দিল্লী আৰক্ষীৰ বিশেষ গোটে যোৱা মঙলবাৰে নিউজ ৱেবছাইট ‘নিউজক্লিক’ৰ সৈতে জড়িত সাংবাদিকসকলৰ ঘৰত অভিযান চলাই দুগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ পিছত ভাৰতত পুনৰ উত্থাপিত হৈছে ‘সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ চিন্তা’। বুধবাৰে নিউজক্লিকৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক প্ৰবীৰ পুৰকায়স্থ আৰু এইচ আৰ বিভাগৰ মুৰব্বী অমিত চক্ৰৱৰ্তীক ৭ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয়। দুয়োকে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ)ৰ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে। সন্ত্ৰাসবাদ বিৰোধী আইন ইউপিএৰ অধীনত গ্ৰেপ্তাৰ হ’লে জামিন পোৱাটো অতি কঠিন।

ইতিমধ্যে নিউজ ক্লিকৰ বিৰুদ্ধে অবৈধ ধন সৰবৰাহৰ অভিযোগৰ তদন্ত আৰম্ভ কৰিছিল ইডি আৰু দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই। নিউজ ক্লিকৰ মুখ্য সম্পাদক প্ৰবীৰ পুৰকায়স্থই এই গোচৰসমূহত ব্যৱস্থা গ্ৰহণৰ বিৰুদ্ধে আদালতৰ পৰা অন্তৱৰ্তীকালীন স্থগিতাদেশ লাভ কৰিছিল। এনে পৰিপ্ৰেক্ষিতত সংবাদ গোষ্ঠীটোৰ সৈতে জড়িত সাংবাদিকসকলে যাতে সহজতে মুকলি হৈ আহিব নোৱাৰে, তাৰ বাবেই ষড়যন্ত্ৰমূলকভাৱে ইউপিএৰ ধাৰা জাপি দিয়া হৈছে বুলি অভিযোগ তুলিছে বিৰোধী দলসমূহৰ লগতে আৰু আন বহুতে।

ইউএপিএ জাপি দিয়াক লৈ উদ্বেগ

নিউজক্লিক গোচৰত ইউএপিএৰ ধাৰা জাপি দিয়াক লৈ ভাৰতীয় সংবাদ মাধ্যমৰ ক্ষেত্ৰখনত সৃষ্টি হৈছে আলোড়নৰ। নাম প্ৰকাশ নকৰাৰ চৰ্তত এগৰাকী জ্যেষ্ঠ সাংবাদিকে কয়, ''ইউএপিএৰ দৰে এনে কঠোৰ আইনৰ প্ৰয়োজনেই নাই। এইখন হৈছে এনে আইন, যিখন আইনক প্ৰতিখন চৰকাৰে ব্যৱহাৰ কৰি আহিছে আৰু কোনো কোনো চৰকাৰে আন চৰকাৰতকৈ এয়া বেছি ব্যৱহাৰ কৰিছে। নিজ দেশৰ নাগৰিকৰ বিৰুদ্ধে এনে আইনৰ দৰকাৰেই বা কি? দেশত সন্ত্ৰাসবাদী, ধনদাবী, হত্যাকাৰী, বা ৰাষ্ট্ৰৰ শত্ৰুৰ সৈতে মোকাবিলা কৰিব পৰাকৈ বহু আইন আছে। গতিকে এনে কঠোৰ আইন এতিয়াও প্ৰয়োগ কৰি থাকিবলগীয়া হোৱাৰ কাৰণ কি?’’

