শেহতীয়াকৈ সম্পন্ন হোৱা ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত হিন্দী বলয়ৰ তিনি ৰাজ্য মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত বিজেপিৰ জয়লাভ আৰু দক্ষিণ ভাৰতৰ ৰাজ্য তেলেংগানাত কংগ্ৰেছৰ বিজয়ৰ পিছতে এতিয়া সূত্ৰপাত ঘটিছে ‘উত্তৰ ভাৰত বনাম দক্ষিণ ভাৰত’ বিতৰ্কৰ। ৰাজনৈতিকভাৱে এই বিতৰ্কৰ সূচনা হোৱাৰ পিছতে এতিয়া সামাজিক মাধ্যমতো বিভিন্নজনে ব্যক্ত কৰিবলৈ আৰম্ভ কৰিছে প্ৰতিক্ৰিয়া। অনেকে লিখিছে যে বিজেপিৰ সাফল্য কেৱল হিন্দী বলয়ৰ ৰাজ্যতহে সম্ভৱ, য’ত জন্মৰ হাৰ অধিক কিন্তু সাক্ষৰতাৰ হাৰ কম। বিজেপি মুক্ত দক্ষিণ ভাৰতৰ উদাহৰণ দাঙি ধৰিয়েই এনেদৰে মন্তব্য কৰিছে অনেকে।

পূৰ্বৰ টুইটাৰ আৰু বৰ্তমানৰ এক্সত এই বিতৰ্ক তীব্ৰতৰ হৈ পৰাৰ পিছতে এই বিতৰ্কত জঁপিয়াই পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও। এগৰাকী সাংবাদিকৰ এটা ভিডিঅ’ ৰি-পোষ্ট কৰি প্ৰধামন্ত্ৰীয়ে লিখিছে, "তেওঁলোকৰ বিভাজনকাৰী এজেণ্ডাৰ পৰা সাৱধান হওক। ৭০ বছৰৰ অভ্যাস ইমান সহজে নাইকিয়া নহয়।" কিন্তু বিতৰ্ক অধিক তীব্ৰতৰ হৈ পৰে তেতিয়া, যেতিয়া বিৰোধীৰ ঐক্যজোঁটৰ অংশ দ্ৰাবিড় মুন্নেত্ৰ কাঝাগম (ডিএমকে)ৰ সাংসদ সেন্থিলকুমাৰে সংসদত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত বিতৰ্ক মন্তব্য কৰে। পিছত এই বাবে ক্ষমাও খুজিবলগীয়া হয় সাংসদগৰাকীয়ে।

মঙলবাৰে লোকসভাত জম্মু-কাশ্মীৰৰ সৈতে জড়িত দুখন বিধেয়ক সন্দৰ্ভত আলোচনাৰ সময়ত সেন্থিলকুমাৰে কয়, “এই দেশৰ জনসাধাৰণে ভাবিব লাগে যে বিজেপিৰ শক্তি কেৱল ইমানেই যে এই দলটোৱে মুলতঃ হিন্দী বলয়ৰ ৰাজ্য, যাক আমি গোমুত্ৰৰ ৰাজ্যৰ বুলি কও তাতেহে জয়লাভ কৰিব পাৰে।“ অৱশ্যে সাংসদগৰাকীৰ এই মন্তব্য সদনৰ কাৰ্য্যবিধিৰ ৰেকৰ্ডৰ পৰা আঁতৰাই দিয়া হৈছে। 

সদনৰ মজিয়াত সেন্থিলকুমাৰে লগতে কয়, “আপুনি দক্ষিণ ভাৰতলৈ আহিব নোৱাৰে, কাৰণ আমি তামিলনাডু, কেৰালা, অন্ধ্ৰ, তেলেংগানা আৰু কৰ্ণাটকত অতি শক্তিশালী। গতিকে এই ৰাজ্যবোৰকো কেন্দ্ৰীয় শাসিত কৰি যদি পৰোক্ষভাৱে ইয়াত ক্ষমতালৈ আহে তেন্তে আমি আচৰিত নহম। কাৰণ তালৈ আহি দক্ষিণৰ ৰাজ্যবোৰত শাসন কৰা আপোনালোকৰ বাবে সপোনতো ভাৱিব নোৱাৰে।” জম্মু-কাশ্মীৰ সংৰক্ষণ (সংশোধনী) আইন আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন আইন সন্দৰ্ভত আলোচনাৰ সময়ত তেওঁ এই মন্তব্য কৰে।

