দিল্লীঃ ফ্ৰেব্ৰুৱাৰী মাহৰ উষ্ণতাই আচৰিত কৰিছে সমগ্ৰ দেশবাসীক৷ সমগ্ৰ দেশতে ক্ৰমান্বয়ে বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ এক সমীক্ষা অনুসৰি চলিত বৰ্ষৰ মাৰ্চ মাহৰপৰা জুন মাহৰ ভিতৰত দেশৰ তাপমাত্ৰাৰ হাৰ সাধাৰণ উষ্ণতাতকৈ ওপৰত থাকিব৷ এই গৰমৰ পৰা সাৰি নাযাব দেশখনৰ উত্তৰ-পূৰ্বাঞ্চলো৷ উত্তৰ ভাৰতৰ পৰ্বতীয়া ঠাইসমুহো এইবাৰ সমানে উষ্ণ হ’ব৷
বতৰ বিজ্ঞান বিভাগৰ এই সমীক্ষাত প্ৰকাশ পাইছে যে চলিত বৰ্ষৰ জানুৱাৰী মাহতো ১১৬ বছৰৰ ভিতৰত আটাইতকৈ গৰম জানুৱাৰী মাহ৷ ২০১৬ বৰ্ষত বতৰৰ এই সাংঘাতিক পৰিৱৰ্তনৰ বাবে প্ৰায় ১৬ শ লোকৰ মৃত্যু হৈছে৷ অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাক ধৰি সমগ্ৰ দেশতে গ্ৰীষ্ম প্ৰবাহৰ বাবে ৭০০ লোকৰ মৃত্যু হৈছে৷
আমাৰ লক্ষ্য 'News Next One’ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch।