newsnextone.com | নামতিঃ শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নামতি সমীপৰ চামগুৰি পুলিবৰত শনিবাৰে নিশা একাংশ লোকে এগৰাকী লোকক মাৰ ধৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

পুলিবৰৰ নৱ কোঁৱৰ নামৰ লোকজনক প্ৰথমে আৱদ্ধ কৰে তাৰ পিছতে মাৰধৰ কৰে৷ পিছত হাত ভৰি বান্ধি আমগুৰি আৰক্ষীক গতাই দিয়ে। স্থানীয় ৰাইজ অভিযোগ কৰা মতে, এজন ব্যৱসায়ীক পেটত চুৰিৰে আঘাত কৰি পলাই আছিল নৱই। 

পুনৰ নিশা নৱ কোঁৱৰে হাতত দা লৈ অঞ্চলটোত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ অহাৰ সন্দেহ কৰি হাত-ভৰি বান্ধি আমগুৰি আৰক্ষীক খবৰ দিয়ে। আমগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নৱক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে।