ডিজেটেল ডেস্কঃ ভাৰতৰ মিছাইল মানৱ এপিজে আব্দুল কালামৰ নামেৰে নামাকৰণ কৰা হৈছে নতুনকৈ আৱিস্কৃত বেক্টেৰিয়াৰ এটা প্ৰজাতিৰ।

তাৎপৰ্যপূৰ্ণ যে আৱিস্কাৰ হোৱা প্ৰজাতিবিধ আমাৰ পৃথিৱীৰ বাসিন্দা নহয়৷ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেশ্যনৰ এটা ফিল্টাৰত পোৱা গৈছে এই বেক্টেৰিয়াবিধ৷

সেয়ে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহাকাশ বিজ্ঞানী আব্দুল কালামৰ নামত এই প্ৰজাতি বিধৰ নাম চলিবেচিলাচ কালামি ৰখা হৈছে৷ 

জেট প্ৰপালচন লেব'ৰেটৰীৰ জ্যেষ্ঠ বিজ্ঞানী ড. কস্তুৰী ভেংকটচৰণে জানিবলৈ দিয়ামতে নতুন বেক্টেৰিয়াবিধ স্পেচ ষ্টেশ্যনত ৪০ মাহৰ বাবে আছিল৷

পিছত এই ফিল্টাৰটো বিশ্লেষণ কৰি কস্তুৰীয়ে উক্ত তথ্যসমূহ ২০১৭ বৰ্ষত ইণ্টাৰনেশ্যনেল জাৰ্ণেল অব ছিষ্টেমেটিক এণ্ড ইভলিউশ্যনাৰী মাইক্ৰ'বায়'লজিত প্ৰকাশ কৰে৷