ডিব্ৰুগড়ঃ দেশত স্বাস্থ্যব্যৱস্থাৰ বিভিন্ন আঁছনি আছে যদিও আজিকোপতি বহুতো আঁচনিয়ে হিতাধিকাৰীক ঢুকি পাব পৰা নাই।  শেহতীয়াকৈ ৰাজ্যৰ তিনিচুকীয়া জিলাৰ এগৰাকী যুৱতীয়ে ৰোগত আক্ৰান্ত হৈ হাহাকাৰ কৰিব লগা হৈছে যদিও যুৱতীগৰাকীক সহায় কৰোতা কোনো নাই৷ যুৱতীগৰাকী হৈছে জিলাখনৰ শদিয়াৰ চেপাখোৱা সাতমাইলৰ দোকানী গাঁৱৰ ৩২ বছৰীয়া মনোমতী মেচ। যুৱতীগৰাকীয়ে যোৱা ৯ বছৰ ধৰি একালেছিয়া নামৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত হাহাকাৰ কৰিব লগা হৈছে৷ মনোমতী মেচক উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন প্ৰায় ৩ লাখ টকাৰ।

দুৰ্ভগীয়া মাতৃ বিদ্যাৱতী মেচে জানিবলৈ দিয়া মতে, ২০০৮ চনৰ পৰা প্ৰায় দুই বছৰ ধৰি বিভিন্ন বেজ-বেজালীৰ দ্বাৰা চিকিৎসা কৰোৱা হৈছিল যদিও চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰোৱাতহে ৰোগৰ সবিশেষ ধৰা পৰে। শেহতীয়াকৈ ডিব্ৰুগড় আদিত্য হস্পিতালত চেন্নাইৰ এপল হস্পিতালৰ জেনেৰেল চাৰ্জাৰী ডাঃ এম মুৰলিধৰণৰ ওচৰত চিকিৎসা গ্ৰহণ কৰি আছে। ইতিমধ্যে ডাঃ এম মুৰলিধৰনে যুৱতীগৰাকীক অস্ত্ৰোপচাৰৰ বাবে চেন্নাইৰ এপল হস্পিতাললৈ নিয়াৰ বাবে পৰামৰ্শ দিয়াৰ লগতে অস্ত্ৰোপচাৰৰ বাবে তিনি লাখ টকাৰ প্ৰয়োজন বুলি কয়।

২০১০ চনতে যুৱতীগৰাকী একালেছিয়া ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰাৰ পিছতো কেৱল আৰ্থিক অভাৱতে পৰিয়ালৰ লোকে যুৱতীগৰাকীক অস্ত্ৰোপচাৰ বাবে বহিঃৰাজ্যলৈ নিব পৰা নাছিল। এই ক্ষেত্ৰত মাতৃ বিদ্যাৱতীয়ে চিকিৎসা সাহায্য বিচাৰি শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ কাষ চাপিছিল যদিও বিধায়কগৰাকীৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম নহল। মনোমতীয়ে পিছে এৰি দিয়া নাই জীয়াই থকাৰ তাড়না। নিজেই বিদ্যালয়ৰ শিক্ষা আধাতে সামৰি দুই ভনীয়েকক শিক্ষাৰ পোহৰ বিলোৱা মনোমতী এতিয়া চিৰ জীৱনৰ কাৰণে সংগী কৰি লৈছে বিচনাক।

একালেছিয়া নামৰ ৰোগ বিধৰ বাবে মনোমতীয়ে কোনো খাদ্য গ্ৰহণ কৰিব নোৱাৰে। ইপিনে দিন হাজিৰা কৰি জীয়াই থকা দৰিদ্ৰ পৰিয়ালটোৱে মনোমতীক তিনি লাখ টকা দি অস্ত্ৰোপচাৰ কৰি সুস্থ কৰাৰ আশা পুহি ৰাখিছে৷ তাৰ বাবে পৰিয়ালটোৱে আপোনাৰ পৰা সহায় বিচাৰিছে৷ মনোমতীক জীয়াই থাকিবলৈ এতিয়া আপোনাৰ সহায়ৰ প্ৰয়োজন।

আপোনাৰ সহায়ৰ বাবেই মনোমতীয়ে লাভ কৰিব পাৰে নতুন জীৱন। সদাশয় ব্যক্তিয়ে মনোমতীৰ অস্ত্ৰোপচাৰৰ বাবে আৰ্থিক সাহায্য আগবঢ়াব বিচাৰিলে ভাৰতীয় ষ্টেট বেংকৰ শদিয়াৰ চেপাখোৱা শাখাত মনোমতী মেচৰ নামত থকা একাউণ্ট ৩৫৩৭৭০৪২৯৭৫ আৰু আই এফ চি কড ০০১১৬২৪ নম্বৰত জমা দিব পাৰিব। মনোমতী মেচৰ ৯৯৫৪৪৬৯৬৬৭ নম্বৰৰ মোবাইল নম্বৰ নাইবা মাতৃ বিদ্যাৱতী মেচৰ ৮২৫৬০৩২৪০৭ নম্বৰৰ মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে।