বিশেষ প্ৰতিবেদনঃ আশংকা কৰা ধৰণেই বিভীষিকা নমাব নেকি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই? ২৭ অক্টোবৰত নিৰ্মীয়মান জলবিদ্যুৎ প্ৰকল্পটোৰ গেৰুকামুখত সংঘটিত ঘটনাৰ পিছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰো দাবী পুনৰ এবাৰ নতুনকৈ উত্থাপন হৈছে। বহুতে কৈছে- এই ঘটনা নদীবান্ধটোৱে নমাই আনিব পৰা বিভীষিকাৰ আগজাননী মাথো!

নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ দিনৰে পৰাই বিতৰ্কৰ সৃষ্টি কৰি আহিছে কেন্দ্ৰীয় চৰকাৰৰ মেগা প্ৰজেক্ট নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই। বিভিন্ন স্থানীয় দল-সংগঠন, পৰিৱেশবিদ আৰু স্থানীয় লোকে বিৰোধিতা কৰি আহিছে এই বৃহৎ নদীবান্ধটোৰ। কিন্তু তাৰ পিছতো ক্ষিপ্ৰগতিত নিৰ্মাণকাৰ্য চলি থকা এই জলবিদ্যুৎ প্ৰকল্পটো ২০২৩-২৪ চনত সক্ৰিয় হৈ উঠাৰ কথা আছিল। কিন্তু তাৰ পূৰ্বেই শুকুৰবাৰে গেৰুকামুখত সংঘটিত অঘটনে আকৌ এবাৰ নদীবান্ধ নিৰ্মাণক লৈ সূত্ৰপাত ঘটাইছে বিতৰ্কৰ।

মাত্ৰ কিছুদিন পূৰ্বে ছিকিমৰ তিস্তা নদীয়ে বিভীষিকা নমাই আনিছিল ৰাজ্যখনলৈ। এই বান বিভীষিকাৰ অন্যতম কাৰণ হিচাপে জগৰীয়া কৰা হৈছিল তিস্তা নদীত নিৰ্মাণ কৰা তিস্তা তৃতীয় জলবিদ্যুৎ প্ৰকল্পক। তিস্তাৰ বান্ধ ভাঙি নৈপৰীয়া অঞ্চললৈ আতংক নমাই অনা ভয়াৱহ বানত উটি গৈছিল গাঁও-চহৰ, প্ৰাণ হেৰুৱাবলগীয়া হৈছিল শতাধিক লোকে। আজিও সেই বানত নিখোজ হৈ থকা লোকৰ সন্ধান বিচাৰি অব্যাহত আছে অভিযান।

তিস্তাৰ সেই বিভীষিকাময় বানে সন্ত্ৰষ্ট কৰিছিল অসমবাসীকো। আশংকা ব্যক্ত কৰিছিল পৰিৱেশবিদ আৰু বিশেষজ্ঞসকলে যে ছিকিমৰ দৰেই নদীবান্ধৰ ভয়াৱহ পৰিণাম ভোগ কৰিবলগীয়া হ’ব পাৰে অসম তথা অন্য ৰাজ্যয়ো। সেই আশংকাতে বুৰবুৰণি তুলি ২৭ অক্টোবৰত গেৰুকামুখৰ দুৱাৰত টোকৰ মাৰে বিভীষিকাই!

ইয়াত এখন নদী আছিল!

২৭ অক্টোবৰ, শুকুৰবাৰ! পুৱা সময় তেতিয়া প্ৰায় ১০.৩০ বাজিছিল। সেই সময়তে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাষত থকা গেৰুকামুখ পাহাৰৰ পৰা ভূস্খলিত হৈ নামি অহা প্ৰকাণ্ড প্ৰকাণ্ড শিল আৰু ধ্বংসাৱশেষে ৰুদ্ধ কৰে গেৰুকামুখৰ নদীবান্ধৰ একমাত্ৰ কাৰ্যক্ষম ডাইভাৰ্ছন টানেলটো।  অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ব্ৰহ্মপুত্ৰৰ উপনৈ সোৱণশিৰিত ৰাষ্ট্ৰীয় জল শক্তি নিগমে ২০০০ মেগাৱাট শক্তি উত্পাদনৰ লক্ষ্যৰে নিৰ্মাণ কৰি থকা জলবিদ্যুত প্ৰকল্পটোত হঠাৎ সৃষ্টি হয় আতংকৰ। 

নদীবান্ধৰ কাষৰ ঠুনুকা পাহাৰৰ মাটি খহি শক্তি উত্পাদনৰ বাবে নদীৰ প্ৰবাহ ডাইভাৰ্ট কৰা একমাত্ৰ কাৰ্যক্ষম ডাইভাৰ্ছন টানেলটো বন্ধ কৰি পেলোৱাৰ পিছতে স্তব্ধ হৈ পৰে অৱধাৰিত সোৱণশিৰিৰ ধাৰা। এনএইচপিচিৰ তথ্য অনুসৰি শুকুৰবাৰে পুৱাৰ ভাগত প্ৰতি ছেকেণ্ডত ৯৯৭ ঘন মিটাৰ পানী কঢ়িয়াই বৈ থকা সোৱণশিৰিয়ে এই ঘটনাৰ পিছত সম্পূৰ্ণ ১৮ ঘণ্টাৰ বাবে নিজৰ অস্তিত্বই হেৰুৱাই পেলায়। 

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ সোৱণশিৰিৰ জলধাৰাই প্ৰতি ছেকেণ্ডত সৰ্বনিম্ন ১৩১ ঘন মিটাৰ পানী কঢ়িওৱাৰ বিপৰীতে সৰ্বাধিক পানী বহন কৰে প্ৰতি ছেকেণ্ডত ১৮,০০০০ ঘন মিটাৰ। কিন্তু শুকুৰবাৰে ভূমিস্খলনৰ ফলত নদীবান্ধৰ ডাইভাৰ্ছন টানেলটো বন্ধ হৈ পৰাত ১৮ ঘণ্টাৰ বাবে সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰে নদীখন। অৱশ্যে লাহে লাহে নদীখনে পুনৰ নিজৰ সুঁতি লাভ কৰিবলৈ সক্ষম হৈছে। পৰিৱেশবিদ কেশৱ কৃষ্ণ চত্ৰধৰাই কয় যে এই ঘটনাৰ পিছত সোৱণশিৰিয়ে নিজৰ পূৰ্বৰ ধাৰা লাভ কৰাটো আৰু কেতিয়াও সম্ভৱ নহ’ব।

ফটোঃ শুকান সোৱণশিৰি, ভিডিঅ'ৰ পৰা লোৱা স্ক্ৰীণশ্বট

অন্যহাতে নদীবান্ধৰ কাষৰ ঠুনুকা পাহাৰৰ ভূমিস্খলনে টানেলটো অৱৰোধ কৰাৰ ফলত নদীখনৰ লগতে ইয়াৰ জনসাধাৰণৰ বাবে ভয়াৱহ পৰিণতি কঢ়িয়াই অনা পৰিলক্ষিত হয়। ইয়াৰ ফলত তলৰ ফালে পানীৰ সোঁত হ্ৰাস পায় আৰু ওপৰলৈ পানীৰ স্তৰ বৃদ্ধি পায়, যাৰ ফলত দুয়োটা অঞ্চলতে বানপানী আৰু খহনীয়াৰ আশংকা সৃষ্টি হয়। অতিৰিক্ত পানী এৰি দিবলৈ আৰু বান্ধটো ভাঙি যোৱাৰ পৰা ৰক্ষা কৰিবলৈ কৰ্তৃপক্ষই বান্ধৰ স্পিলৱে গেট খুলিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়। কিন্তু ইয়াৰ ফলত তলৰ ফালে হঠাতে পানীৰ ধাৰ বৃদ্ধি পাই নদীখনৰ দাঁতিত বাস কৰা লোক আৰু সম্পত্তিৰ ওপৰত প্ৰভাৱ পেলোৱাৰ আশংকাৰ সৃষ্টি হয়।

এই ভূমিস্খলনত এজন শ্ৰমিক নিহত হোৱাৰ লগতে নদী বান্ধত কৰ্মৰত কেইবাজনো লোক আহত হোৱাৰো খবৰ পোৱা গৈছে। মৃত শ্ৰমিকজন ধেমাজি জিলা নিবাসী ৰাজু দাস (৩৫) বুলি জানিব পৰা গৈছে। ভূমিস্খলনৰ সময়ত তেওঁ ডাইভাৰ্চন টানেলত ৱেল্ডাৰ হিচাপে কাম কৰি আছিল। আহত শ্ৰমিকসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।

‘৫০ৰ বৰভূঁইকৰ দৰেই ভয়ানক পৰিস্থিতিৰ আশংকা

ব্ৰহ্মপুত্ৰৰ উপনৈ সোৱণশিৰি নৈখন বৈ গৈছে হিমালয়ৰ পাদদেশৰ অৰুণাচল প্ৰদেশ আৰু অসমৰ মাজেৰে। ১২,৫৪০ বৰ্গ কিলোমিটাৰ অৱবাহিকাৰ সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনৈ। এই নদীখনতে ঘৰ বিলুপ্তপ্ৰায় সোণালী মাছিয়াৰ মাছ আৰু গংগেটিক ডলফিনৰ লগতে বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ। এই নদীখনৰ ওপৰতে নিৰ্ভৰ কৰি গঢ়ি উঠিছে বহু নৈপৰীয়া সভ্যতা। আজিও অৰুণাচল প্ৰদেশ আৰু অসমৰ নিচি, আপাটানি, টাগিন, গালো, মিছিং আৰু অসমীয়াৰ দৰে অনেক সম্প্ৰদায়ে জীৱিকা আৰু সংস্কৃতিৰ বাবে নিৰ্ভৰ কৰে নৈখনৰ ওপৰত। 

কিন্তু ২৭ অক্টোবৰৰ দৰেই ৭০ বছৰ পূৰ্বেও হঠাৎ এদিন শুকাই গৈছিল সোৱণশিৰি নদীখন। ১৯৫০ চনৰ বৰভূঁইকপৰ সময়ত প্ৰাকৃতিকভাৱে এই সোৱণশিৰিলৈ নামি অহা দুৰ্যোগে বিভীষিকা নমাইছিল নৈপৰীয়া গাঁওসমূহলৈ। সেই ভয়ংকৰ বিভীষিকাত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ৮ শতাধিক লোকে, সম্পূৰ্ণৰূপে নিঃশেষ হৈ গৈছিল নৈ পাৰত গঢ় লৈ উঠা কেইবাখনো গাঁও।

১৯৫০ চনৰ ১৫ আগষ্টৰ দিনাখন গোগামুখৰ কাষেৰে বৈ থকা সোৱণশিৰিখন হঠাৎ শুকাই যোৱাত সেই সময়ৰ পথালিপাম চাহ বাগিচাৰ ইংৰাজ মেনেজাৰজনে হেলিকপ্টাৰেৰে নৈখন স্থবিৰ হৈ পৰাৰ কাৰণ বিচাৰি ঘূৰি ফুৰোতেই প্ৰত্যক্ষ কৰিছিল যে বৰভূঁইকপৰ ফলত চিপমুখ নাম ঠাইত এখন পাহাৰ খহি নদীখনৰ প্ৰবাহ বন্ধ কৰি পেলাইছে। ইয়াৰ পিছতে ইংৰাজ মেনেজাৰজনে নৈ পৰীয়া মানুহখিনিক নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল। তেওঁৰ কথা মতেই সোৱণশিৰিৰ পাৰৰ লোকসকলে ১৬ আৰু ১৭ আগষ্টত নিজৰ ঘৰ এৰি অন্য স্থানলৈ গুচি গৈছিল যদিও নৈখনে কোনো বিপদ মাতি ননাত পুনৰ নিজ নিজ ঘৰলৈ ঘূৰি আহে। কিন্তু তাৰ পিছতে ১৯ আগষ্টত সোৱণশিৰিয়ে কালৰূপ ধাৰণ কৰি সুঁতি সলাই বৰ্তমানৰ চাউলধোৱাৰ মাজেৰে বৈ এফালৰ পৰা মহতিয়াই লৈ যায় নৈৰ পাৰৰ জীৱন। সেই ভয়াৱহ বানত ৮০০ জনৰো অধিক লোকৰ মৃত্যু ঘটিছিল। আজিও ৫০ চনৰ সেই ভয়াৱহ স্মৃতি ৰোমন্থন কৰি শিঁয়ৰি উঠে চাউলধোৱাৰ বয়োবৃদ্ধসকল।

বিশেষজ্ঞসকলে দাবী কৰা অহা মতে, সোৱণশিৰিৰ বক্ষ নদীবান্ধ নিৰ্মাণৰ বাবে উপযুক্ত স্থান নহয়। দুয়োকাষৰ ঠুনুকা আৰু কোমল মাটিৰ পাহাৰ বোৰ ভূমিকম্প বা অন্য প্ৰাকৃতিক কাৰণত খহি পৰি যিকোনো সময়তে নদীবান্ধৰ ক্ষতি সাধন কৰি লখিমপুৰ, ধেমাজি, মাজুলী, যোৰহাট, গোলাঘাট, শোণিতপুৰ আৰু ডিব্ৰুগড় জিলাত ধ্বংসলীলা চলাব পাৰে বুলি ইতিমধ্যেই সকীয়াই দিছে বিশেষজ্ঞসকলে। কিন্তু তাৰ পিছতো এই জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম চলিয়েই আছে। 

নিৰ্মীয়মান বৃহৎ নদীবান্ধৰ প্ৰভাৱ

সোৱণশিৰিৰ বুকুত নদীবান্ধ নিৰ্মাণে অনাগত সময়ত নৈখনৰ প্ৰাকৃতিক প্ৰৱাহ, পৰিৱেশ আৰু সামাজিক-সাংস্কৃতিক তন্ত্ৰ সলনি কৰি ভয়াৱহ ভাবুকিৰ সৃষ্টি কৰিব পাৰে বুলি ইতিমধ্যেই আশংকা ব্যক্ত কৰি আহিছে বিভিন্নজনে। গেৰুকামুখৰ সমীপত ১১৬ মিটাৰ উচ্চতাৰ পকী মাধ্যাকৰ্ষণীয় বান্ধ নির্মাণৰ কামৰ জৰিয়তে চৰকাৰী ৰাষ্ট্রীয় জলবিদ্যুৎ নিগমৰ দ্বাৰা নির্মাণ কৰি থকা সোৱণশিৰি নামনি জলবিদ্যুৎ প্রকল্প (এছ এল এইচ ই পি) হৈছে ২০০০ মেগাৱাট শক্তি উত্পাদনৰ ‘ৰান অফ দ্য ৰিভাৰ’ আঁচনি৷  ২০০৫ চনত আৰম্ভ হোৱা এই প্ৰকল্পটোৱে অৰুণাচল প্ৰদেশ আৰু অসমৰ সীমান্তৱৰ্তী গাঁৱত পেলাব পৰা সম্ভাৱ্য পৰিৱেশ আৰু সামাজিক প্ৰভাৱক লৈ আৰম্ভণিৰে পৰাই স্থানীয় লোক আৰু পৰিৱেশবিদ তথা দল-সংগঠনৰ কঠোৰ বিৰোধিতাৰ সন্মুখীন হৈছে, যাৰ বাবে পলম হৈছে এই নদীবান্ধৰ নিৰ্মাণকাৰ্যত।

ইতিমধ্যে বান্ধ নিৰ্মাণৰ ফলত নদীখনৰ লগতে ইয়াৰ আশে-পাশে ব্যাপক ক্ষতিসাধন হোৱাৰ অভিযোগ উত্থাপনো হৈছে। দক্ষিণ এছিয়া নেটৱৰ্ক অন ডেমছ, ৰিভাৰ্ছ এণ্ড পিপলৰ (SANDRP) এক প্ৰতিবেদন অনুসৰি এই নদীবান্ধে সোৱণশিৰিৰ প্ৰাকৃতিক প্ৰবাহ প্ৰতিৰোধ কৰি নৈ পৰীয়া অঞ্চলত বান পৰিস্থিতি সৃষ্টি কৰাৰ অন্যতম কাৰণ হৈ পৰিছে। প্ৰতিবেদনত এইটোও উল্লেখ কৰা হৈছে যে তলৰ পানীৰ স্তৰ হ্ৰাস কৰিছে, যাৰ ফলত খোৱাপানী, জলসিঞ্চন আৰু মাছ ধৰাৰ বাবে পানীৰ উপলব্ধতা আৰু মানদণ্ডত প্ৰভাৱ পৰিছে। তদুপৰি এই বান্ধটোৱে বানপানী, ভূমিস্খলন, ভূমিকম্প আৰু খহনীয়াৰ আশংকা বৃদ্ধি কৰিছে।

