নতুন দিল্লীঃ আজি স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ এই দিনটোত অনন্য সোৱাদত বুৰ গৈছে সমগ্ৰ দেশ। আকৌ এবাৰ লালকিল্লাত নীল আকাশত সগৌৰৱে উৰিছে তিনিবৰণীয়া জাতীয় পতাকা।  ৭৭তম স্বাধীনতা দিৱস উপলক্ষে তিনি বৰণীয়া জাতীয় পতাকা উত্তোলন কৰিয়েই দেশবাসীক সম্বোধি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 

সংসদত অনাস্থা প্ৰস্তাৱৰ বিতৰ্কত ভাগ লৈ যোৱা বৃহস্পতিবাৰে প্ৰদান কৰা ভাষণত একপ্ৰকাৰ ২০২৪ৰ লোকসভা নিৰ্বাচনকেই যেন লক্ষ্য কৰি লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ ২ ঘণ্টা ২০ মিনিটৰ ভাষণটোৰ অধিকাংশই আছিল নিজৰ চৰকাৰৰ সাফল্যৰ খতিয়ান আৰু বিৰোধী কংগ্ৰেছৰ কাৰ্যকালৰ প্ৰধানমন্ত্ৰীসকলৰ ব্যৰ্থতাৰ প্ৰসংগ। 

মঙলবাৰে পুৱা দেশৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা দিয়া ভাষণতো দেখা গ’ল সেই একেই সুৰ। ভাষণটোত, তেওঁ আওপকীয়াকৈ এয়াই ঘোষণা কৰিলে যে তৃতীয়বাৰৰ বাবে কেন্দ্ৰত মোদীয়েই চৰকাৰ গঠন কৰিব।

আজিৰ ভাষণত মোদীয়ে ভাৰতক ২০৪৭ চনত উন্নত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ প্ৰসংগও উল্লেখ কৰে। তেওঁ কয়, 'মই আজি আপোনালোকৰ পৰা কিছু বিচাৰিবলৈকো আহিছো। ২০৪৭ চনত ভাৰতৰ ত্ৰিৰংগা বিকশিত ভাৰতৰ ত্ৰিৰংগা হ’ব লাগিব। কোনো কাৰণতে ইয়াৰ পৰা বিচ্যুত হ’ব নালাগিব। যিখন দেশক সোণৰ পখী বুলি কোৱা হৈছিল, সেইখন দেশ আকৌ উন্নত নোহোৱাৰ কি কাৰণ থাকিব পাৰে? ২০৪৭ত মোৰ দেশ উন্নত ৰাষ্ট্ৰ হ’বই। এই কথা মই মোৰ দেশৰ সম্পদ, সামৰ্থ্য আৰু ৩০ বছৰ অনুৰ্ধৰ লোকসকলক ভৰসা কৰি কৈছো।’

মোদীৰ মুখত তৃতীয়বাৰৰ বাবে মণিপুৰ প্ৰসংগ!

আজি স্বাধীনতা দিৱসৰ লালকিল্লাৰ ভাষণত প্ৰধানমন্ত্ৰীৰ মুখত উচ্চাৰিত হ’ল মণিপুৰৰ মৰ্মবেদনা। বিগত তিনি মাহত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত উচ্চাৰিত হ’ল উত্তৰ-পূবৰ এই হিংসাজৰ্জৰ ৰাজ্যখনৰ নাম।

স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ নামেৰে আৰম্ভ কৰে তেওঁৰ ডেৰ ঘণ্টীয়া ভাষণৰ। মণিপুৰৰ হিংসাৰ কথা দোহাৰি প্ৰধানমন্ত্ৰীয়ে ক’লে, 'বিগত কিছু দিন ধৰি মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈছে। বহু লোক হিংসাৰ বলি হৈছে। মাতৃ-কন্যাক অত্যাচাৰ কৰা হৈছে যদিও কিছুদিনৰ পৰা শান্তিৰ খবৰ আহি আছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "সমগ্ৰ দেশ মণিপুৰৰ সৈতে আছে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ সৈতে মিলি ইয়াৰ সমাধানৰ বাবে কাম কৰি আছে আৰু কাম অব্যাহত থাকিব।" দেশৰ ঐক্য সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ঘটনা সংঘটিত হৈছে মণিপুৰত, কিন্তু বেদনা অনুভৱ হৈছে মহাৰাষ্ট্ৰত।

