ডিজিটেল ডেস্কঃ সুদীৰ্ঘ তিনি বছৰৰ অন্তত আইছিছৰ কবলৰ পৰা মুক্ত হ’ল ইৰাকৰ প্ৰাচীন চহৰ মছুল ৷ আজি ইৰাকৰ প্ৰধানমন্ত্ৰী হায়দাৰ-আল-আবাদীয়ে এই কথা ঘোষণা কৰে৷

সুদীৰ্ঘ ৯ মাহ ধৰি ইৰাকী সেনা আৰু আইছিছৰ মাজত চলি থকা যুদ্ধৰ অন্ত পৰিল৷ যুদ্ধৰ ফলত ধ্বংসস্তুপলৈ পৰিণত হোৱা মছুল চহৰ অৱশেষত মুক্ত হ’ল ইছলামিক ৰাষ্ট্ৰৰ নৃশংসতাৰ পৰা৷

আমেৰিকাৰ সহায়ত আইছিছৰ বিৰুদ্ধে যুদ্ধত নামিছিল ইৰাকী সেনা৷ অৱেশ্য এই যুদ্ধত প্ৰচুৰ লোকচানৰ সন্মুখীন হৈছে ইৰাক৷  আজি ইৰাকৰ প্ৰধানমন্ত্ৰীয়ে এই জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে ইৰাকৰ সেনাবাহিনীক৷

২০১৪ বৰ্ষৰ জুনত আইছিছে দখল কৰিছিল মছুল৷ ২০১৭ বৰ্ষৰ অক্টোবৰৰ পৰা উগ্ৰপন্থী সংগঠনটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল সেনাই৷ উক্ত চহৰত বহু হাজাৰ নিৰীহ নাগৰিকক বন্দী কৰিছিল আইছিছে৷