সাংসদগৰাকীৰ এই মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় দেশৰ ৰাজনীতিত। বিজেপিৰ নেতা-সাংসদে সেন্থিলকুমাৰৰ এনে আপত্তিজনক মন্তব্যৰ বাবে সাংসদ পদ খাৰিজ কৰাৰ বাবেও দাবী জনায়। ইফালে মিত্ৰ দল কংগ্ৰেছও সাংসদগৰাকীৰ এনে মন্তব্যক লৈ মুকলিকৈ সৰৱ হোৱাৰ পিছত অৱশেষত নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰে ডিএমকেৰ সাংসদগৰাকীয়ে। সেন্থিলকুমাৰৰ এই মন্তব্যৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তামিলনাডু বিজেপিৰ ৰাজ্যিক সভাপতি কে. আন্নামলাই কয়, “উত্তৰ ভাৰতীয় বন্ধুক পানী পুৰী বিক্ৰেতা, শৌচাগাৰ বনোৱা আদি বুলি কোৱাৰ পিছত এতিয়া ‘ইণ্ডি এলায়েন্স’ৰ অংশ ডি এম কেৰ সাংসদসকলে গো মূত্ৰক লৈ ধেমালি কৰিছে।” কেন্দ্ৰীয় মন্ত্ৰী মীনাক্ষী লেখীয়ে এই মন্তব্যক ‘সনাতনী পৰম্পৰা আৰু সনাতনীক অপমান’ বুলি অভিহিত কৰে।

বিতৰ্কত তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰীও

সেনথিলকুমাৰৰ এই বক্তব্যক লৈ সৃষ্টি হোৱা বিতৰ্কৰ এতিয়া শাম কটা নাই। কিন্তু তাৰ মাজতে  এইবাৰ চৰ্চালৈ আহিছে তেলেংগানাৰ কংগ্ৰেছৰ ন মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ এক বিতৰ্কিত মন্তব্য। নিৰ্বাচনৰ পূৰ্বে দিয়া এক সাক্ষাৎকাৰত ৰেড্ডীয়ে কৈছিল যে তেওঁৰ ডি এন এ তেলেংগানাৰ, আনহাতে কে চি আৰ (তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী)ৰ ডি এন এ বিহাৰৰ। ৰেড্ডীয়ে কয় যে তেওঁৰ ডি এন এ কে চি আৰৰ ডি এন এতকৈ ভাল।

প্ৰাক নিৰ্বাচন কালৰ ৰেৱন্ত ৰেড্ডীৰ এই মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে বুধবাৰে কয় যে এনে মন্তব্য ‘উত্তৰ ভাৰতীয়ৰ বাবে অপমানজনক’। তেওঁ কয় যে কংগ্ৰেছৰ চিন্তাধাৰা দেশক বিভাজন কৰা আৰু ‘ইণ্ডিয়া মিত্ৰজোঁটে উত্তৰ আৰু দক্ষিণৰ মাজত ব্যৱধান সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে’।

উত্তৰ-দক্ষিণৰ কথিত বিভাজন

উত্তৰ ভাৰত বনাম দক্ষিণ ভাৰতক লৈ ৰাজনীতি এয়াই প্ৰথম নহয়। ভাৰতৰে দুটা মেৰুক এইদৰে ৰণাংগনলৈ আনি আত্মসন্মানৰ যুঁজ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰি অহা হৈছে। উত্তৰ আৰু দক্ষিণ ভাৰতৰ এই কথিত বিভাজনৰ ইতিহাস বহু পুৰণি আৰু উত্তৰ আৰু দক্ষিণ ভাৰতৰ ৰাজ্যৰ প্ৰভাৱশালী দলসমূহে ইয়াক লৈ আগ্ৰাসী ৰূপ ধাৰণ কৰিছে। এইবাৰো ৰাজ্য বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত ৰাজনীতিবিদসকলৰ বক্তব্যৰ বাহিৰেও ছচিয়েল মিডিয়াত এনেধৰণৰ মন্তব্য আৰু পোষ্টৰ জোৱাৰ উঠিছে।

