁৱেই সেইজন ব্যক্তি, যিয়ে পুখুৰীত ঘৰিয়ালকো গবা মাৰি ধৰিছিল। 

বিৰোধীয়ে কয়, তেওঁ হেনো মিছলীয়া। নাম এটাও দিছে- ‘ফেকু মহাৰাজ’। কিন্তু কাহিনীৰ দেশ ভাৰতত সঁচাই হওঁক মিছাই হওঁক তেওঁৰ সকলো কাহিনীয়ে ভাল পায় তেওঁৰ অসংখ্য অনুৰাগীয়ে। সেয়ে তেওঁ ‘এ প্লাছ বি হোলস্কোয়েৰ’ত এক্সট্ৰা ‘টু এ বি’ৰ কথা ক’লেও মানি লয় ছাত্ৰ-ছাত্ৰীয়ে, কদৰ্যময় নলাৰ গেছ পাইপেৰে বোৱাই চাহ বনাব পাৰি বুলি তেওঁ ক’লেও মানুহে ভাৱে- তেওঁ কৈছে যেতিয়া হ’বও পাৰে চাগে!

ভক্ত ভগৱানৰ থাকে। কিন্তু অনুৰাগীসকলৰ বাবে তেওঁৱো ভগৱানতকৈ কোনো গুণে কম নহয়। ‘অৱতাৰী পুৰুষ’ৰূপে তেওঁক আখ্যা দিয়া অনুৰাগী-সমৰ্থকে নিজকে তেওঁৰ ভক্ত বুলি ক’বলৈ গৌৰৱ কৰে। ভক্তৰ বাবে তেওঁ বিশ্বগুৰু, তেওঁ হিন্দুৰ ৰক্ষক, সনাতনী সাধক। 

তেওঁ হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদী। ২০১৪ চনত প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে শপত লোৱা নৰেন্দ্ৰ মোদীয়ে দুটা কাৰ্যকালৰ অন্ত পেলাই এইবাৰ তৃতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচনী যুঁজত নামিছে। ২০১৪ত ইউ পি এ চৰকাৰৰ বিৰুদ্ধে ‘বহত হুই মহংগায়ী কা মাৰ,অব কী বাৰ মোদী চৰকাৰ’ৰ দৰে শ্লোগানেৰে এখন নতুন ভাৰতৰ সপোন দেখুৱাই ক্ষমতা লাভ কৰা মোদী আৰু বিজেপিৰ এইবাৰৰ শ্লোগান ‘মোদী কী গেৰেণ্টী’।  কিন্তু বিগত ১০ বছৰত নিজ মুখেই দিয়া অলেখ প্ৰতিশ্ৰুতি আজি নিজেই মনত পেলাবলৈ সক্ষম নোহোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইবাৰৰ ‘গেৰেণ্টী’ক লৈ বহুতেই সন্দেহৰ আঙুলি টোঁৱাইছে। মূল্যবৃদ্ধি  নিয়ন্ত্ৰণ, দুৰ্নীতিমুক্ত ভাৰত, দৰিদ্ৰতা নাশ কৰাৰ প্ৰতিশ্ৰুতি দি এদিন ক্ষমতাৰ গাদীত বহা নৰেন্দ্ৰ মোদী আজি নিজৰে প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱা বুলিও অভিযোগ উত্থাপন হৈছে।

২৪ ঘণ্টাৰ ভিতৰতে সলনি হ’ল মুখৰ কথা!

বিৰোধীয়ে অভিযোগ কৰি আহিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিদৰে ঘনাই পোছাক সলায়, সেইদৰে ঘনাই কথাও সলায়। শেহতীয়াকৈ চলি থকা লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত তেনেদৰেই প্ৰধানমন্ত্ৰীয়ে কথা সলনি কৰা পৰিলক্ষিত হয়। ২৪ ঘণ্টাৰ ভিতৰতে কথা সলনি কৰি নৰেন্দ্ৰ মোদীয়ে দুটা পৃথক মেৰুত থিয় হোৱা কাৰ্য্যই এতিয়া হতভম্ব কৰিছে সচেতন মহলকো। 

দৰাচলতে দেওবাৰ আৰু সোমবাৰৰ দিনটোত দুখন পৃথক ৰাজ্যত দুখন জনসভা সম্বোধন কৰি মুখৰ কথা সলনি কৰা দেখা গ’ল বিজেপিৰ তাৰকা প্ৰচাৰক নৰেন্দ্ৰ মোদীক। দেওবাৰৰ সভাত মুছলমানসকলক অধিক সন্তান জন্ম দিয়া অনুপ্ৰৱেশকাৰী আখ্যা দিয়াৰ ২৪ ঘণ্টা নৌহওঁতেই কথা সলনি কৰি মুছলমানৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰিলে নৰেন্দ্ৰ মোদীয়ে।

