newsnextone.com | শিৱসাগৰঃ ৮৫৫গৰাকী শ্বহীদৰ তেজৰ বিনিময়ত অসমীয়াই আজি আশাৰ ৰেঙনি দেখিবলৈ সক্ষম হৈছে৷ অসমীয়া জাতিয়ে মাটি, ভেটি হেৰুওৱাৰ মুহূৰ্তত উপনীত হোৱাৰ সময়তে আশাৰ ৰেঙনি আনিছিল এনআৰচিয়ে। অসমৰ ভৱিষ্যত প্ৰজন্ম অসমত সুৰক্ষিত হৈ থাকিব লাগিবলে এখন উন্নত নাগৰিক পঞ্জী খুবেই প্ৰয়োজন আছিল। যাতে অসম সোমাই অহা বিদেশীক অসমৰ পৰা খেদিব পৰা যায় আৰু দুনাই অসমলৈ বিদেশীয়ে সোমাই আহিলে সহজেই চিনাক্ত কৰিব পৰা যায় তাৰ এক ব্যৱস্থা হৈ থকাৰ বাবে এনআৰচি অসমীয়াক প্ৰয়োজন আছিল। 

অসমী আই, পূণ্যভূমিৰ সেৱা কৰিবলৈ গৈ শ্বহীদ হৈছিল শ-শ অসমীয়া ডেকা। অসমৰ অস্তিত্বৰ ৰক্ষাৰ সংগ্ৰামত নিজৰ প্ৰাণ দিবলৈ কুণ্ঠাবোধ নকৰা প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰা আৰম্ভ কৰি ৮৫৫গৰাকী শ্বহীদৰ আত্মাই আজি আকাশত তিৰবিৰাব৷ যাৰ অমৰ মৃত্যুৱে জগাই তুলিছিল জাতিক৷ 

যিয়ে বন্দুকৰ গুলী বুকু পাতি লৈছিল আই মাতৃৰ বাবে৷ অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰা আৰম্ভ কৰি ৮৫৫গৰাকী শ্বহীদক৷ অসমৰ বুকুত অসমীয়াৰ অস্তিত্ব জীয়াই ৰখাৰ বাবে কৰা ৬ বছৰীয়া আন্দোলন ফল আজি অসমৰ ৰাইজে ভোগ কৰিবলৈ সক্ষম হ'ল। 

যাৰ বাবে সমগ্ৰ অসমৰ অসমীয়া আনন্দিত হৈ পৰিছে। বহু প্ৰতীক্ষাৰ অন্তত সোমবাৰে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতোঁ ৰাইজে আনন্দ উলাহ প্ৰকাশ কৰে। এনআৰচিৰ সম্পূৰ্ণ খচৰাক আদৰণি জনাইছে অসমীয়াই।

 ৰাইজে সম্পূৰ্ণ খচৰা প্ৰকাশ কৰাৰ পিছতে অসম আন্দোলনৰ প্ৰথম শ্বহীদক স্মৰণ কৰাৰ লগতে আনন্দ উলাহ প্ৰকাশ কৰা দেখা যায়। ৰাইজে আনন্দ উলাহ প্ৰকাশ কৰাৰ সময়তে শিৱসাগৰৰ জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এখন সভাৰ আয়োজন কৰি ৰাইজে উচ্চতম ন্যায়ালয়, চৰকাৰ, প্ৰশাসন, আৰক্ষী, অসমবাসী ৰাইজৰ লগতে সমূহ দল-সংগঠনক কৃতজ্ঞতা জ্ঞাপন কৰে।

সভাত সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি পৰশ জ্যোতি দাসে এনআৰচিৰ সম্পূৰ্ণ প্ৰক্ৰিয়াৰ সৈতে জড়িত সমূহ লোকক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসমৰ ৮৫৫ জন শ্বহীদৰ কেচাঁ তেজৰ ফলশ্ৰুতি এনআৰচি বুলি অভিহিত কৰে।

অশেষ ত্যাগ স্বীকাৰ কৰা প্ৰদীপ ভূঞা আৰু পত্নী বন্তি ভূঞাক সমগ্ৰ ক্ষতিপূৰণৰ ধন চৰকাৰক উভতাই দিবলৈ দাবী জনায়। সচেতন নাগৰিক মঞ্চৰ কেন্দ্ৰীয় বিষয়া স্নিগ্ধা শিখাই আতঁধৰা সভাত সচেতন নাগৰিক মঞ্চৰ জিলা জিন্তু দত্ত, কেন্দ্ৰীয় বিষয়া কমলেশ্বৰ শইকীয়া, জিলা সমিতিৰ অনিল কুমাৰ মেধি আৰু কেন্দ্ৰীয় বিষয়া পৰাগ বৰ্মন উপস্থিত থাকে।

শিৱসাগৰ মূলাগাভৰু মহিলা সমিতিৰ বিনু ভূঞাই সভাত অংশগ্ৰহণ কৰি অসম আৰু অসমীয়াৰ বাবে এন আৰ চি এক যোগাত্মক উপাদান বুলি অভিহিত কৰে। শিৱসাগৰ জিলাৰ অধিবক্তা কুন্তলা হাজৰীকাই, এক সুস্থ আৰু শান্তি শৃংখলাবদ্ধ পৰিবেশৰ মাজৰে এন আৰ চি খচৰা প্ৰকাশ পোৱাত উচ্চতম ন্যায়লয়, প্ৰশাসনক কৃতজ্ঞতা জ্ঞাপন কৰে।