জ্যেষ্ঠ সাংবাদিক ৰাধিকা ৰামছেছনৰ মতে উত্তৰ আৰু দক্ষিণ ভাৰতৰ ৰাজ্যৰ মাজত বিভাজন বহু পৰিমাণে অতিৰঞ্জিত, আনহাতে বাস্তৱ বেলেগ। তেওঁ কয়, ‘মই তামিলনাডুৰ আৰু সমগ্ৰ জীৱন উত্তৰ ভাৰততে পাৰ কৰিছো। বাস্তৱতে পূব আৰু উত্তৰ ভাৰতৰ পৰা বৃহৎ সংখ্যক লোক দক্ষিণলৈ যায়। তাত চাকৰি লৈ সম্পত্তি কিনি তাতেই বসতি স্থাপন কৰে। তাত থকা ভাষাবোৰো শিকে। এই লোকসকলৰ মনত কোনো বিভাজন নাই যদিও এই সময়ত এই তথাকথিত বিভাজনক লৈ ৰাজনীতি চলি আছে।"

ডিএমকে সাংসদৰ মন্তব্যৰ সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কয় যে ডিএমকেৰ ৰাজনীতি আৰম্ভণিৰে পৰাই উত্তৰ ভাৰতৰ বিৰোধিতাৰ ওপৰত কেন্দ্ৰীভূত হৈ আহিছে, সেয়া লাগিলে হিন্দী ভাষা জাপি দিয়াৰ বিৰোধিতাৰ বিষয় হওঁক বা কেন্দ্ৰত কংগ্ৰেছ শাসনাধীষ্ঠ হৈ থকা সময়ৰে পৰা দক্ষিণক লৈ কৰা মাহীমাকৰ দৰে আচৰণৰ অভিযোগেই হওঁক। তেওঁ কয়, “এই অভিযোগবোৰৰ সত্যতা থাকিব পাৰে, কিন্তু ডি এম কেয়ে যি ধৰণৰ ৰাজনীতিৰ ওপৰত জোৰ দিয়ে, সেই ধৰণৰ ৰাজনীতিয়ে উত্তৰ আৰু দক্ষিণৰ মাজত বিভাজনৰ বাৰ্তা প্ৰেৰণ কৰে। অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু কেৰালাতো কেন্দ্ৰই তেওঁলোকক মাহীমাকৰ দৰে আচৰণ কৰাৰ অনুভৱ হ’ব পাৰে, কিন্তু তাত এনে বিভাজনৰ কথা নাই।”

নিজৰ ভোট বেংক সৃষ্টি কৰিবলৈকে নেকি এই বিভাজন?

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে এই বিষয়টো ৰাজনৈতিক দলসমূহে উদ্ভাৱন কৰিছে আৰু তেওঁলোকে ইয়াক মেৰুকৰণৰ বাবে ব্যৱহাৰ কৰিছে। জ্যেষ্ঠ সাংবাদিক বিনোদ শৰ্মাই কয় যে সংস্কৃতি, ভাষা আৰু পৰম্পৰাৰ ভিত্তিত উত্তৰ আৰু দক্ষিণ ভাৰতৰ ৰাজ্যৰ মাজত পাৰ্থক্য থাকিলেও এই পাৰ্থক্য ৰাজনৈতিক বিভাজনৰ ৰূপত বেছিকৈ ওলাই পৰে। বিনোদ শৰ্মাই কয় যে উত্তৰ ভাৰতত বিজেপিয়ে যিবোৰ বিষয় ব্যৱহাৰ কৰে, সেইবোৰ উজনি ৰাজ্যৰ দলসমূহে নিজৰ মতে ব্যৱহাৰ কৰে। তেওঁ কয়, “উদাহৰণস্বৰূপে দক্ষিণৰ ৰাজ্যসমূহত সনাতন ধৰ্ম ডাঙৰ বিষয় নহয়। কিন্তু তেওঁলোকে ইয়াত এই বাৰ্তা দিবলৈ কয় যে আমি দক্ষিণৰ জনসাধাৰণ উত্তৰৰ পৰা পৃথক আৰু ভাৰতীয় জনতা পাৰ্টি উত্তৰৰ সেই দল যিয়ে আমাৰ ৰীতি-নীতি বুজি নাপায়।” 

দক্ষিণ ভাৰতৰ নেতাসকলৰ শেহতীয়া বক্তব্য আৰু তেওঁলোকৰ সন্দৰ্ভত বিজেপিৰ স্থিতি দুয়োটা ৰাজনৈতিক স্বাৰ্থৰ প্ৰতি ৰাখিয়েই কৰা হোৱা বুলি বুলি মন্তব্য কৰে ৰাধিকা ৰামসেসনেও। তেওঁ কয়, “প্ৰায়ে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে অধিক অৰ্থনৈতিক উন্নয়ন আৰু অধিক আয়ৰ বিনিময়ত কেন্দ্ৰৰ পৰা অধিক সহায় বিচাৰে। তেওঁলোকৰ দাবী যুক্তিসংগত হ’ব পাৰে, কিন্তু উত্তৰ-দক্ষিণ বিভাজনৰ বিষয়টো অধিক আৱেগিক। ডি এম কে আৰু বিজেপি দুয়োটাই ইয়াৰ মূলধন হিচাপে ল’ব বিচাৰে কাৰণ ইয়াৰ দ্বাৰা তেওঁলোকৰ লাভ হয়।”

