ডিজিটেল ডেস্কঃ মনৰ পৰাও ৰঙা লাইট আতৰাবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ৷ গাড়ীৰ পৰা ৰঙা লাইট আতৰোৱাৰ পিছত এইবাৰ মনৰ পৰা ৰঙা লাইট আতৰোৱাৰ আহ্বান মোদীৰ৷ আজি "মন কী বাত"ৰ ৩১তম খণ্ডত "ভিআইপি"লৈ এই আহ্বান প্ৰধানমন্ত্ৰীৰ৷

নতুন ভাৰতবৰ্ষই ভিআইপিৰ পৰিৱৰ্তে ইপিআই(এভৰি পাৰ্ছন ইছ ইমপৰ্টেন্ট)ৰ প্ৰতি বেছি গুৰত্ব দিব বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ মোদীয়ে কয় যে দেশৰ পৰা ভিআইপি সংস্কৃতি নিৰ্মূলকৰণৰ বিষয়টোক চৰকাৰে গুৰুত্বসহকাৰে লৈছে৷

আজি মন কী বাতত প্ৰধানমন্ত্ৰীয়ে উত্থাপন কৰা বিষয়সমূহ হৈছেঃ

• পশু পক্ষীক গ্ৰীষ্মৰ পৰা বচোৱা৷ উৎকট গৰমৰ পৰা জীৱ-জন্তু তথা চৰাই-চিৰিকটিক সকাহ দিবলৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ঘৰৰ মুধচত পানী ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়৷ তদুপৰি ঘৰলৈ বিভিন্ন কামত অহা লোকক মোদীয়ে পানী আগবঢ়োৱাৰ পৰম্পৰা পুনৰ আৰম্ভ কৰিবলৈ আহ্বান কৰে৷

• নতুন প্ৰজন্মক বিভিন্ন সৃষ্টিশীল আৰু উদ্ভাৱনী কামত আগবাঢ়িবলৈ পৰামৰ্শ প্ৰদান কৰে মোদীয়ে৷ 

• প্ৰযুক্তিয়ে ঘৰতে বৃদ্ধি কৰিছে দূৰত্ব৷ মন কী বাতত এই কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷ দূৰত্ব কমাবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰা হয় যদিও বৰ্তমান সময়ত প্ৰযুক্তিৰ বাবে দূৰত্ব বৃদ্ধি হৈছে ঘৰতেই৷ "গাড়ী চলাবলৈ সকলোৱে শিকে, কিন্তু অটো চলাবলৈ কোনোবাই শিকে নেকি" বুলি প্ৰশ্ন কৰি শ্ৰমৰ মৰ্যাদাৰ প্ৰসংগ উত্থাপন কৰে মোদীয়ে৷

• নতুন ঠাই আৰু নতুন লোকৰ সৈতে আদান-প্ৰদান কৰিবলৈ যুৱ প্ৰজন্মক আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে৷ 

• কাইলৈৰ শ্ৰমিক দিৱসৰ প্ৰতি লক্ষ্য ৰাখি, আজি মন কী বাতত শ্ৰমিকসকলৰ পৰিশ্ৰমক সন্মান আগবঢ়াই মোডীয়ে৷ শ্ৰমিকসকলে বৰ্তমান সময়ত ন্যায্য পোৱাৰ বাবে বাবাচাহেব আম্বেদকাৰক সোঁৱৰে মোদীয়ে৷ "শ্ৰমেই শিৱ"-এই কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷

১মে'ত গুজৰাট আৰু মহাৰাষ্ট্ৰৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে জড়িত ব্যাক্তিসকলকো স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে৷ মূলত আজিৰ মন কী বাতত নৱপ্ৰজন্মৰ পৰা ভীম এপলৈ সকলো দিশ সামৰি ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীগৰাকীয়ে।