সোৱণশিৰি নামনি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ আৰু ইয়াৰ বিৰোধিতা

৫৮,৯৭১ মেগাৱাট শক্তিৰ আনুমানিক ক্ষমতাসম্পন্ন উত্তৰ-পূব অঞ্চলৰ জলবিদ্যুৎ সম্ভাৱনাক ব্যৱহাৰ কৰাৰ বাবে ভাৰত চৰকাৰৰ বৃহত্তৰ পৰিকল্পনাৰ অংশ হিচাপে নিৰ্মাণকাৰ্য চলাই থকা হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ। দেশত বৃদ্ধি পোৱা বিদ্যুতৰ চাহিদা পূৰণ কৰিব পৰাকৈ পৰিষ্কাৰ, নবীকৰণযোগ্য আৰু সস্তীয়া শক্তিৰ উৎস তথা স্থানীয় অঞ্চলৰ অৰ্থনৈতিক উন্নয়ন বৃদ্ধি কৰাৰ বাবে এই জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ আৰম্ভ কৰা হৈছে বুলি দাবী কৰে চৰকাৰে।  

কিন্তু বহু বিশেষজ্ঞ আৰু কৰ্মীয়ে এই দাবীক প্ৰত্যাহ্বান জনাই যুক্তি দিছে যে জলবিদ্যুৎ পৰিষ্কাৰ বা নবীকৰণযোগ্য নহয় আৰু সস্তাও নহয়। তেওঁলোকে আঙুলিয়াই দিয়ে যে জলবিদ্যুৎ প্ৰকল্পৰ ফলত পৰিৱেশৰ ব্যাপক অৱক্ষয়, জৈৱ বৈচিত্ৰ্যৰ ক্ষতি, সেউজ গৃহ গেছ নিৰ্গমন, স্থানীয় নিৱাসীৰ স্থানচ্যুতি, মানৱ অধিকাৰ উলংঘা আৰু জলসম্পদক লৈ সংঘাত আদিৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হ’ব। বিশেষজ্ঞসকলে এইটোও কয় যে জলবিদ্যুৎ প্ৰকল্পসমূহ অৰ্থনৈতিকভাৱে কাৰ্য্যক্ষম নহয়, কিয়নো ইয়াত উচ্চ মূলধনী ব্যয় জড়িত হৈ থাকে।

সোৱণশিৰিৰ বুকুত এই নদীবান্ধ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণৰ পিছৰে পৰাই সম্ভাৱনীয় পৰিস্থিতিৰ বাবে বহু প্ৰকৃতিপ্ৰেমী, পৰিৱেশবিদ, দল-সংগঠন তথা স্থানীয় লোকে ইয়াৰ বিৰোধিতা কৰি আহিছে। তেওঁলোকৰ ভিতৰত অন্যতম হৈছে বৰ্তমানৰ বিধায়ক তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সভাপতি অখিল গগৈ। গগৈয়ে ২০০৫ চনৰ পৰা এই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে এক স্থায়ী অভিযানৰ নেতৃত্ব দি আহিছে। সহস্ৰাধিক লোকক সমদল, অৱৰোধ, অনশন আৰু আইনী যুদ্ধৰ জৰিয়তে এই প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সংগঠিত কৰি আহিছে অখিল গগৈয়ে। ব্ৰহ্মপুত্ৰ অৱবাহিকাত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প  আৰু অন্যান্য বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰা অসম আৰু অৰুণাচল প্ৰদেশৰ অন্যান্য দল তথা সংস্থাই কৰি অহা আন্দোলনৰ সৈতেও অখিল গগৈয়ে সহযোগিতা আগবঢ়াই একেলগে প্ৰতিবাদ সাব্যস্ত কৰিছে।

এছএলএইচইপিৰ বিৰুদ্ধে গগৈৰ মূল যুক্তি হ’ল অসমৰ নামনিৰ ফালে বসবাস কৰা লোকসকলৰ ওপৰত বিশেষকৈ বান নিয়ন্ত্ৰণ, পলস, খহনীয়া আৰু মীনপালনৰ ক্ষেত্ৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব। তেওঁ কয় যে এই বৃহৎ নদীবান্ধে নদীখনৰ প্ৰাকৃতিক বান প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰিব, যাৰ ফলত বাৰিষাৰ সময়ত অসমত অধিক সঘনাই আৰু তীব্ৰ বানপানীৰ সৃষ্টি হ’ব। তেওঁ লগতে কয় যে এই বান্ধটোৱে ওপৰৰ ফালে পলস আৱদ্ধ কৰি ৰাখিব, যাৰ ফলত তলৰ অঞ্চলত উৰ্বৰ মাটি আৰু কৃষি আৰু পৰিৱেশ বিজ্ঞানৰ বাবে অপৰিহাৰ্য পুষ্টিকৰ উপাদানৰ পৰা বঞ্চিত হ’ব। তেওঁ আৰু কয় যে এই বান্ধটোৱে নদীৰ তল আৰু তলৰ পাৰৰ আকৃতি সলনি কৰিব, যাৰ ফলত খহনীয়া আৰু ভূমিৰ ক্ষতি হ’ব। তেওঁ লগতে কয় যে এই বান্ধটোৱে মাছৰ প্ৰব্ৰজনৰ ধৰণ আৰু তলৰ বৈচিত্ৰ্যত প্ৰভাৱ পেলাব, যাৰ ফলত অসমৰ লাখ লাখ মাছমৰীয়াৰ জীৱিকা আৰু খাদ্য সুৰক্ষাৰ প্ৰতি ভাবুকি আহিব।

গগৈৰ এই অভিযানে অসম আৰু ইয়াৰ বাহিৰৰ নাগৰিক সমাজৰ সংগঠন, বুদ্ধিজীৱী, শিল্পী, সাংবাদিক, অধিবক্তা, ৰাজনীতিবিদকে ধৰি বিভিন্ন পক্ষৰ পৰা সমৰ্থন লাভ কৰিছে। নদীবান্ধৰ বিৰুদ্ধে সংগ্ৰামৰ বাবে তেওঁ আন্তৰ্জাতিক চৰ্চা আৰু স্বীকৃতিও লাভ কৰিছে। ২০১৭ চনত বান্ধ বিৰোধী আন্দোলনত নেতৃত্ব দিয়াৰ বাবে তেওঁক গোল্ডমেন পৰিৱেশ বঁটা প্ৰদান কৰা হয়। এই বঁটাক সেউজ নোবেল বুলিও অভিহিত কৰা হয়।


ফটোঃ ২০১০ চনৰ ১০ ছেপ্টেম্বৰত তেতিয়াৰ 
কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰী জয়ৰাম ৰমেশে 
বৃহৎ বান্ধক লৈ শিক্ষাবিদ, ছাত্ৰ আৰু 
ৰাজনৈতিক দলৰ নেতাৰ পৰামৰ্শ ল'বলৈ গুৱাহাটী 
ভ্ৰমণ কৰিছিল। সেই সময়ত ব্ৰহ্মপুত্ৰৰ উপনদী 
সোৱণশিৰিৰ ওপৰত নিৰ্মাণাধীন ২ হাজাৰ মেগাৱাটৰ 
জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত অখিল গগৈয়ে 
মন্ত্ৰীগৰাকীৰ সৈতে লিপ্ত হৈছিল বাকযুদ্ধত। 

লক্ষণীয় কথাটো হ’ল ২০০৫ চনত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ সময়ত ৰাজ্যত আছিল কংগ্ৰেছৰ চৰকাৰ। সেই সময়ত বিৰোধীৰ ভূমিকা পালন কৰিছিল বৰ্তমানৰ শাসকীয় দল বিজেপি আৰু অগপই। তেতিয়া এই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ সাব্যস্ত কৰা বিজেপি পিছে এতিয়া নদীবান্ধৰ সমৰ্থনতহে থিয় দিয়া পৰিলক্ষিত হৈ আহিছে। শেহতীয়াকৈ শুকুৰবাৰে সংঘটিত ঘটনাৰ পিছতো বিজেপিৰ একাধিক নেতা-মন্ত্ৰীয়ে টুলুঙা মন্তব্যৰে গা এৰা দিয়াৰ প্ৰয়াৰ কৰাও দেখা গৈছে। লখিমপুৰৰ বিজেপি বিধায়ক মানৱ ডেকাৰ মতে, খৰালিৰ বাবেই হেনো শুকাইছে সোৱণশিৰি নদী। পূৰ্বেও সোৱণশিৰি নদীখন শুকাইছিল বুলি মন্তব্য কৰি সমগ্ৰ বিষয়টো পাতল কৰি তোলাৰ প্ৰয়াস কৰা দেখা যায় শাসকীয় দলৰ বিধায়কজনক। 

নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ অঘটনৰ বাবে জগৰীয়া কোন?

