নগাঁওঃ নগাঁও জিলা সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে প্ৰবীন নাট্যকৰ্মী তথা নটসূৰ্য বঁটা প্ৰাপ্ত, বিশিষ্ট অভিনেতা, নাট পৰিচালক জ্ঞানদা বৰাক৷ উপ-সভাপতি আৰু সম্পাদক হিচাপে নিৰ্বাচিত হৈছে ক্ৰমে নিত্যানন্দ বৰা আৰু মৃণাল হাজৰিকা৷ বিগত জানুৱাৰী মাহৰ পৰা নগাঁও জিলা সাহিত্য সভাৰ অন্তৰ্গত মুঠ ৭১টা শাখাৰ মাজত নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু যোৱা ২২ জানুৱাৰীত বেলট বাকচ বন্ধ কৰা হৈছিল৷

যোৱা দেওঁবাৰে নগাঁও চহৰৰ কমলা দেৱী টোদী স্মৃতি ভৱনত অনুষ্ঠিত হোৱা এখন সভাত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি আৰু সম্পাদকৰ নাম আনুষ্ঠানিকভাবে ঘোষণা কৰা হয়৷ ৭১টা শাখাই অংশ লোৱা নিৰ্বাচনত ঘোষণা কৰা ফলাফল অনুযায়ী সভাপতি হিচাপে জ্ঞানদা বৰাই মুঠ ৬১ টা ভোট লাভ কৰাৰ লগতে উপ-সভাপতি হিচাপে নিত্যানন্দ বৰাই মুঠ ৩৫টা আৰু সম্পাদক হিচাপে মৃণাল হাজৰিকাই মুঠ ৬১টা ভোট লাভ কৰি নিৰ্বাচিত হয়৷ নিৰ্বাচনী বিষয়া হিচাপে আছিল ঘনকান্ত বৰা, বিভা ফুকন আৰু নবীন বৰঠাকুৰে৷