WordPress.com
WordPress.com

newsnextone.com | তামুলপুৰঃ ১৯৪২ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দক্ষিণ-পূব এচিয়াত মুক্তি বাহিনী গঠিত হৈছিল। জাপানৰ সহায়ত ভাৰতৰ পৰা ইংৰাজক খেদিবৰ বাবে আৰু সমগ্ৰ ভাৰতৰ স্বাধীনতা হস্তগত কৰাৰ বাবে গঠন হৈছিল আজাদ হিন্দ ফৌজ বা জাতীয় মুক্তি বাহিনী।কিন্তু আজাদ হিন্দ ফৌজৰ পৰিয়ালক স্বাধীন ভাৰতত অপমান কৰা হৈছি বুলি অভিযোগ উত্থাপন হৈছে। কিয়নো এনআৰচিৰ দ্বিতীয়খন সম্পূৰ্ণ খচৰাৰ পৰা বাদ পৰিছে এগৰাকী মুক্তি যুজাৰুৰ পৰিয়ালৰ নাম।

আজাদ হিন্দ ফৌজৰ সেনানী পূৰ্ণ বাহাদুৰ চেত্ৰীৰ পৰিয়ালৰ নাম বাদ পৰিছে ৷ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ পাহাৰপুৰত বসবাস কৰা আজাদ হিন্দ ফৌজৰ সেনানীৰ পৰিয়ালৰ নাম বাদ পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অসমীয়া জাতিৰ দলিল স্বৰূপ এনআৰচিৰ দ্বিতীয় সম্পূৰ্ণ খচৰাৰ পৰা আজাদ হিন্দ ফৌজৰ সেনানী পূৰ্ণবাহাদুৰ চেত্ৰীৰ পৰিয়ালৰ নামৰ বাদ পৰে ৷ 

স্বাধীনতা সেনানী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বাধীন আজাদ হিন্দ ফৌজৰ সেনানী পূৰ্ণ বাহাদুৰ চেত্ৰীয়ে ১৯৪২ চনত বাৰ্মাৰ ৰেংগুনত আজাদ হিন্দ ফৌজত যোগদান কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল ৷ ভাৰত স্বাধীন হোৱাৰ পিছত পূৰ্ণ বাহাদুৰ চেত্ৰী বাৰ্মাতে আছিল যদিও ১৯৬৭ চনত বাৰ্মাৰ পৰা বিতাড়িত হৈ ভাৰতত প্ৰৱেশ কৰিছিল।

তেতিয়া ভাৰত চৰকাৰে পূৰ্ণ বাহাদুৰ চেত্ৰীৰ পৰিয়ালক বৰ্তমানৰ বাক্সা জিলাৰ পাহাৰপুৰত সংস্থাপিত কৰিছিল ৷ তেতিয়াৰে পৰা আজাদ হিন্দ ফৌজৰ সেনা পূৰ্ণ বাহাদুৰ চেত্ৰীয়ে মৃত্যু পৰ্যন্ত পাহাৰপুৰতে বসবাস কৰি আহিছিল ৷ 

কিন্তু ৩০ জুলাইত প্ৰকাশ পোৱা এনআৰচিৰ দ্বিতীয়খন খচৰাৰ পৰা নাম বাদ পৰে স্বাধীনতা সংগ্ৰামী পূৰ্ণ বাহাদুৰ চেত্ৰীৰ পৰিয়ালৰ ৷ সম্পূৰ্ণ নথিপত্ৰ জমা দিয়াৰ পিছতো পৰিয়ালৰ এজনো সদস্যৰ নাম অন্তৰ্ভুক্ত নোহোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ স্বাধীনতা সেনানী পূৰ্ণ বাহাদুৰ চেত্ৰীৰ পত্নী পূৰ্ণমায়া চেত্ৰীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে একে নথিপত্ৰ জমা দি আন এজন লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ 'ল যদিও আমাৰ নাম অন্তৰ্ভক্ত হোৱা নায়।