newsnextone.com | খাৰুপেটীয়াঃ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰৰ নাম এনআৰচিৰ সম্পূৰ্ণ খচৰাৰ পৰা বাদ পৰা  বুলি জানিব পৰা গৈছে। নথি পত্ৰ দি এনআৰচিৰ বাবে আবেদন কৰিছিল যদিও প্ৰাক্তন মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰৰ নাম প্ৰকাশ পোৱা নায়।

জানিব পৰা মতে, প্ৰাক্তন মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰৰ পুত্ৰ মহিউদ্দিন ৰাজিন আনোৱাৰৰ নামটোহে ৩০ জুলাইত প্ৰকাশ পোৱা এনআৰচিৰ সম্পূৰ্ণ খচৰাত অন্তৰ্ভুক্ত হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰৰ এনআৰচিৰ 601832502149052900003 নম্বৰৰ এআৰএনত পুত্ৰ ৰাজিন নামটো অন্তৰ্ভুক্ত হয়।

উল্লেখ্য যে, চূড়ান্ত খচৰাত এগৰাকী মুখ্যমন্ত্ৰীৰ নাম অন্তৰ্ভুক্ত নোহোৱা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এইক্ষেত্ৰত সাধাৰণ মানুহ বা পৰিয়ালৰ অৱস্থা কেনেকুৱা হ'ব পাৰে ক্ষোভ বুলি একাংশ লোকে ক্ষোভ ব্যক্ত কৰে। আনহাতে ছ'চিয়েল মিডিয়াত বিশেষকৈ ফেচবুকত একাংশ লোকে নিৰ্দিষ্ট ধৰ্মৰ লোকক টাৰ্গেট কৰি মন্তব্য প্ৰকাশ কৰি থকা পৰিলক্ষিত হৈছে। প্ৰতিম হাজৰিকাৰ নামত থকা এটা ফেচবুক একাউণ্টৰ জড়িয়তে মুছলমান টুপি পিন্ধা.সকলৰ বেয়া দিন আহিল বুলি ভাবুকি প্ৰদান কৰি আপডেট দিয়া কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে l