ডিজিটেল ডেস্কঃ ছ'চিয়েল নেটৱৰ্কিং ছাইটত নৰেন্দ্ৰ মোদীৰ লোকপ্ৰিয়তাৰ তুলনা নাই। ভাৰতীয় প্ৰধানমন্ত্ৰীজনৰ ভাৰ্ছুৱেল জনপ্ৰিয়তাক সাত শতৰুৱেও স্বীকাৰ কৰিব লাগিব।

ফেচবুক, টুইটাৰ আদিৰ মাধ্যমেৰে নৱ প্ৰজন্মৰ লগত নিকট সম্পৰ্ক ৰক্ষা কৰা মোদীৰ দক্ষতা ৰাজনৈতিক দিশতো প্ৰমাণিত হৈছে। তথাপি কিন্তু বিদেশী সাংবাদিকৰ বাবে মোদী 'অচিনাকি'।

সম্প্ৰতি ভাৰতীয় প্ৰধানমন্ত্ৰীজন আছেগৈ ৰাছিয়াত। গুৰুত্বপূৰ্ণ ভ্ৰমণসূচীৰ অংশ হিচাপে তেওঁ দেশখনত উপস্থিত হৈছে। ভ্ৰমণৰ কালত মোদীক উষ্ম আতিথ্য প্ৰদান কৰিছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে।

পিছে দেশখনত সাংবাদিকৰ প্ৰশ্নইহে মোদীক বিপাঙত পেলালে। ভ্ৰমণকাৰী প্ৰধানমন্ত্ৰীজনৰ সাক্ষাতকাৰ লৈছিল ৰুছদেশৰ চৰকাৰী সম্প্ৰচাৰ প্ৰতিষ্ঠান এন ডি চিৰ সাংবাদিক মেগান কেলীয়ে। বাৰ্তালাপৰ মাজত তেওঁ মোদীক সুধিলে- আপোনাৰ টুইটাৰ একাইণ্ট আছেনে।

প্ৰসংগক্ৰমে উল্লেখনীয় যে টুইটাৰত মোদী হৈছে দ্বিতীয় জনপ্ৰিয় ৰাষ্ট্ৰনেতা। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পিছতে টুইটাৰত মোদীৰে ফলোৱাৰ্ছৰ সংখ্যা অধিক। তেনেস্থলত এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ প্ৰশ্নই হতভম্ব কৰিলে মোদীক। অৱশ্যে সপ্ৰতিভ-হাস্যবদনেৰে উত্তৰ দিলে ভাৰতীয় প্ৰধানমন্ত্ৰীজনে।