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত শুকুৰবাৰে সংঘটিত ভূমি স্খলনৰ ফলত ডাইভাৰ্ছন টানেল বন্ধ হৈ পৰাৰ পিছতে পৰিৱেশবিদ কেশৱ কৃষ্ণ ছত্ৰধৰাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে নদীবান্ধটোত পূৰ্বেও সংঘটিত ভূমি স্খলন আৰু অন্য প্ৰাকৃতিক দুৰ্যোগৰ ইতিহাস। পৰিৱেশবিদগৰাকীৰ মতে, ২০২০ চনৰ মে’ মাহৰ পৰা চলিত বৰ্ষৰ জুন মাহলৈকে ১৬টাৰো অধিক ভূমি স্খলন আৰু অন্য দুৰ্যোগৰ সন্মুখীন হৈছে এই নদীবান্ধটো। 

পৰিৱেশবিদ ছত্ৰধৰাই দাবী কৰা মতে, নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ নিৰ্মাণস্থলীক দুৰ্যোগপ্ৰৱণ অঞ্চল হিচাপে গণ্য কৰিব পাৰে। নদীবান্ধৰ চৌদিশে থকা কোমল আৰু পলসুৱা মাটিৰ পাহাৰ সমূহত সঘনাই সংঘটিত হোৱা ভূমিস্খলনে যিকোনো সময়তে নদীবান্ধটোলৈ দুৰ্যোগ কঢ়িয়াই আনি নামনি অঞ্চলত আতংকৰ সৃষ্টি কৰিব পাৰে বুলি মন্তব্য কৰে ছত্ৰধৰাই। অন্যহাতে এই দুৰ্যোগ প্ৰতিৰোধৰ বাবে এন এইচ পি চিয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰে ছত্ৰধৰাই।

কেশৱ কৃষ্ণ ছত্ৰধৰাই উল্লেখ কৰা মতে, ২০২০ চনৰ ২৭ মে’ত সপ্তাহজোৰা বৰষুণৰ পিছতে বান্ধস্থলীৰ পৰা ২০০ মিটাৰ দূৰত সোঁফালে ভূমিস্খলন সংঘটিত হোৱাৰ লগতে ওচৰৰ পাহাৰবোৰত ফাট মেলিবলৈ আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়তো একেটা বছৰৰ ১৯ জুনত বান্ধস্থলীৰ ওচৰৰ অঞ্চলত হোৱা ভূমিস্খলনৰ ফলত নদীখনৰ ডাইভাৰ্ছন টানেলসমূহৰ ক্ষতিসাধন কৰে। এইদৰে ক্ৰমাগতভাৱে নদীবান্ধৰ ওচৰে-পাজৰে সংঘটিত হৈ থকা ভূমিস্খলন আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগে বান্ধটোৰ কাৰ্যক্ষমতাত প্ৰভাৱ পেলোৱাৰ লগতে নামনিৰ অঞ্চলত বিভীষিকা সৃষ্টিৰ আশংকা তীব্ৰতৰ কৰি তোলা বুলি মন্তব্য কৰে পৰিৱেশবিদ ছত্ৰধৰাই।

NNOৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কেশৱ কৃষ্ণ ছত্ৰধৰাই কয়, “নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰভাৱ কিমান ভয়াবহভাৱে পৰিব সেয়া এতিয়াই ক’ব পৰা নগ’লেও এই কথা আমি অন্য নদীবান্ধসমূহৰ পৰা নিশ্চিত হ’ব পাৰো যে এই বান্ধৰ ফলত একেলগে খৰাং আৰু বান পৰিস্থিতিৰ সৃষ্টি হ’ব। এই নদীবান্ধৰ নিৰ্মাণকাৰ্য এতিয়াও সম্পূৰ্ণ হোৱাই নাই। কিন্তু নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ প্ৰভাৱৰ বিষয়ে ইতিমধ্যে অধ্যয়ন কৰা হৈছে, য’ত বানৰ কথা কোৱা হৈছে, জৈৱ বৈচিত্ৰ্যৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ কথা কোৱা হৈছে, মাছ-কাছৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ বিষয়ে কোৱা হৈছে। এতিয়া প্ৰকল্পটোৰ নিৰ্মাণ শেষ পৰ্যায়ত আছে, কিন্তু তাৰ পূৰ্বেই শুকুৰবাৰে এই ঘটনা ঘটে। এয়া চিন্তনীয়।’’

তেওঁ কয়, “শুকুৰবাৰৰ ঘটনা এনএইচপিচিৰ ইঞ্জিনিয়াৰিঙৰ বিফলতাৰ পৰিণতি। কাষৰ পাহাৰবোৰ ঠুনুকা, সেয়ে ভূমিস্খলনৰ সম্ভৱনা অনেক বেছি। পূ্ৰ্বেও তাত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। এন এইচ পি চিয়ে ডাইভাৰ্ছন টানেলটো ভূমিস্খলনৰ পৰা ৰক্ষা কৰিবলৈ কংক্ৰিট কেপিং কৰিব লাগিছিল। কিন্তু সেয়া কৰা হোৱা নাই। তাৰ পূৰ্বেই প্ৰাকৃতিকভাৱে ভূমিস্খলন ঘটি ডাইভাৰ্ছেন টানেলটো বন্ধ হৈ পৰিল। আৰু তাৰ পিছত তেওঁলোকে কোনো পৰিকল্পনা নকৰাৰ বাবেই বান্ধৰ পিছফালে পানী আৱদ্ধ হৈ সোৱণশিৰি নদীখন শুকান হৈ পৰিল, দৌৰি পাৰ হব পৰা হ’ল।“

ছত্ৰধৰাই লগতে কয়, “নদীবান্ধৰ পৰা হ‘ব পৰা ক্ষতিৰ বিষয়ে অধ্যয়ণ কৰাৰ সময়ত কিছুমান চুক্তি সম্পন্ন কৰা হৈছিল। সেই চুক্তি অনুসৰি এনএইচপিচিয়ে নদীবান্ধ সম্পূৰ্ণ কৰাৰ পূৰ্বে কেতবোৰ কমিটী পৰিচালনা কৰিব লাগিছিল। যেনে ধৰক নামনিত কিবা হ’লে তাৰ পৰ্যবেক্ষণ কৰিবলৈ এখন কমিটী লাগে, প্ৰাৰম্ভিক নিৰ্মাণকাৰ্য পৰ্য্যালোচনাৰ বাবে, সুৰক্ষা আৰু অন্য সামাজিক বিষয়সমূহ পৰ্য্যালোচনাৰ বাবে বেলেগ বেলেগ কমিটী গঠন কৰিব লাগিছিল। কিন্তু সেই কমিটীবিলাক নবনোৱাকৈয়ে যদি নদীখন বন্ধ কৰি দিছে, তাৰ অৰ্থ হৈছে এনএইচপিচি অধিক আত্মবিশ্বাসী হৈ পৰিছে আৰু নামনিৰ মানুহক কোনো ধৰণৰ মান্যতা দিব নিবিচনা মানসিকতা তেওঁলোকৰ আহি গৈছে নতুবা এয়া তেওঁলোকৰ সম্পূৰ্ণৰূপে ইঞ্জিনিয়াৰিং বিফলতা।’’

কেনেকৈ অসমৰ কেইবাখনো জিলাত ধ্বংসলীলাৰ সৃষ্টি কৰিব পাৰে সোৱণশিৰিৰ নদীবান্ধে?