অধিকাংশ সাংবাদিকে ইউএপিএ আইনখন বলৱৎ কৰা সময়ৰ কথা উল্লেখ কৰি কৈছে যে যেতিয়া ইউএপিএ আইন অনা হৈছিল তেতিয়া সচেতন নাগৰিকসকলে ইয়াক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছিল। এই আইনখনৰ নেতিবাচক দিশবোৰৰ বিষয়ে সাংবাদিকসকলে আঙুলিয়াই দি আহিছিল। 

এগৰাকী সাংবাদিকে কয়, "আমি জানিছিলোঁ যে এই আইনসমূহ নিৰীহ লোকৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হ’ব। এই আইনসমূহ প্ৰায়ে সন্ত্ৰাসবাদীৰ ওপৰত নহয়, সাধাৰণ মানুহৰ ওপৰতহে জাপি দিয়া হয়। কাৰণ সন্ত্ৰাসবাদীৰ সৈতে মোকাবিলা কৰিবলৈ ইতিমধ্যে পৰ্যাপ্ত আইন প্ৰণয়ন কৰা হৈছে। চৰকাৰৰ নীতিৰ বিৰোধিতা কৰিলেই চৰকাৰে নিজৰ মানুহৰ বিৰুদ্ধেই এনে আইন জাপি দি আহিছে।’’

এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ মতে, "সকলো চৰকাৰে সংবাদ ক্ষেত্ৰক নিয়ন্ত্ৰণ কৰি ভাল পায়। কোনোখন চৰকাৰে অধিক নৃশংসভাৱে কৰে, কোনোৱে কিছু কমকৈ কৰে। প্ৰতিখন চৰকাৰে নিজকে গণতান্ত্ৰিক বুলি দাবী কৰিলেও সমালোচনা বা স্বতন্ত্ৰ সংবাদ মাধ্যম ভাল নাপায়। সংবাদ মাধ্যমক আজি ডিঙি চেপি ধৰি হত্যা কৰা হৈছে। আমি যদি ইয়াৰ বিৰোধিতা নকৰো, তেন্তে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব। ক্ষমতা যিয়েই দখল নকৰক কিয়, পিষ্ট হ’ব লাগিব সংবাদ মাধ্যম।’’

জ্যেষ্ঠ সাংবাদিক জ্যোতি মালহোত্ৰাই কয় যে যদি সাংবাদিকসকলৰ ভুল হয় আৰু যদি চৰকাৰে অনুভৱ কৰে যে তেওঁলোকে কোনো খবৰ সঠিকভাৱে প্ৰকাশ কৰা নাই, তেন্তে চৰকাৰে সেই খবৰ খণ্ডন কৰক। কিন্তু সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি সাংবাদিকক গ্ৰেপ্তাৰ কৰাটো সম্পূৰ্ণ ভুল।

তেওঁ কয়, "মোদী চৰকাৰে সাংবাদিকক গ্ৰেপ্তাৰ কৰি ভয় খুৱাব বিচাৰিছে। আৰু আমি সুধিব বিচাৰো যে আপুনি সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত সাংবাদিকক আবদ্ধ কৰি ৰখাৰ কাৰণ কি? ভাৰতত এতিয়া সাংবাদিকসকল সন্ত্ৰাসবাদী হৈ পৰিছে নেকি? যদি চৰকাৰে আমাক সন্ত্ৰাসবাদী বুলি গণ্য কৰে তেন্তে আমি এনে কি লিখিছো সেয়াও প্ৰকাশ কৰক, যাৰ বাবে আমাক সন্ত্ৰাসবাদী সজোৱা হৈছে।’’

সংবাদ মাধ্যমৰ ওপৰত চৰকাৰৰ এনে আক্ৰমণ সহ্যাতীত বুলি অভিহিত কৰি জ্যোতি মালহোত্ৰাই আৰু কয়, "এফালে আপুনি জৰুৰীকালীন অৱস্থাৰ কথা কয় আৰু সদায় প্ৰেছ স্বাধীনতাৰ বাবে থিয় দিয়ে বুলি দাবী কৰে, আনফালে আপুনি এনেকৈ সাংবাদিকক গ্ৰেপ্তাৰ কৰি নিজৰ প্ৰকৃত চৰিত্ৰ উদঙাই দিয়ে।"

