ডিজিটেল ডেস্কঃ হোৱাইট হাউছত মাৰ্কিন ৰাষ্ট্ৰপতিৰ সমাদৰেৰে নিৰ্ণায়ক আমেৰিকা ভ্ৰমণ সফল কৰিবলৈ সক্ষম হল নৰেন্দ্ৰ মোদী।

ৱাশ্বিংটনত ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে লাভ কৰিলে ব্যাপক আদৰ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰচলিত ৰীতি অনুসৰি হোৱাইট হাউছত মোদীক ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ লগতে আদৰণি জনায় ফাৰ্ষ্ট লেডী মেলানিয়াই।

দেশখনৰ ৰাষ্ট্ৰপতিৰ সু্ন্দৰী ভাৰ্যা মোদীৰ সৈতে আলোচনাতো মিলিত হয়। বৰ্তমান সকলোৰে আলোচনাৰ বিষয় হৈ পৰিছে দ্বিপাক্ষিক বৈঠকৰ কালত মেলানিয়াই পৰিধান কৰা বস্ত্ৰ।

সুন্দৰী মেলানিয়াক তুলি ধৰা কাপোৰ সাজৰ ডিজাইন কৰিছিল বিখ্যাত ডিজাইনাৰে। ভাৰতীয় অংকত মেলানিয়াৰ কাপোৰসাজৰ দাম ১,৩৮,১৬০ টকা।

লাখটকীয়া এই বস্ত্ৰ পৰিধান কৰি মোদীৰ সৈতে হোৱাইট হাউছত সৰস বাৰ্তালাপত মিলিত হ'ল ডনাল্ড ট্ৰাম্পৰ ভাৰ্যা।