ডিজিটেল ডেস্কঃ পাকিস্তানৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কাৰ্যৰত প্রধানমন্ত্ৰী এগৰাকীয়ে থিয় দিব লাগিব কাঠগৰাত।

পানামা পেপাৰ কেলেংকাৰীৰ সাঙোৰ খাই পৰা চুবুৰীয়া দেশখনৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বেৰীফক কেলেংকাৰীৰ তদন্ত চলাই থকা জইণ্ট ইনভেষ্টিগেশ্যন টিমে বৃহস্পতিবাৰে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে।

৮ জুনত জাৰী কৰা নিৰ্দেশনা মতে ১৫ জুনত ১১ বজাত ইছলামাবাদস্থিত ফেডাৰেল জুডিশ্যিয়েল একাডেমীত উপস্থিত থকাৰ কথা কোৱা হৈছে।  

ইয়াৰ লগতে শ্বেৰীফক পানামা পেপাৰ্চৰ সৈতে জড়িত নথি-পত্ৰসমূহো অনাৰো উল্লেখ আছে নিৰ্দেশনামাখনত।

ডাৱান নামৰ সংবাদ মাধ্যমটোত প্ৰকাশ পোৱা প্ৰতিবেদন মতে বিত্তমন্ত্ৰী ইশাক দ্বাৰকো আদালতত প্ৰশ্ন সোধা হ’ব পাৰে।