তেওঁ লগতে কয় যে সংবিধানৰ মৌলিক অধিকাৰসমূহৰ ভিতৰত এটা হ’ল মত প্ৰকাশৰ স্বাধীনতা আৰু ভাৰতৰ নাগৰিকসকলে সাংবাদিকৰ অধিকাৰৰ হৈ মাত মতা উচিত। আমি এনে কাৰ্যৰ বিৰুদ্ধে মাত মতা উচিত আৰু স্পষ্টকৈ কোৱা উচিত যে এয়া যি হৈ আছে সেয়া উচিত হোৱা নাই।

সংবাদ মাধ্যমক নিয়ন্ত্ৰণৰ চেষ্টা

খবৰ অনুসৰি, দিল্লী-এনচিআৰ আৰু মুম্বাইৰ ৫০টাতকৈও অধিক স্থানত অভিযান চলাই দিল্লী আৰক্ষীৰ বিশেষ শাখাই নিউজক্লিকৰ সৈতে জড়িত মুঠ ৪৬জন লোকক জেৰা কৰি মোবাইল, লেপটপ আদিকে ধৰি তেওঁলোকৰ ডিজিটেল ডিভাইচসমূহ জব্দ কৰে। একে সময়তে নিউজক্লিকৰ দিল্লীস্থ কাৰ্যালয়টোও ছীল কৰা হয়।

বাতৰি অনুসৰি, আৰক্ষীৰ মঙলবাৰৰ অভিযানৰ ভিত্তি আছিল ইডিৰ তথ্য আৰু ১৭ আগষ্টত সংবাদ সংস্থাটোৰ বিৰুদ্ধে দাখিল কৰা এখন এজাহাৰ। সেই এজাহাৰখনত নিউজক্লিকৰ বিৰুদ্ধে আমেৰিকাৰ জৰিয়তে চীনৰ পৰা অবৈধ ধন লাভ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল।

নিউজক্লিকত আৰক্ষীৰ এই অভিযানক লৈ ভাৰতীয় সংবাদ জগতত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। এডিটৰছ গীল্ড অৱ ইণ্ডিয়াই এক বিবৃতিযোগে উদ্বেগ প্ৰকাশ কৰি কয় যে “এই অভিযানসমূহ সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰাৰ আন এক প্ৰয়াস”।

গীল্ডে কয়, "আমি এয়া স্পষ্টকৈ কও যে যদি প্ৰকৃত অপৰাধ সংঘটিত হৈছে তেন্তে আইনে আইনৰ ধৰণৰে কাম কৰি যাওক। কিন্তু এইক্ষেত্ৰত আইনে সঠিক পথেৰে অগ্ৰসৰ হ’ব লাগিব। কোনো অপৰাধৰ তদন্ত কৰিবলৈ গৈ কঠোৰ আইন জাপি দি ভয় দেখুওৱা কাৰ্য উচিত নহয়। অন্যাথাই এনে কাৰ্য মত প্ৰকাশৰ স্বাধীনতা আৰু মতানৈক্য উত্থাপন আৰু সমালোচনাত্মক কণ্ঠ বন্ধ কৰাৰ প্ৰয়াস চলোৱা বুলি ধৰি ল’ব লাগিব।"

এডিটৰছ গীল্ড অৱ ইণ্ডিয়াই লগতে কয়, "আমি চৰকাৰক এটা গণতন্ত্ৰত স্বতন্ত্ৰ সংবাদ মাধ্যমৰ গুৰুত্বৰ কথা সোঁৱৰাই দিছো, আৰু চতুৰ্থ স্তম্ভৰ সন্মান, মৰ্যাদা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনাইছো।"