‘শেহতীয়া নির্বাচনৰ ফলাফলত তিনিখন ৰাজ্যত বিজেপিৰ বিজয়ে প্রকাশ কৰিছে যে ইয়াত ভোটবেংক আৰু অধিক মজবুত কৰিছে৷ এনে পৰিস্থিতিত বিজেপিয়ে উত্তৰত হিন্দুত্ববাদক আগুৱাই নিব বিচাৰে, আনহাতে ডি এম কেয়ে দক্ষিণত নিজৰ ৰাজনীতি আগুৱাই নিব বিচাৰে।” – ৰাধিকাই এইদৰে কয়।

দক্ষিণত বলে পৃথক বতাহ, কিন্তু কিয়?

দীৰ্ঘদিন ধৰি বিজেপিয়ে দক্ষিণ ভাৰতত আগ্ৰাসনৰ চেষ্টা চলাই আহিছে যদিও কাৰ্যক্ষেত্ৰত সফল হোৱা নাই বিজেপি। বিগত সময়ত বিজেপিয়ে দক্ষিণৰ ৰাজ্য কৰ্ণাটকতে খোপনি পুতিবলৈ সক্ষম হৈছিল যদিও এইবাৰ তাৰ পৰাও ভেটি উচন খালে দলটোৰ। এনে পৰিপ্ৰেক্ষিতত এতিয়া কেৱল উত্তৰ ভাৰতৰ ৰাজ্যসমূহতহে নিজৰ প্ৰভাৱ ধৰি ৰাখিবলৈ সক্ষম হৈছে দলটোৱে। দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ নিৰ্বাচনী পৰিস্থিতি প্ৰায়ে উত্তৰ ভাৰতীয় ৰাজ্যসমূহৰ তুলনাত পৃথক হোৱা পৰিলক্ষিত হয়।

উদাহৰণস্বৰূপে, ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনত যেতিয়া হিন্দী বলয়ৰ ৰাজ্যসমূহত কংগ্ৰেছ বেয়াকৈ পৰাস্ত হৈছিল, তেতিয়াও দক্ষিণৰ ৰাজ্যসমূহত কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰিছিল। উত্তৰ ভাৰতৰ অধিকাংশ ৰাজ্যতে বিজেপি, কংগ্ৰেছৰ দৰে দলৰ অৱস্থা শক্তিশালী হোৱাৰ বিপৰীতে দক্ষিণৰ ৰাজ্যসমূহত আঞ্চলিক দলৰ প্ৰভাৱ দীৰ্ঘদিন ধৰি চলি আহিছে। তামিলনাডুত ডি এম কে, অন্ধ্ৰ প্ৰদেশত ৱাই এছ আৰ কংগ্ৰেছ, কেৰেলাত চি পি এম আৰু পুডুচেৰীত অল ইণ্ডিয়া এন আৰ কংগ্ৰেছৰ ক্ষমতা আছে। শেহতীয়া নিৰ্বাচনৰ পূৰ্বে তেলেংগানাতো আঞ্চলিক দল বি আৰ এছৰে চৰকাৰ আছিল।

বিশ্লেষকসকলে কয় যে সামাজিক আন্দোলনে কঢ়িয়াই অনা ভাষা আৰু সজাগতাৰ সন্দৰ্ভত ঐক্যৰ বাবে উত্তৰ ভাৰতত যিবোৰ বিষয়ে যথেষ্ট প্ৰভাৱ পেলাইছে, সেইবোৰে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত বিশেষ প্ৰভাৱ পেলোৱা নাই। উদাহৰণ স্বৰূপে জ্যেষ্ঠ সাংবাদিক বিনোদ শৰ্মাৰ মতে বিজেপিৰ অধিকাংশ নেতাই হিন্দী ভাষা ব্যৱহাৰ কৰাৰ বাবে দক্ষিণত তেওঁলোকৰ প্ৰতি জনতাৰ আকৰ্ষণ হ্ৰাস পায়। ইয়াৰ কাৰণ হৈছে- দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত ভাষাৰ বিষয়টো অতি গুৰুত্বপূর্ণ হৈ আহিছে৷ তামিলনাডুত ষাঠিৰ দশকত ‘হিন্দী জাপি দিয়া’ৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ সৃষ্টি হৈছিল, যাৰ ফলত হিংসাত্মক পৰিস্থিতিৰো সূচনা হৈছিল।

