ডিজিটেল ডেস্কঃ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এফালে ছোনিয়া গান্ধীক না কৈ আনফালে হা কৈছে নৰেন্দ্ৰ মোদীক৷ দৰাচলতে ছোনিয়া গান্ধীয়ে বিৰোধী দলৰ বাবে আয়োজন কৰা আজিৰ দুপৰীয়াৰ আহাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী গৰাকীকো নিমন্ত্ৰণ জনাইছিল৷ 

কিন্তু সময়সূচী নিমিলাৰ বাবে নীতিশ কুমাৰে উপস্থিত থাকিব নোৱাৰে বুলি জনোৱাৰ বিপৰীতে মোদীৰ একেধৰণৰেই প্ৰস্তাৱ ৰক্ষা কৰিব বুলি জনাইছে নেতাজনে৷ 

মোদীয়ে মৰিছাছৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ উপলক্ষে দেশৰ প্ৰবীণ নেতাসকলক দেওবাৰে আমন্ত্ৰণ জনাইছে৷ তাৰে মাজতে নীতিশ কুমাৰৰ নামো আছে৷ 

মৰিছাছৰ সৈতে আমাৰ পুৰণি আৱেগিক সম্পৰ্ক আছে- এনেদৰে মোদীলৈ সেউজ সংকেত দিয়া নীতিশে কয়৷ 

গংগা নদী বিষয়ক আলোচনাৰ বাবে মোদীৰ সৈতে পৃথক বৈঠকত বহাৰ বাবেও প্ৰধানমন্ত্ৰীগৰাকীলৈ অনুৰোধ জনায় নীতিশ কুমাৰে৷

নীতিশ কুমাৰ নাথাকিলেও অৱশ্যে লালু প্ৰসাদ যাদৱে ছোনীয়া গান্ধীৰ আজিৰ দুপৰীয়াৰ আহাৰৰ বাবে উপস্থিত হৈছে৷