মোদীয়ে দেওবাৰে ৰাজস্থানৰ বনস্বৰা লোকসভা সমষ্টিত এখন জনসভা সম্বোধন কৰি প্ৰথমে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয়। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ এক মন্তব্যৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে কংগ্ৰেছ যদি ক্ষমতালৈ আহে তেন্তে মানুহৰ সম্পত্তি কাঢ়ি নিব, মহিলাসকলৰ সোণ-ৰূপৰ অলংকাৰ পৰ্যন্ত কাঢ়ি নিব আৰু সেইবোৰ অধিক সন্তান থকা অনুপ্ৰৱেশকাৰীৰ মাজত বিতৰণ কৰিব। 

মোদীয়ে কয়, "আগতে তেওঁৰ (ড০ মনমোহন সিং) চৰকাৰ শাসনত থকাৰ সময়ত তেওঁ কৈছিল যে দেশৰ সম্পত্তিৰ ওপৰত মুছলমানসকলৰ প্ৰথম অধিকাৰ আছে, অৰ্থাৎ তেওঁলোকে এই সম্পত্তি সংগ্ৰহ কৰি কাক বিতৰণ কৰিব - যিসকলৰ অধিক সন্তান আছে তেনে অনুপ্ৰৱেশকাৰীক বিতৰণ কৰিব। আপোনাৰ কষ্টোপাৰ্জিত ধন অনুপ্ৰৱেশকাৰীক দিয়াটো মানি ল’বনে?’’ মোদীয়ে লগতে কয়, "কংগ্ৰেছৰ ইস্তাহাৰত কোৱা হৈছে যে তেওঁলোকে মাতৃ-ভগ্নীৰ সোণৰ হিচাপ কৰি, ইয়াৰ তথ্য লাভ কৰিব আৰু তাৰ পিছত যিসকলক মনমোহন সিঙৰ চৰকাৰে কৈছিল যে সম্পত্তিৰ ওপৰত মুছলমানৰ প্ৰথম অধিকাৰ আছে, তেওঁলোকক বিতৰণ কৰিব। এই নগৰীয়া নক্সাল চিন্তাবোৰে আপোনাৰ মংগলসূত্ৰ ডালো আপোনাৰ সৈতে থাকিবলৈ নিদিব।"

মুছলমানক অধিক সন্তান জন্ম দিয়া অনুপ্ৰৱেশকাৰী আখ্যা দি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পিছে নিজৰ কথাৰ ওপৰতে থিয় দি থাকিব নোৱাৰিলে। মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে সোমবাৰে উত্তৰ প্ৰদেশৰ আলিগড়ত আন এখন জনসভা সম্বোধন কৰি এইবাৰ মুছলমানক লৈ নৰম সুৰ গ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে। আলিগড়ত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে তুষ্টীকৰণৰ ৰাজনীতি কৰি অহা বুলি মন্তব্য কৰে নৰেন্দ্ৰ মোদীয়ে। 


যোৱা ৮ এপ্ৰিলত অসমৰ লাহৰীঘাটত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ দৃশ্য

তেওঁ কয় যে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে মুছলমানক লৈ তুষ্টিকৰণৰ ৰাজনীতি কৰে, কিন্তু মুছলমানৰ বাবে একোৱেই কৰা নাই। উত্তৰ প্ৰদেশত পূৰ্বে সমাজবাদী পাৰ্টিৰ চৰকাৰে গুণ্ডাগিৰি চলোৱাৰ অভিযোগ তুলি নৰেন্দ্ৰ মোদীয়ে দাবী কৰে যে এতিয়া যোগী আদিত্যনাথৰ শাসনত কোনো অপৰাধীৰে নাগৰিকৰ শান্তি আৰু সম্প্ৰীতি বিঘ্নিত কৰাৰ সাহস নাই। একে সময়তে কংগ্ৰেছকো সমালোচনা কৰি বিজেপিৰ তাৰকা প্ৰচাৰক নৰেন্দ্ৰ মোদীয়ে কয়, “কংগ্ৰেছ আৰু এছ পিৰ দৰে দলসমূহে সদায় তুষ্টিকৰণৰ ৰাজনীতি কৰি আহিছে আৰু কেতিয়াও মুছলমানৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক উত্থানৰ বাবে একোৱেই কৰা নাই।”

মুছলমানক লৈ নৰেন্দ্ৰ মোদীৰ এই পৃথক ভাষ্য অৱশ্যে কোনো ডাঙৰ কথা নহয়। ৰাজস্থানৰ বনস্বৰা লোকসভা সমষ্টিত হিন্দু ভোটে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বিপৰীতে উত্তৰ প্ৰদেশৰ আলিগড় লোকসভা সমষ্টিত মুছলমান ভোটৰ আছে উল্লেখযোগ্য প্ৰভাৱ। এই সমষ্টিত প্ৰায় ১৮ লাখ মুছলমান ভোটাৰ আছে, যি হৈছে মুঠ ভোটাৰৰ প্ৰায় ২০ শতাংশ। এনে পৰিপ্ৰেক্ষিতত বনস্বৰাত হিন্দু ভোটাৰক প্ৰভাৱিত কৰিবলৈ মুছলমান বিৰোধী আৰু আলিগড়ত মুছলমান ভোটাৰক প্ৰভাৱিত কৰিবলৈ নৰম স্থিতি প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

