newsnextone.com | নগাঁওঃ বিশ্ব জুনিয়ৰ এথলেটিকছত স্বৰ্ণ জয়েৰে ইতিহাস ৰছিবলৈ সক্ষম দৌৰৰ ৰাণী হিমা দাসৰ  সফলতাই নগাঁও জিলাবাসীক উৎফুল্লিত কৰি ৰখাৰ সময়তে জিলাখনৰ আন ৮ গৰাকী খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সফলতা অৰ্জন কৰি ৰাজ্যৰ লগতে নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ 

জানিব পৰা মতে, আন্তঃৰাষ্ট্ৰীয় সমৰকলা প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰি নগঞা ক্ৰীড়াবিদ মৃণাল কুমাৰ মহন্ত, ৰিপুঞ্জয় কলিতা, আদ্ৰিক শইকীয়া, হেপ্পী দাস, অনুৰাগ লস্কৰ, প্ৰাচুৰ্য বৰা, মন মাধুৰ্য গোস্বামী আৰু গৌৰৱ শৰ্মাই নিজৰ পাৰদৰ্শিতাৰ বলত পদক আজুৰি গৌৰৱ কঢ়িয়াই আনে৷ হিমাচল প্ৰদেশৰ পালমপুৰত যোৱা ২১-২২ জুলাইলৈ অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় "ইউনিফাইট সমৰকলা চেম্পিয়ন শ্বিপ-২০১৮" ত দেশৰ হৈ প্ৰতিনিধিত্ব কৰি ৭০-৭৪ কে.জি (পুৰুষ) শাখাত মৃণাল কুমাৰ মহন্ত,  ৭৫-৭৯ কেজি (পুৰুষ) শাখাত ৰিপুঞ্জয় কলিতা, ৪০-৪৪ কে.জি শাখাত আদ্ৰিক শইকীয়া আৰু ৩০-৩৪ কে.জি শাখাত হেপ্পী দাসে প্ৰত্যেকেই স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হয়। 

আনহাতে, ৩০-৩৪ কেজি শাখাত অনুৰাগ লস্কৰ আৰু ৫০-৫৫ কেজি শাখাত প্ৰাচুৰ্য বৰাই ৰূপৰ পদক অৰ্জন কৰাৰ বিপৰীতে ৫৫-৫৯ কেজি শাখাত মন মাধুৰ্য গোস্বামী আৰু ৪৫-৪৯ কেজি শাখাত গৌৰৱ শৰ্মাই ব্ৰঞ্জৰ পদক অৰ্জন সক্ষম হয়। এই পদকজয়ী খেলুৱৈগৰাকীয়ে বৰ্তমান নগাঁৱৰ ‘নাইটছ সমৰকলা প্ৰশিক্ষণ কেন্দ্ৰ’ ৰ মুখ্য প্ৰশিক্ষক মিন্টু গোস্বামীৰ  নেতৃত্বত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। কাজেই, ক্ৰীড়া ক্ষেত্ৰখনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ধাৰাবাহিকভাবে এটাৰ পিছত এটাকৈ সফলতা নগঁঞা খেলুৱৈয়ে কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত জিলাখনৰ সৰ্বত্ৰে উছাহৰ ঢল বোৱাৰ লগতে জিলাবাসীক উৎফুল্লিত কৰি তুলিছে ৷ 

প্ৰকাশ যে, স্বৰ্ণজয়ী হিমা দাসৰ লগতে কিছুদিনৰ পূৰ্বে নগাঁৱৰ প্ৰতিভাৱান শৰীৰ চৰ্চাবিদ ছৰিফুল আলম শইকীয়াই ৱৰ্ল্ড ফিটনেচ ফেডাৰেচনৰ দ্বাৰা ছিংগাপুৰত অনুষ্ঠিত হৈ যোৱা "মিঃ ইউনিভাৰ্ছ" শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় দেহশ্ৰী প্ৰতিযোগিতাত এচিয়া মহাদেশৰ হৈ অংশগ্ৰহণ কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