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰি অহা সকলে উত্থাপন কৰা এটা ডাঙৰ চিন্তা হৈছে যে ইয়াৰ ফলত বান্ধস্থলীৰ তলত থকা ধেমাজি, লখিমপুৰ, মাজুলী, যোৰহাট, গোলাঘাট, শোণিতপুৰ আৰু ডিব্ৰুগড়ৰ দৰে জিলাত সৃষ্টি হব পাৰে ভয়াবহ ধ্বংসলীলাৰ। ইতিমধ্যে এই জিলাসমূহ ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ দ্বাৰা বান আৰু গৰাখহনীয়াত বাৰুকৈয়ে আক্ৰান্ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এক অধ্যয়ন অনুসৰি ১৯৫০ চনৰ পৰা ২০১৮ চনৰ ভিতৰত এই জিলাসমূহ ২৫টা বৃহৎ বানৰ সন্মুখীন হৈছে, যাৰ ফলত ৪ কোটিৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে আৰু ৩০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। অধ্যয়নটোত আৰু কোৱা হৈছে যে ১৯৫৪ চনৰ পৰা ২০১৬ চনৰ ভিতৰত খহনীয়াৰ বাবে এই জিলাসমূহে ৪ লাখ হেক্টৰৰো অধিক মাটি হেৰুৱাবলগীয়া হৈছে।

বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰা মহলে আশংকা ব্যক্ত কৰা অনুসৰি, এই বান্ধটোৱে তলৰ ফালে সোৱণশিৰি নদীৰ জলীয় ব্যৱস্থা সলনি কৰি এই জিলাসমূহৰ বান আৰু গৰাখহনীয়াৰ পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিব পাৰে। তেওঁলোকৰ মতে বান্ধটোৱে ইয়াৰ কাৰ্য্যকলাপৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি তলৰ পানীৰ প্ৰবাহ হ্ৰাস বা বৃদ্ধি কৰিব পাৰে। তেওঁলোকে কয় যে খৰালি বা ক্ষীণ প্ৰবাহৰ সময়ছোৱাত (নৱেম্বৰৰ পৰা এপ্ৰিললৈকে), যেতিয়া ওপৰৰ ফালে বৰষুণ কম হয় বা বৰফ গলি যায়, তেতিয়া বান্ধটোৱে নামনিৰ ফালে পানী এৰি দিয়াটো হ্ৰাস কৰিব পাৰে বা বন্ধ কৰি দিব পাৰে যাতে চাহিদাৰ শীৰ্ষ সময়ত বা শীৰ্ষ প্ৰবাহৰ সময়ছোৱাত (মে’ মাহ) বিদ্যুৎ উৎপাদনৰ বাবে জমা কৰিব পৰা যায় অক্টোবৰলৈকে)। ইয়াৰ ফলত তলৰ পানীৰ স্তৰ হ্ৰাস পাব পাৰে আৰু খোৱা, জলসিঞ্চন আৰু মাছ ধৰাৰ উদ্দেশ্যে ইয়াৰ উপলব্ধতা আৰু গুণগত মানত প্ৰভাৱ পৰিব পাৰে। 


ফটোঃ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ 
পূৰ্বে বিজেপি দলে অসমৰ বৃহৎ নদীবান্ধৰ 
বিৰোধিতা কৰিছিল। বান্ধ বিৰোধী প্ৰতিবাদ 
আৰু অসমবাসীৰ আৱেগক সন্মান 
কৰিব বুলি কৈছিল বিজেপিয়ে। বিজেপিৰ 
তদানীন্তন সভাপতি ৰাজনাথ সিঙে অসম 
বিজেপিৰ নদীবান্ধ বিৰোধী প্ৰতিবাদত 
অংশগ্ৰহণ কৰিছিল।

নদীবান্ধৰ বিৰোধীসকলৰ মতে, আৰ্দ্ৰ বতৰ বা শীৰ্ষ প্ৰবাহৰ সময়ছোৱাত (মে’ৰ পৰা অক্টোবৰলৈকে), যেতিয়া ওপৰৰ ফালে অধিক বৰষুণ বা বৰফ গলে, তেতিয়া বান্ধটোৱে তলৰ ফালে অতিৰিক্ত পানী এৰি দিব পাৰে যাতে ওফন্দি নাযায়। ইয়াৰ ফলত তলৰ ফালে পানীৰ স্তৰ বৃদ্ধি পাব পাৰে আৰু তলৰ অঞ্চলত হঠাৎ আৰু অভাৱনীয় বানপানীৰ সৃষ্টি হ’ব পাৰে। তেওঁলোকে লগতে কয় যে এই বান্ধটোৱে নদীখনৰ তলৰ ফালে পলসৰ বোজা সলনি কৰিব পাৰে, কিয়নো ইয়াৰ ফলত ওপৰৰ ফালে পলস আৱদ্ধ হৈ তলৰ ফালে স্বচ্ছ পানী এৰি দিব। ইয়াৰ ফলত তলৰ মাটিৰ উৰ্বৰতা আৰু স্থিৰতাত প্ৰভাৱ পৰিব পাৰে আৰু নদীৰ তল আৰু পাৰৰ খহনীয়া বৃদ্ধি পাব পাৰে।

নদীবান্ধৰ  বিৰোধীসকলে এই আশংকাও ব্যক্ত কৰে যে এই বান্ধটোৱে উচ্চ বিপদজনক ভূমিকম্পীয় অঞ্চলত অৱস্থিত অঞ্চলটোত ভূমিকম্পীয় কাৰ্যকলাপৰ সূচনা বা তীব্ৰতৰ কৰি তুলিব পাৰে। তেওঁলোকৰ মতে জলাশয়ৰ ফলত হোৱা ভূমিকম্পীয়তা পৰিঘটনাৰ বাবে বান্ধটোৱে ভূমিকম্পৰ সৃষ্টি কৰিব পাৰে। তেওঁলোকে লগতে যুক্তি আগবঢ়ায় যে জলাশয়টোত পানীৰ গতিশীল বোজা আৰু নমাই দিয়াৰ বাবে বান্ধটোৱে প্ৰাকৃতিক ভূমিকম্পৰ প্ৰভাৱ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত ঢৌ আৰু কম্পনৰ সৃষ্টি হ’ব পাৰে যিয়ে বান্ধৰ গঠন আৰু ইয়াৰ চৌপাশৰ ক্ষতি কৰিব পাৰে।

ছিকিমত নদীবান্ধে নমাই আনিছিল বিভীষিকা, অসমতো ঘটিব নেকি অনুৰূপ ঘটনা? 

৪ অক্টোবৰ, ২০২৩। ছিকিমৰ উত্তৰ দিশত থকা তিস্তা নদীৰ ওপৰত নিৰ্মাণ কৰা ছিকিমৰ সৰ্ববৃহৎ ১২০০ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পৰ অংশ তিস্তা তৃতীয় বান্ধ চাংথাং বান্ধ ভাঙি সৃষ্টি বানে উটুৱাই লৈ গৈছিল নৈখনৰ পাৰত অৱস্থিত গাঁও আৰু চহৰ। এই বানত সেনা জোৱানকে ধৰি শতাধিক লোকৰ মৃত্যু ঘটাৰ লগতে আজিও সন্ধানহীন হৈ আছে আন শতাধিক লোক। বান বিভীষিকাৰ প্ৰায় ২৪ দিন পিছতো আজিও বহু পৰিয়ালে আপোন ঘৰৰ পৰা দূৰৈৰ আশ্ৰয় শিৱিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে।

ৰাজ্যখনত হোৱা এনে ভয়াৱহ বান পৰিস্থিতিৰ কাৰণ ছিকিমৰ উত্তৰ দিশত সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১৭,০০০ ফুট উচ্চতাত অৱস্থিত দক্ষিণ লোনাক হ্ৰদৰ ওপৰত সংঘটিত 'গ্লেচিয়েল লেক আউটবাৰ্ষ্ট’ বুলি গৱেষকে দাবী কৰিলেও ইয়াৰ সমান্তৰালভাৱে তিস্তা নদীৰ ওপৰত নিৰ্মিত নদীবান্ধো বানৰ অন্যতম কাৰণ বুলি অভিহিত কৰা হৈছে। এই নদী বান্ধৰ বাবেই তিস্তাৰ হঠাৎ ওফন্দি উঠা পানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰি নৈখনৰ দাঁতিৰ গাঁও আৰু চহৰসমূহ মষিমূৰ কৰি পেলায়।

