newsnextone.com | গুৱাহাটীঃ অহা ৩০ জুনত এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ নোপোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে৷ ৰাজ্যত ভয়াবহ বানে কেইবাখনো জিলাক ক্ষতিগ্ৰস্ত কৰাত  যোৱা কেইবাটাও দিন ধৰি এনআৰিচত নিয়োজিত হৈ থকা লোকসকলে তথ্য পাতি পৰীক্ষণৰ কাম কৰিব পৰা নাই৷ বহু সেৱা কেন্দ্ৰত বানৰ পানী উঠাত কাম কাজ কৰিব নোৱাৰাৰ লগতে কেইবাটাও সেৱা কেন্দ্ৰ স্থানান্তৰিত কৰিব লগা হৈছে৷

এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই সোমবাৰে সংবাদ মাধ্যমৰ সন্মুখত বানপানীৰ প্ৰভাৱৰ ফলত এনআৰচিৰ চূড়ন্ত খচৰা প্ৰকাশ পোৱাত বিলম্ব হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে বুলি আশংকা ব্যক্ত কৰে। বানৰ প্ৰভাৱৰ ফলত এনাৰচিৰ চূড়ান্ত খচৰা ৩০ জুনত প্ৰকাশ নাপাব পাৰে বুলি আশংকা ব্যক্ত কৰি হাজেলাই বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত বহু এনএছকে আজিও পানীৰ তলত বুলি কয়৷ ইতিমধ্যে ৬টা এনএছকে স্থানান্তৰিত কৰিব লগা হৈছে৷ বানপানীৰ বাবে সময় নষ্ট হৈছে৷ হোজাই আৰু পশ্চিম কাৰ্বি আংলঙতো এনএছকে ক্ষতিগ্ৰস্ত হৈছে৷ আমি ডেডলাইন মতে কাম কৰিবলৈ চেষ্টা কৰি আছোঁ৷ কিন্তু বানপানীয়ে কেনেধৰণে ক্ষতি কৰিছে কেইদিনমান পিছতহে গম পোৱা যাব বুলি সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে হাজেলাই৷

বৰাক উপত্যকা, হোজাই, গোলাঘাট, পশ্চিম কাৰ্বিআংলং জিলাৰ বহু সংখ্যক এনআৰচিৰ সেৱা কেন্দ্ৰ পানীত ডুব যোৱাৰ খবৰ যোৱা কেইবাটাও দিন ধৰি প্ৰচাৰ হৈ আহিছে৷ পূৰ্ব নিৰ্ধাৰিত সময় অনুসৰি অহা ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰীক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাত গভীৰ অনিশ্চয়তাই দেখা দিয়াত ৰাইজ একপ্ৰকাৰ চিন্তিত হৈ পৰিছে৷

সেৱা কেন্দ্ৰই বংশ বৃক্ষ পৰীক্ষণৰ বাবে বহু লোকক জাননী প্ৰেৰণ কৰিছে যদিও বানৰ পানীৰ বাবে শুনানী-পুনৰীক্ষণৰ কাম কৰিব পৰা নাই বুলি খবৰ আহিছে৷ যাৰ ফলত অহা ৩০ জুনত প্ৰকাশ কৰিব নোৱাৰিব পাৰে এনআৰচিৰ খচৰা৷ প্ৰাকৃতিক দূৰ্যোগৰ বাবে এনআৰচিৰ খচৰা প্ৰকাশত বিলম্ব হোৱাৰ আশংকা কৰিছে বিষয়া-কৰ্মচাৰীও৷ 

উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশৰ বাবে এনআৰচিৰ কাম যুদ্ধকালিন তৎপৰতাৰে অব্যাহত ৰাখিও ৰাজ্যত হোৱা বানপানীৰ বাবে ৰাজ্যৰ ৬ খন জিলাৰ যোৱা ৬ দিনেই পৰীক্ষণৰ কাম স্তদ্ধ হৈ পৰিছে৷ ৩০ জুনৰ পূৰ্বে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিব নোৱাৰাত এনআৰচি কৰ্তৃপক্ষই দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি কিছু দিন বিচাৰিব পাৰে বুলি খবৰ ওলাইছে৷ 

৬ ৰাজ্যত বানপানীয়ে তাণ্ডৱ চলোৱাত ৩০ জুনত যে এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ কৰাত বাধা আহি পৰিছে সেই বিষয় আদালতক অৱগত কৰি সময় বিচাৰিব এনআৰচি কৰ্তৃপক্ষই৷ অহা ২ জুলাইত ৰাষ্ট্ৰীয় নাগৰীক পঞ্জীৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ত পুৰ্বনিৰ্ধাৰিত শুনানী অনুষ্ঠিত হ’ব৷ কিন্তু তাৰ দুদিনৰ পূৰ্বে যিহেতু এন আৰ চিৰ সম্পৰ্ণ খচৰা প্ৰকাশ পাব লাগে সেয়েহে এনআৰচিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ে অহা দুই এদিনৰ ভিতৰতে উচ্চতম ন্যায়ালয়ক বানপানীৰ কথা অৱগত কৰাৰ বিষয়টো চিন্তা চৰ্চা কৰিছে৷