মনমোহন সিঙৰ মন্তব্যৰ বিকৃত উপস্থাপন নৰেন্দ্ৰ মোদীৰ

দেওবাৰৰ দিনটোত ৰাজস্থানৰ বনস্বৰাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ সময়ত নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক আক্ৰমণ কৰিবলৈ আৰু মুছলমানক তুচ্ছ দেখুৱাবলৈ আশ্ৰয় লৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ২০০৬ চনত প্ৰদান কৰা এক ভাষণৰ কিয়দাংশৰ। নৰেন্দ্ৰ মোদীয়ে দাবী কৰা মতে, ড০ মনমোহন সিঙে তেওঁৰ সেই ভাষণত ‘দেশৰ সম্পত্তিৰ ওপৰত প্ৰথম অধিকাৰ মুছলমানৰ’ বুলি মন্তব্য কৰিছিল। এই দাবী বিজেপিৰ অন্য নেতাসকলেও পূৰ্বে একাধিকবাৰ কৰি আহিছে। 

কিন্তু প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ সিঙে ইংৰাজীত প্ৰদান কৰা সেই ভাষণ শুনিলে নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ এই দাবী যে সম্পূৰ্ণ ভিত্তিহীন সেয়া স্পষ্ট হৈ পৰে। ২০০৬ চনত ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ বৈঠকত মনমোহন সিঙে প্ৰদান কৰিছিল সেই ভাষণ। ইংৰাজীতে প্ৰদান কৰা ভাষণটোত সিঙে কৈছিল, "মই বিশ্বাস কৰোঁ যে আমাৰ সামূহিক অগ্ৰাধিকাৰ স্পষ্ট - কৃষি, জলসিঞ্চন-জলসম্পদ, স্বাস্থ্য, শিক্ষা, গ্ৰাম্য আন্তঃগাঁথনিত উল্লেখযোগ্য বিনিয়োগ আৰু সাধাৰণ আন্তঃগাঁথনিত ৰাজহুৱা বিনিয়োগৰ প্ৰয়োজনীয়তা। লগতে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, সংখ্যালঘু আৰু মহিলা আৰু শিশুৰ বাবে কাৰ্যসূচীৰ উত্থানৰ বাবে বিশেষ কাৰ্যসূচীৰো প্ৰয়োজনীয়তা আছে।"

তেওঁ কৈছিল, "অনুসূচিত জাতি আৰু জনজাতিসমূহক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজন আছে। আমি নতুন আঁচনি আনি সংখ্যালঘু আৰু বিশেষকৈ মুছলমানসকলক আগবঢ়াই নিবলৈ উন্নয়নৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰিব লাগিব। এই সকলো সম্পত্তিৰ ওপৰত তেওঁলোকৰ প্ৰথম দাবী থাকিব লাগে। কেন্দ্ৰৰ বহু দায়িত্ব আছে আৰু উপলব্ধ সামগ্ৰিক সম্পদসমূহে সকলোৰে প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।" মন কৰিবলগীয়া কথাটো হ’ল মনমোহন সিঙে এই ভাষণটোত কোনো অধিকাৰ শব্দৰ উচ্চাৰণ কৰা নাছিল। নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে যিটো শব্দৰ হিন্দী অনুবাদ ‘অধিকাৰ’ বুলি দাবী কৰি আহিছে, দৰাচলতে ড০ সিঙৰ ভাষণৰ সেই ইংৰাজী শব্দটো আছিল ‘claim’, যাৰ আক্ষৰিক অৰ্থ অধিকাৰ নহয়, দাবীহে।

মিছা কথাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত নৰেন্দ্ৰ মোদী

২১ এপ্ৰিলত ৰাজস্থানৰ বনস্বৰাত এক ৰাজহুৱা অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ দলৰ ইস্তাহাৰক লৈও মন্তব্য কৰিছিল। কংগ্ৰেছে ন্যায় পত্ৰ নামেৰে অভিহিত কৰা দলৰ নিৰ্বাচনী ইস্তাহাৰক লৈ মিথ্যা প্ৰচাৰ চলাই ভোট বুটলাৰ প্ৰয়াস কৰে নৰেন্দ্ৰ মোদীয়ে। ভাষণত তেওঁ দাবী কৰে, “কংগ্ৰেছৰ ইস্তাহাৰত কোৱা হৈছে যে তেওঁলোকে মাতৃ-ভগ্নীৰ সোণৰ হিচাপ কৰি, ইয়াৰ তথ্য লাভ কৰিব আৰু তাৰ পিছত যিসকলক মনমোহন সিঙৰ চৰকাৰে কৈছিল যে সম্পত্তিৰ ওপৰত মুছলমানৰ প্ৰথম অধিকাৰ আছে, তেওঁলোকক বিতৰণ কৰিব। এই নগৰীয়া নক্সাল চিন্তাবোৰে আপোনাৰ মংগলসূত্ৰ ডালো আপোনাৰ সৈতে থাকিবলৈ নিদিব।”

কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কংগ্ৰেছৰ ইস্তাহাৰক লৈ কৰা দাবী সম্পূৰ্ণ অসত্য প্ৰমাণিত হৈছে। মন কৰিবলগীয়া যে, দলৰ নিৰ্বাচনী ইস্তাহাৰ অৰ্থাৎ ন্যায় পত্ৰত কংগ্ৰেছে আয়ৰ বৈষম্য, ভাৰতৰ ধন-সম্পত্তি, অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ লোক, চৰকাৰী ভূমি আৰু সম্পদৰ আবণ্টন সম্পৰ্কে কেইবাটাও বক্তব্য আগবঢ়াইছে। সংখ্যালঘুসকলক সবলীকৰণৰ সন্দৰ্ভতো নিজৰ ইস্তাহাৰত উল্লেখ কৰিছে কংগ্ৰেছে। সংখ্যালঘুসকলে বেংকৰ পৰা বৈষম্যহীনভাৱে প্ৰতিষ্ঠানিক ঋণ লাভ কৰাটো নিশ্চিত কৰাৰ কথাও উল্লেখ কৰা হৈছিল।

আন এটা কথাত ইস্তাহাৰখনত কংগ্ৰেছে “জাতি-উপজাতি আৰু ইয়াৰ আৰ্থ-সামাজিক অৱস্থাৰ গণনাৰ বাবে দেশব্যাপী আৰ্থ-সামাজিক আৰু জাতি লোকপিয়ল” চলোৱাৰ পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰিছে। একেদৰে সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ মাজত চৰকাৰী পুঁজি আৰু উদ্বৃত্ত ভূমি বিতৰণৰ ওপৰত নজৰ ৰাখিবলৈ কৰ্তৃপক্ষ স্থাপনৰ কথাও দলটোৱে কয়। ইফালে ইস্তাহাৰখনত ‘কল্যাণ’ শিতানৰ অধীনত এটা বিন্দুত সম্পদৰ ওপৰত “প্ৰথম চাৰ্জ”ৰ কথাও উল্লেখ কৰা হৈছে। ইস্তাহাৰত উল্লেখ কৰা হৈছে যে ভাৰতত “প্ৰায় ২২ কোটি দুখীয়া লোক আছে”,আৰু কংগ্ৰেছৰ শাসনৰ অধীনত “দৰিদ্ৰৰ কল্যাণেই হ’ব সকলো চৰকাৰী সম্পদৰ ওপৰত প্ৰথম চাৰ্জ”।

ইস্তাহাৰখনৰ আন এটা কথাত “ধন আৰু আয়ৰ বৈষম্য বৃদ্ধি”ৰ কথা কোৱা হৈছে, লগতে কয় যে দলটোৱে এই বিষয়টো “নীতিৰ উপযুক্ত পৰিৱৰ্তনৰ জৰিয়তে” সমাধান কৰিব।

কিন্তু দেশৰ প্ৰধানমন্ত্ৰীৰ দৰে আসনত অধিষ্ঠিত হৈ থকা নৰেন্দ্ৰ মোদীয়ে দাবী কৰাৰ দৰে কংগ্ৰেছৰ ইস্তাহাৰত ভাৰতীয় মহিলাৰ হাতত থকা সোণৰ আ-অলংকাৰৰ জৰীপ সন্দৰ্ভত কোনো বক্তব্য দিয়া হোৱা নাই অথবা এই ‘জৰীপ কৰা ধন’ “মুছলমান”, “অনুপ্ৰৱেশকাৰী”, বা “যিসকলৰ অধিক সন্তান আছে” তেওঁলোকৰ মাজত পুনৰ বিতৰণ কৰা হ’ব বুলিও কোৱা হোৱা নাই।

মোদীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক অভিযোগ কংগ্ৰেছৰ, কিন্তু মৌন আয়োগ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজস্থানৰ বনস্বৰাত কৰা মন্তব্যক লৈ জাঙুৰ খাই উঠিছে বিৰোধী। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰীক এনে মন্তব্যৰ বাবে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এনে মন্তব্যই সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাত উচটনি দিয়া বুলি মন্তব্য কৰিছে। সমান্তৰালভাৱে এগৰাকী প্ৰধানমন্ত্ৰীৰ মুখত কেৱল ভোটৰ স্বাৰ্থত এনে ঘৃণামূলক মন্তব্য দুৰ্ভাগ্যজনক বুলিও অভিহিত কৰিছে বিৰোধী নেতাসকলে। 

ইফালে প্ৰধানমন্ত্ৰীৰ এনে মন্তব্যৰ বিৰুদ্ধে সোমবাৰে নিৰ্বাচন আয়োগত এজাহাৰ দাখিল কৰে কংগ্ৰেছে। আয়োগৰ ওচৰত অভিযোগ দাখিল কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অধিবক্তা অভিষেক মনু সিংভীয়ে কয়, "তেওঁ (প্ৰধানমন্ত্ৰী মোদী) যি পদবীত আছে, আমি তেওঁক সন্মান কৰো; তেওঁ আপোনাৰ বা বিজেপিৰ সমানেই আমাৰো প্ৰধানমন্ত্ৰী। তেওঁ যিমানেই উচ্চ পদবীত থাকে সিমানেই সংযম হোৱাৰ প্ৰয়োজন। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁ কৰা মন্তব্য অত্যন্ত আপত্তিজনক। আমি কেতিয়াও প্ৰধানমন্ত্ৰীৰ পৰা এনে মন্তব্য আশা কৰিব নোৱাৰো।”