'টাৰ্গেটত চৰকাৰক সমালোচনা কৰা সাংবাদিক

ফাউণ্ডেশ্যন ফৰ মিডিয়া প্ৰফেচনেলছে (এফএমপি) এক বিবৃতিত কয় যে চৰকাৰৰ সাংবাদিক আৰু সংবাদ মাধ্যমক পৰিকল্পিতভাৱে হাৰাশাস্তি কৰাৰ অভিলেখ আছে যদিও মঙলবাৰে “যি স্বেচ্ছাচাৰিতাৰে অভিযান চলোৱা হৈছিল” সেয়া সংবাদ মাধ্যমৰ ওপৰত এক গুৰুতৰ আঘাত।

এফএমপিয়ে কয়, "এই ক্ষেত্ৰত কঠোৰ ইউএপিএ জাপি দিয়া কাৰ্যই বিষয়টোক অধিক ভয়াৱহ কৰি তুলিছে। তদুপৰি চৰকাৰক সমালোচনা কৰা সাংবাদিক আৰু সংবাদ সংস্থাক নিৰ্বাচিতভাৱে লক্ষ্য কৰি লোৱাটোৱে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ ভাৱমূৰ্তি বিনষ্ট কৰিব।’’

এফ এম পিয়ে লগতে কয় যে এনে কাৰ্য্যই যাতে সংবাদ মাধ্যমৰ কণ্ঠ ৰুদ্ধ কৰি নোতোলে আৰু সংবাদ মাধ্যমে যাতে মুক্তমনে সত্য কথাবোৰ উদঙাই দিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈকো চৰকাৰ সাংবিধানিক আৰু নৈতিকভাৱে বাধ্য।

ডিজিপাব নিউজ ইণ্ডিয়া ফাউণ্ডেশ্যনে নিজৰ বিবৃতিত কয় যে সংবাদ সংস্থা আৰু সাংবাদিকসকলৰ বিৰুদ্ধে আৰক্ষীৰ এনে পদক্ষেপে সংবাদ মাধ্যমৰ অধিকাৰ স্পষ্টভাৱে উলংঘা কৰিছে।

ডিজিপাবে কয়, "চৰকাৰে স্বেচ্ছাচাৰিতা আৰু ভয়-ভাবুকি দিয়া কাৰ্যক অধিক ভয়াৱহ কৰি তুলিছে। সংবাদ মাধ্যমৰ স্বাধীনতা, নাগৰিকৰ স্বাধীনতা আৰু মানৱ অধিকাৰৰ ক্ষেত্ৰত ভাৰতৰ ৰেংকিং আৰু অৱনমিত হৈ পৰিব। ফলত ভাৰতত গণতন্ত্ৰ এক প্ৰহসন হৈ পৰিব।’’ 

প্ৰেছ স্বাধীনতাঃ ক্ৰমাগতভাৱে হ্ৰাস পাইছে ভাৰতৰ সুনাম

২০২৩ চনৰ মে’ মাহত বিশ্ব সংবাদ মাধ্যমৰ নিৰীক্ষণ সংস্থা ৰিপ’ৰ্টাৰছ উইদাউট বৰ্ডাৰ (আৰ এছ এফ)য়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি বিশ্ব প্ৰেছ ফ্ৰিডম ইনডেক্সত ভাৰতৰ ৰেংকিং ১৮০খন দেশৰ ভিতৰত ১৬১ নম্বৰলৈ হ্ৰাস পাইছে। ২০০২ চনত এই তালিকাত ভাৰতৰ স্থান আছিল ১৫০ সংখ্যক। আৰ এছ এফে নিজৰ প্ৰতিবেদনত কয় যে ভাৰতৰ সকলো মূলসুঁতিৰ সংবাদ মাধ্যমৰ মালিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ ধনী ব্যৱসায়ী।

