Categories: 

 

Categories: 

Categories: 

মাৰ্চ মাহত হোৱা লকডাউনে দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰে। কম দিনৰ ভিতৰতে হেজাৰ হেজাৰ লোক কৰ্মহীন হৈ পৰে। বহুসংখ্যকে কৰ্মস্থানৰ লগতে আশ্ৰয়স্থলো হেৰুৱায়। লকডাউনৰ সময়চোৱাত এনে কৰ্মহীন, অসহায় লোকৰ ওচৰত থিয় দিয়ে  পদাতিক নাৰী সমাজে আৰু প্ৰায় ২০০০ মানুহ বিভিন্ন ধৰণে সহায় কৰে। কিন্তু কিদৰে তেওঁলোকে সংকটৰ সময়তো  অজস্ৰ মানুহক সহায় কৰিবলৈ সক্ষম হ'ল! 

এটা ফেচবুক প'ষ্ট আৰু ৪ লাখৰো অধিক টকাৰ সাহায্য

Categories: 

এটা মহকুমা আৰু নিমাত চৰকাৰ। কথাতে কোৱা হয় হাকিম লৰিলেও হুকুম নলৰে। এই ফকৰা-যোজনাৰ অৰ্থ এতিয়া যেন অৰ্থহীন হৈ পৰিছে। চৰকাৰ সলনি হোৱাৰ লগে লগে সিদ্ধান্তও সলনি হোৱাত ক্ষুব্ধ হৈ পৰিছে ঢেকীয়াজুলিবাসী। সবিশেষ সামৰি সাংবাদিক নাৰায়ণ ফয়েলৰ বিশেষ প্ৰতিবেদন।

Categories: 

বিগত ৫ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ ভ্ৰমণৰ নামত খৰছ কৰিছে ৫১৭ কোটি টকা। এয়া কোনো বিৰোধীৰ অভিযোগ নহয়। চৰকাৰী প্ৰতিবেদনতে প্ৰকাশ পাইছে এই তথ্য। ২০১৫ চনৰ পৰা এই পৰ্যন্ত প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণ কৰিছে মুঠ ৫৮ খন দেশ। এই দেশসমূহ ভ্ৰমণ কৰোতেই খৰছ হৈছে এই বিশাল ধনৰাশি।

মঙলবাৰে ৰাজ্যসভাত বিদেশ ভ্ৰমণৰ খৰছৰ বিতং তথ্য লিখিতভাৱে অৱগত কৰে বিদেশ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে। মন্ত্ৰীগৰাকীয়ে দাখিল কৰা তথ্য অনুযায়ী প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা ৫ টা বছৰত বিদেশ ভ্ৰমণৰ নামত খৰছ কৰা মুঠ ধনৰ পৰিমাণ হৈছে ৫১৭.৮২ কোটি টকা।

Categories: 

একে ঠাইত একেলগে তেৰগৰাকী স্বাধীনতা সংগ্ৰামীয়ে প্ৰাণ বিসৰ্জন দিয়া ঘটনা। এই ঘটনা সংঘটিত হৈছিল অসমৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত। কাইলৈ ঐতিহাসিক ঘটনাটোৰ ৭৮ বছৰ সম্পূৰ্ণ হ’ব যদিও শ্বহীদসকলে আজিও নাপালে ৰাষ্ট্ৰীয় স্বীকৃতি। সমগ্ৰ বিষয়টোক সামৰি সাংবাদিক নাৰায়ণ ফয়েলৰ এক প্ৰতিবেদন।

Categories: 

লকডাউন, ঋণৰ বোজা,  চিকিৎসাৰ বাবে ধনৰ অভাৱ। চৰকাৰৰ কিমান কি অভিলাষী আঁচনি আছে! অথচ এখনো আঁচনিয়ে ঢুকি নাপালে এটি মৰমলগা কণমানিৰ পিতৃ-মাতৃক। তাৰ পিছত কি হ'ল? সাংবাদিক লোকেশ্বৰ নাথৰ বিস্তৃত প্ৰতিবেদন...

Categories: 

কৰ'না কালত বহুতৰ জীৱনলৈ নামি আহিছে হাজাৰ সংকট। কোনোৱে যদি জীৱন-জীৱিকা হেৰুৱাইছে আন কোনোৱে আকৌ এমুঠি ভাতৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। লকডাউনৰ সময়ছোৱাত সকলো বন্ধ আছিল যদিও খোলা আছিল ফাৰ্মাচী। কিন্তু ইমানৰ পিছতো ঔষধৰ বাবে হাহাকাৰ কৰিবলগীয়াত পৰিছিল বহু লোক। ফাৰ্মাচী খোলা থকাৰ পিছতো ঔষধৰ অভাৱত অনিশ্চিত ভৱিষ্যতলৈ গতি কৰা কোন এইসকল? সবিশেষ সামৰি এক বিশেষ প্ৰতিবেদন।


Categories: 

Pages