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয়, “নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় জনতা পাৰ্টিৰ আন নেতাসকলে ইচ্ছাকৃতভাৱে আৰু বাৰে বাৰে নিজৰ নিৰ্বাচনী প্ৰচাৰত ধৰ্ম, ধৰ্মীয় প্ৰতীক আৰু ধৰ্মীয় আৱেগৰ আশ্ৰয় লৈ আহিছে আৰু তাৰ পিছতো তেওঁলোকৰ বিৰুদ্ধে আয়োগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।” কংগ্ৰেছে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰীয়ে “এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ক লক্ষ্য কৰি মিছা আৰু বিভাজনকাৰী ইংগিত প্ৰদান কৰিছে আৰু সাধাৰণ জনতাক সাম্প্ৰদায়িক বিদ্বেষত নিমগ্ন হ’বলৈ আৰু শান্তি ভংগ কৰিবলৈ স্পষ্টভাৱে প্ৰৰোচিত কৰিছে।”

কংগ্ৰেছে লগতে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ আন নেতাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি ভংগ কৰাৰ অসংখ্য অভিযোগ দাখিল কৰাৰ পিছতো নিৰ্বাচন আয়োগে এবাৰলৈও তেওঁলোকক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা নাই। কংগ্ৰেছে কয়, “আয়োগে নিজকে প্ৰশ্ন কৰিব লাগিব যে যদিহে ইমান অহংকাৰেৰে আৰু বাৰে বাৰে আমাৰ দেশৰ আইন উলংঘা কৰা হয়, তেন্তে আন কোনো প্ৰাৰ্থীক একে স্বচ্ছতা প্ৰদান কৰা হ’ব নে নাই।”

মোদীৰ মিছা প্ৰতিশ্ৰুতি, ‘মিছলীয়া মোদী’

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সাধাৰণ জনতাই কেতিয়াও নেদেখা অলেখ সপোনেৰে বাট কাটি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল নৰেন্দ্ৰ মোদীয়ে। ইউ পি এ চৰকাৰৰ নীতিৰ সমালোচনা কৰি এখন নতুন ভাৰত গঢ়াৰ দৃঢ় প্ৰতিশ্ৰুতি দিছিল মোদী আৰু বিজেপিয়ে। আশ্বাস দিয়া হৈছিল- ৩০ টকাতে পেট্ৰ’ল পাব দেশবাসীয়ে, আশ্বাস দিছিল দুৰ্নীতি আৰু দৰিদ্ৰমুক্ত দেশ হ’ব ভাৰত। কৃষকৰ আয় দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোদীয়ে। ‘যেতিয়াই যেতিয়াই ডলাৰৰ তুলনাত টকাৰ মূল্য হ্ৰাস পায়, তেতিয়াই তেতিয়াই প্ৰধানমন্ত্ৰীৰ আৱৰণ খহি পৰে’ বুলি তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক সমালোচনা কৰি মোদীয়ে প্ৰতিশ্ৰুতি দিছিল ভাৰতীয় টকাৰ মূল্য ডলাৰৰ সমান কৰাৰ।

এনে অনেক প্ৰতিশ্ৰুতি পূৰণৰ বাবে প্ৰথমে ৫ বছৰৰ সময় বিচাৰিছিল নৰেন্দ্ৰ মোদীয়ে। জনতাই দিছিলও। তেওঁৰ মন্ত্ৰমুগ্ধ কৰিবপৰা প্ৰতিশ্ৰুতিত পতিয়ন গৈ ২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাইছিল তেওঁক। কিন্তু প্ৰতিশ্ৰুতি পূৰণ নহ’ল। বৰং মূল্যবৃদ্ধিয়ে অধিক বিধ্বস্ত কৰিলে সাধাৰণ জনতাৰ জীৱন। অচ্ছে দিনৰ সপোন দেখুওৱা সপোনৰ সদাগৰ নৰেন্দ্ৰ মোদীয়ে দেশলৈ ভাল দিন আনক বা নানক, কিন্তু দিন-কাল আগতকৈ বেয়াহে হোৱা বুলিও অভিযোগ উত্থাপন হ’বলৈ আৰম্ভ কৰে। মোদীয়ে বিদেশৰ বেংকত জমা হৈ থকা ক’লা ধন ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল, সকলোকে ১৫- ১৫ লাখ টকাকৈ বেংক একাউণ্টযোগে দিয়াৰ কথা দিছিল। কিন্তু কোনো প্ৰতিশ্ৰুতিয়েই পূৰণ নহ’ল। যিদৰে পূৰণ নহ’ল ১০০ খন স্মাৰ্ট চিটী নিৰ্মাণৰ প্ৰতিশ্ৰুতি।

