নতুন দিল্লীঃ দ্বিতীয়বাৰ কাৰ্যভাৰ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিটি আয়োগৰ পুনৰ গঠন কৰে৷ ডা০ ৰাজীৱ কুমাৰ পুনৰবাৰ নিটি আয়োগৰ উপাধ্যক্ষ হ’ব৷ অৰ্থনীতিবিদ বিবেক দেবৰায়ক নতুনকৈ গঠন কৰা নিটি আয়োগৰপৰা অপসাৰিত কৰা হয়৷ যদিও আন আন পূৰ্ণকালীন সদস্যসকলক নতুন আয়োগখনত স্থান দিয়া হয়৷

বি কে সৰস্বত, ৰমেশ চন্দ্ৰ, ডা০ বি কে পাল আয়োগৰ পুৰ্ণকালীন সদস্য হৈ থাকিব৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰীজন আয়োগৰ পদেন অধ্যক্ষ৷

২০১৫ চনৰ ১ জানুৱাৰীত আয়োগৰ গঠনৰ প্ৰস্তৱ লৈ নিটি আয়োগ গঠন কৰা হৈছিল আৰু দেৱৰায়ক পূৰ্ণকালীন সদস্যৰ দায়িত্ব দিয়া হৈছিল৷ আয়োগৰ আন আন সদস্যসকল হ’ল অমিত শ্বাহ, ৰাজনাথ সিং, নিৰ্মলা সীতাৰমণ, নৰেন্দ্ৰ সিং তামোৰ৷

পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী, সামাজিক ন্যায়ৰ মন্ত্ৰী থাৱৰ চন্দ গহলোত, ৰে’ল মন্ত্ৰী পীয়ুয গোৱেল, পৰিকল্পনা মন্ত্ৰী ইন্দ্ৰজিৎ সিং আদি হৈছে বিশেষভাৱে আমন্ত্ৰিত সদস্য৷