প্ৰতিবেদনত কোৱা হৈছে যে মোদীৰ হাতত এনে এটি বাহিনী আছে যিয়ে চৰকাৰক সমালোচনা কৰা সকলো অনলাইন বা-বাতৰিৰ ওপৰত চোকা নজৰ ৰাখে আৰু তেনে লোক তথা সংস্থাবোৰৰ বিৰুদ্ধে বিভিন্ন ধৰণে হাৰাশাস্তি চলোৱাৰ অভিযান আৰম্ভ কৰে। আৰ এছ এফৰ প্ৰতিবেদনত কোৱা হৈছে যে এই ধৰণৰ হাৰাশাস্তিৰ বাবে এতিয়া ভাৰতৰ বহু সাংবাদিকে কাৰ্যক্ষেত্ৰ সলনি কৰিবলৈ বা নিজৰ বা-বাতৰিত কম্প্ৰমাইজ কৰিবলৈ বাধ্য হৈ পৰিছে।

এই কাৰ্য্যক লৈ কিয় প্ৰশ্নৰ উত্থাপন?

জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ ছাৰদেশাইয়ে কয় যে সাংবাদিকসকল এতিয়া চফ্ট টাৰ্গেট হৈ পৰিছে। বিশেষকৈ সৰু সৰু নিউজ পৰ্টেলৰ পৰা অহা সাংবাদিকসকলক সহজে লক্ষ্য কৰি লোৱা হৈছে। তেওঁ কয়, "বৃহত্তৰ সংবাদ গোষ্ঠীৰ সাংবাদিকৰ দৰে সুৰক্ষা তেওঁলোকৰ নাই।"

ইণ্ডিয়া টুডে চেনেলত এক আলোচনাৰ সময়ত ছাৰদেশাইয়ে কয় যে এডিটৰছ গীল্ড অৱ ইণ্ডিয়াৰ বিবৃতিত স্পষ্টকৈ উল্লেখ আছে যে আইনৰ যথাযথ প্ৰক্ৰিয়া মানি চলিব লাগে, কিন্তু চৰকাৰে সাংবাদিকক ভাবুকি দিবলৈ কঠোৰ আইন জাপি দিব নালাগে। ভীতিগ্ৰস্ত কৰিবলৈ তেনে আইনৰ প্ৰয়োগ কৰা উচিত নহয়।

ছাৰদেশাইয়ে কয়, "কোনোৱেই কোৱা নাই যে সাংবাদিক আইনৰ উৰ্ধত। কিন্তু একে সময়তে এইটোও স্পষ্ট হ'ব লাগে যে যেতিয়া সাংবাদিকৰ ঘৰত অভিযান চলাই আটক কৰা হয় তেতিয়া ইউএপিএৰ দৰে সন্ত্ৰাসবাদ বিৰোধী আইন কোনো উদ্দেশ্যৰে জাপি দিয়া হোৱা নাই।"

ছাৰদেশাইৰ মতে, "যদি কেৱল নিউজক্লিকত কাম কৰা কনিষ্ঠ কৰ্মচাৰীক নিউজক্লিকে চীনৰ পৰা অবৈধভাৱে ধন লোৱাৰ অভিযোগৰ বাবেই আটক কৰা হৈছে, তেন্তে এয়া এক ভয়াৱহ কথা হৈ পৰিব। ইয়াৰ জৰিয়তে সমাজলৈ বহুত ভুল বাৰ্তা যাব। বিশেষকৈ যি সময়ত সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ ইনডেক্সত ভাৰত আকৌ অৱনমিত হৈ গৈ আছে সেই সময়ত চৰকাৰৰ এনে পদক্ষেপ অতিশয় উদ্বেগজনক। যদি চৰকাৰে আইনৰ প্ৰক্ৰিয়া অনুসৰণ কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে কৰক। কিন্তু অনুগ্ৰহ কৰি চৰকাৰে নিজৰ অভিযোগৰ পক্ষে থকা সঠিক তথ্য ৰাজহুৱা ডমেইনত প্ৰকাশ কৰক। অন্যথা এনেই কাৰোবাৰ মুখৰ কথাত সাংবাদিক বুলিয়েই নহয়, কাৰো ওপৰত তেনে আইন জাপি দিয়াতো অনুচিত।"