২০১৪ চনৰ পিছত অসমলৈ আহিও অনেক পূৰণ নোহোৱা প্ৰতিশ্ৰুতিৰ বন্যা নমাইছিল নৰেন্দ্ৰ মোদীয়ে। অবৈধ অনুপ্ৰৱেশৰে জৰ্জৰিত অসমৰ মাটিত ভৰি থৈ তেওঁ কথা দিছিল যে ২০১৬ চনৰ ১৬ মে’ৰ পিছত বাংলাদেশীয়ে টালি-টোপোলা বান্ধি অসম এৰি যাব লাগিব। কিন্তু তেনে বহু ১৬মে’ পাৰ হৈ যোৱাৰ পিছতো আজিও সমাধান নহ’ল অসম তথা উত্তৰ পূবৰ অবৈধ অনুপ্ৰৱেশৰ সমস্যা। এদিন এইগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই গুৱাহাটীত স্মাৰ্ট চিটী বনাই টুইন টাৱাৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিগত ১০ বছৰত মোদীৰ সেই প্ৰতিশ্ৰুতিও ভেকোভাওনাহে হোৱা পৰিলক্ষিত হ’ল।


ফাইল ফটোঃ ২০১৪ চনত অসমত মোদীৰ নিৰ্বাচনী প্ৰচাৰ

বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰতিশ্ৰুতিৰ এইবোৰ মাত্ৰ কেইটামান উদাহৰণহে। এনে অনেক প্ৰতিশ্ৰুতি দিও হয়তো আজি নিজেই পাহৰি পেলাইছে তেওঁ। এনে প্ৰতিশ্ৰুতিৰ কথা অৱশ্যে আজিকালি নিৰ্বাচনী ভাষণ বা অন্য কোনো ভাষণতো মনত পেলাব নিবিচাৰে মোদী আৰু বিজেপিৰ আন আন নেতাসকলে। সকলোৰে একাউণ্টত ১৫ লাখকৈ টকা প্ৰদান কৰিব বুলি নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰতিশ্ৰুতি যে কেৱল ‘জুমলা’হে আছিল সেই কথা এবাৰ এক সাক্ষাত্কাৰত নিজেই স্বীকাৰ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। মোদীৰ অন্য প্ৰতিশ্ৰুতিবোৰো একো একোটা জুমলাৰ বাহিৰে আন একো নহয়।

মোদীক কিয় ভাল পায় জনতাই?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতি যিমানেই মিছা নহওক কিয়, তেওঁৰ প্ৰতি এক আকুণ্ঠ টান অনুভৱ আজিও কৰে দেশৰ অধিকাংশ সাধাৰণ জনতাই। বিশেষকৈ গ্ৰাম্য সমাজত নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাই তেওঁৰ বিগত দুটা কাৰ্যকালৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। গুজৰাটৰ এটা সাধাৰণ পৰিয়ালত জন্ম হৈ ষ্টেচনত চাহ বিক্ৰী কৰাৰ পৰা আজি দেশৰ প্ৰধানমন্ত্ৰী হোৱালৈকে মোদীৰ দীঘলীয়া যাত্ৰাই অনুপ্ৰাণিত কৰে দেশৰ লাখ লাখ যুৱক-যুৱতীক। সেয়ে ৭৩ বছৰ বয়সতো তেওঁৰ জনপ্ৰিয়তা যুৱ প্ৰজন্মৰ মাজত যথেষ্ট বেছি।

২০২৩ চনৰ পিউৰ সমীক্ষা মতে প্ৰায় দহজনৰ ভিতৰত আঠজন ভাৰতীয় প্ৰাপ্তবয়স্কৰ মোডীৰ প্ৰতি এক অনুকূল দৃষ্টিভংগী আছে। আনহাতে প্ৰায় ৫৫% লোকৰ মোদীৰ প্ৰতি দৃষ্টিভংগী অতি অনুকূল।প্ৰতিবেদন অনুসৰি নৰেন্দ্ৰ মোদী ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ সবাতোকৈ জনপ্ৰিয় নেতা। আনহাতে বিজেপিয়ে দাবী কৰি অহা মতে, মোদীৰ জনপ্ৰিয়তা কেৱল ভাৰততে সীমাবদ্ধ নহয়, ২০১৪ চনৰ পিছত তেওঁৰ জনপ্ৰিয়তা সমগ্ৰ বিশ্বলৈ প্ৰসাৰিত হোৱা বুলি দাবী কৰি আহিছে বিজেপিয়ে। সেয়ে মোদীক ‘বিশ্বগুৰু’ বুলিও অভিহিত কৰা হৈছে।