বিনোদ শৰ্মাই কয়, “আপুনি দেখিব যে পশ্চিমবংগ আৰু ওড়িশাতো বিজেপিৰ ইছ্যুই কাম নকৰে। বিহাৰত তেওঁলোকৰ কৌশল যেন বিপদত পৰিছে। উত্তৰ প্ৰদেশতো তেওঁলোকৰ সমস্যা অব্যাহত আছে। গুজৰাটতো হিন্দী ভাষা ব্যৱহাৰ কৰা হয়, কিন্তু দক্ষিণৰ লোকে ভাল নাপায়।” তেওঁ লগতে কয়, “কৰ্ণাটকৰ বাহিৰে বিজেপিয়ে আন ক’তো চৰকাৰ গঠন কৰিব পৰা নাই, কাৰণ উত্তৰত যি ধৰণৰ ইছ্যু ব্যৱহাৰ কৰে সেইবোৰে দক্ষিণত কাম নকৰে। প্ৰভাৱ পেলালেও সেয়া দীৰ্ঘস্থায়ী নহয়, কৰ্ণাটকৰ দৰে। সম্ভৱ যে তাত হিন্দুত্ববাদৰ কিছু প্ৰভাৱ পৰিব পাৰে, কিন্তু উত্তৰ-দক্ষিণত ধৰ্মৰ প্ৰতি মানুহৰ মনোভাৱ বেলেগ।”

ইয়াৰ বাবে বিনোদ শৰ্মাই দক্ষিণ ভাৰতৰ শিক্ষাৰ উন্নত স্তৰৰ কথা উল্লেখ কৰি কয় যে উত্তৰ ভাৰতৰ তুলনাত এই ৰাজ্যসমূহৰ সাধাৰণ জনতাই আলোচনা আৰু বিশ্লেষণ কৰি ভাল পায়।

সামাজিক বিকাশ আৰু সজাগতা

১৯৪০ চনত জাষ্টিচ পাৰ্টিৰ ই ভি ৰামাস্বামী ‘পেৰিয়াৰ’য়ে মাদ্ৰাজ প্ৰেচিডেন্সি আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহক একত্ৰিত কৰি দ্ৰাবিড়নাডু গঠনৰ দাবী জনাইছিল। আগতে এই দাবী কেৱল তামিল ভাষী অঞ্চলৰ বাবে আছিল যদিও পিছলৈ কোৱা হৈছিল যে আজিৰ অন্ধ্ৰপ্ৰদেশ, কেৰালা, কৰ্ণাটক, ওড়িশাকো দ্ৰাবিড়নাডুত অন্তৰ্ভুক্ত কৰা উচিত। আনহাতে পেৰিয়াৰেয়েই আৰম্ভ কৰিছিল ‘আত্মসন্মান’ আন্দোলন। এই আন্দোলনৰ পৰাই তামিলনাডুৰ ৰাজনৈতিক দল ডি এম কে আৰু এ আই ডি এম কেৰ উত্থান ঘটিছিল।

জ্যেষ্ঠ সাংবাদিক ৰাধিকা ৰামসেসনে কয়, “ৰাজতন্ত্ৰৰ সময়ত কৰ্ণাটকৰ ৰজা ৱাডিয়াৰে অব্ৰাহ্মণক আগুৱাই নিয়াৰ বাবে সংৰক্ষণ দিছিল। তাৰ পিছত তামিলনাডুত জাষ্টিচ পাৰ্টি আৰু পেৰিয়াৰৰ আন্দোলনে ডাঙৰ প্ৰভাৱ পেলাইছে।" ৰাধিকাই কয় যে এই সংস্কাৰবাদী পদক্ষেপ আৰু আন্দোলনৰ বাবেই উত্তৰত গভীৰতম দক্ষিণ ভাৰতত ধৰ্ম আৰু জাতি সম্পৰ্কীয় বিষয়বোৰৰ ইমান প্ৰভাৱ নপৰে। দক্ষিণৰ ৰাজনীতিত উচ্চ জাতিৰ আধিপত্য কমিছে আৰু দমন কৰা জাতিবোৰ আগবাঢ়ি আহি প্ৰায় প্ৰতিটো ক্ষেত্ৰতে ভাল কাম কৰি আছে বুলিও তেওঁ কয়।

