গুৱাহাটীঃ মৃত্যু জীৱনৰ পৰিসমাপ্তি৷ এই মৃত্যু আহে সংগোপনে৷ কাৰ মৃত্যু কেতিয়া ক’ত কেনেকৈ হয় কোনে জানে৷ মৃত্যু অৱধাৰিত৷ এদিন সকলোৱে যাব লাগিব অচিনা দেশলৈ৷ পৃথিৱীৰ মায়া, মোহ ত্যাগ কৰি সকলোৱে যাব লাগিব এয়া চিৰন্তন সত্য৷ কিন্তু এনে কিছু মানুহৰ অকাল মৃত্যু হয় যাক সহজে লব নোৱাৰি৷ তেনে লোকৰ মৃত্যুত ফেকুৰি উঠে বহু লোক৷ তেনে এক মৃত্যুৱে কন্দুৱাইছে বহুতকে৷

২০১৫ চনৰ পৰা তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা মহানগৰীৰ কাহিলীপাৰাৰ বিষ্ণু ৰাভা পথৰ বাসিন্দা নন্দিতা বড়োৰ মৃত্যুত কান্দিছে বহুতে৷ শনিবাৰে পুৱা ৫ বজাত মৃত্যুক আকোৱালি লয় নন্দিতাই৷ ব্যক্তিগত খণ্ডৰ নিউজ-১৮ নামৰ নিউজ চেনেল এটিৰ জড়িয়তে পোহৰলৈ আহিছিল নন্দিতাৰ জীৱনৰ কৰ্কট ৰোগৰ দুখ লগা আৰু ভাল লগা প্ৰেমৰ প্ৰতিচ্ছবি খন৷ নিউজ চেনেলটোৱে বিশেষ প্ৰচাৰ কৰি নন্দিতাক আৰ্থিক সহায় কৰাৰ বাবে উদ্যোগ লৈছিল৷

নন্দিতাক অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন হৈছিল প্ৰায় ১৫ লাখ টকাৰ৷ নিউজ-১৮-এ বাতৰি প্ৰচাৰ কৰাই নহয় ষ্টুডিঅ’ত নন্দিতাক বহুৱাই বিশেষ অনুষ্ঠান কৰি ৰাইজৰ পৰা সহায় বিছাৰিছিল৷ ৰাজ্যৰ বহু সংখ্যাক লোকে নন্দিতাক সহায় কৰিছিল আৰু বহু লোকে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ যোৱা দুবছৰে কৰ্কট ৰোগত আক্ৰান্ত নন্দিতাৰ প্ৰেমো আছিল আলোচ্যৰ বিষয়ে৷ যিটো সময়ত তেওঁৰ পৰিয়ালে তেওঁক এলাগী কৰিছিল সেই সময়ত চাকৰি এৰি তাইৰ ওচৰত থিয় দিছিল তাইৰ প্ৰেমিক মিন্টু বৰদলৈ৷

প্ৰেমিক মিন্টুৱে প্ৰেমিকা নন্দিতাৰ বাবে যি আহোপুৰুষাৰ্থ কৰিছে সেয়া বিৰল৷ যিগৰাকী যুৱতীক কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পিছত পৰিয়ালে একপ্ৰকাৰ ঘৃণা কৰিবলৈ আৰম্ভ কৰিছিল সেই সময়ত চাকৰি এৰি সংগ দিছিল প্ৰেমিকা নন্দিতাক৷ শনিবাৰে পুৱালৈকে নন্দীতাৰ সৈতে আছিল প্ৰেমিক মিন্টু৷ মহানগৰীৰ বিবৰুৱা কৰ্কট ৰোগৰ চিকিৎসালয়, মুম্বাইৰ টাটা হস্পাতাললৈ তাঁত বাটি কাঢ়ি ফুৰিছিল প্ৰেমিত যুগল৷

চিকিৎসকৰ পৰামৰ্শ, স্বাস্থ্য পৰীক্ষা, তেজ আদিৰ বাবে দুয়ো দুয়োৰে অভিন্ন অংগ হৈ সংগ্ৰাম কৰি গৈছিল৷ প্ৰেমিক মিন্টুৰ স্বাৰ্থ আছিল নন্দিতাক পুৰ্বৰ অৱস্থালৈ ওভতাই অনা৷ সম্ভৱত সকলো প্ৰয়াস কৰি ভাগৰি পৰা নাছিল দুয়ো৷ ২০১৫ চনতে বিবাহ পাশত আবদ্ধ হ’বলগীয়া প্ৰেমিক যুগলৰ বিয়া হোৱা নহ’ল এই ৰোগৰ বাবে৷ কিন্তু দুয়ো অত্যন্ত বিশ্বাসী আছিল এদিন এই ৰোগক পৰাজয় বৰণ কৰি বিবাহ পাশত আবদ্ধ হ’ব৷

মৰম লগা নন্দিতাই আশা পুহি ৰাখিছিল এই ৰোগৰ পৰা মুক্ত হৈ যুগ্মজীৱন আৰম্ভ কৰিম৷ ধুমুহাই লগ নেৰা জীৱনটোত নন্দিতাই ভালপোৱা, প্ৰেম জীয়াই ৰাখিছিল এক দস্তাবেজৰ দৰে৷ নন্দিতা শনিবাৰে পুৱাই সকলোকে এৰি গুছি গল যদিও তেওঁলোকৰ প্ৰেমৰ কাহিনী আমি জীয়াই ৰাখিব লাগিব৷ তেওঁলোকৰ প্ৰেম চিৰকাল জীয়াই থাকক তাৰে কামনা আমি কৰিব লাগিব৷ কিন্তু মিন্টুৰ মাতৃয়ে নন্দিতাক উকা কপালে যাব নিদিলে৷ প্ৰাণ নোহোৱা দেহটোত হ'লেও নন্দিতাৰ কপালত আঁকি দিলে সেন্দুৰৰ ফোট৷

নন্দিতাক বোৱাৰি ৰূপে স্বীকাৰ কৰি বিদায় জনালে শাহুৱেকে৷ জানিব পৰা মতে, নন্দিতাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁক সহায় কৰিবৰ বাবে এখন চিঠি লিখিছিল৷ সেই চিঠিখন অসম চৰকাৰলৈ ফৰৱাৰ্ড কৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে৷ কিন্তু অসম চৰকাৰে গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন হয়৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ ধৰিব গৈ মন্ত্ৰীগৰাকী অত্যন্ত ব্যস্ত বাবে লগ ধৰিব নোৱাৰি উভতি আহে৷ চিকিৎসাৰ বাবে ১৫ লাখ টকাৰ প্ৰয়োজন আছিল যদিও অটল অমৃত যোজনাৰ কিছু টকা তেওঁ লাভ কৰিছিল যদিও সেয়া চিকিৎসাৰ বাবে পৰ্যাপ্ত নাছিল৷