newsnextone.com | গুৱাহাটীঃ ভাৰত চৰকাৰৰ জনস্বাৰ্থ বিৰোধী মটৰ ভেহিকেল সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত মঙলবাৰে সমগ্ৰ দেশত মটৰ শ্ৰমিকসকলে চকা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰিছে। সমগ্ৰ দেশতে শ্ৰমিকসকলে মঙলবাৰে পুৱাই ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। সমগ্ৰ দেশত ৰাজপথত গাড়ী মটৰৰ চলাচল স্তদ্ধ হৈ পৰিছে।

অসমতো বন্ধৰ প্ৰভাৱ পৰে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে ২৪ ঘণ্টীয়া চকাবন্ধৰ কাৰ্যসূচীৰ প্ৰভাৱ গুৱাহাটী মহানগৰতো পুৱাৰে পৰা প্ৰভাৱ পৰে। সকলোধৰণৰ ব্যক্তিগত খণ্ডৰ যাত্ৰীবাহী যান-বাহনৰ চলাচল বন্ধ থকাৰ ফলত যাত্ৰীয়ে হাহাকাৰ কৰিব লগা হয়।

পুৰণি যান-বাহন আইন সংশোধনী বিধায়ক বাতিল কৰা, পেট্ৰল আৰু ডিজেল মূল্য হ্ৰাস কৰা তথা জিএছটিত অন্তৰ্ভুক্ত কৰি এক দেশ এক কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা, মটৰ শ্ৰমিকৰ বাবে কল্যাণ আঁচনি প্ৰৱৰ্তন কৰা আৰু মটৰ শ্ৰমিকৰ অন্যান্য ৯ দফীয়া দাবীৰ সমৰ্থনত এই প্ৰতিবাদ সাব্যস্ত কৰিছে। দেশজোৰা চকা বন্ধ কাৰ্যসূচীৰ প্ৰভাৱ অসমত বিশেষ ভাৱে পৰিছে। চকা বন্ধ কাৰ্যসূচীক ৰাজ্যখনৰ সকলো মটক পৰিবহন সংগঠনে সমৰ্থন আগবঢ়াইছে। মটৰ শ্ৰমিক আৰু চালক সন্থা সমূহে পূৰ্ণ সমৰ্থন আগবঢ়ােৱাৰ ফলত ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰকে ধৰি বিভিন্ন প্ৰান্তত ব্যক্তিগত খণ্ডৰ যান-বাহনৰ চলাচল বন্ধ হৈ পৰে।

গধুৰ আৰু লঘু যান-বাহনৰ চালক, শ্ৰমিক আৰু মালিক পক্ষই পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক বাৰুকৈয়ে সমস্যাত পেলাই ৰখাৰ সমান্তৰালকৈ মটৰ ভেহিকল এক্ট সংশোধনী বিধেয়ক ২০১৬ৰ জৰিয়তে মটৰ শ্ৰমিকসকলক অন্যায় কৰা হ'ব বুলি কৈ আহিছে।