ৰাজদ্বীপ ছাৰদেশাইয়ে কয় যে নিউজক্লিকৰ বিৰুদ্ধে ধন সৰবৰাহৰ গোচৰ ২০২১ চনৰ পৰা চলি আছে। এতিয়া চৰকাৰে মানী লণ্ড্ৰিঙৰ বিৰুদ্ধে থকা আইনখনক ইউএপিএৰ সৈতে সনা-পোটোকা কৰি পেলাইছে বুলিও মন্তব্য কৰে ছাৰদেশাইয়ে।

ডিজিটেল ডিভাইচ জব্দ কৰাত উদ্বেগ

উপলব্ধ তথ্য অনুসৰি নিউজক্লিকৰ সৈতে জড়িত ৪৬ জন লোকক জেৰা কৰা হৈছে আৰু জেৰা কৰা আটাইকেইজনৰ মোবাইল, লেপটপ আদি সকলো ধৰণৰ ডিজিটেল ডিভাইচ জব্দ কৰা হৈছে। ফাউণ্ডেশ্যন ফৰ মিডিয়া প্ৰফেচনেলছৰ মতে, সাংবাদিকসকলৰ ডাটা আৰু ইলেক্ট্ৰনিক ডিভাইচসমূহ ইচ্ছাকৃতভাৱে জব্দ কৰা হৈছিল আৰু তেওঁলোকক ক্ল’ন কপি, হেচ ভেলু আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰা হোৱা নাছিল। এয়া উদ্বেগজনক বিষয়।

যোৱা বছৰ ফাউণ্ডেশ্যন ফৰ মিডিয়া প্ৰফেচনেলছে সাংবাদিকৰ ডিজিটেল ডিভাইচ স্কেনিং কৰি জব্দ কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁ কয় যে এই ডিভাইচসমূহত ব্যক্তিগত তথ্য থাকে আৰু সেইবোৰ জব্দ কৰাটো গোপনীয়তাৰ অধিকাৰৰ বিৰুদ্ধে।

ডিজিপাবে কয় যে উচ্চতম ন্যায়ালয়ে মৌলিক অধিকাৰ অনুসৰি অনুসন্ধান আৰু জব্দৰ বাবে আইন আৰু নিৰ্দেশনা বিচৰা আবেদনৰ বিষয়ে কেন্দ্ৰক অৱগত কৰিছে। এই বিষয়টো বৰ্তমান উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে।

'গণতন্ত্ৰৰ বাবে মুক্ত সংবাদ মাধ্যম গুৰুত্বপূৰ্ণ'

যোৱা কেইবছৰমানৰ পৰা ‘দৈনিক ভাস্কৰ’, ‘নিউজলণ্ড্ৰী’, ‘দ্য কাশ্মীৰ ৱালা’, ‘দ্য ৱায়াৰ’, আনকি বিবিচিৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাসমূহৰ ওপৰত চৰকাৰী সংস্থাসমূহে চলোৱা অভিযানৰ পিছত ভাৰতত গণতন্ত্ৰক দমন কৰা হৈছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈ আহিছে।

সদ্যগঠিত বিৰোধী ৰাজনৈতিক দলসমূহৰ ইণ্ডিয়া এলায়েন্সে কয় যে চৰকাৰ আৰু ইয়াৰ মতাদৰ্শৰ সৈতে জড়িত সংগঠন আৰএছএছে শাসকপক্ষৰ ভুল নীতিৰ সমালোচনা কৰা সাংবাদিকসকলৰ বিৰুদ্ধে প্রতিশোধমূলক আচৰণ কৰি আহিছে।