তিস্তা নদীয়ে সৃষ্টি কৰা সেই ভয়াৱহ বান পৰিস্থিতিৰ দৰেই একেই অৱস্থা অসমৰ সোৱণশিৰি নদীয়েই কৰিব পাৰে বুলি ইতিমধ্যে বহু পৰিৱেশবিদে দাবী কৰিছে। উত্তৰ বংগ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা পশ্চিম বংগ ভূমিস্খলন বিশেষজ্ঞ সমিতিৰ সদস্য জেটা সংকৃত্যয়নে কয় যে ঐতিহাসিক তথ্য অনুসৰি তিস্তা নদীয়ে প্ৰতি ৫০ বছৰৰ মূৰে মূৰে নিজৰ ক্ৰোধ দেখুৱাই আহিছে আৰু ১৯৬৮ চনৰ বিপৰ্যয়ৰ পিছত বুধবাৰৰ এই পৰিঘটনাটোৱেই হৈছে আটাইতকৈ ডাঙৰ পৰিঘটনা।

তেওঁ লগতে কয়, “নদীৰ কাষত নদীৰ প্ৰাকৃতিক প্ৰবাহ বন্ধ কৰা বান্ধ নিৰ্মাণৰ বাবে বৰষুণৰ প্ৰভাৱ লাঘৱ হৈছে। তিস্তা শক্তি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ সম্পূৰ্ণৰূপে ভাঙি পেলোৱাটো তাৰেই উদাহৰণ।’’ এই নদীবান্ধেই বুধবাৰে সৃষ্টি হোৱা বান ধ্বংসলীলাৰ কাৰণ বুলিও মন্তব্য কৰে সংকৃত্যয়নে। ছিকিমৰ এই দুৰ্যোগৰ পৰা ছিকিম আৰু কেন্দ্ৰীয় চৰকাৰে শিক্ষা লোৱা উচিত বুলি মন্তব্য কৰি অধ্যাপকগৰাকীয়ে কয় যে এনেধৰণৰ বিশাল পৰিসৰৰ জলবিদ্যুৎ প্ৰকল্পই ভৱিষ্যতেও ছিকিম আৰু পশ্চিম বংগৰ কিছু অংশত বিপৰ্যয় নমাই আনিব।

“আমি জানিছিলো যে এনে এটা দিন আহি আছে, আৰু অৱশেষত এই কথা সঁচা বুলি প্ৰমাণিত হ’ল। আমি এই বিষয়ে বহুদিন সকীয়াই দি আছিলো যদিও কোনেও শুনা নাছিল। এতিয়া এই বিপৰ্যয় নমাৰ পিছত অন্ততঃ চৰকাৰে শিক্ষা লোৱা উচিত। নদীক বাধা দি ৰাখিব বিচাৰিলে বিভীষিকা নিশ্চিত। অন্য বান্ধৰ ক্ষেত্ৰতো এনেকুৱা হব পাৰে।’’ অধ্যাপক তথা ভূমিস্খলন বিশেষজ্ঞ জেটা সংকৃত্যয়নে কয়।


সোৱণশিৰি নদীবান্ধৰ চমু টাইমলাইন

৩১ জানুৱাৰী, ২০০৮

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে।

১৮ আগষ্ট, ২০১১

অৰুণাচল প্ৰদেশ চৰকাৰে পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰক পত্ৰ নং (10-44/কনচ./2003/ভল-আই/312-16) 5,056.5 হেক্টৰ বনভূমি ৰক্ষাৰ বাবে এক প্ৰস্তাৱ দাখিল কৰে।

জুলাই ১২, ২০১৩

এফ.এ.চি.-য়ে এই কাৰণত প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে যে প্ৰকল্পটোৱে সাধাৰণ পৰিস্থিতিতন্ত্ৰৰ ওপৰত এক অপূৰণীয় আৰু বিৰূপ প্ৰভাৱ পেলাব। প্ৰকল্পটোৰ বাবে প্ৰায় ৩ লাখ ৫০ হাজাৰ গছ কাটিব লাগিব। এফ.এ.চি.-য়ে লগতে কয় যে ৰাজ্যখনৰ জনজাতীয় জনসাধাৰণৰ বাবে জীৱিকাৰ এক মুখ্য উৎস, ইমান বিশাল বনভূমিৰ পৰিৱৰ্তনৰ পাৰিপাৰ্শ্বিক আৰু সামাজিক ব্যয় প্ৰকল্পটোৰ পৰা প্ৰাপ্ত হোৱাৰ সম্ভাৱনাতকৈ বহু বেছি হ'ব।

ফেব্ৰুৱাৰী ১৩, ২০১৪

ৰাজ্য চৰকাৰে এখন সংশোধিত প্ৰস্তাৱ দাখিল কৰে (পত্ৰ নং। 4,577.84 হেক্টৰ বনভূমি ৰখাৰ বাবে এম.ও.ই.এফ.-লৈ 10/ক'ৰ/2003/ভলিউম-আই.ভি./287)।

সোৱণশিৰিৰ পৰা মাজুলী পৰ্যন্ত হ’ব পাৰে দুৰ্যোগ!

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা হ’ব পৰা দুৰ্যোগ ইমানেই ভয়াৱহ হ’ব পাৰে যে ইয়াৰ প্ৰভাৱ সোৱণশিৰিৰ পৰা মাজুলী পৰ্যন্ত দেখা যাব। সোৱণশিৰিৰ বুকু শুকাই যোৱাৰ পিছতে এই মন্তব্য কৰিছে ৰুৰকী আইআইটিৰ জলসম্পদ বিভাগৰ প্ৰাক্তন মুৰব্বী তথা আন্তঃৰাষ্ট্ৰীয় জলসম্পদ আৰু নদীবান্ধ বিশেষজ্ঞ ড০ নয়ন শৰ্মাই। 

গুৱাহাটীৰ পৰা প্ৰকাশিত আগশাৰীৰ দৈনিক বাতৰি কাকত 'দৈনিক অসম’ৰ আগত বিশেষজ্ঞ ড০ শৰ্মাই কয়, 'সোৱণশিৰি নদীৰ বাঁওফালৰ দেওনালা খৰস্ৰোতা সুঁতিৰ কাষৰ বৃহৎ পাহাৰখন যিকোনো মুহূৰ্ততে খহি পৰিব পাৰে। নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ ওচৰৰ সেই পাহাৰ খহি পৰিলে মাজুলী পৰ্যন্ত ১৬০ কিলোমিটাৰ এলেকাত ভয়াৱহ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা আছে।’

তেওঁ আৰু কয়, 'পাহাৰখন সম্পূৰ্ণৰূপে খহি পৰিলে অসমত প্ৰাকৃতিক দুৰ্যোগ যে হ’ব সেয়া নিশ্চিত। তেতিয়া আৰু প্ৰতিৰোধৰ সময় নহ’ব। সেয়ে আধুনিক প্ৰযুক্তি ব্যৱস্থাৰে প্ৰতিৰোধৰ ব্যৱস্থা কৰিবই লাগিব। কিন্তু ব্যৰ্থতাই আমাৰ ক্ষতি বঢ়াইছে। সকলো জানিও প্ৰতিৰোধত আমি ব্যৰ্থ হৈছো।’

বিশেষজ্ঞ শৰ্মাই জনোৱা মতে ২০০৬ চনৰে পৰা ডাইভাৰ্ছন টানেলত পাহাৰ খহা আৰম্ভ হৈছিল। এনএইছপিচিয়ে ২০০৭ আৰু ২০০৮ চনত প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰাত পাহাৰ খহা বন্ধ হৈছিল। ইয়াৰ পিছত ২০১১ চনত বান্ধৰ নিৰ্মাণ কাৰ্য বন্ধ কৰা হয়। ২০১৯ চনত বান্ধ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ হয়। কিন্তু ২০১৯ চনত এমাহত ২০০ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাত দেওনালাৰ কাষৰ বৃহৎ পাহাৰ অধিক দুৰ্বল হৈ পৰে। যাৰ ফলত ২০২১ চনত নামনি সোৱণশিৰিৰ বাবে নিৰ্মাণ কৰা দুটো পথো ভাগিছিল। এনেদৰে ২০০৬ চনৰ পৰাই এটাৰ পছত আনটো বিপৰ্যয় ধৰা দিয়া সত্বেও কিয় প্ৰতিৰোধত গুৰুত্ব দিয়া হোৱা নাই বুলিও বিশেষজ্ঞগৰাকীয়ে বান্ধ কৰ্তৃপক্ষক প্ৰশ্ন কৰে।


প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!


