Newsnextone | ডিজিটেল ডেস্কঃ তীৰ্থযাত্ৰীৰ হেঁপাহৰ কৈলাশ মানস সৰোবৰলৈ বুলি যাত্ৰা কৰিব পাৰিব ৫০০ তীৰ্থযাত্ৰীয়ে। কিয়নো চীনে মুকলি কৰি দিছে এই পথটো। বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে মঙলবাৰে দিল্লীৰ বৈদেশিক মন্ত্ৰালয়ত আয়োজন কৰা এখন বৈঠকত এই বিষয়ে প্ৰকাশ কৰে৷ লগতে তীৰ্থযাত্ৰীৰ পঞ্জীকৃত নামতালিকাখনো ৰাজহুৱা কৰে৷ 

এই বছৰ ১৫৮০ জন ভক্তই কৈলাশ মানসৰোবৰলৈ যাত্ৰা কৰিব৷ তাৰ ভিতৰত ৫০০ জন ভক্তই নাথু লা পাছ হৈ যাব৷ কৈলাশলৈ বুলি যাত্ৰা কৰা তীৰ্থযাত্ৰীসকলক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে বৈদেশিক মন্ত্ৰীগৰাকীয়ে। যাত্ৰাৱস্থাত কোনো সমস্যাৰ সন্মুখীন হ’লে বৈদেশিক মন্ত্ৰালয়ৰ সমিতিৰ সৈতে তত্কালিন যোগাযোগ কৰাৰো সুবিধা দিয়া হ’ব বুলি জনায় সুষমাই। 

বিষয় সন্দৰ্ভত বৈদেশিক মন্ত্ৰীগৰাকীয়ে চীনৰ সৈতে ভাৰতৰ সম্পৰ্কৰ বুজাবুজিৰ প্ৰয়োজনীয়তাৰ কথাও দোহাৰে। চীনে এনেদৰে পথ মুকলি কৰি দিয়াটো দেশদুখনৰ কূটনৈতিক সম্পৰ্কৰ বাবে উত্হাসজনক বুলিও মন্তব্য কৰে বৈদেশিক মন্ত্ৰীগৰাকীয়ে। 

উল্লেখ্য যে নাথু লা হৈছে চীন আৰু ভাৰতৰ মাজত অৱস্থিত এক পথ৷ এই পথটোৱে ভাৰতৰ ছিকিম ৰাজ্যত আৰু তিব্বতৰ উচ্চ ঘাট হিচাপে নাথু লাই দুয়োখন দেশকে সংলগ্ন কৰিছে৷ ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ পাছত এই পথটোক বন্ধ কৰি দিয়া হৈছিল৷ কিন্তু ২০০৬ চনত ব্যৱসায়ৰ বাবে পুনৰ মুকলি কৰি দিয়া হয় এই পথটো৷  চীন আৰু ভাৰতৰ মাজত ৮০ শতাংশই ব্যৱসায়ৰ লেনদেনৰ কাম এই পথটোৰ জৰিয়তে হয়।