গুৱাহাটীঃ শনিবাৰে পুৱাই ৰাজ্য চৰকাৰ গ'বেক বিধায়ক অতুল বৰা মুৰ্দাবাদ ধ্বনিৰে উত্তাল মহানগৰীৰ নাৰেংগী অঞ্চল। নাৰেংগী চন্দ্ৰপুৰ সহযোগী ৰাজ্যিক ঘাইপথত অাছু অসম জাতীয়বাদী যুৱ পৰিষদ, নাৰেংগী উন্নয়ন সমিতি তথা নাৰেংগীবাসী ৰাইজে যাতায়াত ব্যৱস্থা সূচলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

উন্নয়নৰ ঢাক-ঢোল বজাই শাসনৰ গাদী দখল কৰা বিজেপিৰ মিত্ৰজোঁট চৰকাৰখনে নাৰেংগীবাসী ৰাইজক নানা প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্যন্ত নানা সমস্যাৰে জৰ্জৰিত হৈ থাকিল অঞ্চলবাসী। দীৰ্ঘদিন ধৰি নাৰেংগী চন্দ্ৰপুৰ সংযোগী ৩ নং ৰাজ্যিক ঘাইপথটো সঘনাই হোৱা তীব্ৰ যান-জঁট আৰু নলা নৰ্দমা পৰিত্যাক্ত বস্তুৰে ভৰি থকাৰ পৰিপ্ৰেক্ষিতত বাৰিষা আহিলে নানা সমস্যাত পৰে স্থানীয় লোকসকল।

ইয়াকে লৈ আজি ঘাইপথ অৱৰোধ কৰি 'জিএমচি মুৰ্দাবাদ’, 'অতুল বৰা গ’ বেক’ আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰায় দুঘন্টা সময় ৰাইজে পথ অৱৰোধ কৰাৰ লগতে অতি শীঘ্ৰে নলা নৰ্দমা পৰিস্কাৰ কৰাৰ দাবী জনায়৷

ইপিনে পথ অৱৰোধ কৰাৰ সময়ছোৱাত তীব্ৰ যান জঁটৰ সৃষ্টি হয় ৰাজ্যিক ঘাইপথত অাৱদ্ধ হৈ পৰে বহু যান বাহন৷ আনফালে প্ৰতিবাদস্থলীত জিএমচিৰ আয়ুক্ত মনালিচা গোস্বামী উপস্থিত হৈ পথ মেৰামতিৰ আশ্বাস দিয়াত প্ৰতিবাদকাৰীসকল শান্ত হয়৷