চামগুৰিঃ আন্তঃৰাষ্ট্ৰীয় ইন্টাৰনেচনেল ফেডাৰেচন অৱ জাৰ্ণেলিষ্টৰ অন্তৰ্গত ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ জাৰ্ণেলিষ্ট ইউনিয়ন অৱ অসমৰ কলিয়াবৰ জিলা সমিতি শনিবাৰে গঠন কৰা হয়৷ নগাঁও জিলাৰ চামগুৰি গড়কাপ্টানী পৰিদৰ্শন বাংলাত জ্যেষ্ঠ সাংবাদিক গোলাপ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয়৷ 

চামগুৰিৰ সংযুক্ত সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নীলৰঞ্জন শৰ্মাই আঁত ধৰা জাৰ্ণেলিষ্ট ইউনিয়ন অৱ অসমৰ সভাত কলিয়াবৰ জিলা সমিতি গঠন কৰা হয়৷ সভাত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি পলাশ ৰঞ্জন দাস পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি জাৰ্ণেলিষ্ট ইউনিয়ন অৱ অসমৰ লক্ষ্য-উদ্দেশ্য আৰু সাংবাদিকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত বক্তব্য ৰাখে৷

সাংবাদিক নীলৰঞ্জন শৰ্মাক সভাপতি, প্ৰদীপ বৰা আৰু ৰকিবুল ৱাহিদক উপ-সভাপতি, গোলাপ চন্দ্ৰ শইকীয়াক সাধাৰণ সম্পাদক, ভাৰ্গৱ হাজৰিকা আৰু দিগন্ত ভূঞাক সহকাৰী সম্পাদক, দিব্যজ্যোতি ভূঞাক সাংগঠনিক সম্পাদক, নয়ন মণি বৰাক বিত্তীয় সম্পাদক, দুলাল শৰ্মাক কাৰ্যালয় সম্পাদক, নৱজ্যোতি বৰা, দিপু বৰা, ৰাজু বিশ্বাস, কৃষ্ণ শইকীয়া, শ্যামেন্দ্ৰ বৈৰাগী, কাবুল কলিতা, আবু আনচাৰী, জিতুমণি শইকীয়া, আচিৰুল হ'কক কাৰ্যনিৰ্বাহক সদস্য আৰু গৌতম কুমাৰ বৰাক কেন্দ্ৰীয় সমিতিৰ সদস্য হিচাপে লৈ জাৰ্ণেলিষ্ট ইউনিয়ন অৱ অসমৰ কলিয়াবৰ জিলা সমিতি গঠন কৰা হয়৷