ডিজিটেল ডেস্কঃ কোৱা হয় পৃথিৱীৰ আটাইতকৈ পবিত্ৰ সম্পৰ্ক হৈছে মাতৃ আৰু সন্তানৰ সম্পৰ্ক৷ কিন্তু নিজ সন্তানৰ প্ৰতি নিষ্ঠুৰ হৈ পৰাটো কল্পনাৰো অগোচৰ৷

সকলোকে আচৰিত কৰিব পৰা এনে এক ঘটনা সংঘটিত হ’ল আমেৰিকাৰ আৰ্কানছেচত৷ ৩০ বছৰীয়া মাতৃগৰাকীক নিজৰ ৪ বছৰীয়া সন্তানক অত্যাচাৰ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ মাতৃগৰাকীৰ লগতে প্ৰেমিক জনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

নিজৰ সন্তানক প্ৰয়োজনীয় খাদ্যও যোগান ধৰা নাছিল মাতৃয়ে, যাৰ বাবে পুষ্টিহীনতাত ভুগিছিল শিশুটো৷ তদুপৰি আৰক্ষীয়ে সন্তানটোক নাম সোধাত নিজৰ নামটো ’ইডিয়ত’ বুলি উল্লেখ কৰিছিল শিশুটোৱে৷ তাতেই ওলাই পৰিছিল মাতৃৰ মমতাৰ স্বৰূপ।

দৰাচলতে শিশুটিৰ ওপৰত শাৰিৰীক আতিশায্যৰ লগতে মানসিক আতিশায্যও চলাইছিল মাতৃ আৰু মাতৃৰ প্ৰেমিকে৷ শিশুটোক ইডিয়ট বুলি সম্বোধন কৰিছিল মাতৃয়ে৷ তদুপৰি শাস্তি হিচাবে নিয়মিত বিচনাৰ লগত শিশুটিক বান্ধি থৈছিল মাতৃয়ে৷