ইতিমধ্যে চৰকাৰ আৰু এনআৰচি কপৰ্তৃপক্ষই কেইবাটাও বিষয়ৰ বাবে ককৰ্থনাৰ সন্মুখীন হৈছে আদালতৰ৷ চৰকাৰ আৰু এনআৰচিৰ কেইবাটাও বিষয় মানি লোৱা নাছিল আদালতে৷ প্ৰথম খচৰা প্ৰকাশৰ সময়তো সময় বিচাৰিছিল যদিও আদালতে সময় দিয়া নাছিল৷ এইবাৰ চৰকাৰ তথা এনআৰচি কৰ্তৃপক্ষৰ কথা শুনিব নে নাই সেয়াও এটা এনআৰচি কৰ্তৃপক্ষৰ বাবে চিন্তাৰ বিষয়৷ 

এন আৰ চিৰ কৰ্তৃপক্ষই প্ৰাকৃতিক দূৰ্যোগক দোহাই দি সম্পূৰ্ণ খচৰা প্ৰকাশৰ দিন পিছুৱাবলৈ চেষ্টা কৰিছে যদিও ৰাজ্য চৰকাৰ আৰু এনআৰচি কৰ্তৃপক্ষৰ ফোপোলা স্বৰূপ উদঙাই এই আবেদন উলাই কৰিব পাৰে আদালতে৷ 

মাজত  মাঠো ১২ টা দিন বাকী থকা অৱস্থাত ইমান দিনে হাজাৰ হাজাৰ কৰ্মচাৰীয়ে যে পৰীক্ষণ তথা আন আন কাম সমূহ আগবঢ়াই নিব পৰা নাছিল সেই কথাও প্ৰমাণ হয়৷ মাজত ১২টা দিন বাকী থকাত প্ৰকৃততে কাম আগবঢ়াই নিব নোৱাৰাৰ বাবে বানপানীৰ অজুহাত দেখুৱাইছে নে কি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ উচ্চতম ন্যায়ালয় এই কথা যে মানি নলয় সেই কথাকো ধৰি লব পাৰি৷

উচ্চতম ন্যায়ালয়ে যিকোনো প্ৰকাৰে ৩০ জুনত চূড়ান্ত খচৰা প্ৰকাশৰ নিৰ্দেশ দিয়াৰ থল আছে৷ তাতকৈ এটা গুৰুত্বপূৰ্ণ কথা যে অহা আগষ্ট-ছেপ্তেম্বৰ মাহৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ পালন কৰি নিৰ্বাচন আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰিব খুজিছে যদিও চৰকাৰৰ বেছি খিনি মানুহ এনআৰচিত নিয়োজিত হৈ আছে৷ ৩০ জুনত এনআৰচিৰ খচৰা প্ৰকাশ পালেহে নিৰ্বাচন অনুষ্ঠিত কৰা সম্ভৱ হ’ব৷ অন্যথাই এনআৰচি খচৰা আৰু নিৰ্বাচন দুয়োটাতে বাধা আহি পৰিব৷ 

ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে এনআৰচিত ৰাজ্যৰ প্ৰায় কৰ্মচাৰী নিয়োজিত হৈ থকাৰ বাবেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত অসুবিধাৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰিছিল৷ এতিয়া দেখা যায় যে এনআৰচিৰ কাম সম্পূৰ্ণ হলেহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব নিৰ্বাচন আয়োগে৷

কিন্তু বানপানীক লৈ দেখা দিয়া সমস্যাই যদি এনআৰচিৰ খচৰা প্ৰকাশত বাধা দিয়ে তেন্তে পঞ্চায়ত নিৰ্বাচনো বাধা প্ৰাপ্ত হ’ব৷ ইফালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল হৈ আছে সমগ্ৰ অসম৷ বিধেয়কৰ বিৰুদ্ধে প্ৰতিদিনে অসমত অসম আন্দোলন সদৃশ পৰিস্থিতি হৈ আহিছে৷ অসমৰ প্ৰতিটো দল-সংগঠন আৰু সচেতন নাগৰিকে বিধেয়কৰ বিৰুধিতা কৰি আহিছে৷ তাৰ পিছতো পঞ্চায়ত নিৰ্বাচন, এনআৰচি, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত উদ্ভৱ হোৱা পৰিস্থিতিৰ মোকাবিলা কৰাৰ পৰিৱৰ্তে ভাষণৰ ফুলজাৰি মাৰিহে সময় পাৰ কৰা পৰিলক্ষিত হৈছে বিজেপিৰ নেতাই৷ সকলোকে ৩০ জুনলৈ অপেক্ষা কৰিব দিছে যদিও শেহতীয়া পৰিস্থিতি লৈ লক্ষ্য কৰি বিজেপিৰ অসমৰ জাতীয় সমস্যা সমাধান কৰাৰ ইচ্ছা কিমান তাকেই লৈ উত্থাপন হৈছে প্ৰশ্ন?