Printer-friendly version

নতুন দিল্লীঃ নীট পৰীক্ষাৰ ওপৰত গুৰত্বপুৰ্ণ নিৰ্দেশ উচ্চতম ন্যায়লয়ৰ৷ আজি শুক্ৰবাৰে দেশৰ সৰ্বোচ্চ ন্যায়লয়ে সৰ্ব ভাৰতীয় প্ৰাক চিকিৎসা পৰীক্ষাৰ সন্দৰ্ভত এই গুৰত্বপুৰ্ণ নিৰ্দেশ দিয়ে৷ ২৫ বছৰৰ ওপৰৰ শিক্ষাৰ্থীও অৱতীৰ্ণ হ’ব পাৰিব এই পৰীক্ষা৷

তদুপৰি এই পৰীক্ষাৰ প্ৰ-পত্ৰ পুৰণৰ তাৰিখো ৪ এপ্ৰিল পৰ্যন্ত বৃদ্ধি কৰা হৈছে৷ উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তই সকাহ দিছে পৰীক্ষাৰ্থীক৷  বিশ্ববিদ্যালয় অনুদান আয়োগে ২৫ বছৰতকৈ ততোধিক বয়সৰ ব্যাক্তিয়ে নীটত অৱতীৰ্ণ হ’ব নোৱাৰিব বুলি এক সিদ্ধান্ত আগবঢ়াইছিল৷  

তদুপৰি ২০১৩ চনৰ পৰা ৩ বাৰত এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীক পৰীক্ষা দিয়াত বাধা আৰোপ কৰিছিল৷ উক্ত সিদ্ধান্তত প্ৰতিবাদো কৰিছিল বহু পৰীক্ষাৰ্থীয়ে৷ কিন্তু আজি উচ্চতম ন্যায়ালয়ে সকলো সিদ্ধান্ত খাৰীজ কৰে৷