ইণ্ডিয়া মিত্ৰজোঁটৰ এক বিবৃতিত কয়, "বিজেপি চৰকাৰৰ ভুল নীতিসমূহক সামালোচনা কৰা সংবাদ মাধ্যম আৰু সাংবাদিকৰ বিৰুদ্ধেহে এই সময়ছোৱাত বিভিন্ন চৰকাৰী সংস্থাই ব্যৱস্থা গ্ৰহণ কৰি আহিছে। বিড়ম্বনাৰ কথাটো হ'ল যেতিয়া ঘৃণা আৰু বিভাজনৰ উচটনি দিয়া সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথা আহে, সেই সময়ত বিজেপি চৰকাৰ মৌন হৈ পৰে।"

মঙলবাৰে নিউজক্লিকত চলোৱা অভিযানৰ পিছত কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "প্ৰধানমন্ত্ৰী মোদীয়ে ভয় খাইছে, নাৰ্ভাছ হৈছে। বিশেষকৈ তেওঁৰ ব্যৰ্থতাক লৈ প্ৰশ্ন কৰা সেইসকল লোকৰ পৰা তেওঁ ভীতিগ্ৰস্ত হৈ পৰিছে, সেয়া বিৰোধী নেতা হওক বা সাংবাদিক হওক। মোদীৰ দিনত সঁচা কথা কোৱাসকলক অত্যাচাৰ কৰি অহা হৈছে। আজি আকৌ সাংবাদিকৰ ওপৰত চলোৱা অভিযানেই ইয়াৰ প্ৰমাণ।’’

নাম প্ৰকাশ নকৰাৰ চৰ্তত এগৰাকী জ্যেষ্ঠ সাংবাদিকে কয়, "যদি আমি কওঁ যে আমি গণতান্ত্ৰিক দেশৰ নাগৰিক, তেন্তে মুক্ত সংবাদ মাধ্যম ইয়াৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। যদি আপুনি সংবাদ মাধ্যমৰ স্বাধীনতাক ৰোধ কৰিব বিচাৰে, সমালোচনা ভাল নাপায় আৰু সংবাদ মাধ্যমক অহৰহ নিয়ন্ত্ৰণত ৰাখিব বিচাৰে তেন্তে আপুনি স্বৈৰাচাৰী হৈ পৰিছে।’
 
সাংবাদিকগৰাকীৰ মতে সংবাদ মাধ্যমৰ নৈতিক দায়িত্বও আছে। তেওঁ কয়, "আমি আমাৰ দায়িত্বও দেখুৱাব পৰা নাই আৰু প্ৰয়োজনীয় স্বাধীনতাও পোৱা নাই।" তেওঁ লগতে কয়, "মই অনুভৱ কৰোঁ যে ভাৰতৰ সংবাদ মাধ্যমৰ এটা অংশই দায়িত্বশীলভাৱে কাম কৰা নাই। আৰু সংবাদ মাধ্যমৰ এটা অংশও আছে যিটোক অহৰহ সমালোচনা কৰা হৈছে। গতিকে আমি অলপ বিভ্ৰান্ত হৈছো।"

১৮ টা সংবাদিক সংগঠনৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ

সংবাদ মাধ্যমৰ ওপৰত চলা আক্ৰমণ আৰু সাংবাদিকৰ ওপৰত এউএপিএ জাপি দিয়া কাৰ্যক লৈ আশ্চৰ্য প্ৰকাশ কৰি সমগ্ৰ বিষয়টো সৰ্বোচ্চ আদালতৰ হস্তক্ষেপ বিচাৰি দেশৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছে ১৮টাকৈ প্ৰেছ ক্লাৱ আৰু সাংবাদিক সংগঠনে। প্ৰেছ ক্লাৱ অব ইণ্ডিয়া, চণ্ডীগড় প্ৰেছ ক্লাৱ, গুৱাহাটী প্ৰেছ ক্লাৱ, মুম্বাই প্ৰেছ ক্লাৱ, কলকাতা প্ৰেছ ক্লাৱৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ সাংবাদিক সংগঠনে একত্ৰিতভাৱে লিখা পত্ৰখনত সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা ৰক্ষাৰ বাবে ন্যায়পালিকাক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।