নলবাৰীঃ মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াক যোৱা ২৩ মাৰ্চত নলবাৰী সমষ্টি বিধায়ক অশোক শৰ্মা আৰু জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাৰ নেতৃত্বত সহস্ৰাধিক ৰাইজে আদৰণি জনোৱাৰ পাছত মঙলবাৰে নলবাৰীত লোকসভা সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাকো আদৰণি জনোৱা হয়।

তদুপলক্ষে সন্ধিয়া নলবাৰী চহৰৰ নন্দেশ্বৰ শইকীয়া ভৱনত এখন সংবাদ মেল আয়োজন কৰে কংগ্ৰছে। জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্য জ্যোতি হালৈয়ে আঁত ধৰা সংবাদমেলত মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতা, কংগ্ৰেছৰ নেতা প্ৰদ্যুত কুমাৰ ভূঞা, শৰৎ কলিতা, পাপৰি মালাকৰ, মজিব আলী, উদ্দীপন পাটোৱাৰীসহ বহু সংখ্যক দলীয় কৰ্মী উপস্থিত থাকে।

সংবাদ মেল সম্বোধন কৰি নানা প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দলটোৰ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাই কয় যে মঙলদৈ সমষ্টি এইবাৰ পুনৰ কংগ্ৰেছ দলে দখল কৰিব। দুটাকৈ কাৰ্যকালত সাংসদ ৰমেন ডেকাই সমষ্টি উন্নয়নত ব্যৰ্থ হৈছে। তেওঁ আৰু কয় যে কংগ্ৰেছ দল শাসনলৈ আহিলে নলবাৰীক ‘এডুকেচন’ হাব হিচাপে গঢ়ি তোলা হ’ব।

ইফালে 'আমাৰ পৰিয়াল বিজেপিৰ পৰিয়াল’ শ্ল’গান দিয়া গেৰুৱা দলটো পুনৰ শাসনলৈ আহিলে অসম তথা উত্তৰ পূৰ্বাঞ্চলত নানা সমস্যাই দেখা দিব বুলি তেওঁ মন্তব্য কৰে। নিবনুৱা সমস্যাই অসমত ভয়াবহ ৰূপ লৈছে যদিও বিজেপিয়ে ইয়াক সমাধান নকৰি প্ৰতাৰণাহে কৰিছে অসমবাসীক।

এনএছএছঅ’ৰ প্ৰতিবেদন মতে ৭২,০০০ হাজাৰ পদ বিলুপ্ত কৰিছে বিজেপি চৰকাৰে। জনজাতিকৰণৰ নামত ভেঁকো-ভাওনা কৰি আছে শাসকীয় দলটোৱে। তেওঁ সাংসদ হৈ থকাতেই হাজো-মুকালমুৱা হৈ ৰে’লপথ নিৰ্মাণ আৰু গুৱাহাটীৰপৰা মুকালমুৱাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ আঁচনি হাতত লৈ জৰীপ চলোৱা হৈছিল যদিও বিজেপি চৰকাৰে এই আঁচনি বন্ধ কৰি ৰাখিছে বুলি তেওঁ অভিযোগ কৰে। 

দেশত শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ সাম্প্ৰদায়িক বিজেপিক লোকসভা নিৰ্বাচনত উৎখাত কৰাৰ আহ্বান জনায় কলিতাই।