মণিপুৰক লৈ প্ৰধানমন্ত্ৰীৰ মৌনতা

মণিপুৰত বহুদিনৰ পৰা উমি উমি জ্বলি থকা হিংসাৰ ফিৰিঙতিয়ে যেন যোৱা ৩ মে’ত একুৰা প্ৰচণ্ড জুইৰ ৰূপ ধাৰণ কৰিছিল। ৰাজ্যখনৰ দুটা সম্প্ৰদায় কুকি আৰু মেইটেইৰ মাজত সূত্ৰপাত ঘটা হিংসাই সমগ্ৰ ৰাজ্য গ্ৰাস কৰিছিল। শতকৰ ঘৰত দুয়োটা সম্প্ৰদায়ৰ লোকৰ প্ৰাণ গৈছিল, অনেক লোকৰ ঘৰ জ্বলাই দিয়া হৈছিল।

মণিপুৰৰ এনে যুদ্ধ সদৃশ পৰিস্থিতিৰ সময়ত প্ৰধানমন্ত্ৰী মোদী ব্যস্ত আছিল কৰ্ণাটক বিধানসভা নিৰ্বাচনত ভোট সংগ্ৰহৰ কামত। ইফালে জ্বলিছিল মণিপুৰ, কিন্তু প্ৰধানমন্ত্ৰীৰ মুখত ভাৰতৰে অংগৰাজ্যখনৰ বাবে এটা শব্দও ফুটা নাছিল।

গৃহমন্ত্ৰী অমিত শ্বাহে তিনিদিনীয়া মণিপুৰ ভ্ৰমণ কৰিয়েই সামৰিছিল দায়িত্ব। অথচ তাৰ পিছতো ক্ষান্ত হোৱা নাছিল মণিপুৰ। অধিক উগ্ৰৰূপ ধাৰণ কৰিছিল হিংসাই। আৰক্ষী থানা-চকীৰ পৰা লুটপাত কৰা হৈছিল অস্ত্ৰ-শস্ত্ৰ। তথাপিও মৌন আছিল প্ৰধানমন্ত্ৰী।

মণিপুৰক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আহে তেতিয়া, যেতিয়া দুগৰাকী আদিৱাসী মহিলাক উলংগ কৰি ৰাজপথত পেৰেড কৰাৰ এটা ভিডিঅ’ই সমগ্ৰ দেশ জোকাৰি যায়। মণিপুৰক লৈ সমগ্ৰ ৰাজ্যত চৰ্চা আৰম্ভ হোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়েও ৩০ চেকেণ্ডৰ বাৰ্তাৰে গৰিহণা দিয়ে এই ঘটনাক।

কিন্তু বিৰোধীৰ অভিযোগ উঠিছিল তেতিয়াও- প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ দুখৰ সমভাগী হ’বলৈ গৈ ৰাজস্থান, ছত্তীশগড়ৰ কথাৰে ৰাজনীতি কৰিছে। প্ৰধানমন্ত্ৰীয়ে ৰাজনীতি কৰিছে নে নাই সেয়া পিছৰ কথা, কিন্তু মণিপুৰক লৈ তেওঁ প্ৰতিক্ৰিয়া দিছে, সেয়া আছিল বহুতৰে বাবে ডাঙৰ কথা।