এই ধ্বংসৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

অঞ্চলটোৰ সোৱণশিৰি নদী আৰু অন্যান্য নদীৰ বান্ধৰ ফলত হব পৰা এই ধ্বংসলীলাৰ পৰা হাত সাৰিবলৈ বা তাৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ বিভিন্ন উপায়ৰ পৰামৰ্শ দিয়ে বিশেষজ্ঞসকলে।  কেইবাগৰাকীও নদীবান্ধ বিশেষজ্ঞই বহনক্ষম, বিকেন্দ্ৰীকৃত আৰু অংশগ্ৰহণমূলক শক্তিৰ বিকল্প উৎস যেনে সৌৰ, বতাহ, জৈৱবস্তু আৰু মাইক্ৰ’-হাইডেল শক্তি আদি ব্যৱহাৰৰ প্ৰস্তাৱ আগবঢ়ায়।
 
বিশেষজ্ঞসকলে অঞ্চলটোৰ বৃহৎ বান্ধসমূহৰ নিৰ্মাণ ইয়াৰ প্ৰভাৱৰ বিস্তৃত আৰু স্বতন্ত্ৰ মূল্যায়ন নকৰালৈকে স্থগিত ৰখাৰ পোষকতা কৰে। তেওঁলোকে অঞ্চলটোৰ জলসম্পদ আৰু জলবিদ্যুৎ উন্নয়নৰ ক্ষেত্ৰত থকা নীতি-নিয়মসমূহ পুনৰীক্ষণ কৰি অধিক গণতান্ত্ৰিক, স্বচ্ছ আৰু জবাবদিহি কৰিবলৈ দাবী জনাইছে। তেওঁলোকে অঞ্চলটোৰ জল সংঘাতৰ পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধান বিচাৰিবলৈ স্থানীয় লোক, কৰ্মী, বিশেষজ্ঞ, চৰকাৰ আৰু উন্নয়নকাৰীকে ধৰি সকলো অংশীদাৰৰ মাজত আলোচনা আৰু সহযোগিতাৰ আহ্বান জনায়। বান্ধৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত স্থানীয় জনসাধাৰণৰ, বিশেষকৈ খিলঞ্জীয়া জনগোষ্ঠীৰ অধিকাৰ আৰু স্বাৰ্থক সন্মান আৰু স্বীকৃতিৰ বাবে আহ্বান জনায় বিশেষজ্ঞসকলে।

এই পৰামৰ্শসমূহ সমৰ্থন কৰা বিশেষজ্ঞসকলৰ ভিতৰত এজন হৈছে উত্তৰ-পূব ভাৰতৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ কাম কৰা গুৱাহাটীস্থিত বেচৰকাৰী সংস্থা আৰণ্যকৰ সৈতে জড়িত পৰিৱেশবিদ তথা গৱেষক ড০ পাৰ্থ জ্যোতি দাস। দাসে দুটা দশকৰো অধিক সময় ধৰি অঞ্চলটোৰ নদী আৰু জনগোষ্ঠীসমূহৰ ওপৰত বান্ধৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰি আহিছে। এই বিষয়ত তেওঁ কেইবাখনো প্ৰতিবেদন আৰু গৱেষণা পত্ৰ লিখিছে, য’ত বান্ধৰ পৰিৱেশ, সামাজিক আৰু অৰ্থনৈতিক খৰচৰ ওপৰত আলোকপাত কৰা হৈছে। তেওঁ অঞ্চলটোৰ বান্ধৰ বিৰুদ্ধে কেইবাটাও অভিযান আৰু আলোচনাতো অংশ লৈছে। উত্তৰ-পূব ভাৰতত জলসম্পদ ব্যৱস্থাপনা আৰু জলবায়ু পৰিৱৰ্তনৰ লগত খাপ খুৱাই লোৱাৰ কামৰ বাবে তেওঁ কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে।

দাসে কয় যে বান্ধ কেৱল ক্ষতিকাৰক নহয়, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবেও অপ্ৰয়োজনীয়। তেওঁ কয় যে অঞ্চলটোত নবীকৰণযোগ্য শক্তিৰ উৎসসমূহ ব্যৱহাৰ কৰাৰ যথেষ্ট সুযোগ আছে, যিবোৰ অধিক পৰিৱেশ অনুকূল, খৰচ-বহনক্ষম আৰু মানৱকেন্দ্ৰিক। তেওঁ কয় যে অঞ্চলটোত শক্তি পৰিকল্পনা আৰু উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীভূত আৰু ওপৰৰ পৰা তললৈকে বিকেন্দ্ৰীকৃত আৰু তলৰ পৰা ওপৰলৈ যোৱাৰ প্ৰয়োজন আছে, য’ত স্থানীয় জনগোষ্ঠী আৰু নাগৰিক সমাজৰ গোটসমূহৰ অংশগ্ৰহণ আৰু সৱলীকৰণ জড়িত হৈ আছে। 


ফটোঃ ২৭ অক্টোবৰত পাহাৰ খহি পৰাৰ পিছৰ দৃশ্য

তেওঁ কয় যে অঞ্চলটোৰ জলসম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক সামগ্ৰিক আৰু সংহত পদ্ধতি গ্ৰহণ কৰাৰ প্ৰয়োজন আছে, যিয়ে নদী অৱবাহিকাৰ পৰিৱেশ অখণ্ডতা আৰু সামাজিক-সাংস্কৃতিক বৈচিত্ৰ্যক সন্মান কৰে। দাসে কয় যে নদীৰ পাৰৰ ৰাজ্য আৰু অঞ্চলটোৰ দেশসমূহৰ মাজত এক আলোচনা আৰু সহযোগিতা গঢ়ি তোলাৰ প্ৰয়োজন আছে, যিয়ে পানীৰ ভাগ-বতৰা আৰু শাসনৰ সীমা অতিক্ৰম কৰা আৰু আন্তঃৰাজ্যিক বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে নদী আৰু ইয়াৰ সম্পদৰ ৰক্ষক আৰু তত্বাৱধায়ক স্থানীয় জনসাধাৰণৰ বিশেষকৈ খিলঞ্জীয়া জনগোষ্ঠীৰ অধিকাৰ আৰু স্বাৰ্থক সন্মান আৰু সুৰক্ষা দিয়াৰ প্ৰয়োজন আছে।

এন এইচ পি চিৰ অনুদান, প্ৰশ্ন অনেক!

কোম্পানীসমূহৰ সামাজিক দায়ৱদ্ধতা নিশ্চিত কৰি ২০১৩ চনত প্ৰণয়ন কৰা হৈছিল এখন আইন। সেই আইনখনেই হৈছে ক’ৰ্পৰেট সামাজিক দায়বদ্ধতা আইন চমুকৈ চিএছআৰ। এই আইনখনৰ সপ্তম অনুসূচীত বছৰি ১০০০ কোটি টকাতকৈ অধিক টাৰ্ণ-অভাৰ কৰা কোম্পানীসমূহে সামাজিক কাৰ্যত পুঁজি ব্যয় কৰাটো বাধ্যতামূলক কৰা হৈছে। ক্ষুধা আৰু দৰিদ্ৰতা নিৰ্মূল, শিক্ষাৰ প্ৰচাৰ, মহিলা সৱলীকৰণ, লিংগ সমতা, শিশু মৃত্যু হ্ৰাস আৰু মাতৃস্বাস্থ্যৰ উন্নতি, নিযুক্তি বৃদ্ধি বৃত্তিগত দক্ষতা প্ৰশিক্ষণ, আৰু পাৰিপাৰ্শ্বিক স্থিৰতা অন্তৰ্ভুক্ত থকা ক্ষেত্ৰবোৰৰ অধীনত চিএছআৰ পদক্ষেপৰ বাবে কোম্পানীসমূহে নিৰ্ধাৰিত পুঁজি ব্যয় কৰাটো বাধ্যতামূলক।