“তেলেংগানাত কিছু পৰিমাণে অ’বিচি আৰু অন্যান্য পিছপৰা জাতিৰ আধিপত্য আছে। অন্ধ্ৰ প্ৰদেশতো ৰেড্ডীৰ অধিপত্য দেখা যায়। তামিলনাডুত অ’বিচি প্ৰধান। কৰ্ণাটকত লিংগায়ত আছে, যিসকল অবিচি নহয় যদিও কিছু পৰিমাণে পিছপৰা। তাতো ব্ৰাহ্মণৰ গুৰুত্ব নাই।” –ৰাধিকা ৰামসেসনে এইদৰে বিশ্লেষণ দাঙি ধৰে।

দক্ষিণৰ ৰাজ্যসমূহৰ ক্ষোভ আৰু উদ্বেগ

স্বাধীনতাৰ পিছৰ পৰ্যায়ৰ পৰা বৰ্তমানলৈকে কেৱল দুগৰাকী ব্যক্তিয়েহে দক্ষিণৰ ৰাজ্যৰ পৰা আহি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁলোক হৈছে কৰ্ণাটকৰ এইচ ডি দেৱগৌড়া আৰু অন্ধ্ৰপ্ৰদেশৰ পি ভি নৰসিংহ ৰাও। এনে পৰিপ্ৰেক্ষিততে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে দীৰ্ঘদিন ধৰি কেন্দ্ৰত কম প্ৰতিনিধিত্বৰ অভিযোগ উত্থাপন কৰি আহিছে।

সংবাদ সংস্থা বিবিচিৰ তেলেগু সেৱাৰ সম্পাদক জি এছ ৰামমোহনে কয় যে ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া সীমা নিৰ্ধাৰণৰ সন্দৰ্ভত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ উদ্বেগ বৃদ্ধি পাইছে। তেওঁ কয়, ‘দক্ষিণ ভাৰতীয় ৰাজ্যসমূহৰ নেতাসকলে পুনৰ সীমা নিৰ্ধাৰণৰ পৰিমাপসমূহৰ সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰি আহিছে। অন্ধ্ৰ মুখ্যমন্ত্ৰী ৱাই জগন মোহন ৰেড্ডীয়ে এই সন্দৰ্ভত মুকলিকৈ কথা কোৱা নাছিল যদিও আন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।”

ৰামমোহনে কয়, “এই ৰাজ্যসমূহৰ প্ৰথম চিন্তা হৈছে যে যদি জনসংখ্যাৰ ভিত্তিত সীমা নিৰ্ধাৰণ কৰা হয়, তেন্তে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে জনসংখ্যা বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে এক প্ৰকাৰে শাস্তি লাভ কৰিব। উত্তৰৰ তুলনাত দক্ষিণৰ ৰাজ্যসমূহত আসন অধিক হ্ৰাস পালে তেওঁলোকৰ প্ৰতিনিধিত্ব দুৰ্বল হ’ব আৰু কেন্দ্ৰৰ সৈতে তেওঁলোকৰ দৰদামৰ ক্ষমতা হ্ৰাস পাব।” উল্লেখ্য যে, ২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ ভাৰতৰ ৰাজ্যতকৈ দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক দ্ৰুতগতিত হ্ৰাস পাইছিল।

ইয়াৰ উপৰিও আন এটা চিন্তা হৈছে কেন্দ্ৰৰ পৰা আৰ্থিক সহযোগিতাৰ সৈতে জড়িত। ৰামমোহনে কয়, "কেন্দ্ৰীয় চৰকাৰে এই ৰাজ্যসমূহৰ পৰা বৃহৎ পৰিমাণৰ কৰ লাভ কৰে, কিন্তু বহু ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে কৈ আহিছে যে বিনিময়ত তেওঁলোকে কেন্দ্ৰৰ পৰা অতি কম আৰ্থিক সহায় পায়।"

তেলেংগানাৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত এই অভিযোগ উত্থাপন কৰিছিল কে চন্দ্ৰশেখৰ ৰাওৱেও। ইয়াৰ উপৰিও কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই কেন্দ্ৰৰ পৰা অধিক ধন দাবী কৰাৰ সময়তে কৈছিল যে ‘কৰ্ণাটককে ধৰি দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে উত্তৰ ভাৰততকৈ কেন্দ্ৰক অধিক কৰ আদায় দিয়ে।’

দক্ষিণত স্থিমিত হৈ পৰিব নেকি বিজেপিৰ ‘বিজয় ৰথ’?