মোদী চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ অনাস্থা প্ৰস্তাৱ

মণিপুৰক লৈ প্ৰধানমন্ত্ৰীৰ মৌনতা, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শান্তি স্থাপনত ব্যৰ্থতা আদি বহু অভিযোগেৰে মোদী চৰকাৰৰ বিৰুদ্ধে আগষ্টৰ প্ৰথম সপ্তাহত সংসদত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে বিৰোধী মিত্ৰজোঁট INDIAই। অসমৰ কলিয়াবৰ সমষ্টিৰ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱেৰে সদনত মোদী চৰকাৰক জবাবদিহি কৰিবলৈ চেষ্টা চলায় বিৰোধীয়ে। মণিপুৰক লৈ বহু গুৰুত্বপূৰ্ণ প্ৰশ্ন সদনত উত্থাপন কৰা হয়।

ইয়াৰ মাজতে মণিপুৰৰ বিপৰীতে সদনত অধিক চৰ্চিত হৈ পৰে ৰাহুল গান্ধীৰ ফ্লায়িং কিছ। মোদী চৰকাৰৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে সদনৰ ভিতৰে-বাহিৰে ৰাহুল গান্ধীৰ ফ্লায়িং কিছক এক চৰ্চিত বিষয় কৰি তোলে। শাসকীয় দলৰ সাংসদ-মন্ত্ৰীয়ে এই বিষয়েৰে বিৰোধীক ঘেৰিবলৈ চেষ্টা কৰা দেখা যায়।

অৱশেষত সদনত বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ বিতৰ্কত ভাগ লয় প্ৰধানমন্ত্ৰীয়ে। কিন্তু তেওঁৰ ভাষণত মণিপুৰতকৈয়ো স্থান পাইছিল বিৰোধীৰ সমালোচনাই। কথাৰ বাণেৰে বিৰোধীক থকাসৰকা কৰা প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ কথা ক’বলৈ গৈ সদনত এফালৰ পৰা শুনাই গৈছিল কংগ্ৰেছৰ কুকীৰ্তি।

মোদীৰ ভাষণৰ মাজতে যেতিয়া বিৰোধী সাংসদে সদন ত্যাগ কৰে, তাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ বিষয়ে ক’বলৈ আৰম্ভ কৰিছিল। সেয়া আছিল হিংসাত জ্বলি থকা এখন ৰাজ্যক লৈ প্ৰধানমন্ত্ৰীৰ দ্বিতীয়টো প্ৰতিক্ৰিয়া।

সদনত কথা ক’বলৈ বাধা দিয়া হৈছিল মণিপুৰৰ ২ সাংসদক

স্বাধীনতা দিৱসৰ এই দিনটোতে মণিপুৰৰ দুই সাংসদৰ মত প্ৰকাশৰ স্বাধীনতাৰ প্ৰসংগ পুনৰ চৰ্চিত হৈ পৰা দেখা গৈছে। মণিপুৰৰ পৰা শাসকীয় বিজেপিৰ এজন আৰু মিত্ৰদলৰ এজনসহ মুঠ দুজন সাংসদ আছে। বিজেপিৰ মিত্ৰদল এনপিএফৰ সাংসদ লৰহো এছ ফোজ আৰু বিজেপিৰ আৰ কে ৰঞ্জন সিঙে সদনত মণিপুৰক প্ৰতিনিধিত্ব কৰে। অৱশ্যে সদনত বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ বিৰুদ্ধে প্ৰথম উত্তৰ দিয়ে ঝাৰখণ্ডৰ গোড্ডা সমষ্টিৰ বিজেপি সাংসদ নিশিকান্ত ডুবেয়ে।

'দ্য হিন্দু’ৰ বাতৰি অনুসৰি শনিবাৰে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত বিজেপি মিত্ৰদলৰ সাংসদ লৰহো এছ ফোজে স্বীকাৰ কৰিছিল যে সদনত অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ সময়ত তেওঁ মণিপুৰ সন্দৰ্ভত কথা ক’ব বিচাৰিছিল যদিও মিত্ৰদল বিজেপিৰ তেওঁৰ সতীৰ্থ সকলে তেওঁক এই সন্দৰ্ভত মাত নামাতিবলৈ অনানুষ্ঠানিকভাৱে পৰামৰ্শ দিছিল।

মণিপুৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ এনে দৃষ্টিভংগীক বিৰোধীয়ে উদ্বেগজনক বুলি অভিহিত কৰি আহিছে। জ্বলি ছাই হোৱাৰ উপক্ৰম হোৱা উত্তৰ-পূবৰ এই পাহাৰীয়া ৰাজ্যখনত শান্তি স্থাপনত ব্যৰ্থ হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ। কিন্তু তাৰ পিছতো মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক অপসাৰণ নকৰাক লৈও অনেক প্ৰশ্নৰ উত্থাপন হৈছে।

স্বাধীনতা দিৱসৰ ভাষণত বিৰোধীক সমালোচনা

মণিপুৰৰ দুখেৰে আৰম্ভ কৰা ৭৭তম স্বাধীনতা দিৱসৰ লালকিল্লাৰ ভাষণত পুনৰ এবাৰ বিৰোধীৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা গ’ল প্ৰধানমন্ত্ৰী মোদীক। বিৰোধী মিত্ৰজোঁট INDIA আৰু পৰিয়ালবাদক লৈয়ে ডেৰ ঘণ্টাজোৰা ভাষণৰ অধিক সময় পাৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী দল ‘INDIA’ আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ নাম নোলোৱাকৈ ইতিকিং কৰে। পৰিয়ালবাদৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ গণতন্ত্ৰত এটা ৰোগ আছে, সেয়া হৈছে পৰিয়ালবাদী দল। তেওঁলোকৰ এটাই মন্ত্ৰ- পৰিয়াললৈ, পৰিয়ালৰ বাবে, পৰিয়ালৰ দ্বাৰা।

তেওঁ কয় যে দেশৰ উন্নয়নৰ বাবে তেওঁলোকৰ পৰা মুক্তি পোৱাটো গুৰুত্বপূৰ্ণ। যদি কোনোবাই সামাজিক ন্যায় ধ্বংস কৰিছে তেন্তে সেয়া হৈছে তুষ্টিকৰণৰ দ্বাৰা।দুৰ্নীতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এতিয়া চকু মুদা কুলিৰ ভাও ধৰাৰ সময় নহয়। 'যদি সংকল্প গৃহীত হ’ব লাগে তেন্তে আমি তিনিটা কামৰ বিৰুদ্ধে যুঁজিব লাগিব। দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ। আমি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজি যাম সেয়া মোৰ প্ৰতিশ্ৰুতি।’- মোদীয়ে কয়।

তেওঁ কয়, 'দ্বিতীয় বেয়াটো হ'ল পৰিয়ালবাদ। ইয়ে দেশৰ অধিকাৰ কাঢ়ি লৈ গৈছে। তৃতীয় বেয়াটো হ’ল তুষ্টিকৰণ। ইয়াৰ ফলত আমাৰ জাতীয় চৰিত্ৰত যেন দাগ পৰিছে। গতিকে দুৰ্নীতি, পৰিয়ালবাদ, তুষ্টিকৰণ এই তিনিওটা নাশ কৰিব লাগিব।’

তেওঁ আৰু কয়, 'আমাৰ ভাগ্যত দেশৰ বাবে মৰিবলৈ কোনো সুযোগ নাই, কিন্তু দেশৰ বাবে জীয়াই থকাতকৈ ডাঙৰ সুযোগ আমাৰ বাবে নাই। আমি দেশৰ বাবে জীয়াই থাকিব লাগিব।’ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে দুৰ্নীতিৰ বিৰুদ্ধে ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰিবলৈকো আহ্বান জনায়।

লালকিল্লাৰ ভাষণত মোদীৰ দাবী!

আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান মাহ বাকী। ২০১৪, ২০১৯ত সমগ্ৰ দেশত বিজেপিৰ জোৱাৰ নমাই অনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ এবাৰ টঙালি বান্ধিছে ২০২৪ৰ নিৰ্বাচনলৈ।

সমান্তৰালভাৱে 'সাম্প্ৰদায়িক’ বিজেপিৰ প্ৰতিহত কৰিবলৈ এইবাৰ একত্ৰিত হৈছে সমস্ত বিৰোধী। পশ্চিমবংগৰ মমতা বাহিনীৰ পৰা বিহাৰৰ লালু বাহিনীলৈ, কংগ্ৰেছৰ পৰা আম আদমী পাৰ্টীলৈকে সকলোকে এইবাৰ একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্প লৈছে। নতুন এই মিত্ৰজোঁটৰ নাম দিয়া হৈছে INDIA।

কিন্তু বিৰোধীৰ এই বিশাল মিত্ৰজোঁটক একপ্ৰকাৰ নস্যাৎ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকৌ প্ৰধানমন্ত্ৰী হ’ব বুলি আজিৰ ভাষণত আওপকীয়াকৈ দাবী কৰে। স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰা ভাষণৰ পিছতে উক্ত ভাষণত অহংকাৰ মিহলি হৈ থকা বুলিও এতিয়া চৰ্চা চলা দেখা গৈছে। 

নিৰ্বাচনী প্ৰচাৰ সভাত দিয়া ভাষণৰ অনুৰূপ ধৰণে প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লাৰ পৰা ঘোষণা কৰে যে অহা বছৰো এইদৰে তেওঁ লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰিব। অৰ্থাৎ অহা বছৰো তেওঁ পুনৰ প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব! পতাকা উত্তোলন কৰি দিয়া ভাষণত দেশবাসীক নিজৰ পৰিয়াল হিচাপে সম্বোধন কৰি তেওঁ কয়, 'যিবোৰ প্ৰকল্পৰ আমি আধাৰশিলা স্থাপন কৰিছো, আপোনালোকে লিখি ৰাখক, সেই আটাইবোৰৰ উদ্বোধনো মোৰ ভাগ্যতেই লিখা আছে বুলি মনে কৈছে।’

মোদীৰ অহংকাৰ বেছি হৈছেঃ বিৰোধী

স্বাধীনতা দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা ভাষণক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধীয়ে। কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই ২০২৪তো লালকিল্লাত ভাষণ দিব বুলি মোদীয়ে কৰা দাবীক অহংকাৰৰ বাদে আন একো নহয় বুলি মন্তব্য কৰে।

সংবাদ মাধ্যমে এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতাগৰাকীয়ে কয়, 'মোদীয়ে যিবোৰ কথা কৈ আছে সেয়া অহংকাৰৰ বাদে আন একো নহয়। এতিয়া ২০২৩ চলি আছে। ২০২৪ত মই আকৌ পতাকা উত্তোলন কৰিম বুলি কোৱাতো হৈছে অহংকাৰ।’ মোদীক কটাক্ষ কৰি খাৰ্গেই আৰু কয়, 'মোদীয়ে কৈছে যে তেওঁ অহা বছৰো পতাকা উত্তোলন কৰিব। ঠিকেই কৈছে, অহা বছৰ তেওঁ নিজৰ ঘৰত পতাকা উৰুৱাব।’

আনহাতে বিহাৰৰ উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱে কয়, 'প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোতো ৰাজনৈতিক ভাষণ প্ৰদান কৰাতো মুঠেই শোভা নাপায়। দেশবাসীয়ে আজি আশা কৰিছিল যে প্ৰধানমন্ত্ৰীয়ে ষ্টাৰ্টআপ ইণ্ডিয়া, মেকইন ইণ্ডিয়া, প্ৰতিবছৰে সংস্থাপন দিয়াৰ কথা ক’ব। পিছে আজিৰ দিনটোতো বিৰোধীক আক্ৰমণ কৰিবলৈ নেৰিলে। ভয় খাইছে বাবেই মোদীক এতিয়া বিৰোধীৰ ভূতে খেদি থাকে।’