নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ হাইডুবী  নিৱাসী বিশিষ্ট শিক্ষাবিদ, সমাজ সংগঠক,আব্দুল কদ্দুছ (৬৫)ৰ উচ্চ ৰক্তচাপ আৰু  মধুমেহ ৰোগত  আক্ৰান্ত হৈ দেওবাৰে দিনৰ প্ৰায় ১১ বজাত  নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত দেহাৱসান ঘটে।

মানুহ গঢ়াৰ মন্দিৰ স্বৰূপ ধূপগুৰি জে বি মোক্তাৱ  বিদ্যালয়ৰপৰা ২০১৪ চনত প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা শিক্ষাবিদ আব্দুল কদ্দুছক নগাঁও জিলা শিক্ষক পৰিষদৰপৰা বিশেষ সন্মানৰে সন্মানিত কৰা হৈছিল ।

শিক্ষাবিদ  আব্দুল কদ্দুছে দক্ষিণ হাইডুবী জামে মছজিদ  প্ৰতিষ্ঠাৰ বাবে মাটি দান কৰাৰ লগতে তবলীগী জামাতৰ লগত  ওতপ্ৰোতভাৱে জড়িত হৈ  থকাৰ উপৰিও অঞ্চলৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগত  জড়িত হৈ  নিষ্ঠা সহকাৰে ৰাইজৰ সেৱা আগবঢ়াই  আহিছিল।

দিনৰ ৪:৩০ বজাত প্ৰায় সহস্ৰাধিক  লোকৰ উপস্থিতিত তেওঁৰ জানাজা নামাজ সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত ধূপগুৰি জে বি মোক্তাৱৰ শিক্ষক গোট, ৩১২ নং বাটমাৰী হাইডুবী মোক্তাৱৰ শিক্ষক গোট,  বটদ্ৰৱা প্ৰেছ ক্লাবৰ উপ সভাপতি দিব্যজ্যোতি বৰুৱা, সম্পাদক ছাইফুল ইছলাম, কোষাধ্যক্ষ মানিক বৰা, সাংগঠনিক সম্পাদক দিলদাৰ হুছেইন, জাজৰি প্ৰেছ ক্লাৱৰ সভাপতি জয়ন্ত মুদৈ, সম্পাদক ৰাহুল দেৱ বৰদলৈ, শিক্ষাবিদ ৰফিকুল  ইছলামৰ লগতে বিভিন্নজনে শোক প্ৰকাশ কৰে।

মৃত্যুৰ সময়ত  তেওঁ পত্নী, চাৰিজন পুত্ৰ, দুগৰাকী কন্যাৰ লগতে বহু আত্মীয়ক  ইহসংসাৰত  এৰি থৈ যায় ৷