বিজেপিয়ে দক্ষিণ ভাৰত জয়ৰ বাবে দীৰ্ঘদিন ধৰি চেষ্টা চলাই আহিছে যদিও ইয়াত আঞ্চলিক দলৰ সৈতে মিত্ৰতাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। জ্যেষ্ঠ সাংবাদিক ৰাধিকা ৰামসেসনে কয় যে ২০২৪ চনতো বিজেপিয়ে দক্ষিণত আঞ্চলিক মিত্ৰতাৰ ওপৰতে নিৰ্ভৰ কৰিব লাগিব। তেওঁ কয় যে ইণ্ডিয়া মিত্ৰজোঁট হওক বা নহওক, ইয়াৰ দ্বাৰা দক্ষিণ ভাৰতত বিজেপিৰ প্ৰদৰ্শনত কোনো প্ৰভাৱ নপৰিব।

তেওঁ কয়, "উত্তৰ, পশ্চিম বা উত্তৰ-পূবৰ পৰা আশা কৰা ধৰণে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত বিজেপিৰ প্ৰদৰ্শন একে নহ'ব। এইবাৰ তেলেংগানাত বিজেপিৰ ভোটৰ শতকৰা হাৰ বৃদ্ধি পালেও বিজেপিয়ে কংগ্ৰেছক তেতিয়াহে প্ৰত্যাহ্বান জনাব পাৰিব যেতিয়া দলটোৱে বি আৰ এছৰ সৈতে মিত্ৰতা কৰিব।"

উল্লেখ্য যে, যদি তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কেৰালা আৰু পুডুচেৰী অন্তৰ্ভুক্ত কৰা হয় তেন্তে লোকসভাৰ ১৩০খন আসন আছে। লোকসভাৰ মুঠ ৫৪৩খন আসনৰ এয়া মাত্ৰ এক চতুৰ্থাংশ। ২০১৪ চনৰ নিৰ্বাচনত বিজেপিয়ে ক্ষমতালৈ অহাৰ সময়ত দক্ষিণ ভাৰতৰ পৰা মাত্ৰ ২১খন আসন (প্ৰায় ১৫ শতাংশ)হে লাভ কৰিছিল। বিজেপিয়ে নিৰ্বাচনত লাভ কৰা মুঠ আসনৰ ভিতৰত দক্ষিণ ভাৰতৰ আসনৰ অংশ আছিল মাত্ৰ ৭ শতাংশ।

আনকি ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অভিলেখ সংখ্যক আসন লাভ কৰাৰ সময়তো ইয়াৰ ঢৌ কেৱল কৰ্ণাটকতহে দেখা গৈছিল, য’ত তেওঁলোকৰ প্ৰাৰ্থীয়ে ২৮খন আসনৰ ভিতৰত ২৫খন আসন লাভ কৰিছিল। ইয়াৰ বাহিৰে তামিলনাডুত এখন আসন লাভ কৰিছিল বিজেপিয়ে। বিপৰীতে অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু কেৰালাত সম্পূৰ্ণৰূপে স্থিতিশূণ্য আছিল বিজেপি।

একে সময়তে ইণ্ডিয়া এলায়েন্সৰ সন্দৰ্ভত ৰাধিকা ৰামসেসনে কয় যে তেওঁলোকৰ দলসমূহে দক্ষিণত আসন লাভ কৰিব পাৰে, কিন্তু ইয়াৰ বাবে প্ৰথমে বহু বৈপৰীত্য দূৰ কৰিব লাগিব। তেওঁ কয়, "কৰ্ণাটক আৰু তেলেংগানাত কংগ্ৰেছ অকলশৰীয়া। অন্ধ্ৰ প্ৰদেশত জগন মোহন ৰেড্ডীৰ সৈতে মিত্ৰতা কৰিব নোৱাৰে। গতিকে টিডিপিৰ সৈতে মিত্ৰতা কৰিবনে? টিডিপি আৰু কংগ্ৰেছ বহু বছৰৰ পৰাই বিৰোধী। এনে পৰিপ্ৰেক্ষিতত ইজনে সিজনক ভোট কেনেকৈ হস্তান্তৰ কৰিব?" তেওঁ কয় যে কেৰালাতো কংগ্ৰেছে একেধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লাগিব, য’ত বাওঁপন্থীৰ সৈতে হাত মিলোৱাটো কংগ্ৰেছৰ বাবে অসম্ভৱ যেন বোধ হয়।

একেলগে আগবঢ়াৰ অন্য বিকল্প নাই ইণ্ডিয়া মিত্ৰজোঁটৰ!

