ডিজিটেল ডেস্কঃ পেট্ৰল পাম্পত তেলৰ বাবে দৈনিক শাৰী পাতি থাকোতে কিমান সময় নষ্ট হয় তাৰ হিচাব নাই৷ বিশেষকৈ অফিচ-কাছাৰীলৈ নিতৌ অহা-যোৱা কৰাসকলৰ ক্ষেত্ৰত এনে সময়ৰ অপচয় অতিকে চিন্তাৰ বিষয়৷

সেয়ে এইবাৰ কেন্দ্ৰ চৰকাৰে গ্ৰাহকক ঘৰতে পেট্ৰল-ডিজেল পোৱাৰ ব্যৱস্থা কৰি দিয়াৰ বাবে চিন্তা-চৰ্চা কৰিছে৷ বুকিং কৰিলেই গেছৰ চিলিণ্ডাৰৰ দৰেই পেট্ৰল-ডিজেল আৰু পেট্ৰলজাত অইন উৎপাদিত সামগ্ৰীবোৰ ঘৰতে বহি পাব পৰা যাব৷ পেট্ৰলিয়াম মন্ত্ৰালয়ে এইকথা টুইটাৰযোগে সদৰী কৰিছে৷ 

অইন এটা টুইটত মন্ত্ৰালয়ে পেট্ৰল পাম্পত মানুহৰ সময় নষ্ট হোৱাৰ কথা গ্ৰাহকৰ ক্ষেত্ৰত এই ব্যৱস্থাই সকাহ দিব বুলি উল্লেখ কৰে৷ 

উল্লেখ্য যে ভাৰতত প্ৰত্যেক দিনাই ৩.৫ কোটি লোক পেট্ৰল পাম্পলৈ আহে আৰু প্ৰত্যেক বছৰে ২৫ হাজাৰ কোটি টকাৰ লেনদেন পেট্ৰল পাম্পত হয়৷ নিৰ্দিষ্ট চহৰকেইখনমানত এয়া পৰীক্ষামূলকভাৱে প্ৰায় ১ মেৰপৰা আৰম্ভ কৰা হ’ব বুলি জানিবপৰা গৈছে৷

পেট্ৰল পাম্পবোৰত ডিজিটেল পেমেণ্ট ব্যৱস্থাৰ বিষয়ে শুকুৰবাৰে শ্ৰীনগৰত সংসদীয় কমিটিৰ এখন বৈঠক বহা বুলিও মন্ত্ৰালয়ে উল্লেক কৰিছে৷ কেশ্বলেছ মাধ্যমেৰে পেমেণ্ট কৰিলে ৰাজ্যিক তৈল কোম্পানী যেনে আইওচি, বিপিচিএল আৰ এইচপিচিএল য়ে ০.৭৫ শতাংশ ৰেহায় দিয়ে বুলি জানিবলৈ দিয়ে মন্ত্ৰালয়ে৷

ডিজিটেল মাধ্যমত উৎসাহী হৈ উঠা গ্ৰাহকৰ অংশগ্ৰহণৰ বাবে দৈনিক ডিজিটেল লেনদেন পূৰ্বৰ ১৫০ কোটিৰপৰা এতিয়া ৪০০ কোটি হৈছে বুলি মন্ত্ৰালয়ে উল্লেখ কৰে।