ডিজিটেল ডেস্কঃ দেশৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে সাজু হোৱাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'Exam Warriors' নামৰ শিশুৰ উপযোগী গ্ৰন্থ লিখি ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰে।

১৯৩ পৃষ্ঠাৰ গ্ৰন্থখনত পৰীক্ষা সন্দৰ্ভত অভিভাৱক, শিক্ষকে ছাত্ৰ-ছাত্ৰীক ভাল নম্বৰৰ বাবে জোৰ দিয়া কাৰ্যৰ কথা কৈ পৰীক্ষাক উৎসৱ আৰু কেনেদৰে পালন কৰিব লাগে তাৰ ২৫টা মন্ত্ৰ উল্লেখ কৰিছিল মোডীয়ে৷ পৰীক্ষাৰ বাবে জোৰ দিয়াৰ প্ৰযোজন নাই এই সন্দৰ্ভত গুৰুত্ব দিছে গ্ৰন্থ খনে৷

শিক্ষাৰ্থীসকলে পৰীক্ষাৰ সন্মুখীন হ’বলৈ শিকিব লাগিব এই কথাই গ্ৰন্থ খনত উল্লেখ কৰিছিল৷ তাৰ পিছতেই এইবাৰ মোডীয়ে পৰীক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰিলে৷ শুকুৰবাৰে মোডীয়ে লাইভ চাট কৰে পৰীক্ষাৰ্থীৰ সৈতে৷ মন কি বাত, চাই পে চৰ্চাৰ পিছত এইবাৰ পৰীক্ষা পৰ চৰ্চা কৰিলে মোডীয়ে৷

যিকোনো পৰীক্ষাৰ বাবে কেনেদৰে ছাত্ৰ-ছাত্ৰীয়ে সাজু হৈ উঠিব লাগে, পৰীক্ষাত কেনেদৰে প্ৰশ্নৰ উত্তৰ উপস্থাপন কৰিব লাগে আদি নানান বিষয়ৰ ওপৰত ছাত্ৰ-ছাত্ৰীয়ে উপকৃত হ’ব পৰাকৈ মোডীয়ে দেশজুৰি আৰম্ভ কৰিছে Making exam phone: Chat with PM Modi শীৰ্ষক অনুষ্ঠানৰ৷

জানিব পৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে দিল্লীৰ তালকটাৰা ষ্টেডিয়ামত অনুষ্ঠিত ‘পৰীক্ষাৰ চৰ্চা’ বিষয়ক অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ আনহাতে দিল্লীৰ অনুষ্ঠানত উপস্থিত থকাৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মোডীয়ে মুখামুখিকৈ মত বিনিময় কৰাৰ উপৰিও ভিডিঅ’ কনফাৰেন্সেৰে সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীয়ে মত বিনিময় কৰিব৷

শুকুৰবাৰে মোডীৰ সৈতে মত-বিনিময় কৰি ছাত্ৰ-ছাত্ৰী উৎসাহিত হৈ পৰে৷ কেনেদৰে চাপমুক্ত হৈ পৰীক্ষাৰ সৈতে মুখা-মুখি হ’ব পাৰে সেই সন্দৰ্ভত মোডীয়ে আলোচনা কৰে৷

বিশেষকৈ সমাগত ব’ৰ্ডৰ পৰীক্ষাসমূহক লৈয়ে এই অনুষ্ঠানৰ আয়োজন কৰে মোডীয়ে৷ উল্লেখ্য যে নৰেন্দ্ৰ মোডীয়ে দুই সপ্তাহৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীৰ উপযোগী হোৱাকৈ ‘Exam Warriors’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰিছিল৷ Making exam phone: Chat with PM Modi শীৰ্ষক অনুষ্ঠানত মোডীৰ সৈতে চিবিএছচিৰ অন্তৰ্গত স্কুলসমূহৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ লয়৷