শেহতীয়াকৈ কেৰালাৰ মুখ্যমন্ত্ৰী পি বিজয়নে ৰাহুল গান্ধীক ৱায়ানাডলৈ আহি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিৱৰ্তে উত্তৰ ভাৰতত বিজেপিৰ সৈতে যুঁজিবলৈ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ বাহিৰেও ইণ্ডিয়া মিত্ৰজোঁটৰ বহু মিত্ৰ দলৰ মাজত ইতিমধ্যে প্ৰকট হৈ পৰিছে সংঘাত আৰু মতানৈক্য।

উদাহৰণ স্বৰূপে ৬ ডিচেম্বৰত দিল্লীত ইণ্ডিয়া এলায়েন্সৰ এখন বৈঠক অনুষ্ঠিত হ’ব লাগিছিল যদিও সেই বৈঠক বাতিল কৰা হয়। কোৱা হৈছে যে কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে আলোচনা অবিহনে এই বৈঠক আহ্বান কৰাত বাকী দলবোৰ ক্ষুব্ধ হৈ পৰিছিল। ইয়াৰ উপৰিও ডি এম কে নেতাসকলৰ হিন্দুত্ব বিৰোধী বুলি অভিযোগ উত্থাপন আৰু শেহতীয়াকৈ তেলেংগানাৰ নতুন কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে ‘বিহাৰৰ ডি এন এ’ বক্তব্যৰ ওপৰতো বহু দলে আপত্তি প্ৰকাশ কৰিছে।

এনে পৰিস্থিতিত সকলো দলে একেলগে যুঁজ দিয়াটো কিমান সহজ যেন লাগে? কেনেকৈ বিতৰণ কৰা হ’ব আসন? এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক বিনোদ শৰ্মাই কয় যে ইণ্ডিয়া মিত্ৰতাৰ দলসমূহে জানে যে একেলগে থাকিলেহে তেওঁলোক ৰণভূমিত থাকিব পাৰিব। তেওঁ কয়, "ৰাজ্যসমূহত এই দলসমূহ য'ত ইজনে সিজনৰ মুখামুখি হৈছে, তাত ইজনে সিজনৰ বিষয়ে চিন্তা কৰিব লাগিব। কিন্তু ইণ্ডিয়া মিত্ৰতাক ৰাষ্ট্ৰীয় দৃষ্টিকোণৰ পৰা চাব লাগে। ভাৰতীয় ৰাজনীতিৰ তৰপবোৰ যদি আমি চাওঁ, তেন্তে এই বৈপৰীত্য নতুন নহয়। আৰু বৈপৰীত্যৰ মাজতো তেওঁলোকৰ একত্ৰিত হোৱাৰ কৃতিত্ব বিজেপিৰ আধিপত্য বিস্তাৰ নীতিলৈ যায়।"

তেওঁ কয়, "এনে লাগে যেন বিজেপিৰ উদ্দেশ্য ভাৰতীয় ৰাজনীতিৰ পৰা প্ৰতিযোগিতা নাইকিয়া কৰি একক দলীয় শাসন অনা। কিন্তু প্ৰতিযোগিতাই গণতন্ত্ৰৰ আত্মা আৰু ই মানুহক বিকল্প প্ৰদান কৰে। বিৰোধী দলসমূহে জানে যে যদি বিজেপিয়ে জয়লাভ কৰি থাকে তেন্তে আমাৰ সকলো দল আৰু নেতাসকলক পৃথকে পৃথকে লক্ষ্য কৰি লোৱা হ’ব, সেয়েহে আমি একেলগে থাকিলেহে যুঁজিব পাৰিম।’

কিন্তু বিশ্লেষকসকলে এইটোও কয় যে ইণ্ডিয়া মিত্ৰজোঁটে দেশৰ বাকী অংশত ভাল প্ৰদৰ্শন কৰিলেহে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ অধিকাংশ আসন লাভ কৰি লাভৱান হ’ব পাৰে। জ্যেষ্ঠ সাংবাদিক ৰাধিকা ৰামসেসনে কয় যে ইণ্ডিয়া মিত্ৰতাই বৰ্তমান কেৱল তামিলনাডুতহে ভাল প্ৰদৰ্শন কৰি আছে, সেয়েহে আন ঠাইত কোনটো মিত্ৰতা গঠন হ’ব আৰু কিমান দিনলৈ চলিব তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰিব।