newsnextone.com | নগাঁওঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিৰ সোমবাৰে প্ৰকাশ পোৱা দ্বিতীয় তথা সম্পূৰ্ণ খচৰা তালিকাত ব্যাপক খেলিমেলি হোৱাৰ তথ্য পোহৰলৈ আহিছে। 

প্ৰাপ্ত তথ্য মতে, নগাঁও জিলাৰ ধিং সমষ্টিৰ জুৰীয়া আৰক্ষী থানা এলেকাৰ জামুগুৰি-আলিটাঙনী গাঁও পঞ্চায়ত এনআৰচি সেৱা কেন্দ্ৰৰ অন্তৰ্গত জামুগুৰি গাঁৱৰ এটা পৰিয়ালৰ এ আৰ এন নম্বৰৰ বিপৰীতে এটা সম্পূৰ্ণ  অজ্ঞাত পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হোৱাত যথেষ্ট প্ৰতিক্রিযাৰ সৃষ্টি হৈছে। 

নবী হুছেইন নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ পৰিয়ালৰ ক্ষেত্ৰত এনে এক অদ্ভুত কাণ্ড সংঘটিত হৈছে। প্ৰকাশ যে, ১৯৫১ চনৰ এন আৰ চি লিগেচি ডাটা কোড ২৮০০০১৩০৫৮২, ১৯৬৫ চনৰ লিগেচি ডাটা কোড ২৮০৪০৭৭৯০২৭ আৰু ১৯৭১ চনৰ লিগেচি ডাটা কোড ১৮০২০৫৩১৫৫৬ ব্যৱহাৰ কৰি পৰিয়ালটোৱে ARN 101830502034063300094 নম্বৰ যোগে এন আৰ চিৰ প্ৰপত্ৰ পূৰণ কৰি জমা দিয়ে যদিও সোমবাৰে প্ৰকাশ কৰা খচৰাত পৰিয়ালটোৰ মুৰব্বী নবী হছেইনৰ ঠাইত সুনীল চন্দ্ৰ দেৱ, হুছেইনৰ পত্নী জুবেদা খাতুনৰ ঠাইত গীতা দেৱী, পুত্ৰ নাছিৰ উদ্দিনৰ ঠাইত অমৰজিত দেৱ, পুত্ৰ বোৱাৰী ফাতিমা খাতুনৰ ঠাইত মিঠু দেৱী, নাতি মৌচিযা হাচানৰ ঠাইত অভিমূন দেৱ আৰু আন এজনী নাতি মাচুমা খাতুনৰ ঠাইত সমূদ্বী দেৱ হিচাপে অন্তৰ্ভুক্ত হোৱা পৰিলক্ষিত হৈছে।

পৰিয়ালটোৰ বাকী থকা নাতি নচিম আহমেদ, আন এজন পুএ বাছিৰ উদ্দিন আহমেদ, জীয়েক মোকচিতা খাতুনৰ নামো প্ৰকাশিত খচৰাত অন্তৰ্ভুক্ত নোহোৱাত পৰিয়ালটোৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। উল্লেখ্য, পৰিয়ালটোৱে এনআৰচিৰ পৰীক্ষণ প্ৰক্ৰিয়াৰ সময়ত অৰ্থাৎ যোৱা ১১ এপ্ৰিল আৰু ৭মে'ত অজ্ঞাত ব্যক্তিকেইজনৰ নাম সন্নিবিষ্ট হৈ থকাৰ বিষয়টো এনআৰচিৰ বিষয়-ববীয়াক অৱগত কৰিছিল। আনকি, বিষয়টো যোৱা ১২ জুলাইত নগাঁও জিলা উপাযুক্তকোঁ লিখিত ভাৱে জনাইছিল। ইমানৰ পিছতোঁ কিয় এনআৰচিৰ খচৰা তালিকাত এনে বিসংগতি সংঘটিল, তাকেলৈ পৰিয়ালটোৱে যথেষ্ট চিন্তিত হৈ পৰিছে।

মনকৰিবলগীয়া যে, জামুগুৰি গাঁৱত কোনো হিন্দু সম্প্ৰদায়ৰ লোক নাই। তেনে ক্ষেত্ৰত কিয় এইধৰণৰ ভূল হবলৈ পালে, তাক লৈয়ো যথেষ্ট উদ্বিগ্ন প্ৰকাশ কৰিছে পৰিয়ালটোৰ লগতে সচেতন ৰাইজে। এই ক্ষেত্ৰত এন আৰ চি কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হব।