ডিজিটেল ডেস্কঃ অসমৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুণ বৰাই ৰাষ্ট্ৰীয় সংগীতত ‘উত্তৰ পূৰ্বাঞ্চল’ শব্দ অন্তৰ্ভুক্ত কৰাৰ দাবী জনোৱাৰ সময়তে দেশত চৰ্চা অব্যাহত আছে৷ এইবাৰ ৰাষ্ট্ৰীয় সংগীতৰ পৰা অধিনায়ক শব্দ আতৰোৱাৰ দাবীত সৰৱ হ’ল হাৰিয়ানাৰ বিতৰ্কিত স্বাস্থ্য মন্ত্ৰী অনিল বিজে৷
#WATCH: Haryana Minister Anil Vij says 'Theek baat hai Sindh ko hataane ki baat hai. Adhinayak shabd ko bhi hatna chahiye. Adhinayak ka matlab hota hai taanaashah. Hindustan mein ab koi taanaashah nahi hai'. pic.twitter.com/z39oGbbv8O
— ANI (@ANI) March 17, 2018
দেশত ৰাষ্ট্ৰীয় সংগীতক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে অনিল বিজে কয় ‘‘থিক আছে সিন্ধু শব্দ আতৰ কৰোৱাৰ কথাটো৷ অধিনায়ক শব্দ আতৰাব লাগে৷ অধিনায়ক শব্দৰ অৰ্থ হ’ল একনায়কত্ববাদী শাসক৷ এতিয়া ভাৰতবৰ্ষত একনায়কত্ববাদী শাসক নাই৷’’
ৰাষ্ট্ৰীয় সংগীতত অসম নতুবা উত্তৰ পূৰ্বাঞ্চলৰ কথা উল্লেখ নথকাত সময়ে সময়ে বিতৰ্ক হৈ আহিছে৷ যোৱা ১৬ মাৰ্চত সাংসদ ৰিপুণ বৰাই ৰাজ্য সভাত ৰাষ্ট্ৰীয় সংগীতত ‘সিন্ধু’ শব্দৰ পৰিৱৰ্তে ‘উত্তৰ পূৰ্বাঞ্চল’ শব্দ অন্তৰ্ভুক্ত কৰাৰ ৰাজ্য সভাত আৱেদন পত্ৰ দাখিল কৰে৷
ৰিপুণ বৰাই কয় ‘‘উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ অন্যতম অংগ৷ কিন্তু ৰাষ্ট্ৰীয় সংগীতত উত্তৰ পূৰ্বাঞ্চলৰ কথা উল্লেখ নাই কিন্তু সিন্ধুৰ কথা উল্লেখ আছে৷ বৰ্তমান ভাৰতৰ নহয় পাকিস্তানৰ হে অংগ সিন্ধু৷’’
সদনত এই বিষয়ৰ আইনক সংশোধন কৰি উত্তৰ পূৰ্বাঞ্চল শব্দ অন্তৰ্ভুক্ত কৰাৰ দাবী জনাই বৰাই৷ ব্যক্তিগত ভাৱে এই আৱেদন জনাই পত্ৰ দাখিল কৰে ৰাজ্য সভাত৷ শুকুৰবাৰে এই আৱেদন দাখিল কৰা বিষয়টোৱে ব্যাপক চৰ্চালৈ আহে৷