পৰিৱেশবিদ কেশৱ কৃষ্ণ ছত্ৰধৰাই কয়, “চিএছআৰৰ অধীনত এনএইছপিচিয়ে প্ৰকল্পৰ মুঠ বাজেটৰ ২ শতাংশ ধন সামাজিক কামত ব্যয় কৰিবলৈ বাধ্য। সেইবাবে সময়ে সময়ে তেওঁলোকে বিভিন্ন সংস্থা, বিদ্যালয়, মন্দিৰ-মছজিদ-গীৰ্জা আৰু ব্যক্তি বিশেষক সাহায্য আগবঢ়াই আহিছে। কিন্তু আচল কথাটো হ’ল- এনএইচপিচিয়ে যি সামাজিক দায়ৱদ্ধতাৰে অনুদান আগবঢ়াব লাগে, সেয়া হোৱা নাই। বৰঞ্চ একাংশ মধ্যভোগীয়েহে সেই ধন কুক্ষিগত কৰি আহিছে।’’

ছত্ৰধৰাই লগতে কয় যে, এনএইচপিচিয়ে অসমত ১০০০ কোটিৰো অধিক চিএছআৰ পুঁজি ব্যয় কৰিছে। কিন্তু সেয়া প্ৰদান কৰিয়েই নিজৰ দায়িত্ব সামৰিছে এনএইচপিচিয়ে। অন্যহাতে নদীবান্ধ বিৰোধী প্ৰতিবাদৰ প্ৰতি সাধাৰণ জনতাৰ বিশ্বাস নাইকীয়া কৰাৰ উদ্দেশ্যে এনএইচপিচিয়ে পৰিকল্পিতভাৱে এই পুঁজি নেতা-মন্ত্ৰী আৰু প্ৰতিবাদী সংগঠনৰ নেতাই কুক্ষিগত কৰা বুলি প্ৰচাৰ চলাব পাৰে বুলিও সন্দেহ ব্যক্ত কৰে ছত্ৰধৰাই।

অন্যহাতে জ্যেষ্ঠ সাংবাদিক দেবানন্দ মেডক মিৰিয়ে সামাজিক মাধ্যমত পোষ্ট কৰি লিখিছে,  ''এনএইচপিচিয়ে ২০১৭ চনৰৰ পৰা বৰ্তমানলৈকে নামনিৰ, বিশেষকৈ- লখিমপুৰ, ধেমাজি, শোনিতপুৰ, মাজুলী আৰু বিশ্বনাথ জিলা আৰু চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পাপুমপাৰে আৰু নামনি সোৱণশিৰি জিলাত অতি কমেও এক হেজাৰ কোটি টকা চিএছআৰ শিতানত খৰচ কৰিছে।’’ 

পোষ্টটো তেওঁ উল্লেখ কৰা মতে, এনএইচপিচিয়ে বিগত ৬ বছৰত দুয়োখন ৰাজ্যৰ সত্ৰ, নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জাঘৰ আদি ধৰ্মীয় অনুষ্ঠানলৈ বিভিন্ন কামৰ কাৰণে বৃহৎ পৰিমানৰ ধন সাহায্য হিচাপে আগবঢ়াইছে। ইয়াৰোপৰিও মহাবিদ্যালয়, বিদ্যালয় আদি শিক্ষানুষ্ঠান, লাইব্ৰেৰী, আত্মসহায়ক গোট ইত্যাদিক বুজন পৰিমানৰ ধন অনুদান হিচাপে আগবঢ়াই আহিছে এনএইচপিচিয়ে। তদুপৰি পঞ্চায়তৰ সহযোগত গাওঁসমূহলৈ বিভিন্ন আঁচনিৰ অধীনত ধন মুকলি কৰিও দিয়া হৈছে।

এনএইচপিচিয়ে পিৰামল হেলথকেয়াৰৰ সহযোগত মোবাইল হেলথ কেয়াৰ ছাৰ্ভিচ প্ৰদানৰ নামত কোটি কোটি টকা খৰচ কৰাৰ লগতে বিহুকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ নামতো বৃহৎ পৰিমাণৰ ধন মুকলি কৰি দিয়া বুলি মন্তব্য কৰে মিৰিয়ে। লগতে তেওঁ অভিযোগ উত্থাপন কৰে যে, এনএইচপিচিয়ে বহু থলুৱা নেতাক নিশাটোৰ ভিতৰতে ঠিকাদাৰ কৰি তুলিছে।

জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে অভিযোগ কৰা মতে, ৰাজপথত এনএইচপিচিৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰি থকাৰ একে সময়তে নামনিৰ ৰাইজে মনে মনে সকলো জানিও তেওঁলোকৰ পৰা সেইসমূহ অৰ্থসাহায্য নোপোৱাক পোৱা দি গ্ৰহণ কৰি গৈছিল। আটাইতকৈ বেছি সুবিধা লোৱাসকলৰ মাজৰ অধিকাংশই ধৰ্মগুৰু, উচ্চিশিক্ষিত, বুদ্ধিজীৱি, নেতা-পালিনেতা, সমাজৰ মুখিয়াল শ্ৰেণীৰ লোক বুলিও অভিযোগ কৰে দেবানন্দ মেডক মিৰিয়ে। অন্যহাতে তদানীন্তন এনএইচপিচিৰ চিএছআৰ সঞ্চালক ৰণেল কুমাৰক সুধিলেই কোনে কিমান টকা লাভ কৰিছিল সকলো ওলাই পৰিব বুলিও দাবী কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে। 

ফটোঃ ভাইৰেল হৈ পৰা দেৱানন্দ মেডক মিৰিৰ ফেচবুক পোষ্টটো

দেৱানন্দ মেডক মিৰিয়ে তেওঁৰ ফেচবুক পোষ্টত লিখিছে- “… ৰাইজে মন কৰিব। ৰাজপথত এনএইচপিচিৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰি থকাৰ একে সময়তে নামনিৰ ৰাইজে মনে মনে সকলো জানিও এনএইচপিচিৰ পৰা সেইসমূহ অৰ্থসাহায্য নোপোৱাক পোৱা দি গ্ৰহণ কৰি গৈছিল। ইন্টাৰেষ্টিং কথাটো হ’ল- আটাইতকৈ বেছি সুবিধা লোৱা সকলৰ মাজৰ অধিকাংশই ধৰ্মগুৰু, উচ্চিশিক্ষিত, বুদ্ধিজীৱি, নেতা-পালিনেতা, সমাজৰ মুখীয়াল শ্ৰেণীৰ। বুজাত কোনো অসুবিধা নাইটো? তদানীন্তন এনএইচপিচিৰ চিএছআৰ ডাইৰেক্টৰ ৰণেল কুমাৰক সুধিলেই গাঁৱৰ তিনিআলিত ভালুক নাচ কোনে দেখুৱাইছিল নাম-ঠিকনা সকলো ওলাই পৰিব।’’

সম্প্ৰতি ছ’চিয়েল মিডিয়াত একপ্ৰকাৰ ভাইৰেল হৈ পৰা পোষ্টটোত তেওঁ আৰু লিখিছে, 'আমি এনএইচপিচিৰ পৰা কোনো সুবিধা গ্ৰহণ নকৰা নামনিৰ বাসিন্দা। গতিকে আমাক পণবন্দী কৰি যাতে কোনো নতুনকৈ দালালি নকৰে, দামদৰ কৰি কোটিপতি নহয়, ৰাজনৈতিক কেৰিয়াৰ নবনায়, এয়াই আমাৰ প্ৰাৰ্থনা। আমি মৰিম, এনেকৈয়ে মৰিম। আমাক এনএইচপিচিৰ বুকুত শান্তিত মৰিবলৈ দিয়ক। আমাৰ অনিবাৰ্য্য মৃত্যুক লৈ কোনেও কোটিপতি হোৱাৰ সপোন নেদেখিব। আমাৰ এটাই কামনা, এনএইচপিচিৰ শুভ উদ্বোধন হওক। যি দুদিন জীয়াই থাকিম, আমাৰ তেজেৰে দেশ উজলি উঠক, ই আমাৰ কাম্য।’’