কোকৰাঝাৰ/তেজপুৰঃ ২১ ফেব্ৰুৱাৰী সমগ্ৰ বিশ্বৰ বাবে এটা গৌৰৱৰ দিন৷ এই দিনটোক আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়৷ বিশ্বৰ বিভিন্ন দেশৰ বাবে এটা স্মৃতিৰ দিন এই দিনটো৷ ১৯৫২ চনৰ পৰাই এই দিনটোক মাতৃভাষা দিৱস হিচাপে পালন কৰি আহিছে বিশ্বই।সমাজৰ পৰা বিভিন্ন ভাষা, উপ-ভাষা, দোৱান আদিৰ অস্তিত্ব দিনক দিনে লুপ্ত পাই অহাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো জাতি, উপ-জাতি, জনগোষ্ঠীৰ মাতৃভাষাক শ্ৰদ্ধা, সম্ৰণ কৰাৰ উদ্দেশ্যে ২০০০ চনৰ পৰাই ৰাষ্ট্ৰসংঘৰ নিৰ্দেশত বিশ্ব মাতৃভাষা দিৱস হিচাপে পালন কৰি আহিছে৷

বিগত বৰ্ষবোৰৰ দৰে এইবাৰো বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰতো উদযাপন কৰা হয় আন্তঃৰ্জাতিক মাতৃভাষা দিৱস। নিখিল ভাৰত বংগ সাহিত্য সন্মিলনৰ কোকৰাঝাৰ শাখাই কোকৰাঝাৰ গড়কাপ্তানি বিভাগৰ অতিথিশালাত দিনজোৰা কাৰ্যসূচীৰে পালন কৰে আন্তঃৰ্জাতিক মাতৃভাষা দিৱস। আন্তঃৰ্জাতিক মাতৃভাষা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা নিখিল ভাৰত বংগ সাহিত্য সন্মিলনৰ কোকৰাঝাৰ শাখাৰ উপ-সভাপতি বিজয় কৃষ্ণ ৰায়ে সাংগঠনিক পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

পৰৱৰ্তী সময়ত বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পন কৰে ক্ৰমে গৌৰীপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ জাফৰ চাহেব আৰু সংগঠনৰ সভাপতি প্ৰমোদ চন্দ্ৰ ভাওৱালে। প্ৰমোদ চন্দ্ৰ ভাওৱালে সভাপতিত্ব কৰা বিভিন্ন ভাষাৰ যেনে বড়ো সাহিত্য সভাৰ উপ-সভানেত্ৰী ৰমেলা ইছলাৰী, বঙাইগাঁৱৰ সাংবাদিক ধীৰাজ চক্ৰৱৰ্তী, নেপালী সাহিত্য সভাৰ সভাপতি কৃষ্ণ বাহাদুৰ থাপা প্ৰমুখ্যে বহু লোকৰ উপস্থিতিত সাহিত্য সংৰক্ষণৰ ওপৰত অন্তৰংগ আলাপ আয়োজন কৰা হয়৷

NNO তেজপুৰঃ তেজপুৰতো মাতৃভাষা দিৱস পালন কৰা হয়৷ তেজপুৰৰ মিলনপুৰ শিশু নিকেতন আৰু উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ মাতৃ ভাআষ দিৱস পালন কৰে। তেজপুৰৰ ঐতিহাসিক মিলনবাকৰি ৰাস মন্দিৰৰ চৌহদৰ পৰা সজাগতা সৃষ্টিৰ বাবে শোভাযাত্ৰা উলিয়াই। মাতৃভাষা প্ৰয়োগ কৰক, মাতৃভাষাক অপব্যৱহাৰ নকৰিব, মাতৃভাষা আমাৰ প্ৰাণ আদি বেনাৰ পোষ্টাৰ হাতে হাতে লৈ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে মাতৃভাষাক জীয়াই ৰক্ষাৰ আহ্বান জনাই মিলনপুৰ, ডিপোটা অঞ্চলত ৰাইজক সজাগ হবলৈ আহ্বান জনায়।