♦ সতীৰ্থ সন্মিলন সমাৰোহ অহা ৭ এপ্ৰিলত অনুষ্ঠিত হ’ব

নলবাৰীঃ অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ নলবাৰী সদৰ সমষ্টিৰ কমিটীখন ৩০ মাৰ্চ শনিবাৰে নিশালৈ চলা এখন সভাত গঠন কৰা হয়।

নলবাৰীৰ দেশপ্ৰাণ নগেন শৰ্মা ভৱনত যুৱ পৰিষদৰ জিলা সভাপতি কনকেশ্বৰ দাসৰ সভাপতিত্ব অনুষ্ঠিত হয় সভাখন। সভাত বিভিন্নজনে বক্তব্য ৰখাৰ পাছত যুৱ পৰিষদৰ নলবাৰী সদৰ সমষ্টিৰ  উদ্যোগত সতীৰ্থ সন্মিলন সমাৰোহ এখন অহা ৭ এপ্ৰিলত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়।

লগতে আগন্তুক লোকসভা নিৰ্বাচনত মঙলদৈ সমষ্টিৰ অগপ, বিজেপি আৰু পি এফৰ সমৰ্থিত প্ৰাৰ্থী দিলিপ শইকীয়াক পূৰ্ণ সহযোগ কৰাৰ অভিমত প্ৰকাশ কৰে কেইবাজনো নেতাই।

উক্ত সভাতে শশীন্দ্ৰ শৰ্মাক সভাপতি, দীপক ৰাজবংশীক উপ-সভাপতি, গকুল মহন্তক প্ৰশাসনিক সম্পাদক, উদীপ্ত কুমাৰ গোস্বামীক সম্পাদক হিচাবে লৈ ষোল্লজনীয়া নলবাৰী সদৰ সমষ্টি যুৱ পৰিষদৰ এখন কমিটী গঠন কৰা হয়।