ৰাজনৈতিক বিশ্লেষক হুমায়ুন নকৱীৰ মতে প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তাৰ অন্য এক কাৰণ হৈছে তেওঁৰ হিন্দুত্ববাদী ব্যক্তিত্ব। ২০১৪ চনৰ পৰাই নৰেন্দ্ৰ মোদীয়ে নিজকে অতি হিন্দুত্ববাদী বুলি প্ৰমাণিত কৰি আহিছে। ইয়াৰ বাবে সময়ে সময়ে তেওঁ মুছলমান বিৰোধী মন্তব্য কৰাও সাধাৰণ কথা হৈ পৰিছে। শেহতীয়াকৈ ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুছলমানসকলক অধিক সন্তান জন্ম দিয়া অনুপ্ৰৱেশকাৰী বুলি অভিহিত কৰি মোদীয়ে পুনৰ এবাৰ নিজৰ হিন্দুত্ববাদী পৰিচয় সুদৃঢ় কৰিব বিচৰা বুলিও দাবী কৰে হুমায়ুন নকৱীয়ে। আনহাতে যদিও অযোধ্যাৰ বিবাদিত ভূমিত ৰাম মন্দিৰৰ নিৰ্মাণৰ বাট উচ্চতম ন্যায়ালয়ে প্ৰশস্ত কৰিছিল, তথাপিও মন্দিৰ নিৰ্মাণৰ কৃতিত্ব নিজে লৈ নৰেন্দ্ৰ মোদীয়ে হিন্দুসকলক প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে। 


News Next One হৈছে 'Crowdfunding’ৰ জৰিয়তে পৰিচালিত নিউজ ৱেবছাইট। যদিহে বাতৰিটো পঢ়ি উপকৃত হৈছে আৰু পিছলৈকো এনেধৰণৰ তথ্যসমৃদ্ধ অধিক বাতৰি পঢ়িব বিচাৰে তেন্তে তলৰ ফটোখনত ক্লিক কৰি আমাক ১০ টকা, ২০ টকা, ১০০ টকা যিয়ে যেনেকৈ পাৰে তেনেকৈ সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!


কিন্তু মোদীৰ এই জনপ্ৰিয়তাত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে তেওঁৰ জনসংযোগ টীমৰ। ২০১৪ চনৰ পৰাই মোদীৰ ভাৱমূৰ্তি যোগাত্মকভাৱে মানুহৰ মাজত তুলি ধৰাত সফল হৈছে মোদীৰ পি আৰ টীম। পৰিণামস্বৰূপে তেওঁৰ হাজাৰ মিথ্যাচাৰৰ পিছতো মানুহৰ মাজত জনপ্ৰিয়তা অক্ষুণ্ণ আছে। বিশ্লেষক নকৱীয়ে এই সন্দৰ্ভত কয়, “মোদীয়ে যোৱা ১০ বছৰত এনে কোনো বিশেষ কাম কৰা নাই, যিয়ে সাধাৰণ জনতাৰ স্বাৰ্থ ৰক্ষা কৰিছে। মোদীয়ে যিবোৰ কাৰ্য সম্পাদন কৰিছে, চাবলৈ গ’লে তেনে বহু কাৰ্যৰ সৈতে সাধাৰণ জনতাৰ দূৰ দূৰণিলৈকে কোনো সম্পৰ্ক নাই। জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰে বিহাৰ বা উত্তৰাখণ্ডৰ জনতাৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। বুলেট ট্ৰেইনত দেশৰ ৯০ শতাংশ লোকে কেতিয়াও উঠিয়েই নাপাব। কিন্তু তাৰ পিছতো মোদীৰ পি আৰ টীমে এইসমূহ বিষয় ৰাষ্ট্ৰীয় বিষয় হিচাপে মানুহৰ মাজত উত্থাপন কৰাত সফল হৈছে আৰু ইয়াৰ লাভ পাইছে প্ৰধানমন্ত্ৰী মোদীয়ে।”

হঠাৎ হ্ৰাস পাবলৈ লৈছে মোদীৰ জনপ্ৰিয়তা!

২০২২ চনৰ শেষলৈকে মোদীৰ জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পাবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছিল। ছ’চিয়েল মিডিয়াত মোদীৰ পোষ্টসমূহত লাইক, কমেণ্ট, শ্বেয়াৰ তথা ভিউজ পূৰ্বৰ তুলনাত যথেষ্ট নিম্নগামী হৈ পৰাৰ লগতে নেটিজেনসকলে মুকলিকৈ প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰাৰ মাত্ৰাও বৃদ্ধি পাবলৈ লয়। বিশেষকৈ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ পিছতে সমগ্ৰ দেশতে লাহে লাহে মোদী বিৰোধী ঢৌৰ এক উকমুকনি উঠিবলৈ আৰম্ভ কৰিছিল। কিন্তু সদ্য সমাপ্ত ৫ ৰাজ্যৰ বিভানসভা নিৰ্বাচনত মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিয়ে জয় লাভ কৰাত সেই ঢৌৱে বিশেষ গতি লাভ নকৰিলে। 

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে ২০২৪ চনৰ ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে ৰাম মন্দিৰ উদ্বোধন কৰে যদিও বিজেপিয়ে আশা কৰা ধৰণে সেই অনুষ্ঠানটোৱে মোদীৰ অৱনতি ঘটা জনপ্ৰিয়তাক ২০১৪ আৰু ২০১৯ৰ দৰেকৈ উৰ্ধগামী কৰাত ব্যৰ্থ হয়। বিপৰীতে নিৰ্বাচনলৈ যিমানেই দিন চমু চাপি আহিছিল সিমানেই মোদীৰ জনপ্ৰিয়তাৰ গ্ৰাফডাল নিম্নগামীহে হৈ গৈ থাকিল। ফলত নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই বিজেপিয়ে 'অবকী বাৰ ৪০০ পাৰ’ শ্ল’গান দিবলৈ বাধ্য হৈ পৰা বুলি মন্তব্য কৰিছে মোদী কেবিনেটৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অৰ্থনীতিবিদ স্বামী পৰাকলা প্ৰভাকৰে। তেওঁ এক সাক্ষাৎকাৰত কয়, 'মোদীৰ জনপ্ৰিয়তা পূৰ্বৰ দৰে হৈ থকা নাই। মোদীয়ে যে কথাৰ ফুলজাৰিহে মাৰিব পাৰে সেয়া সাধাৰণ মানুহে বুজি উঠিছে। মই যোৱা ২-৩ মাহত ১০-১২ খন ৰাজ্য ভ্ৰমণ কৰিছো, বহু মানুহক লগ পাইছো। এই লোকসকলে আগতে মোদী বুলি ক’লেই আত্মহাৰা হৈ পৰিছিল। কিন্তু এতিয়া সেইসকল লোকে মোদীক চকুপাৰি দেখিব নোৱাৰে। গতিকে বৰ্তমান মোদী আগৰ দৰেই জনপ্ৰিয় হৈ আছে বুলি মই বিশ্বাস নকৰো।’

নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে বিৰোধী নেতাসকলেও ক’বলৈ লোৱা দেখা গৈছে যে এতিয়া দেশত আৰু কোনো মোদী মেজিক বা মোদী ঢৌ নাই। আনকি মহাৰাষ্ট্ৰৰ বিজেপি নেত্ৰী, সাংসদ নৱনীত ৰাণায়ো নিৰ্বাচনী প্ৰচাৰ সভাত মুকলিকৈ এইবাৰ দেশত কোনো মোদী ঢৌ নাই বুলি ভাষণ দিয়া দেখা গৈছে। 'আমি এইবাৰৰ নিৰ্বাচনত কষ্ট কৰিব লাগিব, গাঁও পঞ্চায়ত নিৰ্বাচন বুলি ধৰি লৈ যুঁজিব লাগিব। আমি সকলো ভোটাৰত দুপৰীয়া ১২ বজাৰ আগতেই ভোটকেন্দ্ৰলৈ লৈ আহি ভোট দিয়াতো নিশ্চিত কৰিব লাগিব। আগৰ দৰে মোদী মেজিকৰ ভৰসাত বহি থাকিলে নহ’ব। কাৰণ এইবাৰ কোনোধৰণৰ মোদী ঢৌ নাই। ২০১৯ত মোদী ঢৌ থকাৰ পিছতো মই নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা কৰি জয়ী হৈছিলো। গতিকে কথাবোৰ সকলোৱে গুৰুত্বসহকাৰে ল’ব।’- যোৱা ১৭ এপ্ৰিলত নিজৰ সমৰ্থকসকলক উদ্দেশ্যি এইদৰে ভাষণ প্ৰদান কৰে অমৰাৱতী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নৱনীতে।

উল্লেখ্য যে, নিৰ্বাচনৰ ভৰপক সময়তে সৰ্বোচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত ইলেক্টৰেল বণ্ডৰ সকলো তথ্য পোহৰলৈ অহাৰ লগতে ঝাৰখণ্ড আৰু দিল্লীৰ মুখ্যমন্ত্ৰীদ্বয়ক জেললৈ প্ৰেৰণ কৰা ঘটনাৰাজিয়েও এইবাৰৰ নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। একেসময়তে ভাৰতৰ আগশাৰীৰ তথা জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীয়ে ইউটিউবত আৰম্ভ কৰা 'ডিক্টেটৰশ্বিপ’ ছিৰিজেও শিক্ষিত আৰু সচেতন ভোটাৰসকলক মোদী সম্পৰ্কে বহু কথাই নতুনকৈ ভবাই তুলিছে। বিৰোধী নেতা ৰাহুল গান্ধী, তেজস্বী যাদৱ, অখিলেশ যাদৱ, মমতা বেনাৰ্জীৰ দৰে নেতাসকলে বিজেপিৰ একাংশ নেতাই কৰা সংবিধানবিৰোধী মন্তব্যৰ আধাৰত মোদী আৰু বিজেপিয়ে দেশৰ সংবিধান তথা গণতন্ত্ৰ ধ্বংস কৰিব বুলি ধাৰাবাহিকভাৱে দি অহা ভাষণো মোদীৰ জনপ্ৰিয়তা হ্ৰাসৰ কাৰক হৈ পৰিছে বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰা দেখা গৈছে।